ৰঞ্জন গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ন্যায়ধীশ ৰঞ্জন গগৈ
Ranjan Gogoi at 4th Foundation Day function of the National Green Tribunal.jpg
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৬তম মূখ্যন্যায়ধীশ
কাৰ্যকাল
৩ অক্টোবৰ ২০১৮ – ১৭ নৱেম্বৰ ২০১৯
নিয়োগকৰ্তা ৰাম নাথ কোৱিন্দ
পূৰ্বসূৰী দীপক মিশ্ৰ
উত্তৰসূৰী শৰদ অৰবিন্দ ববডে
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ
কাৰ্যকাল
২৩ এপ্ৰিল ২০১২ – ২ অক্টোবৰ ২০১৮
নিয়োগকৰ্তা প্ৰতিভা পাটিল
পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মূখ্যন্যায়ধীশ
কাৰ্যকাল
১২ ফেব্ৰুৱাৰী ২০১১ – ২৩ এপ্ৰিল ২০১২
পূৰ্বসূৰী মুকুল মুদ্গল[1]
উত্তৰসূৰী আদৰ্শ কুমাৰ গৱেল(কাৰ্যবাহী)
ব্যক্তিগত তথ্য
জন্ম নৱেম্বৰ ১৮ , ১৯৫৪
ডিব্ৰুগড়, অসম, ভাৰত[2]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সন্তান ৰক্তিম গগৈ[3]
পিতৃ কেশৱ চন্দ্ৰ গগৈ[4]

ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪)[5] ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়।[6] তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া লগতে উত্তৰ পূৱ ভাৰতৰ ব্যক্তি।

কৰ্মজীৱন[সম্পাদনা কৰক]

ন্যায়াধীশ গগৈয়ে ১৯৭৮ চনত আইনী ক্ষেত্ৰখনত প্ৰথম খোজ পেলাই পৰৱৰ্ত্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত আছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ সেই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্ত হয়। ইয়াৰ পৰৱৰ্ত্তী সময়ত ২০১০ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহে আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত একে ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ পদ লাভ কৰে। ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয় আৰু এই ন্যায়ালয়ত তেওঁ প্ৰায় ৭ বছৰ কাল কাৰ্যনিবাহ কৰে।[7][8] ২০১৮ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধীশ পদত অধিষ্ঠিত হয়।

ন্যায়াধীশ গগৈৰ পিতৃ প্ৰয়াত কেশৱ চন্দ্ৰ গগৈ অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Former Hon'ble Chief Justice of the High Court of Punjab and Haryana". https://highcourtchd.gov.in/?trs=former_cj. 
  2. Karmakar, Rahul (8 September 2018). "Who is Ranjan Gogoi, and what is he known for?" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/who-is-ranjan-gogoi-and-what-is-he-known-for/article24903500.ece. 
  3. Prakash, Satya (5 April 2017). "SC judges’ sons object to inclusion in Punjab panel". The Tribune. http://www.tribuneindia.com/news/nation/sc-judges-sons-object-to-inclusion-in-punjab-panel/387771.html. 
  4. "Ranjan Gogoi sworn in as SC judge". The Assam Tribune. 24 April 2012. http://www.assamtribune.com/scripts/detailsnew.asp?id=apr2412/at07. 
  5. "Hon'ble Mr. Justice Ranjan Gogoi". Supreme Court of India. http://supremecourtofindia.nic.in/judges/sjud/ranjangogoi.htm. 
  6. "Justice Ranjan Gogoi sworn in as Chief Justice of India" (en-US ভাষাত). The Indian Express. 2018-10-03. https://indianexpress.com/article/india/justice-ranjan-gogoi-sworn-in-chief-justice-of-india-5383802/. 
  7. "Hon'ble Mr. Justice Ranjan Gogoi". ভাৰতত উচ্চতম ন্যায়ালয়. http://supremecourtofindia.nic.in/judges/sjud/ranjangogoi.htm. 
  8. "In Ranjan Gogoi, northeast will have representation in Supreme Court". দ্য হিন্দু. http://www.thehindu.com/news/national/article3255478.ece. 
  9. "Ranjan Gogoi sworn in as SC judge". দ্য আচাম ট্ৰিবিউন. এপ্ৰিল ২৩, ২০১২. http://www.assamtribune.com/scripts/detailsnew.asp?id=apr2412/at07.