ভাৰতৰ মুখ্য ন্যায়াধীশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ মুখ্য ন্যায়াধীশ
Emblem of the Supreme Court of India.svg
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতীক
বৰ্তমান পদাধিকাৰী
ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়

৯ নৱেম্বৰ, ২০২২ -ৰ পৰা
ভাৰতৰ উচ্চতম ন্যায়ালয়
চমুনাম চিজেআই
আসন নতুন দিল্লী
মনোনয়ন কৰ্তা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল ৬৫ বছৰলৈকে[1]
Constituting instrument ভাৰতৰ সংবিধান (১২৪ অনুচ্ছেদ মতে)
গঠন ১৯৫০; ৭৩ বছৰ  আগতে (1950)
প্ৰথম পদাধিকাৰী এইছ. জে. কানীয়া (১৯৫০–১৯৫১)[2]
দৰমহা ২,৮০,০০০ (৩,৯২৫.৬ ডলাৰ) (প্ৰতি মাহ)[3]
ৱেবচাইট ভাৰতৰ উচ্চতম ন্যায়ালয়

ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া।[4] ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশ সকলক বিচাৰাধীন গোচৰ সমূহ ভগাই দিয়ে। ইয়াৰ লগতে তেওঁ ন্যায় বিষয়ক গুৰুত্বপূৰ্ণ বিষয়ত সাংবিধানিক পীঠৰ গঠন কৰে।[5] ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪৫ৰ মতে আৰু ১৯৬৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নীতিনিৰ্দেশনা অনুসৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশক গোচৰৰ বিতৰণ কৰে আৰু ন্যায়াধীশ সকলেও প্ৰয়োজন অনুভৱ কৰিলে বিচাৰপীঠৰ সম্প্ৰসাৰণ বা বেলেগ উচ্চ পীঠলৈ স্থানান্তৰ কৰিবলৈ তেওঁৰ কাষ চাপে। প্ৰশাসনিক ফালৰ পৰা তেওঁ ৰষ্টাৰ পদ্ধতি নিৰীক্ষণ কৰে, ন্যায়ালয়ৰ বিষয়া সমূহক নিযুক্তি দিয়ে আৰু উচ্চতম ন্যায়ালয়ৰ সাধাৰণ আৰু বিশেষ বিষয় আৰু ইয়াৰ কাৰ্য প্ৰণালীৰ নিৰীক্ষণ কৰে।

ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ এইছ এছ কানীয়া আছিল। ভাৰতৰ বৰ্তমান ৪৯তম মুখ্য ন্যায়াধীশ হৈছে উদয় উমেশ ললিত

নিযুক্তি[সম্পাদনা কৰক]

সাধাৰণতে উচ্চতম ন্যায়াধীশৰ সেৱাৰ ফালৰ পৰা আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ গৰাকীক মুখ্য ন্যায়াধীশ হিচাপে বাছনি কৰা হয় যদিও এই নিয়ম দুবাৰকৈ ১৯৭৩ আৰু ১৯৭৫ চনত ভংগ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ সেৱাৰ ফালৰ পৰা জেষ্ঠ্য ন্যায়াধীশেৰে গঠিত কলেজিয়ামে ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয়লৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম পঠিয়ায় আৰু আইন মন্ত্ৰালয়ে সেই নাম ৰাষ্ট্ৰপতিলৈ দাখিল কৰে। বৰ্তমান নীতি অনুসৰি আইন মন্ত্ৰালয়ে নাম পুনৰ বিবেচনাৰ বাবে কলেজিয়ামলৈ পঠিয়াব পাৰে যদিও কলেজিয়ামৰ নিৰ্ণয় অন্তিম নিৰ্ণয়। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশ গৰাকীক নিযুক্তি প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক শপত বাক্য পাঠ কৰোৱায়।

কাৰ্যকাল আৰু অপসাৰণ[সম্পাদনা কৰক]

ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো নিৰ্ধাৰিত কাৰ্যকাল নাই। তেওঁ নিযুক্তিৰ তাৰিখৰ পৰা ৬৫ বছৰ বয়সলৈকে এই পদত অধিষ্ঠিত থাকিব পাৰে। সংবিধানৰ অনুচ্ছেদ ১২৪(৪)ৰ মতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অপসাৰণৰ নিয়ম তেওঁৰ ওপৰতো প্ৰযোজ্য। তেওঁক কেৱল ভাৰতৰ সংসদত অপসাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অপসাৰিত কৰিব পাৰি।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক তেওঁৰ কাৰ্যকালত পদৰ পৰা অপসাৰিত কৰিব নোৱাৰি যদিও ভাৰতৰ দুয়ো সদনত মুঠ উপস্থিত সাংসদৰ দুই তৃতীয়াংশ সাংসদৰ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হোৱা তেওঁৰ সংবিধানৰ অৱজ্ঞা তথা অপব্যৱহাৰৰ ওপৰত আধাৰিত একে অধিবেশনতে ৰাষ্ট্ৰপতিক দাখিল কৰা অপসাৰণ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক পদৰ পৰা অপসাৰণৰ নিৰ্দেশ দিব পাৰে।

অনুচ্ছেদ ১২৪(৪), ভাৰতৰ সংবিধান, [6]

সা-সুবিধাসমূহ[সম্পাদনা কৰক]

সংবিধানে ভাৰতৰ মুখ্য ন্যায়াধীশে লাভ কৰা সা-সুবিধাসমূহ নিৰ্ণয় কৰা অধিকাৰ ভাৰতীয় সংসদক প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 'ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল (দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ) আইন, ১৯৫৮' ৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে সা-সুবিধাসমূহ লাভ কৰে।[7][8] ষষ্ঠ কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শ মতে ২০০৬-০৮ চনত তেওঁ লাভ কৰা সুবিধাসমূহ পুনিৰীক্ষণ কৰা হৈছে।[9] বৰ্তমান তেওঁ প্ৰতিমাহে ₹ ২,৮০,০০০ টকা দৰমহা হিচাপে লাভ কৰাৰ লগতে অন্যান্য সা-সুবিধা সমূহ উপভোগ কৰে।

কাৰ্যকৰী ৰাষ্ট্ৰপতি[সম্পাদনা কৰক]

'ৰাষ্ট্ৰপতি (কাৰ্যৰ পৰা অব্যাহতি) আইন, ১৯৬৯'[10] অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ দুয়ো গৰাকীৰ পদখালি হ'লে ভাৰতৰ মুখ্য ন্যায়াধীশে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ভাৰতৰ ইতিহাসত এনে ঘটনা কেৱল এবাৰ সংঘটিত হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ কাৰ্যকালত মৃত্যু হোৱাত উপৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰিয়ে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ভি. ভি. গিৰিয়ে উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে আৰু তেতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ হিদয়াতুল্লাহয়ে কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ পদভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ সেৱাৰ ফালৰ পৰা জ্যেষ্ঠ ন্যায়াধীশ গৰাকীয়ে কাৰ্যকৰী মুখ্য ন্যায়াধীশ পদ লাভ কৰে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মহম্মদ হিদয়াতুল্লাহ পুনৰ মুখ্য ন্যায়াধীশৰ পদলৈ ঘূৰি আহে।

কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্য ন্যায়াধীশ সকলে ৰাষ্ট্ৰপতিৰ সমূহ ক্ষমতা আৰু সা-সুবিধা লাভ কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশসকলৰ তালিকা[সম্পাদনা কৰক]

