১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা নিৰ্বাচন, ১৯৭৮
ভাৰত
১৯৭২ ←
১৯৭৮
→ ১৯৮৩


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

শৰৎ চন্দ্ৰ সিংহ
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

গোলাপ বৰবৰা
জনতা পাৰ্টি

১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৭ম বিধানসভা নিৰ্বাচন। বিধানসভাৰ ১২৬খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। জনতা পাৰ্টিয়ে ৫৩খন আসন পাই গোলাপ বৰবৰাৰ নেতৃত্বত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্খন হেৰুওৱাত তেওঁ ১৯৭৯ৰ ৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ৯ ছেপ্তেম্বৰত যোগেন্দ্ৰ নাথ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যদিও কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন জাপি দিয়া বাবে তেওঁ মাথো ৯৪ দিনৰ বাবেহে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ পায়।[1][2]

প্ৰেক্ষাপট[সম্পাদনা কৰক]

১৯৭৩ৰ ডিচেম্বৰত গুজৰাটৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মাচুল বঢ়োৱাক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা নৱনিৰ্মাণ আন্দোলন, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন, সমাজবাদী নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত তিনি সপ্তাহ জুৰি হোৱা বিহাৰৰ ৰেল ধৰ্মঘট আদিয়ে ভাৰতৰ ৰাজনৈতিক পৰিমণ্ডল অস্থিৰ কৰি ৰাখিছিল।[3] ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ বলপূৰ্বকভাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলোৱা পাঁচসূত্ৰীয় কাৰ্যক্ৰমৰ অন্তৰ্গত বন্ধ্যাকৰণ কাৰ্যসূচীয়েও ব্যপক জনৰোষৰ সৃষ্টি কৰিছিল।[4]

ইফালে ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত ৰায়বেৰেলী লোকসভা সমষ্টিৰ পৰা অনৈতিক উপায়ে জিকি অহা বুলি তদানিন্তন প্ৰধানমন্ত্ৰী গান্ধীৰ বিৰুদ্ধে এজন পৰাজিত প্ৰাৰ্থী ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। ৰাজ নাৰায়ণে অভিযোগ কৰিছিল নিৰ্বাচনত আয়োগে বান্ধি দিয়া খৰচৰ সীমাতকৈ অধিক ধন খৰচ কৰাৰ উপৰিও গান্ধীয়ে প্ৰশাসন যন্ত্ৰটোকো তেওঁৰ নিৰ্বাচনী কাৰ্যত ব্যৱহাৰ কৰিছিল। ১৯৭৫ৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ৰায় দিয়ে। গান্ধীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰকাশ পোৱাৰ এদিন আগতে ১৯৭৫ চনৰ ২৫ জুনত গান্ধীয়ে দেশত আভ্যন্তৰিণ জৰুৰীকালিন অৱস্থা ঘোষণা কৰে। জৰুৰীকালীন অৱস্থাৰ সময়চোৱাত চৰকাৰে বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ লগালে। নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰ সাময়িকভাবে বৰ্খা্স্ত কৰিলে। বিৰোধী নেতাসকলক কাৰাগাৰত ভৰাই থলে। সংসদ আৰু বিধানসভাবোৰত বিৰোধী পক্ষ দুৰ্বল হোৱাৰ সুযোগত গান্ধীয়ে নিজৰ সুবিধামতে সংবিধান সংশোধন কৰি ললে। ১৯৭৭ৰ ১৮ জানুৱাৰীত হঠাৎ গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিলে আৰু ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিলে। দুমাহ পাছত, ২১ মাৰ্চত জৰুৰীকালিন অৱস্থাও উঠাই ললে।[3]

ইন্দিৰা গান্ধীৰ স্বেচ্চাচাৰিতাৰ বিৰুদ্ধে প্ৰায়ভাগ বিৰোধী দল একলগ হ'ল। লোকদল, ক্ৰান্তিদল, স্বতন্ত্ৰ পাৰ্টি, সমাজবাদী পাৰ্টি, জনসংঘ আদি দলবোৰ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰিলে। ১৯৭৭ৰ সাধাৰণৰ নিৰ্বাচনজনতা পাৰ্টিয়ে ২৯৮খন আসন পালে। কংগ্ৰেছ শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল। ইন্দিৰা গান্ধীয়ে পূৰ্বৰ ৩৫২খন আসনৰ বিপৰীতে মাত্ৰ ১৫৩খন আসনহে পালে। গান্ধীৰ বিৰুদ্ধে দলৰ ভিতৰত বিক্ষোভৰ সৃষ্টি হোৱাত দলটো দুভাগত বিভক্ত হ’ল। গান্ধী নেতৃত্বাধীন ঠালটোক ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) বুলি নামাঙ্কণ কৰা হ’ল।[5][6]

