সমললৈ যাওক

১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ১৯৭৮ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৭৮
ভাৰত
১৯৭২ 
১৯৭৮
 ১৯৮৩


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

শৰৎ চন্দ্ৰ সিংহ
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

গোলাপ বৰবৰা
জনতা পাৰ্টি

১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৭ম বিধানসভা নিৰ্বাচন। বিধানসভাৰ ১২৬খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। জনতা পাৰ্টিয়ে ৫৩খন আসন পাই গোলাপ বৰবৰাৰ নেতৃত্বত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্খন হেৰুওৱাত তেওঁ ১৯৭৯ৰ ৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ৯ ছেপ্তেম্বৰত যোগেন্দ্ৰ নাথ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যদিও কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন জাপি দিয়া বাবে তেওঁ মাথো ৯৪ দিনৰ বাবেহে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ পায়।[1][2]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

১৯৭৩ৰ ডিচেম্বৰত গুজৰাটৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মাচুল বঢ়োৱাক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা নৱনিৰ্মাণ আন্দোলন, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন, সমাজবাদী নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত তিনি সপ্তাহ জুৰি হোৱা বিহাৰৰ ৰেল ধৰ্মঘট আদিয়ে ভাৰতৰ ৰাজনৈতিক পৰিমণ্ডল অস্থিৰ কৰি ৰাখিছিল।[3] ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ বলপূৰ্বকভাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলোৱা পাঁচসূত্ৰীয় কাৰ্যক্ৰমৰ অন্তৰ্গত বন্ধ্যাকৰণ কাৰ্যসূচীয়েও ব্যপক জনৰোষৰ সৃষ্টি কৰিছিল।[4]

ইফালে ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত ৰায়বেৰেলী লোকসভা সমষ্টিৰ পৰা অনৈতিক উপায়ে জিকি অহা বুলি তদানিন্তন প্ৰধানমন্ত্ৰী গান্ধীৰ বিৰুদ্ধে এজন পৰাজিত প্ৰাৰ্থী ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। ৰাজ নাৰায়ণে অভিযোগ কৰিছিল নিৰ্বাচনত আয়োগে বান্ধি দিয়া খৰচৰ সীমাতকৈ অধিক ধন খৰচ কৰাৰ উপৰিও গান্ধীয়ে প্ৰশাসন যন্ত্ৰটোকো তেওঁৰ নিৰ্বাচনী কাৰ্যত ব্যৱহাৰ কৰিছিল। ১৯৭৫ৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ৰায় দিয়ে। গান্ধীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰকাশ পোৱাৰ এদিন আগতে ১৯৭৫ চনৰ ২৫ জুনত গান্ধীয়ে দেশত আভ্যন্তৰিণ জৰুৰীকালিন অৱস্থা ঘোষণা কৰে। জৰুৰীকালীন অৱস্থাৰ সময়চোৱাত চৰকাৰে বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ লগালে। নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰ সাময়িকভাবে বৰ্খা্স্ত কৰিলে। বিৰোধী নেতাসকলক কাৰাগাৰত ভৰাই থলে। সংসদ আৰু বিধানসভাবোৰত বিৰোধী পক্ষ দুৰ্বল হোৱাৰ সুযোগত গান্ধীয়ে নিজৰ সুবিধামতে সংবিধান সংশোধন কৰি ললে। ১৯৭৭ৰ ১৮ জানুৱাৰীত হঠাৎ গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিলে আৰু ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিলে। দুমাহ পাছত, ২১ মাৰ্চত জৰুৰীকালিন অৱস্থাও উঠাই ললে।[3]

ইন্দিৰা গান্ধীৰ স্বেচ্চাচাৰিতাৰ বিৰুদ্ধে প্ৰায়ভাগ বিৰোধী দল একলগ হ'ল। লোকদল, ক্ৰান্তিদল, স্বতন্ত্ৰ পাৰ্টি, সমাজবাদী পাৰ্টি, জনসংঘ আদি দলবোৰ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰিলে। ১৯৭৭ৰ সাধাৰণৰ নিৰ্বাচনজনতা পাৰ্টিয়ে ২৯৮খন আসন পালে। কংগ্ৰেছ শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল। ইন্দিৰা গান্ধীয়ে পূৰ্বৰ ৩৫২খন আসনৰ বিপৰীতে মাত্ৰ ১৫৩খন আসনহে পালে। গান্ধীৰ বিৰুদ্ধে দলৰ ভিতৰত বিক্ষোভৰ সৃষ্টি হোৱাত দলটো দুভাগত বিভক্ত হ’ল। গান্ধী নেতৃত্বাধীন ঠালটোক ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) বুলি নামাঙ্কণ কৰা হ’ল।[5][6]