সংখ্যা প্ৰতিকৃতি নাম
(জন্ম-মৃত্যু)
কাৰ্যকাল বাৰ নিয়োগকৰ্তা (ভাৰতৰ ৰাষ্ট্ৰপতি)
Justice H. J. Kania.jpg এইছ. জে. কানীয়া
(১৯৮০-১৯৫১)
২৬ জানুৱাৰী ১৯৫০ ৬ নৱেম্বৰ ১৯৫১ বোম্বে উচ্চ ন্যায়ালয় ৰাজেন্দ্ৰ প্ৰসাদ
Justice M. Patanjali Sastri.jpg এম. পটঞ্জলী শাস্ত্ৰী
(১৮৮৯-১৯৬৩)
৭ নৱেম্বৰ ১৯৫১ ৩ জানুৱাৰী ১৯৫৪ মাদ্ৰাজ উচ্চ ন্যায়ালয়
Justice Mehr Chand Mahajan.jpg মেহৰ চান্দ মহাজন
(১৮৮৯–১৯৬৭)
৪ জানুৱাৰী ১৯৫৪ ২২ ডিচেম্বৰ ১৯৫৪ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়
Justice Bijan Kumar Mukherjea.jpg বিজন কুমাৰ মুখাৰ্জী
(১৮৯১-১৯৫৬)
২৩ ডিচেম্বৰ ১৯৫৪ ৩১ জানুৱাৰী ১৯৫৬ কলিকতা উচ্চ ন্যায়ালয়
Justice Sudhi Ranjan Das.jpg সুধী ৰঞ্জন দাস
(১৮৯৪–১৯৭৭)
১ ফেব্ৰুৱাৰী ১৯৫৬ ৩০ ছেপ্টেম্বৰ ১৯৫৯ কলিকতা উচ্চ ন্যায়ালয়
Justice Bhuvneshwar Prasad Sinha.jpg ভুৱেনশ্বৰ প্ৰসাদ সিনহা
(১৮৯৯–১৯৮৬)
১ অক্টোবৰ ১৯৫৯ ৩১ জানুৱাৰী ১৯৬৪ পাটনা উচ্চ ন্যায়ালয়
Justice P.B. Gajendragadkar.jpg পি. বি. গজেন্দ্ৰগডকৰ
(১৯০১-১৯৮১)
১ ফেব্ৰুৱাৰী ১৯৬৪ ১৫ মাৰ্চ ১৯৬৬ বোম্বে উচ্চ ন্যায়ালয় সৰ্বপল্লী ৰাধাকৃষ্ণণ
Justice A.K. Sarkar.jpg অজয় কুমাৰ চৰকাৰ
(১৯০১-২০০১)
১৬ মাৰ্চ ১৯৬৬ ২৯ জুন ১৯৬৬ কলিকতা উচ্চ ন্যায়ালয়
Justice K. Subba Rao.jpg কোকা শুভ ৰাও
(১৯০২-১৯৭৬)
৩০ জুন ১৯৬৬ ১১ এপ্ৰিল ১৯৬৭ মাদ্ৰাজ উচ্চ ন্যায়ালয়
১০ Justice K.N. Wanchoo.jpg কৈলাশ নাথ ৱাংছু
(১৯০৩-১৯৮৮)
১২ এপ্ৰিল ১৯৬৭ ২৪ ফেব্ৰুৱাৰী ১৯৬৮ এলাহাবাদ উচ্চ ন্যায়ালয়
১১ Justice M. Hidayatullah.jpg মহম্মদ হিদয়াতুল্লাহ
(১৯০৫–১৯৯২)
২৫ ফেব্ৰুৱাৰী ১৯৬৮ ১৬ ডিচেম্বৰ ১৯৭০ বোম্বে উচ্চ ন্যায়ালয় জাকিৰ হুছেইন
১২ Justice J.C. Shah.jpg জয়ন্তীলাল ছোটালাল শ্বাহ
(১৯০৬-১৯৯১)
১৭ ডিচেম্বৰ ১৯৭০ ২১ জানুৱাৰী ১৯৭১ বোম্বে উচ্চ ন্যায়ালয় বৰাহগিৰি ভেংকট গিৰি
১৩ Justice S.M. Sikri.jpg সৰ্ব মিত্ৰ চিকৰি
(১৯০৮-১৯৯২)
২২ জানুৱাৰী ১৯৭১ ২৫ এপ্ৰিল ১৯৭৩ লাহোৰ উচ্চ ন্যায়ালয়
১৪ Justice A.N. Ray.jpg এ. এন. ৰায়
(১৯১২–২০০৯)
২৯ এপ্ৰিল ১৯৭৩ ২৭ জানুৱাৰী ১৯৭৭ কলিকতা উচ্চ ন্যায়ালয়
১৫ Justice M. Hameedullah Beg.jpg মিৰ্জা হামিদুল্লাহ বেগ
(১৯১৩-১৯৮৮)
২৯ জানুৱাৰী ১৯৭৭ ২১ ফেব্ৰুৱাৰী ১৯৭৮ এলাহাবাদ উচ্চ ন্যায়ালয় ফকৰুদ্দিন আলি আহমেদ
১৬ Justice Y.V. Chandrachud.jpg ৱাই. ভি. চন্দ্ৰচুড়
(১৯২০-২০০৮)
২২ ফেব্ৰুৱাৰী ১৯৭৮ ১১ জুলাই ১৯৮৫ বোম্বে উচ্চ ন্যায়ালয় নীলম সঞ্জীৱ ৰেড্ডী
১৭ Justice P.N. Bhagwati.jpg পি. এন. ভাগৱতী
(১৯২১-২০১৭)
১২ জুলাই ১৯৮৫ ২০ ডিচেম্বৰ ১৯৮৬ গুজৰাট উচ্চ ন্যায়ালয় জাইল সিং
