স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অটোনমাচ ষ্টেট ডিমাণ্ড কমিটিৰ পৰা পুনঃনিৰ্দেশিত)

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (ইংৰাজী:Autonomous State Demand Committee), (পূৰ্বতে Peoples Democratic Front) ভাৰতঅসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচন (Communist Party of India (Marxist-Leninist) Liberation)ৰ এটা গণ সংগঠন আছিল। স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(চমুকৈ ASDC)ৰ অধীনত কেইবাটাও লোকসভা নিৰ্বাচন আৰু স্বায়ত্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। ড° জয়ন্ত ৰংপি ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ পৰা লোকসভালৈ ASDC ৰ পৰা নিৰ্বাচিত হৈছিল।

পিছত ASDC ত বিভাজন হৈ স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিৰ এটা অংশ চিপিআই(এম-এল)ৰ পৰা আতঁৰি আহি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জোঁট বান্ধে। চিপিআই(এম-এল)ৰ প্ৰতি অনুগত আনটো গোটে নিজকে স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(প্ৰগতিশীল)(Autonomous State Demand Committee (Progressive)) হিচাপে পৰিচয় দিয়ে। ১৯৯৯ চনৰ পৰা স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(প্ৰগতিশীল)ৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচনৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ আহিছে।