সমললৈ যাওক

১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ১৯৮৩ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৮৩
ভাৰত
১৯৭৮ 
১৯৮৩
 ১৯৮৫


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰপতি শাসন

মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৮ম বিধানসভা নিৰ্বাচন। অবৈধ অনুপ্ৰবেশৰ বিৰুদ্ধে ১৯৭৯ত আৰম্ভ হোৱা অসম আন্দোলন প্ৰবল ৰূপ ধাৰণ কৰিছিল। ইতিমধ্যে ৭ম বিধানসভাৰ কাৰ্যকাল শেষ হবলৈ হোৱাত চৰকাৰে নতুনকৈ বিধানসভাৰ নিৰ্বাচনৰ নিৰ্বাচন ঘোষণা কৰিলে।[1] কিন্তু আন্দোলনকাৰী পক্ষই এই নিৰ্বাচন বৰ্জন কৰাৰ আহ্বান দিয়াত ১২৬টা সমষ্টিৰ সলনি ১০৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১৬টা সমষ্টিত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। ৭৬-বিশ্বনাথ বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যু হোৱাত তাতো নিৰ্বাচন অনুষ্ঠিত নহ’ল।[2]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

৭ম বিধানসভাৰ কাৰ্যকালচোৱাত অসমৰ ৰাজনৈতিক ইতিহাসত যথেষ্ঠ উত্থান-পতন দেখা যায়। জনতা পাৰ্টিৰ ৬০খন আসন তথা অন্য দলৰ সমৰ্থনত গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে অসম আন্দোলন আৰম্ভ হয়। এইখন বিধানসভাৰ পৰা চাৰিজনকৈ মুখ্যমন্ত্ৰী অসমে লাভ কৰে। তাৰোপৰি এই সময়চোৱাত ৰাজ্যখন তিনিবাৰকৈ মুঠ ৯০১ দিন ৰাষ্ট্ৰপতি শাসনৰ অধীনত থাকে। দলত বিসম্বাদ আৰম্ভ হোৱাত ১৯৭৯ৰ ৪ ছেপ্তেম্বৰত বৰবৰা চৰকাৰৰ পতন ঘটে আৰু যোগেন্দ্ৰনাথ হাজৰিকা মুখ্যমন্ত্ৰী হয়। কিন্তু হাজৰিকায়ো মাত্ৰ ৯৪ দিনহে মুখ্যমন্ত্ৰী হৈ থাকিবলৈ পায়। তাৰপিছত একে বছৰৰে ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হয় ৰাষ্ট্ৰপতিৰ শাসন।[3]

ইতিমধ্যে কেন্দ্ৰত জনতা চৰকাৰৰ পতন হয় আৰু ১৯৮০ৰ ১৪ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। সেই বছৰৰ ৬ ডিচেম্বৰত চৈয়দা আনোৱাৰা টাইমূৰৰ মুখ্যমন্ত্ৰিত্বত এখন ইন্দিৰা কংগ্ৰেছৰ চৰকাৰ গঠিত হয়। ইন্দিৰা কংগ্ৰেছৰ যদিও মাত্ৰ ৮জনহে বিধায়ক আছিল, বিভিন্ন প্ৰলোভনেৰে আন দলৰ ৪৩জন বিধায়কক ইন্দিৰা কংগ্ৰেছলৈ আনি লয়। ইয়াৰ ভিতৰত শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধিন কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়াও আছিল। টাইমূৰৰ চৰকাৰৰো পতন ঘটাত ১৯৮১ৰ ৩০ জুনৰ পৰা দ্বিতীয়বাৰৰ বাবে অসম ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ আহে। ১৯৮২ৰ ১৩ জানুৱাৰীত কেশৱ চন্দ্ৰ গগৈ মুখ্যমন্ত্ৰীৰ আসন অধিষ্ঠিত হয় যদিও প্ৰয়োজনীয় সংখ্যক বিধায়কৰ সমৰ্থন গোটাব নোৱাৰাত ৬৬ দিন পিছতে গগৈ মন্ত্ৰীসভাৰ পতন ঘটে। পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন হয় আৰু ই পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হোৱালৈ চলি থাকে।[1]