১৯৭৮ত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা নাপালে যদিও সৰ্বাধিক আসন লাভ কৰা দল হিচাপে জনতা পাৰ্টিয়ে গোলাপ বৰবৰাৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে। ইন্দিৰা কংগ্ৰেছে মাত্ৰ ৮খন আসন পালে। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছে ২৬খনত জয়লাভ কৰিবলৈ সক্ষম হ'ল।[1]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক নংদলৰ নামদলৰ স্থিতিপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি [CPI]ৰাষ্ট্ৰীয় দল৩৫৪.০৯%১৪.৩৯%
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) [CPIM]ৰাষ্ট্ৰীয় দল২৭১১৫.৬২%২৫.৮৭%
ভাৰতীয় জাতীয় কংগ্ৰেছ [INC]ৰাষ্ট্ৰীয় দল১২৬২৬২৩.৬২%২৩.৬২%
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) [INC(I)]ৰাষ্ট্ৰীয় দল১১৫৮.৭৮%৯.৪৮%
জনতা পাৰ্টি [JNP]ৰাষ্ট্ৰীয় দল১১৭৫৩২৭.৫৫%২৯.৯৫%
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক [FBL]ৰাজ্যিক দল
ভৈয়াম জনজাতি পৰিষদ, অসম [PTC]ৰাজ্যিক দল
বিপ্লৱী সমাজবাদী পাৰ্টি [RSP]ৰাজ্যিক দল
অল ইণ্ডিয়া গোৰ্খা লিগ [IGL]পঞ্জীভূক্ত
(অননুমোদিত)
১০ভাৰতৰ বিপ্লৱী সাম্যবাদী দল [RCPI]পঞ্জীভূক্ত
(অননুমোদিত)
১০
১১ছোটিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া [SUC]পঞ্জীভূক্ত
(অননুমোদিত)
১২নিৰ্দলীয়১৫