১৮ Justice R.S. Pathak.jpg ৰঘুনন্দন স্বৰূপ পাঠক
(১৯২৪-২০০৭)
২১ ডিচেম্বৰ ১৯৮৬ ১৮ জুন ১৯৮৯ এলাহাবাদ উচ্চ ন্যায়ালয়
১৯ Justice E.S. Venkataramiah.jpg এংগালগোপ্পে সীতাৰামাইয়া ভেংকটৰামাইয়া
(১৯২৪-১৯৯৭)
১৯ জুন ১৯৮৯ ১৭ ডিচেম্বৰ ১৯৮৯ কৰ্ণাটক উচ্চ ন্যায়ালয় আৰ ভেঙ্কটৰমন
২০ Justice Sabyasachi Mukherjee.jpg সব্যসাচী মুখাৰ্জী
(১৯২৭-১৯৯০)
১৮ ডিচেম্বৰ ১৯৮৯ ২৫ ছেপ্টেম্বৰ ১৯৯০ কলিকতা উচ্চ ন্যায়ালয়
২১ Justice Ranganath Misra.jpg ৰংগনাথ মিশ্ৰ
(১৯২৬-২০১২)
২৬ ছেপ্টেম্বৰ ১৯৯০ ২৪ নৱেম্বৰ ১৯৯১ উৰিষ্যা উচ্চ ন্যায়ালয়
২২ Justice K.N. Singh.jpg কমল নাৰেইন সিং
(১৯২৬–)
২৫ নৱেম্বৰ ১৯৯১ ১২ ডিচেম্বৰ ১৯৯১ এলাহাবাদ উচ্চ ন্যায়ালয়
২৩ Justice M.H. Kania.jpg মধুকৰ হীৰালাল কানীয়া
(১৯২৭–২০১৬)
১৩ ডিচেম্বৰ ১৯৯১ ১৭ নৱেম্বৰ ১৯৯২ বোম্বে উচ্চ ন্যায়ালয়
২৪ Justice L.M. Sharma.jpg ললিত মোহন শৰ্মা
(১৯২৮-২০০৮)
১৮ নৱেম্বৰ ১৯৯২ ১১ ফেব্ৰুৱাৰী ১৯৯৩ পাটনা উচ্চ ন্যায়ালয় শংকৰ দয়াল শৰ্মা
২৫ Justice M. N. Venkatachaliah BNC.jpg এম. এন. ভেংকটছালিয়াহ
(১৯২৯–)
১২ ফেব্ৰুৱাৰী ১৯৯৩ ২৪ অক্টোবৰ ১৯৯৪ কৰ্ণাটক উচ্চ ন্যায়ালয়
২৬ Justice A.M. Ahmadi.jpg আজিজ মোছাব্বেৰ আহমেদি
(১৯৩২–)
২৫ অক্টোবৰ ১৯৯৪ ২৪ মাৰ্চ ১৯৯৭ গুজৰাট উচ্চ ন্যায়ালয়
২৭ Justice J S Verma, Jagadish Sharan Verma.jpg জে. এছ. বাৰ্মা
(১৯৩৩–২০১৩)
২৫ মাৰ্চ ১৯৯৭ ১৭ জানুৱাৰী ১৯৯৮ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়
২৮ Justice M.M. Punchhi.jpg মদন মোহন পুঞ্চি
(১৯৩৩-২০১৫)
১৮ জানুৱাৰী ১৯৯৮ ৯ অক্টোবৰ ১৯৯৮ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় কে আৰ নাৰায়ণন
২৯ আদৰ্শ চেইন আনন্দ
(১৯৩৬-২০১৭)
১০ অক্টোবৰ ১৯৯৮ ৩১ অক্টোবৰ ২০০১ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়
৩০ Justice S.P. Bharucha.jpg চাম পিৰজ বাৰুছা
(১৯৩৭–)
১ নৱেম্বৰ ২০০১ ৫ মে' ২০০২ বোম্বে উচ্চ ন্যায়ালয়
৩১ Justice B.N. Kirpal.jpg ভুপিন্দৰ নাথ কিৰপাল
(১৯৩৭–)
৬ মে ২০০২ ৭ নৱেম্বৰ ২০০২ দিল্লী উচ্চ ন্যায়ালয়
৩২ Justice G.B. Pattanaik.jpg গোপাল বল্লভ পটনায়ক
(১৯৩৭–)
৮ নৱেম্বৰ ২০০২ ১৮ ডিচেম্বৰ ২০০২ উৰিষ্যা উচ্চ ন্যায়ালয় এ পি জে আব্দুল কালাম
৩৩ Justice V.N. Khare.jpg ভি. এন. খাৰে
(১৯৩৯–)
১৯ ডিচেম্বৰ ২০০২ ১ মে' ২০০৪ এলাহাবাদ উচ্চ ন্যায়ালয়
৩৪ Justice S. Rajendra Babu, Judge of the Supreme Court of India who will take over as Chief Justice of India on May 2, 2004 as the Chief Justice of India.jpg এছ. ৰাজেন্দ্ৰ বাবু
(১৯৩৯–)
২ মে' ২০০৪ ৩১ মে' ২০০৪ কৰ্ণাটক উচ্চ ন্যায়ালয়