১৯৮৩ চনৰ ৫ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰীত নিৰ্বাচন পাতিব বুলি ঘোষণা কৰে। ভোটাৰ তালিকা সংশোধন নকৰাকৈ নিৰ্বাচন নাপাতিবলৈ আন্দোলনৰ নেতৃবৃন্দই দাবী জনায় আৰু এই নিৰ্বাচন বৰ্জন আৰু প্ৰতৰোধ কৰিবলৈ ৰাইজক আহ্বান জনায়। বিভিন্ন হিংসাত্মক ঘটনাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয় যদিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া অধ্যুষিত অঞ্চলত ভোটদানৰ হাৰ কম হয়।[1]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[2]

[সম্পাদনা কৰক]
ক্ৰমিক নংদলৰ নামদলৰ স্থিতিপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি [CPI]ৰাষ্ট্ৰীয় দল২৫২,৫৮%১৭.১২%
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) [CPM]ৰাষ্ট্ৰীয় দল২৪৫.১৪%২১.৮৫%
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) [ICS]ৰাষ্ট্ৰীয় দল৩৪৬.০৫%১৫.৮৫%
ভাৰতীয় জাতীয় কংগ্ৰেছ [INC]ৰাষ্ট্ৰীয় দল১০৯৯১৫২.৫৩%৫২.৫৩%
ভৈয়াম জনজাতি পৰিষদ, অসম [PTC]ৰাজ্যিক দল২১৪.৬৬%২৬.৮৬%
নিৰ্দলীয়১০

