সমললৈ যাওক

১৯৯৬ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬
ভাৰত
১৯৯১ ←
১৯৯৬ৰ ২৭ এপ্ৰিল, ২ মে, ৭ মে
→ ১৯৯৮

 
দল জনতা দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ইউ এফ বিজেপি+ কংগ্ৰেছ+
জনপ্ৰিয় ভোট ৯৭,১১৩,২৫২ ৬৭,৯৪৫,৭৯০ ৯৬,৪৪৩,৫০৬
শতাংশ ২৯% ২০.২৯% ২৮.৮০

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

পি ভি নৰসিংহ ৰাও
কংগ্ৰেছ+

১১শ আৰু ১২শ প্ৰধান মন্ত্ৰী

অটল বিহাৰী বাজপায়ী (ভাৰতীয় জনতা পাৰ্টি)
এইচ ডি ডেৱে গৌড়া
ইউ এফ

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ ১১শ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ ফলাফলে এখন ওলমা সংসদ দিবলৈ সক্ষম হৈছিল আৰু ফলস্বৰূপে ১৯৯৮ চনত ভাৰতবৰ্ষত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মাত্ৰ ২বছৰৰ চমু কালচোৱাত দেশখনে ৩জনকৈ প্ৰধান মন্ত্ৰী লাভ কৰিছিল। মুঠ ৫৪৫খন লোকসভাৰ আসনৰ ভিতৰত ৩৩২জন সদস্যৰ সমৰ্থন পাই সংযু্ক্ত মৰ্চাৰ নেতা এইচ ডি দেৱে গৌড়া ভাৰতৰ ১৪শ প্ৰধান মন্ত্ৰী হৈছিল।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰৰ প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাও বিভিন্ন কেলেংকাৰী আৰু চৰকাৰী কামকাজ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰা দোষেৰে অভিযুক্ত হৈ পৰবৰ্তী নিৰ্বাচনৰ মুখামুখি হৈছিল। তেওঁৰ কাৰ্যকালত ৭জনকৈ কেবিনেট সদস্যই পদত্যাগ কৰিছিল। স্বয়ং ৰাওৰ বিপক্ষেই দুৰ্নীতিৰ অভিযোগ উঠিছিল। ১৯৯৫ত কংগ্ৰেছৰ পৰা ফালি গৈ অৰ্জুন সিং আৰু নাৰায়ণ দত্ত তিৱাৰীয়ে অখিল ভাৰতীয় ইন্দিৰা কংগ্ৰেছ (তিৱাৰী) দল গঠন কৰিছিল।


এই নিৰ্বাচনটোত জন-সাধাৰণে এক অস্পষ্ট ৰায় দিছিল আৰু যাৰ ফল আছিল এখন ওলমা সংসদ। ভাৰতীয় জাতীয় কংগ্ৰেছে তাৰ আগলৈকে ইমান বেয়া ফল কেতিয়াও প্ৰদৰ্শন কৰা নাছিল। সমীক্ষকসকলে কংগ্ৰেছৰ এনে শোচনীয় ফলাফলৰ বাবে প্ৰধান মন্ত্ৰী ৰাওৰ ব্যক্তিগত অজনপ্ৰিয়তা আৰু দলৰ আভ্যন্তৰিন কন্দলক দায়ী কৰিছিল। বিজেপি লোকসভাৰ বৃহত্তম দল আছিল যদিও এই দলটোৱে লাভ কৰা জনপ্ৰিয় ভোটৰ কোনো চকুত লগা বৃদ্ধি হোৱা নাছিল বা নিৰংকুশ সংখ্যাগৰিষ্ঠতাও পোৱা নাছিল।[1]

ৱেষ্টমিনিষ্টাৰ দস্তুৰ মতে ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই বিজেপিৰ নেতা অটল বিহাৰী বাজপায়ীক চৰকাৰ গঠন কৰিবলৈ আহ্বান জনালে। ১৫ মেৰ দিনা শপত গ্ৰহণ কৰা নতুন প্ৰধান মন্ত্ৰীক ২ সপ্তাহৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দিয়া হ'ল। এই সময়সীমাৰ ভিতৰত বিজেপিয়ে এখন মৰ্চা চৰকাৰ গঠনৰ উদ্দেশ্যে আঞ্চলিক আৰু মুচলন্ত দলবোৰৰ সমৰ্থন লাভ কৰাৰ প্ৰচেষ্টা চলালে যদিও দলটোৰ কিছুমান নীতি-আদৰ্শৰ প্ৰতি শংকা থকাৰ বাবেই এই কামত সফল নহ'ল। ২৮ মে তাৰিখে বাজপায়ীয়ে বুজি পালে যে বিজেপিয়ে লোকসভাৰ ৫৪৫জন সদস্যৰ ভিতৰত ২০০তকৈ অধিক সদস্যৰ সমৰ্থন লাভ কৰা সম্ভৱ নহয়। সেয়েহে আস্থাৰ ভোটৰ মুখা-মুখি হোৱাৰ সলনি বাজপায়ীয়ে পদত্যাগ কৰিলে আৰু তেনেকৈয়ে ১৩ দিনীয়া চৰকাৰৰ পতন ঘটিল।[2]

