অখিল ভাৰতীয় হিন্দু মহাসভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অখিল ভাৰতীয় হিন্দু মহাসভা ( ইংৰাজী: All-India Hindu Assembly) ভাৰতৰ এটা হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল। এই সংগঠনটো ১৯০৬ চনত মুছলিম গঠন তথা মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত ভাৰত চৰকাৰে মুচলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা কৰাৰ পিছত বৃটিছ ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ গঠন কৰা হৈছিল। ভাৰতৰ আটাইতকৈ পুৰণি হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল যদিও এই দলটোৱে স্বাধীনতাৰ আগতেই হওক বা পিছতেই হওক, ভাৰতীয় ৰাজনীতিত খুব কম পৰিমাণে প্ৰভাৱ পেলাব পাৰিছে।

ইতিহাস[সম্পাদনা কৰক]

মূল[সম্পাদনা কৰক]

১৯০৬ চনত মুছলিম লীগৰ গঠন [1] আৰু ১৯০৯ চনৰ মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত মুচলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা ৰখা- [2] এই দুটা ঘটনাই হিন্দু নেতাসকলক একগোট হৈ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ এটা সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰোৎসাহন জগাইছিল। [1]

কুৰি শতিকাৰ আৰম্ভণিতে পাঞ্জাবত হিন্দু একতাৰ হকে বহল পৰিসৰত কাম-কাজ আৰম্ভ হৈছিল, যিটো অখিল ভাৰতীয় হিন্দু মহাসভা গঠনৰ পূৰ্বৱৰ্তী পৰ্যায় আছিল। ১৯০৯ চনত লালা লাজপত ৰায়, লাল চান্দ আৰু শাদী লালে পাঞ্জাব হিন্দু সভা গঠন কৰিছিল।[3]

১৯১০ চনত শীৰ্ষস্থানীয় হিন্দু সামাজিক আৰু ৰাজনৈতিক নেতাসকলে এলাহাবাদত অখিল ভাৰতীয় হিন্দু সন্মিলন অনুষ্ঠিত কৰিছিল; যিসকলে মুছলিম লিগৰ উত্থানৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ হিন্দুসকলক ৰাজনৈতিক ভাবে সংগঠিত কৰিব বিচাৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰতিষ্ঠা[সম্পাদনা কৰক]

১৯১৪ চনত অমৃতসৰত হিন্দু মহাসভা গঠন কৰা হয়। ইয়াৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হয় হৰিদ্বাৰত। মহাসভাৰ প্ৰাৰম্ভিক কালৰ নেতাসকলৰ ভিতৰত আছিল [[:en:Banaras Hindu University|কাশী হিন্দু বিশ্ববিদ্যালয়ৰ]] স্থাপন কৰোঁতা, বিশিষ্ট জাতীয়তাবাদী নেতা আৰু শিক্ষাবিদ মদন মোহন মালৱীয় আৰু পাঞ্জাবৰ জনপ্ৰিয় নেতা লালা লাজপত ৰায়। মালৱীয়ৰ নেতৃত্বত মহাসভাই হিন্দুসকলৰৰ ৰাজনৈতিক একতা, শিক্ষা আৰু অৰ্থনৈতিক উন্নয়ন তথা মুচলমানৰ পৰা হিন্দুলৈ পুনৰ ধৰ্মান্তৰণৰ হকে প্ৰচাৰ চলাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