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ সৈতে ভোট ব্যৱধান
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
লীলাময় দাসজনতা পাৰ্টি
পাঠৰকান্দিফকৰুল ইচলামনিৰ্দলীয়
কৰিমগঞ্জ উত্তৰনিশিথ ৰঞ্জন দাসভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী))
কৰিমগঞ্জ দক্ষিণআব্দুল মুকদ্দিৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰৰমেন্দ্ৰ দে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
হাইলাকান্দিদীপক ভট্টাচাৰ্যী ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
কাটলিচেৰাগৌৰী শঙ্কৰ ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰনেপাল চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
শিলচৰনুৰুল হুদাভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
১০সোণাইআফতাব হোছেইন মজুমদাৰজনতা পাৰ্টি
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শিশিৰ ৰঞ্জন দাসভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১২উদৰবন্দজগন্নাথ সিংহজনতা পাৰ্টি
১৩লক্ষীপুৰকাজী কুতুবুদ্দিন আহমেদনিৰ্দলীয়
১৪বৰখলাএ.এফ. গোলাম ওচমানীজনতা পাৰ্টি
১৫কাটিগড়াআব্দুল কায়ুম চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সোনাৰাম থাওচেনজনতা পাৰ্টি
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিলটন জি. মোমিনজনতা পাৰ্টি
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বাৰ্লং টেৰাংজনতা পাৰ্টি
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গান্ধীৰাম টিমুংজনতা পাৰ্টি
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ধনীৰাম ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ
২১মানকাচৰজহিৰুল ইচলামজনতা পাৰ্টি
২২শালমাৰা দক্ষিণদেৱান জয়নাল আবেদিননিৰ্দলীয়
২৩ধুবৰীমহম্মদ ওমৰুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ
২৪গৌৰীপুৰমহম্মদ আজাদ আলিজনতা পাৰ্টি
২৫গোলোকগঞ্জআলাউদ্দিন সৰকাৰভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
২৬বিলাসীপাৰা পশ্চিমগিয়াচুদ্দিন আহমেদনিৰ্দলীয়
২৭বিলাসীপাৰা পূবশৰৎ চন্দ্ৰ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
২৮গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰমেন্দ্ৰ নাৰায়ণ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সমৰ ব্ৰহ্ম চৌধুৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৩১চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পঞ্চানন ব্ৰহ্ম ভৈয়াম জনজাতি পৰিষদ, অসম
৩২বঙাইগাঁওমথুৰা মোহন সিংহজনতা পাৰ্টি
৩৩বিজনীপদ্মলোচন বড়োনিৰ্দলীয়
৩৪অভয়াপুৰী উত্তৰফণী মেধিনিৰ্দলীয়
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবীন্দ্ৰনাথ চৌধুৰীজনতা পাৰ্টি
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত চন্দ্ৰ পাটগিৰিজনতা পাৰ্টি
৩৭গোৱালপাৰা পূববীৰেন্দ্ৰ নাথ চৌধুৰী ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৩৮গোৱালপাৰা পশ্চিমনজমুল হকনিৰ্দলীয়
৩৯জলেশ্বৰআফজালুৰ ৰহমানজনতা পাৰ্টি
৪০সৰভোগহেমেন দাস ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ভবানীপুৰতাৰিণীচৰণ দাসজনতা পাৰ্টি
৪২পাটাচাৰকুচিভুবনেশ্বৰ বৰ্মনজনতা পাৰ্টি
৪৩বৰপেটাএ. লটিফনিৰ্দলীয়
৪৪জনীয়াআব্দুচ চোভানভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৪৫বাঘবৰইব্ৰাহিম আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬সৰুক্ষেত্ৰীচিৰাজুল হকনিৰ্দলীয়
৪৭চেঙাদানিচ আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
উমেশ চন্দ্ৰ দাসজনতা পাৰ্টি
৪৯ছয়গাঁওএ.এন. আক্ৰাম হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৫০পলাশবাৰীহৰেন্দ্ৰ নাথ গোস্বামীজনতা পাৰ্টি
৫১জালুকবাৰীলক্ষ্যধৰ চৌধুৰীজনতা পাৰ্টি
৫২দিশপুৰতাৰিণীমোহন বৰুৱাজনতা পাৰ্টি
৫৩গুৱাহাটী পূবঅজয় কুমাৰ দত্তজনতা পাৰ্টি
৫৪গুৱাহাটী পশ্চিমকিৰণ চন্দ্ৰ বৰুৱাজনতা পাৰ্টি
৫৫হাজোৰবীন্দ্ৰ নাথ মালাকৰজনতা পাৰ্টি
৫৬কমলপুৰদৈৱশক্তি ডেকাজনতা পাৰ্টি
৫৭ৰঙিয়াপূৰ্ণ বড়ো ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৫৮তামুলপুৰপদ্মবাহাদুৰ চৌহানজনতা পাৰ্টি
৫৯নলবাৰীনৰেন্দ্ৰনাথ দত্ত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৬০বৰক্ষেত্ৰীশ্বেখ চান্দ মহম্মদজনতা পাৰ্টি
৬১ধৰ্মপুৰৰমণী বৰ্মনজনতা পাৰ্টি
