১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২
ভাৰত
১৯৫৭ ←
১৯-২৫ ফেব্ৰুৱাৰী ১৯৬২
→ ১৯৬৭

লোকসভাৰ ৪৯৪টা সমষ্টিৰ আটাইকেইটাত ভোটগ্ৰহণ
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োদন ২৪৮খন আসন
  প্ৰথম দল দ্বিতীয় দল
 
নেতা জৱাহৰলাল নেহৰু শ্ৰীপট অমৃত দাঙ্গে
দল কংগ্ৰেছ চি পি আই
নেতাৰ আসন ফুলপুৰ লোকসভা সমষ্টি বোম্বে দক্ষিণ মধ্য লোকসভা সমষ্টি
বিজয়ী আসন ৩৬১ ২৯
পৰিৱৰ্তিত আসন decrease১০ বৃদ্ধি
শতাংশ ৪৪.৭২% ৯.৯৮%
Swing decrease৩.০৬% বৃদ্ধি১.০২%

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

Subsequent Prime Minister

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল। এই নিৰ্বাচনটোকে ধৰি পিছলৈ সকলো সাধাৰণ নিৰ্বাচনত এটা সমষ্টিত একোজনকৈ সাংসদ নিৰ্বাচন কৰা পদ্ধতি প্ৰচলিত হৈছিল। ইয়াৰ আগৰ দুটা নিৰ্বাচনত ৯১টাকৈ লোকসভা সমষ্টিত দুজনকৈ সাংসদ নিৰ্বাচন কৰা হৈছিল। ভাৰতৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯৪টা সমষ্টিৰ আটাইকেইটাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।[1]

জৱাহৰলাল নেহৰুৱে তৃতীয় আৰু জীৱনৰ শেষ নিৰ্বাচনটোত আগৰ দুটাৰ দৰে প্ৰভুত বিজয় লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ৪৪.৭% ভোটেৰে ৩৬১খন আসন লাভ কৰিছিল। অৱশ্যে এই সংখ্যা পূৰ্বৱৰ্তী নিৰ্বাচন দুটাৰ তুলনাত সামান্য কম আছিল যদিও লোকসভাৰ ৭০% আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৯.৯৪ শতাংশ ভোটৰে ২৯খন আসন পাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে দ্বিতীয় স্থান লাভ কৰিছিল। একে বছৰৰে জবৱাহৰলাল নেহৰুৰ প্ৰধান মন্ত্ৰিত্বত ২ এপ্ৰিলত তৃতীয় লোকসভা গঠন কৰা হৈছিল।[2]

প্ৰেক্ষাপট[সম্পাদনা কৰক]

দুটাকৈ সফল কাৰ্যকাল শেষ কৰা নেহৰু চৰকাৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইতিমধ্যে পাকিস্তান আৰু চীনৰ সৈতে দুখনকৈ যুদ্ধত ভাৰত লিপ্ত হ'বলগীয়া হৈছিল। চীনৰ সৈতে শোচনীয় পৰাজয় বৰণ কৰা নেহৰু চৰকাৰৰ সামৰিক দিশটোৰ দুৰ্বলতাৰ বাবে যথেষ্ট সমালোচিত হৈছিল আৰু যাৰবাবে প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননক অপসাৰণো কৰা হৈছিল। অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা, টকাৰ অৱমূল্যায়ন, দাৰিদ্ৰ, মিজো বিদ্ৰাহ, দুৰ্ভিক্ষ আদি বিভিন্ন সমস্যাই চৰকাৰখনক জুৰুলা কৰিছিল।[2]

ফলাফল[সম্পাদনা কৰক]

দলগত ফলাফল[সম্পাদনা কৰক]

লোকসভা নিৰ্বাচন, ১৯৬২
ভোটদান ৫৫.৪২%
% বিজয়ী
(মুঠ ৪৯৪)
ভাৰতীয় জন সংঘ BJS 6.44 14
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI 9.94 29
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 44.72 361
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি PSP 6.81 12
ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত) SSP 2.69 6
স্বতন্ত্ৰ পাৰ্টি SP 7.89 18
আকালি দল AD 0.72 3
অখিল ভাৰতীয় হিন্দু মহাসভা ABHM 0.65 1
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ RRP 0.6 2
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক AIFB 0.72 2
অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ APHLC 0.08 1
ছোটা নাগপুৰ সান্থাল পৰগনাজ্ জনতা পাৰ্টি CNSPJP 0.41 3
দ্ৰাবিড়া মুন্নেত্ৰা কাজাগম DMK 2.01 7
গণতন্ত্ৰ পৰিষদ GP 0.3 4
ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ IUML 0.36 2
পিজেণ্টচ্ এণ্ড ৱৰ্কাৰচ্ পাৰ্টি অৱ ইণ্ডিয়া PWPI 0.1 0
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া RPI 2.83 3
হাৰিয়ানা লোক সমিতি HLS 0.1 1
লোকসেৱক সংঘ LSS 0.24 2
নুতন মহা গুজৰাট জনতা পৰিষদ NMGJP 0.17 1
ৰিভুলচ্যনাৰী পাৰ্টি RSP 0.39 2
নিৰ্দলীয় - 11.05 20
ইংগ-ভাৰতীয় মনোনীত সদস্য - - 2


References[সম্পাদনা কৰক]

  1. "Statistical Report On General Elections, 1962 To The Third Lok Sabha" (PDF). Election Commission of India. Archived from the original on 18 July 2014. https://web.archive.org/web/20140718185518/http://eci.nic.in/eci_main/StatisticalReports/LS_1962/Vol_I_LS_62.pdf। আহৰণ কৰা হৈছে: 30 April 2014. 
  2. 2.0 2.1 "1962 Lok Sabha elections: an easy win for Congress, but troubled tenure thereafter". https://www.livemint.com/Multimedia/D82GaiSmUePu4oZ6UmmmEK/1962-Lok-Sabha-elections-an-easy-win-for-Congress-but-trou.html?gid=1। আহৰণ কৰা হৈছে: 12 March 2019.