১৯৭৮ত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা নাপালে যদিও সৰ্বাধিক আসন লাভ কৰা দল হিচাপে জনতা পাৰ্টিয়ে গোলাপ বৰবৰাৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে। ইন্দিৰা কংগ্ৰেছে মাত্ৰ ৮খন আসন পালে। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছে ২৬খনত জয়লাভ কৰিবলৈ সক্ষম হ'ল।[1]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[1][সম্পাদনা কৰক]

ক্ৰমিক নং দলৰ নাম দলৰ স্থিতি প্ৰতিদ্বন্দ্বিতা কৰা আসন লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি [CPI] ৰাষ্ট্ৰীয় দল ৩৫ ৪.০৯% ১৪.৩৯%
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) [CPM] ৰাষ্ট্ৰীয় দল ২৭ ১১ ৫.৬২% ২৫.৮৭%
ভাৰতীয় জাতীয় কংগ্ৰেছ [INC] ৰাষ্ট্ৰীয় দল ১২৬ ২৬ ২৩.৬২% ২৩.৬২%
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) [INC(I)] ৰাষ্ট্ৰীয় দল ১১৫ ৮.৭৮% ৯.৪৮%
জনতা পাৰ্টি [JNP] ৰাষ্ট্ৰীয় দল ১১৭ ৫৩ ২৭.৫৫% ২৯.৯৫%
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক [FBL] ৰাজ্যিক দল
ভৈয়াম জনজাতি পৰিষদ, অসম [PTC] ৰাজ্যিক দল
বিপ্লৱী সমাজবাদী পাৰ্টি [RSP] ৰাজ্যিক দল
অল ইণ্ডিয়া গোৰ্খা লিগ [IGL] পঞ্জীভূক্ত
(অননুমোদিত)
১০ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি [RCI] পঞ্জীভূক্ত
(অননুমোদিত)
১০
১১ ছোটিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া [SUC] পঞ্জীভূক্ত
(অননুমোদিত)
১২ নিৰ্দলীয় ১৫

বিজয়ী প্ৰাৰ্থীসকল[1][সম্পাদনা কৰক]