দ্বিতীয় সংখ্যাগৰিষ্ঠ দল ভাৰতীয় জাতীয় কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ মন নেমেলিলে। তাৰ সলনি দলটোৱে জনতা দল প্ৰমুখ্যে বহু কেইটা সৰু-সৰু দলক একেলগ কৰি গঠিত কৰা সংযুক্ত মৰ্চাক সমৰ্থন জনাবলৈ সিদ্ধান্ত ললে। প্ৰধান মন্ত্ৰী ৰূপে শপত ললে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি দেৱে গৌড়াই।[1] কিন্তু এবছৰ নহওঁতেই কংগ্ৰেছে সমৰ্থন উঠাই ল'লে, যাৰ ফলত চৰকাৰখন সংকটৰ মুখত পৰিল। অৱশেষত পুনৰ্নিবাচন এৰাই চলিবলৈ দুয়ো পক্ষৰ মাজত বুজা-বুজি হ'ল। এই বুজা-বুজি মতে কংগ্ৰেছে এজন নতুন নেতা ইন্দৰ কুমাৰ গুজৰালৰ অধীনত গঠন হবলগীয়া সংযুক্ত মৰ্চা চৰাকাৰখনক সমৰ্থন কৰিবলৈ ৰাজী হ'ল। চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ কংগ্ৰেছৰ সৈতে আলোচনা নকৰাকৈ গ্ৰহণ কৰাত বাধা আৰোপ কৰা হ'ল। ১৯৯৭ৰ ২১ এপ্ৰিলত গুজৰালে প্ৰধান মন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে।

গুজৰালে যদিও কংগ্ৰেছৰ পৰা তিতা-কেঁহা পাইছিল, তথাপি দলটোৰ সৈতে স্বাভাৱিক সম্পৰ্ক বজাই ৰাখিছিল। কেই সপ্তাহমানৰ ভিতৰত গুজৰাল কংগ্ৰেছৰ পৰা নহয়, তেওঁৰ নিজৰ দল 'জনতা দল'ৰ পৰাই অসুবিধা পালে। চেণ্ট্ৰেল ব্যুৰ' অৱ ইনভেষ্টিগেশ্বন বা চি.বি.আয়ে বিহাৰৰ ৰাজ্যপাল এ. আৰ. কিডৱাইৰ পৰা পশুখাদ্য ক্ৰয় সংক্ৰান্তিয় দুৰ্নীতিৰ অভিযোগত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবে অনুমতি বিচাৰিলে। ৰাজ্যপালে গোচৰ তৰাৰ অনুমতি দিলে। সংযুক্ত মৰ্চাৰ ভিতৰৰ পৰা তথা বাহিৰৰ পৰাও যাদৱৰ পদত্যাগৰ বাবে দাবী উঠিল। যাদৱে এই দাবী মানি নল'লে। পশুখাদ্য কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা চি.বি.আইৰ সঞ্চালক যোগীন্দৰ সিঙক বদলি কৰা হ'ল। ফলস্বৰূপে যাদৱক চৰকাৰী ৰক্ষণাবেক্ষণ দিয়া বুলি বহুতে প্ৰধান মন্ত্ৰীলৈ আঙুলি টোৱালে। ইফালে লালু প্ৰসাদ যাদৱে জনতা দলৰ মজিয়াত তেওঁৰ আধিপত্য কমি অহা বুলি অনুভৱ কৰাত দলটোক বিভাজন ঘটাই ৩ জুলাই ১৯৯৭ত ৰাষ্ট্ৰীয় জনতা দল বুলি নতুন দল এটা গঠন কৰিলে। জনতা দলৰ ৪৫জন সাংসদৰ ১৭জনে নতুন দলটোত যোগদান কৰিলে। অৱশ্যে যাদৱৰ এই নতুন দলটো সংযুক্ত মৰ্চাৰ অংশীদাৰ হৈ ৰ'ল।