৩৫ Chief Justice of India Justice Ramesh Chandra Lahoti at his swearing-in ceremony (cropped).jpg ৰমেশ চন্দ্ৰ লাহতি
(১৯৪০–)
১ জুন ২০০৪ ৩১ অক্টোবৰ ২০০৫ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়
৩৬ যোগেশ কুমাৰ চাৱৰৱাল
(১৯৪২-২০১৫)
১ নৱেম্বৰ ২০০৫ ১৩ জানুৱাৰী ২০০৭ দিল্লী উচ্চ ন্যায়ালয়
৩৭ K. G. Balakrishnan.jpg কে. জি. বালাকৃষ্ণণ
(১৯৪৫–)
১৪ জানুৱাৰী ২০০৭ ১২ মে' ২০১০ কেৰালা উচ্চ ন্যায়ালয়
৩৮ Justice S.H. Kapadia.jpg এছ. এইছ. কপাডিয়া
(১৯৪৭-২০১৬)
১২ মে' ২০১০ ২৮ ছেপ্টেম্বৰ ২০১২ বোম্বে উচ্চ ন্যায়ালয় প্ৰতিভা পাটিল
৩৯ Justice Altamas Kabir.jpg অলতামাছ কবিৰ
(১৯৪৮-২০১৭)
২৯ ছেপ্টেম্বৰ ২০১২ ১৮ জুলাই ২০১৩ কলিকতা উচ্চ ন্যায়ালয় প্ৰণৱ মুখাৰ্জী
৪০ Justice P. Sathasivam.jpg পি. সদাশিৱম
(১৯৪৯–)
১৯ জুলাই ২০১৩ ২৬ এপ্ৰিল ২০১৪ মাদ্ৰাজ উচ্চ ন্যায়ালয়
৪১ Justice R. M. Lodha.jpg ৰাজেন্দ্ৰ মাল লোধা
(১৯৪৯–)
২৭ এপ্ৰিল ২০১৪ ২৭ ছেপ্টেম্বৰ ২০১৪ ৰাজস্থান উচ্চ ন্যায়ালয়
৪২ Justice H. L. Dattu BNC.jpg এইছ. এল. দত্তু
(১৯৫০–)
২৮ ছেপ্টেম্বৰ ২০১৪ ২ ডিচেম্বৰ ২০১৫ কৰ্ণাটক উচ্চ ন্যায়ালয়
৪৩ Justice T. S. Thakur.jpg তীৰথ সিং ঠাকুৰ
(১৯৫২–)
৩ ডিচেম্বৰ ২০১৫ ৩ জানুৱাৰী ২০১৭ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়
৪৪ Justice Jagdish Singh Khehar (cropped).jpg জগদীশ সিং খেহৰ
(১৯৫২–)
৪ জানুৱাৰী ২০১৭ ২৭ আগষ্ট ২০১৭ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়
৫৪ The Chief Justice of India, Justice Shri Dipak Misra during the 24th Foundation Day Function of the National Human Rights Commission (NHRC), in New Delhi on October 12, 2017 (cropped).jpg দীপক মিশ্ৰ
(1953–)
২৮ আগষ্ট ২০১৭ ২ অক্টোবৰ ২০১৮ উৰিষ্যা উচ্চ ন্যায়ালয় ৰাম নাথ কোৱিন্দ
৪৬ Hon'ble Justice Ranjan Gogoi.jpg ৰঞ্জন গগৈ
(1954–)
৩ অক্টোবৰ ২০১৮ ১৭ নৱেম্বৰ ২০১৯ গুৱাহাটী উচ্চ ন্যায়ালয়
৪৭ Hon'ble Justice Sharad Arvind Bobde.jpg শৰদ অৰবিন্দ ববডে
(১৯৫৬–)
১৮ নৱেম্বৰ ২০১৯[11] ২৩ এপ্ৰিল ২০২১ বোম্বে উচ্চ ন্যায়ালয়
৪৮ Justice N.V. Ramana.jpg এন. ভি. ৰমনা
(১৯৫৭–)
২৪ এপ্ৰিল ২০২১ ২৬ আগষ্ট ২০২২ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়
৪৯ Justice Uday Umesh Lalit.jpg উদয় উমেশ ললিত
(১৯৫৭–)
২৭ আগষ্ট ২০২২ ৮ নৱেম্বৰ ২০২২ ভাৰতীয় উকীল সন্থা দ্ৰৌপদী মূৰ্মু
৫০ Justice D.Y. Chandrachud.jpg ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
(১৯৫৯–)
৯ নৱেম্বৰ ২০২২ বৰ্তমানলৈ বোম্বে উচ্চ ন্যায়ালয়
  • – কাৰ্যকালত মৃত্যু
  • – পদত্যাগ