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ সৈতে ভোট ব্যৱধান
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
লীলাময় দাস জনতা পাৰ্টি
পাঠৰকান্দি ফকৰুল ইচলাম নিৰ্দলীয়
কৰিমগঞ্জ উত্তৰ নিশিথ ৰঞ্জন দাস ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
কৰিমগঞ্জ দক্ষিণ আব্দুল মুকদ্দিৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰ ৰমেন্দ্ৰ দে ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
হাইলাকান্দি দীপক ভট্টাচাৰ্যী ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
কাটলিচেৰা গৌৰী শঙ্কৰ ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ নেপাল চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
শিলচৰ নুৰুল হুদা ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১০ সোণাই আফতাব হোছেইন মজুমদাৰ জনতা পাৰ্টি
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শিশিৰ ৰঞ্জন দাস ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১২ উদৰবন্দ জগন্নাথ সিংহ জনতা পাৰ্টি
১৩ লক্ষীপুৰ কাজী কুতুবুদ্দিন আহমেদ নিৰ্দলীয়
১৪ বৰখলা এ.এফ. গোলাম ওচমানী জনতা পাৰ্টি
১৫ কাটিগড়া আব্দুল কায়ুম চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সোনাৰাম থাওচেন জনতা পাৰ্টি
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিলটন জি. মোমিন জনতা পাৰ্টি
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বাৰ্লং টেৰাং জনতা পাৰ্টি
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গান্ধীৰাম টিমুং জনতা পাৰ্টি
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ধনীৰাম ৰংপি ভাৰতীয় জাতীয় কংগ্ৰেছ
২১ মানকাচৰ জহিৰুল ইচলাম জনতা পাৰ্টি
২২ শালমাৰা দক্ষিণ দেৱান জয়নাল আবেদিন নিৰ্দলীয়
২৩ ধুবৰী মহম্মদ ওমৰুদ্দিন ভাৰতীয় জাতীয় কংগ্ৰেছ
২৪ গৌৰীপুৰ মহম্মদ আজাদ আলি জনতা পাৰ্টি
২৫ গোলোকগঞ্জ আলাউদ্দিন সৰকাৰ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
২৬ বিলাসীপাৰা পশ্চিম গিয়াচুদ্দিন আহমেদ নিৰ্দলীয়
২৭ বিলাসীপাৰা পূব শৰৎ চন্দ্ৰ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
২৮ গোসাইগাঁও মিথিয়াচ টুডু ভাৰতীয় জাতীয় কংগ্ৰেছ
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰমেন্দ্ৰ নাৰায়ণ বসুমতাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সমৰ ব্ৰহ্ম চৌধুৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৩১ চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পঞ্চানন ব্ৰহ্ম ভৈয়াম জনজাতি পৰিষদ, অসম
৩২ বঙাইগাঁও মথুৰা মোহন সিংহ জনতা পাৰ্টি
৩৩ বিজনী পদ্মলোচন বড়ো নিৰ্দলীয়
৩৪ অভয়াপুৰী উত্তৰ ফণী মেধি নিৰ্দলীয়
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবীন্দ্ৰনাথ চৌধুৰী জনতা পাৰ্টি
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত চন্দ্ৰ পাটগিৰি জনতা পাৰ্টি
৩৭ গোৱালপাৰা পূব বীৰেন্দ্ৰ নাথ চৌধুৰী ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
৩৮ গোৱালপাৰা পশ্চিম নজমুল হক নিৰ্দলীয়
৩৯ জলেশ্বৰ আফজালুৰ ৰহমান জনতা পাৰ্টি
৪০ সৰভোগ হেমেন দাস ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
৪১ ভবানীপুৰ তাৰিণীচৰণ দাস জনতা পাৰ্টি
৪২ পাটাচাৰকুচি ভুবনেশ্বৰ বৰ্মন জনতা পাৰ্টি
৪৩ বৰপেটা এ. লটিফ নিৰ্দলীয়
৪৪ জনীয়া আব্দুচ চোভান ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৪৫ বাঘবৰ ইব্ৰাহিম আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ সৰুক্ষেত্ৰী চিৰাজুল হক নিৰ্দলীয়
৪৭ চেঙা দানিচ আলি আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
উমেশ চন্দ্ৰ দাস জনতা পাৰ্টি
৪৯ ছয়গাঁও এ.এন. আক্ৰাম হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৫০ পলাশবাৰী হৰেন্দ্ৰ নাথ গোস্বামী জনতা পাৰ্টি
৫১ জালুকবাৰী লক্ষ্যধৰ চৌধুৰী জনতা পাৰ্টি
৫২ দিশপুৰ তাৰিণীমোহন বৰুৱা জনতা পাৰ্টি
৫৩ গুৱাহাটী পূব অজয় কুমাৰ দত্ত জনতা পাৰ্টি
৫৪ গুৱাহাটী পশ্চিম কিৰণ চন্দ্ৰ বৰুৱা জনতা পাৰ্টি
৫৫ হাজো ৰবীন্দ্ৰ নাথ মালাকৰ জনতা পাৰ্টি
৫৬ কমলপুৰ দৈৱশক্তি ডেকা জনতা পাৰ্টি
৫৭ ৰঙিয়া পূৰ্ণ বড়ো ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
৫৮ তামুলপুৰ পদ্মবাহাদুৰ চৌহান জনতা পাৰ্টি
৫৯ নলবাৰী নৰেন্দ্ৰনাথ দত্ত ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
৬০ বৰক্ষেত্ৰী শ্বেখ চান্দ মহম্মদ জনতা পাৰ্টি
৬১ ধৰ্মপুৰ ৰমণী বৰ্মন জনতা পাৰ্টি
