জগদীশ সিং খেহৰ
অৱয়ব
মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰ | |
---|---|
![]() | |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ৪ জানুৱাৰী ২০১৭ – ২৭ আগষ্ট ২০১৭ | |
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী, ভাৰতৰ ৰাষ্ট্ৰপতি |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৭ ছেপ্টেম্বৰ ২০১১ | |
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ৮ আগষ্ট ২০১০ – ১২ ছেপ্টেম্বৰ ২০১১ | |
উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ২৯ নৱেম্বৰ ২০০৯ – ৭ আগষ্ট ২০১০ | |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ আগষ্ট, ১৯৫২ (৭২ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | পঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড় |
পেচা | অধিবক্তা, ন্যায়ধীশ |
উৎস:[1] |
ন্যায়ধীশ জগদীশ সিং খেহৰ (ইংৰাজী: Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ।[1][2] তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।
শিক্ষা
[সম্পাদনা কৰক]১৯৭৪ চনত চণ্ডীগড়ৰ ৰয়েল কলেজৰূ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ চণ্ডীগড়ৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত আইন বিভাগত স্নাতক আৰু ১৯৭৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] ভাল ফলাফলৰ বাবে খেহৰে বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰে।
কৰ্ম জীৱন
[সম্পাদনা কৰক]অধিবক্তা হিচাপে
[সম্পাদনা কৰক]- ১৯৭৯ চনত তেওঁ আইনৰ ব্যৱসায় আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ পঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়, হিমাচল উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰে।
- ১৯৯২ চনত তেওঁ পঞ্জাবত অতিৰিক্ত মহাধিবক্তা নিযুক্ত হয়।
- ১৯৯৫ চনত তেওঁ জৈষ্ঠ অধিবক্তা হয়।
ন্যায়ধীশ হিচাপে
[সম্পাদনা কৰক]- ২০০৯ চনৰ ২৯ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৭ আগষ্টলৈ তেওঁ উত্তৰাখণ্ড মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
- ৮ আগষ্ট ২০১০ চনৰ পৰা ১২ ছেপ্টেম্বৰ ২০১১ চনলৈ তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
- ১৩ ছেপ্টেম্বৰ ২০১১ চনৰ পৰা ৩ জানুৱাৰী ২০১৭ চনলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ আছিল।
- ৪ জানুৱাৰী ২০১৭ চনত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Justice Jagdish Singh Khehar - Profile". Supreme Court of India. Archived from the original on 13 November 2012. https://web.archive.org/web/20121113234034/http://supremecourtofindia.nic.in/judges/sjud/jskhehar.htm। আহৰণ কৰা হৈছে: 27 September 2012.
- ↑ "Former-chief-justices". SUPREME COURT OF INDIA. https://main.sci.gov.in/former-chief-justices.
- ↑ http://supremecourtofindia.nic.in/judges/sjud/jskhehar.htm