বিজয়ী প্ৰাৰ্থীসকল[2][3]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলভোটদানৰ হাৰ (%)
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুবল চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ৫৩.২৫
পাঠৰকান্দিমিঞা উদ্দিননিৰ্দলীয়৫২.৩৩
কৰিমগঞ্জ উত্তৰকেতকী প্ৰসাদ দাসভাৰতীয় জাতীয় কংগ্ৰেছ৫৬.৯০
কৰিমগঞ্জ দক্ষিণআব্দুল মুকদ্দিৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ৬১.৬৯
বদৰপুৰগুলাম সুভানী চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ৬১.৬৯
হাইলাকান্দিআব্দুল মুহিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ৬৫.৭৪
কাটলিচেৰাতজমুল আলি লস্কৰনিৰ্দলীয়৬৯.১৪
আলগাপুৰমৌলানা আব্দুল জলিল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ৫৬.৯৩
শিলচৰজগদীশ চন্দ্ৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ৬২.৫২
১০সোণাইনুৰুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ৭৫.৬০
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শিশিৰ ৰঞ্জন দাসভাৰতীয় জাতীয় কংগ্ৰেছ৪৬.৯৮
১২উদৰবন্দজগন্নাথ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ৬২.৩৪
১৩লক্ষীপুৰদীনেশ প্ৰসাদ গোৱালানিৰ্দলীয়৬৪.২৭
১৪বৰখলাআলতাফ হোচেইন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ৭৪.৫৯
১৫কাটিগড়ানেপাল চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ৬৭.৪৪
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জি চি লাংথাচানিৰ্দলীয়৫৬.১২
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজেন টিমুংভাৰতীয় জাতীয় কংগ্ৰেছ৩৯.৩৪
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দৰচিং টেৰাংভাৰতীয় জাতীয় কংগ্ৰেছ৪৫.৪৬
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
কাইজাচংনিৰ্দলীয়৫১.৭৫
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ধনীৰাম ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ৩০.৮২
২১মানকাচৰজহিৰুল ইচলামভাৰতীয় জাতীয় কংগ্ৰেছ৭৯.৪৪
২২শালমাৰা দক্ষিণবাজলুল বাচিতভাৰতীয় জাতীয় কংগ্ৰেছ৭৩.৪৯
২৩ধুবৰীমহম্মদ ওমৰুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ৬৪.৬০
২৪গৌৰীপুৰজয়নাল আবেদিনভাৰতীয় জাতীয় কংগ্ৰেছ৬১.৩৬
২৫গোলোকগঞ্জকবীৰ চন্দ্ৰ ৰয়প্ৰধানীভাৰতীয় জাতীয় কংগ্ৰেছ৫৯.৫১
২৬বিলাসীপাৰা পশ্চিমচিৰাজুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ৬৮.৯৬
২৭বিলাসীপাৰা পূবৰুক্মিণী কান্ত ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ৪৪.৪০
২৮গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ৬৮.৫৯
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰণেন্দ্ৰ নাৰায়ণ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ৭৩.৬৯
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ডম্বৰুধৰ ব্ৰহ্মভাৰতীয় জাতীয় কংগ্ৰেছ৬৭.৪৪
৩১চিদলীলুইচ ইচলাৰীভাৰতীয় জাতীয় কংগ্ৰেছ৬৬.৬৮
৩২বঙাইগাঁওনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৩৩বিজনীনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৩৪অভয়াপুৰী উত্তৰনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত পাটগিৰিভাৰতীয় জাতীয় কংগ্ৰেছ১৩.৪২
৩৭গোৱালপাৰা পূবমহম্মদ আলিনিৰ্দলীয়৩১.৭৫
৩৮গোৱালপাৰা পশ্চিমহুছেইনুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ৪৭.৯৪
৩৯জলেশ্বৰআফজালুৰ ৰহমানভাৰতীয় কংগ্ৰেছ (সমাজবাদী)৬৫.৭২
৪০সৰভোগহেমেন দাসভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)৫২.৬৮
৪১ভবানীপুৰমীৰ আব্দুল হালিমভাৰতীয় জাতীয় কংগ্ৰেছ২৮.৪২
৪২পাটাচাৰকুচিৰবিৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছবিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
৪৩বৰপেটাইচমাইল হুছেইননিৰ্দলীয়৩৭.১৪
৪৪জনীয়াআব্দুচ চোভাননিৰ্দলীয়৬৯.৩০
৪৫বাঘবৰইব্ৰাহীম আলিভাৰতীয় জাতীয় কংগ্ৰেছ৭০.৭৯
৪৬সৰুক্ষেত্ৰীআমিৰ হামচা তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ৩৩.৮৪
৪৭চেঙাদানেচ আলিভাৰতীয় জাতীয় কংগ্ৰেছ৫৬.৮৬
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
উপেন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছবিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
৪৯ছয়গাঁওহৰেন্দ্ৰনাথ তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ২৬.৫৬
৫০পলাশবাৰীমোহন বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছবিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
৫১জালুকবাৰীচাহজালাল আলিভাৰতীয় জাতীয় কংগ্ৰেছ৮.৯৮
৫২দিশপুৰতাৰিণীমোহন বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ১০.৪২
৫৩গুৱাহাটী পূবমুনীন শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ১.৬৮
৫৪গুৱাহাটী পশ্চিমতাৰেণীভাৰতীয় জাতীয় কংগ্ৰেছ৯.৩১
৫৫হাজোবৰকট উল্লাভাৰতীয় জাতীয় কংগ্ৰেছ১১.০৯
৫৬কমলপুৰমথুৰা ডেকাভাৰতৰ কমিউনিষ্ট পাৰ্টি২.০৭
৫৭ৰঙিয়াপূৰ্ণ বড়োভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)১৩.১১
৫৮তামুলপুৰপদম বাহাদুৰ চৌহানভাৰতীয় জাতীয় কংগ্ৰেছ৫০.১৭
৫৯নলবাৰীচন্দ্ৰধৰ কলিতানিৰ্দলীয়৩.০২
৬০বৰক্ষেত্ৰীশ্বেখ চান্দ মহম্মদভাৰতীয় জাতীয় কংগ্ৰেছ১৫.২০
৬১ধৰ্মপুৰভূমিধৰ ব্ৰহ্মভাৰতীয় জাতীয় কংগ্ৰেছ০.৩৯
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অলিত চন্দ্ৰ বড়োভৈয়াম জনজাতি পৰিষদ১৬.১৪
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিমল গয়াৰীভৈয়াম জনজাতি পৰিষদ১০.৩৩
৬৪পানেৰীমৃদুলা চহৰীয়াভাৰতীয় জাতীয় কংগ্ৰেছ২৬.৩১
৬৫কলাইগাঁওনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৬৬ছিপাঝাৰনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৬৭মঙ্গলদৈকাৰ্তিক চৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছবিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
৬৮দলগাঁওচৈয়দা আনোৱাৰা টাইমূৰ ভাৰতীয় জাতীয় কংগ্ৰেছ৬৬.৫৫
৬৯ওদালগুৰিবিনয় কুমাৰ বসুমতাৰীভৈয়াম জনজাতি পৰিষদ৫৫.২২
৭০মাজবাটচিলভিয়াচ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ৪৭.৬৩
৭১ঢেকিয়াজুলিনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭২বৰচলানিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭৩তেজপুৰনবীন চন্দ্ৰ কাঠহাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ১০.৪৭
৭৪ৰঙাপৰাগোলোক ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ৪০.১০
৭৫চটিয়ানিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭৬বিশ্বনাথপ্ৰাৰ্থীৰ মৃত্য হোৱাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭৭বিহালীনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭৮গহপুৰনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৭৯জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
প্ৰসাদ চন্দ্ৰ দলৈভাৰতীয় জাতীয় কংগ্ৰেছ৩.৯৪
৮০মৰিগাঁওমহম্মদ হুছেইননিৰ্দলীয়১.৯৪
৮১লাহৰিঘাটনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
৮২ৰহালক্ষীপ্ৰসাদ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ১০.৯৭
৮৩ধিংআবু নাচেৰ অহিদভাৰতীয় জাতীয় কংগ্ৰেছ৫৪.৪৫
৮৪বটদ্ৰবাকিৰণ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ২৩.৮১
৮৫ৰূপহীহাটমহম্মদ ইদ্ৰিছভাৰতীয় জাতীয় কংগ্ৰেছ৫২.১৫