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বৈকুণ্ঠনাথ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মাণিক চন্দ্ৰ দাস নিৰ্দলীয়
৬৪ পানেৰী ৰমেশ চন্দ্ৰ চহৰীয়া নিৰ্দলীয়
৬৫ কলাইগাঁও নগেন শৰ্মা জনতা পাৰ্টি
৬৬ ছিপাঝাৰ মাধৱ ৰাজবংশী জনতা পাৰ্টি
৬৭ মঙ্গলদৈ অনিল দাস জনতা পাৰ্টি
৬৮ দলগাঁও চৈয়দা আনোৱাৰা টাইমূৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
৬৯ ওদালগুৰি বিনয় কুমাৰ বসুমতাৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৭০ মাজবাট চিলভিয়াচ কন্দপান জনতা পাৰ্টি
৭১ ঢেকিয়াজুলি প্ৰতাপ কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ বৰচলা কমল চন্দ্ৰ বসুমতাৰী ভৈয়াম জনজাতি পৰিষদ, অসম
৭৩ তেজপুৰ জীৱন বৰা জনতা পাৰ্টি
৭৪ ৰঙাপৰা গোলোক ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ চটিয়া গোলোক কাকতি জনতা পাৰ্টি
৭৬ বিশ্বনাথ কোষেশ্বৰ বৰা জনতা পাৰ্টি
৭৭ বিহালী বিষ্ণুলাল উপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮ গহপুৰ ৰামচন্দ্ৰ শৰ্মা জনতা পাৰ্টি
৭৯ জাগীৰোড প্ৰসাদ চন্দ্ৰ দলে ভাৰতীয় জাতীয় কংগ্ৰেছ
৮০ মৰিগাঁও কালিৰাম ডেকাৰজা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১ লাহৰিঘাট আব্দুল কাচেম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ ৰহা বালিৰাম দাস জনতা পাৰ্টি
৮৩ ধিং মহম্মদ চামচুল হুদা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
৮৪ বটদ্ৰবা বাণেশ্বৰ শইকীয়া ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
৮৫ ৰূপহীহাট মহম্মদ ইদ্ৰিচ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ নগাঁও মুকুট শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৭ বঢ়মপুৰ লক্ষেশ্বৰ গোহাঁই জনতা পাৰ্টি
৮৮ চামগুৰি ভবেন্দ্ৰ কুমাৰ শইকীয়া জনতা পাৰ্টি
৮৯ কলিয়াবৰ অতুল চন্দ্ৰ গোস্বামী নিৰ্দলীয়
৯০ যমুনামুখ মুজাম্মিল আলি চৌধুৰী জনতা পাৰ্টি
৯১ হোজাই শান্তি ৰঞ্জন দাসগুপ্ত জনতা পাৰ্টি
৯২ লামডিং বীৰেশ মিশ্ৰ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
৯৩ বোকাখাট ছত্ৰগোপাল কৰ্মকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ সৰুপথাৰ ইকলিয়াচ টিৰ্কি ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫ গোলাঘাট সোণেশ্বৰ বৰা জনতা পাৰ্টি
৯৬ খুমটাই নগেন বৰুৱা জনতা পাৰ্টি
৯৭ দেৰগাঁও ৰমেশ দাস জনতা পাৰ্টি
৯৮ যোৰহাট দুলাল চন্দ্ৰ বৰুৱা জনতা পাৰ্টি
৯৯ মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চকভাল কাগয়ুং জনতা পাৰ্টি
১০০ তিতাবৰ গিৰিধৰ ঠেঙাল ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১০১ মৰিয়নি গজেন তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০২ টিয়ক দেৱানন্দ বৰা জনতা পাৰ্টি
১০৩ আমগুৰি খগেন বৰবৰুৱা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
১০৪ নাজিৰা হিতেশ্বৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫ মাহমৰা বুদ্ধ বৰুৱা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
১০৬ সোণাৰি সত্য তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১০৭ থাওৰা যোগেন গগৈ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১০৮ শিৱসাগৰ প্ৰমোদ গগৈ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১০৯ বিহপুৰীয়া প্ৰেমধৰ বৰা নিৰ্দলীয়
১১০ নাওবৈচা আফাজুদ্দিন আহমেদ নিৰ্দলীয়
১১১ লক্ষীমপুৰ শূল বৰা ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১১২ ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
লক্ষ্যনাথ দলে ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পূৰ্ণ চন্দ্ৰ বৰা নিৰ্দলীয়
১১৪ জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰমেশ মোহন কুলি জনতা পাৰ্টি
১১৫ মৰাণ জয় চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১১৬ ডিব্ৰুগড় কেশৱ চন্দ্ৰ গগৈ জনতা পাৰ্টি
১১৭ লাহোৱাল দীপক মূৰ্ম ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ দুলিয়াজান যোগেন হাজৰিকা জনতা পাৰ্টি
১১৯ টিংখং ভদ্ৰেশ্বৰ গগৈ জনতা পাৰ্টি
১২০ নাহৰকটীয়া শশকমল সন্দিকৈ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
১২১ চাবুৱা জ্ঞান গগৈ জনতা পাৰ্টি
১২২ তিনিচুকীয়া গোলাপ বৰবৰা জনতা পাৰ্টি
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১২৪ মাৰ্ঘেৰিটা কুলবাহাদুৰ চেত্ৰী জনতা পাৰ্টি
১২৫ ডুমডুমা দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া বিপিন হাজৰিকা ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী

তথ্য উৎস[সম্পাদনা কৰক]