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বৈকুণ্ঠনাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মাণিক চন্দ্ৰ দাসনিৰ্দলীয়
৬৪পানেৰীৰমেশ চন্দ্ৰ চহৰীয়ানিৰ্দলীয়
৬৫কলাইগাঁওনগেন শৰ্মাজনতা পাৰ্টি
৬৬ছিপাঝাৰমাধৱ ৰাজবংশীজনতা পাৰ্টি
৬৭মঙ্গলদৈঅনিল দাসজনতা পাৰ্টি
৬৮দলগাঁওচৈয়দা আনোৱাৰা টাইমূৰভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৬৯ওদালগুৰিবিনয় কুমাৰ বসুমতাৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৭০মাজবাটচিলভিয়াচ কন্দপানজনতা পাৰ্টি
৭১ঢেকিয়াজুলিপ্ৰতাপ কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৭২বৰচলাকমল চন্দ্ৰ বসুমতাৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৭৩তেজপুৰজীৱন বৰাজনতা পাৰ্টি
৭৪ৰঙাপৰাগোলোক ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫চটিয়াগোলোক কাকতিজনতা পাৰ্টি
৭৬বিশ্বনাথকোষেশ্বৰ বৰাজনতা পাৰ্টি
৭৭বিহালীবিষ্ণুলাল উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮গহপুৰৰামচন্দ্ৰ শৰ্মাজনতা পাৰ্টি
৭৯জাগীৰোডপ্ৰসাদ চন্দ্ৰ দলেভাৰতীয় জাতীয় কংগ্ৰেছ
৮০মৰিগাঁওকালিৰাম ডেকাৰজাভাৰতীয় জাতীয় কংগ্ৰেছ
৮১লাহৰিঘাটআব্দুল কাচেমভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহাবালিৰাম দাসজনতা পাৰ্টি
৮৩ধিংমহম্মদ চামচুল হুদাভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
৮৪বটদ্ৰবাবাণেশ্বৰ শইকীয়াভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
৮৫ৰূপহীহাটমহম্মদ ইদ্ৰিচভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬নগাঁওমুকুট শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৭বঢ়মপুৰলক্ষেশ্বৰ গোহাঁইজনতা পাৰ্টি
৮৮চামগুৰিভবেন্দ্ৰ কুমাৰ শইকীয়াজনতা পাৰ্টি
৮৯কলিয়াবৰঅতুল চন্দ্ৰ গোস্বামীনিৰ্দলীয়
৯০যমুনামুখমুজাম্মিল আলি চৌধুৰীজনতা পাৰ্টি
৯১হোজাইশান্তি ৰঞ্জন দাসগুপ্তজনতা পাৰ্টি
৯২লামডিংবীৰেশ মিশ্ৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৯৩বোকাখাটছত্ৰগোপাল কৰ্মকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪সৰুপথাৰইকলিয়াচ টিৰ্কিভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫গোলাঘাটসোণেশ্বৰ বৰাজনতা পাৰ্টি
৯৬খুমটাইনগেন বৰুৱাজনতা পাৰ্টি
৯৭দেৰগাঁওৰমেশ দাসজনতা পাৰ্টি
৯৮যোৰহাটদুলাল চন্দ্ৰ বৰুৱাজনতা পাৰ্টি
৯৯মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চকভাল কাগয়ুংজনতা পাৰ্টি
১০০তিতাবৰগিৰিধৰ ঠেঙাল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১০১মৰিয়নিগজেন তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কদেৱানন্দ বৰাজনতা পাৰ্টি
১০৩আমগুৰিখগেন বৰবৰুৱাভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
১০৪নাজিৰাহিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাবুদ্ধ বৰুৱাভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
১০৬সোণাৰিসত্য তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১০৭থাওৰাযোগেন গগৈভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১০৮শিৱসাগৰপ্ৰমোদ গগৈভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১০৯বিহপুৰীয়াপ্ৰেমধৰ বৰানিৰ্দলীয়
১১০নাওবৈচাআফাজুদ্দিন আহমেদনিৰ্দলীয়
১১১লক্ষীমপুৰশূল বৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১১২ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
লক্ষ্যনাথ দলেভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পূৰ্ণ চন্দ্ৰ বৰানিৰ্দলীয়
১১৪জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰমেশ মোহন কুলিজনতা পাৰ্টি
১১৫মৰাণজয় চন্দ্ৰ নাগবংশীভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১১৬ডিব্ৰুগড় কেশৱ চন্দ্ৰ গগৈজনতা পাৰ্টি
১১৭লাহোৱালদীপক মূৰ্মভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮দুলিয়াজানযোগেন হাজৰিকাজনতা পাৰ্টি
১১৯টিংখংভদ্ৰেশ্বৰ গগৈজনতা পাৰ্টি
১২০নাহৰকটীয়াশশকমল সন্দিকৈভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১২১চাবুৱাজ্ঞান গগৈজনতা পাৰ্টি
১২২তিনিচুকীয়াগোলাপ বৰবৰাজনতা পাৰ্টি
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১২৪মাৰ্ঘেৰিটাকুলবাহাদুৰ চেত্ৰীজনতা পাৰ্টি
১২৫ডুমডুমাদিলেশ্বৰ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬শদিয়াবিপিন হাজৰিকাভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)

তথ্য উৎস

[সম্পাদনা কৰক]