তীৰথ সিং ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ন্যায়ধীশ

তীৰথ সিং ঠাকুৰ
ভাৰতৰ ৪৩তম মুখ্য ন্যায়ধীশ
কাৰ্যকাল
৩ ডিচেম্বৰ ২০১৫ – ৪ জানুৱাৰী ২০১৭
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী
(ভাৰতৰ ৰাষ্ট্ৰপতি)
পূৰ্বসূৰী এইছ. এল. দত্তু
ন্যায়ধীশ, ভাৰতৰ উচ্চতম ন্যায়ালয়
কাৰ্যকাল
১৭ নৱেম্বৰ, ২০০৯ – ২ ডিচেম্বৰ ২০১৫
নিয়োগকৰ্তা প্ৰতিভা পাটিল
মুখ্য ন্যায়াধীশ, পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়
কাৰ্যকাল
১১ আগষ্ট ২০০৮ – ১৬ নৱেম্বৰ ২০০৯
নিয়োগকৰ্তা প্ৰতিভা পাটিল
পূৰ্বসূৰী ন্যায়ধীশ বিজেন্দৰ জৈন
উত্তৰসূৰী ন্যায়ধীশ মুকুল মুদ্গল
ন্যায়ধীশ, দিল্লী উচ্চ ন্যায়ালয়
কাৰ্যকাল
জুলাই ২০০৪ – আগষ্ট ২০০৮
ন্যায়ধীশ, কৰ্ণাটক উচ্চ ন্যায়ালয়
কাৰ্যকাল
মাৰ্চ ১৯৯৪ – জুলাই ২০০৪
ন্যায়ধীশ, জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়
কাৰ্যকাল
ফেব্ৰুৱাৰী ১৯৯৪ – মাৰ্চ ১৯৯৪
ব্যক্তিগত তথ্য
জন্ম ৪ জানুৱাৰী, ১৯৫২ (৭২ বছৰ)
ৰামবন জিলা, জম্মু আৰু কাশ্মীৰ
নাগৰিকত্ব ভাৰতীয়
ৰাষ্ট্ৰীয়তা  ভাৰত
শিক্ষা B.Sc., LL.B
ৱেবছাইট ভাৰতৰ উচ্চতম ন্যায়ালয়

ন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ (জন্ম: ৪ জানুৱাৰী ১৯৫২) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ।

তেওঁৰ পিতৃ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ দেৱী দাস ঠাকুৰ অসমৰ পূৰ্বৰ ৰাজ্যপাল আছিল। তিৰথ সিং ঠাকুৰ তেওঁৰ পিতৃৰ চেম্বাৰত ১৯৭২ চনত যোগ দি কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ ১৯৯০ চনত এজন জেষ্ঠ অধিবক্তা ৰূপে স্বীকীৰ্তি পায়। ১৯৯৫ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়ধীশ হিচাপে নিযুক্তি লাভ কৰে। তাৰ পিছত তেওঁ একে বছৰে কৰ্ণাটক উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে বদলি হয়। ১৯৯৫ চনত তেওঁ এজন স্থায়ী ন্যায়মূৰ্তি হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনৰ জুলাই মাহত তেওঁ দিল্লী উচ্চ ন্যায়ালয়লৈ ন্যায়মূৰ্তি হিচাপে বদলি হয়। ৯ এপ্ৰিল ২০০৮ চনত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তাৰ পিছত তেওঁ ১১ আগষ্ট ২০০৮ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লছভ কৰে। পৰৱৰ্তী বছৰত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে যোগ দিয়ে।[1]

ভাৰতৰ মুখ্য ন্যায়ধীশ[সম্পাদনা কৰক]

২০১৫ চনৰ ১৮ নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে। ন্যায়ধীশ এইছ. এল. দত্তুৰ ৬৫ বছৰ অতিক্ৰম কৰাৰ বাবে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১৫ চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হয়।[2] তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম প্ৰণৱ মুখাৰ্জীয়ে শপত বাক্য পাঠ কৰোৱায়। ২০১৭ চনৰ ৪ জানুৱাৰী তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিব।[3]

২০১৬ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ন্যায় তন্ত্ৰৰ বাবে অধিক পুঁজি আবণ্টন কৰাৰ বাবে দাবী তোলে।[4][5]

তথ্য উৎস[সম্পাদনা কৰক]