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Supreme Court of India - CJI & Sitting Judges". http://supremecourtofindia.nic.in/judges/judges.htm। আহৰণ কৰা হৈছে: 4 July 2015. 
  2. "Supreme Court of India Retired Hon'ble the Chief Justices' of India". http://supremecourtofindia.nic.in/judges/rcji.htm। আহৰণ কৰা হৈছে: 4 July 2015. 
  3. "Supreme Court, High Court judges get nearly 200% salary hike". The Hindustan Times. 30 January 2018. https://www.hindustantimes.com/india-news/supreme-court-high-court-judges-get-nearly-200-salary-hike/story-sRMnVUhOLqAgXJaVOf0VcN.html। আহৰণ কৰা হৈছে: 30 January 2018. 
  4. Narasimham, R L, Justice (CJ, Orissa H. C.). "Chief Justice Sinha - A Review of Some of His Decisions (page 5 of 8)". Indian Law Institute. http://14.139.60.114:8080/jspui/bitstream/123456789/15149/1/015_Chief%20Justice%20Sinha-A%20Review%20of%20Some%20of%20his%20Decisions%20(145-152).pdf#page=5. 
  5. Saxena, Namit (23 December 2016). "New Captain Of The Ship, Change In Sailing Rules Soon?" (en-US ভাষাত). Live Law. http://www.livelaw.in/new-captain-ship-change-sailing-rules-soon/. 
  6. "Article 124, Constitution of India". Vakilno1.com. Archived from the original on 26 December 2010. https://web.archive.org/web/20101226003752/http://vakilno1.com/bareacts/Constitution/S124.htm। আহৰণ কৰা হৈছে: 11 October 2012. 
  7. "The High Court and Supreme Court Judges Salaries and Conditions of Service Amendment Bill 2008". PRS India. http://www.prsindia.org/uploads/media/1230018357/1230018357_The_High_Court_and_Supreme_Court_Judges__Salaries_and_Conditions_of_Service__Amendment_Bill__2008.pdf. 
  8. "Supreme Court Judges (Salaries and Conditions of Service) Act 1958". Ministry of Home Affairs, India. Archived from the original on 4 January 2011. https://web.archive.org/web/20110104092701/http://mha.nic.in/pdfs/SC%28salary_and_condition_of_services%29act_1958.pdf। আহৰণ কৰা হৈছে: 23 July 2012. 
  9. . 2008. https://www.prsindia.org/uploads/media/vikas_doc/docs/1241592662~~1230018357_The_High_Court_and_Supreme_Court_Judges__Salaries_and_Conditions_of_Service__Amendment_Bill__2008.pdf। আহৰণ কৰা হৈছে: 17 December 2018. 
  10. "President Discharge of Functions Act 1969 Complete Act - Citation 134059 - Bare Act | LegalCrystal". https://www.legalcrystal.com/act/134059/president-discharge-of-functions-act-1969-complete-act. 
  11. "Justice Sharad Arvind Bobde takes oath as 47th CJI". Times of India. 18 November 2019. https://timesofindia.indiatimes.com/india/justice-bobde-takes-oath-as-next-cji/articleshow/72103117.cms. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]