৮৬নগাঁওমুকুত শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ১০.৫৯
৮৭বঢ়মপুৰৰমেশ ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ৪.৯৪
৮৮চামগুৰিনুৰুল হুছেইনভাৰতীয় কংগ্ৰেছ (সমাজবাদী)৪১.০৯
৮৯কলিয়াবৰবলোৰাম নাগভাৰতীয় জাতীয় কংগ্ৰেছ১৬.৪৫
৯০যমুনামুখফৰমান আলিভাৰতীয় জাতীয় কংগ্ৰেছ৫০.৫০
৯১হোজাইসাধন ৰঞ্জন সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ৫০.০৭
৯২লামডিংদেবেশ চক্ৰৱৰ্তীভাৰতীয় জাতীয় কংগ্ৰেছ৪১.২০
৯৩বোকাখাটধৰ্মেশ্বৰ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ২.৫৬
৯৪সৰুপথাৰআব্দুল মতলিবভাৰতীয় জাতীয় কংগ্ৰেছ২.৯৩
৯৫গোলাঘাটনগেন নেওগভাৰতীয় জাতীয় কংগ্ৰেছ৩.২৪
৯৬খুমটাইজীৱকান্ত গগৈভাৰতীয় জাতীয় কংগ্ৰেছ১.৫৩
৯৭দেৰগাঁওহেমপ্ৰকাশ নাৰায়ণভাৰতীয় জাতীয় কংগ্ৰেছ২.৪৬
৯৮যোৰহাটদীননাথ ৰাজখোৱাভাৰতীয় জাতীয় কংগ্ৰেছ১.৮৪
৯৯মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
১০০তিতাবৰজয়চন্দ্ৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ২.৪৯
১০১মৰিয়নিশিব বুঢাগোহাঁইভাৰতীয় জাতীয় কংগ্ৰেছ১৩.৭৬
১০২টিয়কতিলক গগৈভাৰতীয় জাতীয় কংগ্ৰেছ২.০১
১০৩আমগুৰিকীৰ্তি দত্তভাৰতীয় জাতীয় কংগ্ৰেছ৩.২৪
১০৪নাজিৰাহিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ২২.৫৬
১০৫মাহমৰানাৰদ কুমাৰভাৰতীয় জাতীয় কংগ্ৰেছ৯.০৪
১০৬সোণাৰিসত্য তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ১১.০২
১০৭থাওৰাটংকেশ্বৰ দিহিঙীয়াভাৰতীয় জাতীয় কংগ্ৰেছ৫.৩৩
১০৮শিৱসাগৰদেৱানন্দ কোঁৱৰভাৰতীয় জাতীয় কংগ্ৰেছ১.৪৫
১০৯বিহপুৰীয়াবৰ্গৰাম দেউৰীভাৰতীয় জাতীয় কংগ্ৰেছ০.৬৯
১১০নাওবৈচাআফাজুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ৫.৫১
১১১লক্ষীমপুৰলেখন লাহনভাৰতীয় জাতীয় কংগ্ৰেছ৪.৮৭
১১২ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰঘুনাথ পামেগামভাৰতীয় জাতীয় কংগ্ৰেছ০.৮৫
১১৩ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দূৰ্গেশ্বৰ পাতিৰভাৰতীয় জাতীয় কংগ্ৰেছ০.৪০
১১৪জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পুষ্পধৰ পেগুভাৰতীয় জাতীয় কংগ্ৰেছ৯.৬২
১১৫মৰাণজয়চন্দ্ৰ নাগবংশীভাৰতীয় জাতীয় কংগ্ৰেছ১২.৪৫
১১৬ডিব্ৰুগড়কেশৱ চন্দ্ৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ৮.৭১
১১৭লাহোৱালদীপক মূৰ্ম্মুভাৰতীয় জাতীয় কংগ্ৰেছ১৯.১৪
১১৮দুলিয়াজাননিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
১১৯টিংখংনিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
১২০নাহৰকটীয়ানিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল
১২১চাবুৱাউপেন সনাতনভাৰতীয় জাতীয় কংগ্ৰেছ১৯.৮৩
১২২তিনিচুকীয়াৰাজেন্দ্ৰ নাথ ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ২৪.৮০
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ১৭.১০
১২৪মাৰ্ঘেৰিটাকুলবাহাদুৰ চেত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ২৬.০৭
১২৫ডুমডুমাদিলেশ্বৰ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ২০.৪১
১২৬শদিয়ালম্বেশ্বৰ সোণোৱালভাৰতীয় জাতীয় কংগ্ৰেছ৬.৩১

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 দত্ত, দিলীপ (১৯৯১). খোঁচাবিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, গুৱাহাটী-১. পৃষ্ঠা. ১৯-২৬, ৩১-৮৮.
  2. 1 2 3 "Statistical Reports of State Legislative Assembly, Assam 1983". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/ আহৰণ কৰা হৈছে: 12 December 2020.
  3. 1 2 "ASSAM LEGISLATIVE ASSEMBLY - SINCE 1937". Government of Assam. http://assamassembly.gov.in/ala-since-1937.html আহৰণ কৰা হৈছে: 12 December 2020.