দ্যা আছাম ট্ৰিবিউন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দ্য আচাম ট্ৰিবিউনৰ পৰা পুনঃনিৰ্দেশিত)


দ্যা আছাম ট্ৰিবিউন
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা(ব্ৰডশ্বীট)
সম্পাদক প্ৰধান প্ৰফুল্ল গোবিন্দ বৰুৱা
প্ৰতিষ্ঠা ৪ আগষ্ট, ১৯৩৯[1]
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী
ভগ্নী কাকত দৈনিক অসম
অসম বাণী
ৱেবছাইট www.assamtribune.com

দ্যা আছাম ট্ৰিবিউন (ইংৰাজী: The Assam Tribune) গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী বাতৰি কাকত। ভাৰতউত্তৰ পূৰ্বাঞ্চলত দ্যা আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।[2]

প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্যা আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।[3][4]

দ্যা আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা। প্ৰফুল্ল গোবিন্দ বৰুৱা ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। দ্যা আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Deepali Barua (1994). Urban History of India: A Case Study. Mittal Publications. পৃষ্ঠা. 127–. ISBN 978-81-7099-538-8. https://books.google.com/books?id=MzjyHi4LEQAC&pg=PA127. 
  2. "A glorious journey". The Assam Tribune. Archived from the original on 5 July 2018. https://web.archive.org/web/20180705151850/http://www.assamtribune.com/scripts/mdetails.asp?id=nov2914%2Fcity050। আহৰণ কৰা হৈছে: 5 July 2018. 
  3. "Presence of media in Assam:". Mediaware Infotech Pvt. Ltd. April 12, 2013. Archived from the original on 2013-11-18. https://web.archive.org/web/20131118063259/http://www.mediaware-infotech.com/newsletter/Assam/media1.htm। আহৰণ কৰা হৈছে: 2013-04-12. 
  4. Sumantha Rathore, afaqs!, New Delhi, (March 21, 2011). "IRS 2010 Q4: Dailies lose readers in Assam". afaqs.com. afaqs.com. http://www.afaqs.com/news/story/29999_IRS-2010-Q4:-Dailies-lose-readers-in-Assam। আহৰণ কৰা হৈছে: 2013-04-12. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]