দীপক মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাননীয় মুখ্য ন্যায়াধীশ

দীপক মিশ্ৰ
The Chief Justice of India, Justice Shri Dipak Misra during the 24th Foundation Day Function of the National Human Rights Commission (NHRC), in New Delhi on October 12, 2017 (cropped).jpg
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২৮ আগষ্ট ২০১৭ – ২ অক্টোবৰ ২০১৮
নিয়োগকৰ্তা ৰাম নাথ কোৱিন্দ
(ভাৰতৰ ৰাষ্ট্ৰপতি)
পূৰ্বসূৰী জগদীশ সিং খেহৰ
উত্তৰসূৰী ৰঞ্জন গগৈ
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১০ অক্টোবৰ ২০১১
নিয়োগকৰ্তা ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী
পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
ডিচেম্বৰ ২০০৯ – মে ২০১০
দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২৪ মে ২০১০ – ১০ অক্টোবৰ ২০১১
ব্যক্তিগত তথ্য
জন্ম ৩ অক্টোবৰ, ১৯৫৩ (৬৯ বছৰ)
কটক, ওড়িশা
সম্বন্ধীয় ৰংগনাথ মিশ্ৰ (খুড়া)[1]

ন্যায়াধীশ দীপক মিশ্ৰ (জন্ম ৩ অক্টোবৰ ১৯৫৩) ভাৰতৰ বৰ্তমান তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ জগদীশ সিং খেহৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়।[2][3]তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বতে তেওঁ পাটনা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ১৯৯০ চনত নিযুক্তি লাভ কৰা ভাৰতৰ ২১তম মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰ তেওঁৰ খুড়ায়েক।[4][5] ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰায়।

তেওঁৰ জন্ম ওড়িশাৰ কটকত হৈছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

ন্যায়াধীশ মিশ্ৰ ১৯৭৭ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে উকীল সন্থাত যোগ দিয়ে। তাৰপিছত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৯৬ চনত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি পায়। ১৯৯৭ চনত তেওঁ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদালি হয় আৰু তাত তেওঁ ১৯ ডিচেম্বৰত তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশৰ পদ পায়। ২০০৯ চনৰ ডিচেম্বৰ মাহত তেওঁ পাটনা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তাৰ পিছত তেওঁ ২০১০ চনৰ মে মাহত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে বদলি হয়। তাৰ পিছত তেওঁ ২০১১ চনৰ ১০ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে অংশগ্ৰহণ কৰে।[6]

ন্যায়াধীশ মিশ্ৰ সুদীৰ্ঘ ৭ বছৰ কাল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ ৰূপে নিযুক্ত হয়। তেওঁ ২০১৮ চনৰ ২ অক্টোবৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিব।[7]

তথ্য উৎস[সম্পাদনা কৰক]