২৮ আগষ্ট ১৯৯৭ত জৈন কমিচনৰ প্ৰতিবেদন চৰকাৰৰ হাতত জমা দিয়া হয়। ১৬ নবেম্বৰ ১৯৯৭ত এই প্ৰতিবেদন সংবাদ মাধ্যমে ৰাজহুৱা কৰি দিয়ে। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধীৰ হত্যা ষড়যন্ত্ৰত দ্ৰাৱিড়া মুনেত্ৰা কাঝাগম (ডি এম কে) জড়িত থকা বুলি উল্লেখ থকাৰ অভিযোগ উঠে। সেই আচিলাতে কংগ্ৰেছে মৰ্চা চৰকাৰৰ পৰা ডি এম কে দলৰ মন্ত্ৰীসকলক আঁতৰাবলৈ হেঁচা প্ৰয়োগ কৰে। সংযুক্ত মৰ্চা এই হেঁচাত সৈমান নহ'ল আৰু ২৮ নবেম্বৰ ১৯৯৭ত গুজৰালে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে।[3] ৪ ডিচেম্বৰ ১৯৯৭ত ১১শ লোকসভা ভঙ্গ কৰি দিয়া হ'ল। প্ৰধান মন্ত্ৰী গুজৰাল ১১ মাহ প্ৰধান মন্ত্ৰী হৈ আছিল। ইয়াৰে ভিতৰত ৩ মাহ তেওঁ তদাৰকী প্ৰধান মন্ত্ৰী হৈ আছিল।[4][5]

প্ৰাক-নিৰ্বাচনী মৰ্চাৰ ফলাফল

[সম্পাদনা কৰক]
 •   এপ্ৰিল-মে ১৯৯৬, লোকসভা নিৰ্বাচনৰ সাৰাংশ
দল আৰু মৰ্চা ভোট প্ৰাপ্ত ভোটৰ % পৰিবৰ্তন আসন পৰিবৰ্তন
   ভাৰতীয় জনতা পাৰ্টি 67,950,851 20.29 +0.18 161 +41
   ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী দল

13,402,402

7,256,086
4,989,994
1,156,322

4.01

2.17
1.49
0.35


+0.69
+0.23

26

8
15
3


+11
+2
   ভাৰতীয় জাতীয় কংগ্ৰেছ 96,455,493 28.80 -7.46 140 -92
   ৰাষ্ট্ৰীয় মৰ্চা

47,991,407

27,070,340
10,989,241
9,931,826

14.33

8.08
3.28
2.97

-3.76

-0.02

79

46
17
16

-13

+3
   বাম মৰ্চা

30,464,034

20,496,810
6,582,263
2,105,469
1,279,492

9.10

6.12
1.97
0.63
0.38

-0.04
-0.52
-0.01
-0.04

52

32
12
5
3

-3
-2
+1

   তামিল মানিলা কংগ্ৰেছ 7,339,982 2.19 20
   দ্ৰাৱিড়া মুন্নেত্ৰা কড়গম 7,151,381 2.14 +0.05 17 +17
   বহুজন সমাজ পাৰ্টি 13,453,235 4.02 +2.41 11 +9
   অন্যান্য বিজয়ী দল

14,227,635

2,534,979
2,560,506
4,903,070
757,316
340,070
180,112
337,539
124,218
109,346
382,319
1,287,072
581,868
129,220

4.23

0.76
0.76
1.46
0.23
0.10
0.05
0.10
0.04
0.03
0.11
0.38
0.17
0.04

+0.46
+0.22

-0.08
-0.06
-0.45




-0.16

+0.02

28

8
5
4
2
1
1
1
1
1
1
1
1
1

+8
+4




+1
+1
+1
+1
-5

+1
   পৰাজিত দল 15,395,309 4.61 0
   নিৰ্দলীয় 21,041,557 6.28 +2.12 9 +8
   মনোনীত আসন(ইংগ-ভাৰতীয়) 2
মুঠ 334,873,286 100% 545

Source: Electoral Commission of India, Statistical Report on General Elections, 1996 to the 11th Lok Sabha[6]

নিৰ্বাচনোত্তৰ সংযুক্ত মৰ্চা

[সম্পাদনা কৰক]
মৰ্চা দল আসন ভোটৰ %
সংযুক্ত মৰ্চা
আসন: 192
ভোটৰ %:~28.52%
ৰাষ্ট্ৰীয় মৰ্চা 79 14.33
বাম মৰ্চা 52 9.10
তামিল মানিলা কংগ্ৰেছ 20 2.19
দ্ৰাৱিড়া মুন্নেত্ৰা কড়গম 17 2.14
অসম গণ পৰিষদ 5 0.76
অন্যান্য ক্ষুদ্ৰ দল 19 প্ৰযোজ্য নহয়

Source: Muse Journal[7]

দেৱে গৌড়াৰ নেতৃত্বাধীন সংযুক্ত মৰ্চা চৰকাৰলৈ সমৰ্থন

[সম্পাদনা কৰক]
চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা মৰ্চা/ দল
সংযুক্ত মৰ্চা (192)
ভাৰতীয় জাতীয় কংগ্ৰেছ (140)
মুঠ: 332 ভোট (61.1%)

ইন্দৰ কুমাৰ গুজৰালৰ নেতৃত্বাধীন সংযুক্ত মৰ্চা চৰকাৰলৈ সমৰ্থন

[সম্পাদনা কৰক]
চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা মৰ্চা/ দল
সংযুক্ত মৰ্চা (178)
ভাৰতীয় জাতীয় কংগ্ৰেছ (140)
মুঠ: 318 ভোট (58.7%)

St. Petersburg Times[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]