বৃটিছৰাজৰ প্ৰতি অনুগত নাছিল যদিও বৃটিছ শাসনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনত হিন্দু মহাসভাই সক্ৰিয় ৰূপত সমৰ্থন জনোৱা নাছিল। মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশজুৰি বিভিন্ন আন্দোলন গঢ়ি তুলিছিল। মহাসভাই আন্দোলনৰ এনে কাৰ্যসূচীত জড়িত হবলৈ অমান্তি হৈছিল আৰু বৃটিছে স্থাপন কৰা সংসদত অংশগ্ৰহণ কৰিছিল; যিটো সাধাৰণতে কংগ্ৰেছ আৰু দেশৰ গৰিষ্ঠসংখ্যত জনসাধাৰণে বয়কট কৰিছিল। মালৱীয়ৰ সাংবিধানিক উপায়েৰে স্বাধীনতা লাভৰ আকাঙ্ক্ষাই মহাসভাক বৃটিছৰাজক প্ৰতি সহযোগী কৰিছিল। মহাসভা উচ্চ জাতিৰ ব্ৰাহ্মণসকলৰ দ্বাৰা নিয়ন্ত্ৰিত এটা দললৈ পৰ্যবসিত হৈছিল। যদিও দলে অস্পৃশ্যতাক বিৰোধ কৰিছিল, মহাসভাৰ হিন্দু আইন আৰু ৰীতি-নীতি বিষয়ক ৰক্ষণশীলতাই বৃহৎ সংখ্যক হিন্দুক আকৰ্ষণ কৰিব পৰা নাছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯২০ চনত শেষৰ ফালে মহাসভা ৰাষ্ট্ৰীয়তাবাদী বিনায়ক দামোদৰ সাৱৰকৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষ নীতিক বিৰোধ কৰা সাৱৰকৰ এজন প্ৰাক্তন বিদ্ৰোহী আছিল, যাৰ ওপৰত বৃটিছৰ বিৰুদ্ধে যিকোনো ৰাজনৈতিক কাৰ্যকলাপ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তেখেতৰ নেতৃত্বত মহাসভা কংগ্ৰেছৰ মুছলমানৰ সমৰ্থন আদায় কৰাৰ নীতি আৰু অন্যান্য নীতিৰ কট্টৰ সমালোচক হৈ পৰিছিল। ১৯২৫ চনত কেশৱ বালিৰাম হেডগাৱাৰে মহাসভা ত্যাগ কৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থকা এটা হিন্দু স্বেচ্ছাসেৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠন কৰাত মহাসভা পংগুপ্ৰায় হৈ পৰিছিল। যদিও আদৰ্শগত দিশত মহাসভাৰ সৈতে একে হোৱা সত্বেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্ৰুতগতিত বিকাশ হৈছিল আৰু মহাসভাৰ প্ৰভাৱিত অঞ্চলৰ প্ৰতিদ্বন্দ্বী হৈ পৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯৪০ চনত সাৱৰকৰে তেখেতৰ মুম্বাইৰ বাসভৱনত সুভাষ চন্দ্ৰ বসুক প্ৰথম আৰু শেষবাৰৰ বাবে লগ পাইছিল। বসুৱে সকলো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক লগ ধৰি বৃটিছৰ বিৰুদ্ধে সংঘবদ্ধ কৰাৰ প্ৰচেষ্টা চলাইছিল আৰু এই সাক্ষাৎ সেই প্ৰচেষ্টাৰে এটা অংশ আছিল।[4]

হিন্দু মহাসভাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰিছিল। মহাসভাই বিচাৰিছিল, বৃটিছৰ হৈ ভাৰতীয়সকলে দ্বিতীয় বিশ্বযুদ্ধত অংশ লওক, যাতে ভাৰতীয়সকলে অধিকভাবে সামৰিক প্ৰশিক্ষণ পায় আৰু সেই সামৰিক প্ৰশিক্ষণ পৰৱৰ্তী পৰ্যায়ত বৃটিছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰা যায়। এইক্ষেত্ৰত মহাসভা অকলশৰীয়া নাছিল; ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু মুছলিম লিগেও দ্বিতীয় বিশ্বযুদ্ধত বৃটিছক সমৰ্থন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ভাবধাৰা[সম্পাদনা কৰক]

চৰকাৰত অন্য ধৰ্ম সম্প্ৰদায়ৰ অন্তৰ্ভূক্তিৰ বিৰোধ কৰা নাছিল যদিও হিন্দু মহাসভাই ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ বুলি চিহ্নিত কৰিছিল আৰু হিন্দু সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰাৰ প্ৰাধান্যত বিশ্বাস কৰিছিল। মহাসভাই ৰাষ্ট্ৰীয় আৰু ৰাজনৈতিক পৰিচয়ৰ দৃষ্টিৰে শিখ, বৌদ্ধ আৰু জৈন ধৰ্মীসকলো হিন্দু বুলিয়ে দাবী কৰে। সংগঠনটোৰ মতে ভাৰতীয় মুছলমান আৰু খ্ৰীষ্টিয়ানসকল মূলতঃ হিন্দুৱে আছিল, যিসকলক বলপূৰ্বক আৰু প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰা হৈছিল। মহাসভাৰ ইতিহাসৰ বিভিন্ন পৰ্যায়ত দেখা যায় যে এওঁলোকে মুছলমান আৰু খ্ৰীষ্টিয়ানসকলক হিন্দুলৈ পুনৰ ধৰ্মান্তৰনৰ আহ্বান জনাইছে। এওঁলোকে পশ্চিমীয়াকৰণৰ তীব্ৰ বিৰোধ কৰে, যিয়ে ভাৰতৰ যুৱ প্ৰজন্ম আৰু সংস্কৃতিত কু-প্ৰভাৱ পেলাইছে। মহাসভাই সংস্কৃত ভাষাৰ পুনৰ্জীৱিত কৰাৰ আহ্বান জনায় আৰু হিন্দী ভাষাৰ প্ৰভূত্ব স্থাপন কৰিব বিচাৰে। এওঁলোকে সমাজবাদ আৰু সাম্যবাদৰ বিৰোধিতা কৰে; কাৰণ বিদেশী ভাবধাৰাৰ সমাজবাদ আৰু সাম্যবাদে ভাৰতৰ থলুৱা প্ৰয়োজন আৰু অৱস্থাৰ প্ৰতিনিধিত্ব নকৰে।[উদ্ধৃতিৰ প্ৰয়োজন]


তথ্যউৎস[সম্পাদনা কৰক]

উদ্ধৃতি[সম্পাদনা কৰক]

উৎস[সম্পাদনা কৰক]

প্ৰকাশিত উৎস[সম্পাদনা কৰক]

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]