১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন
| |||||||
|
| |||||||
| |||||||
১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৮ম বিধানসভা নিৰ্বাচন। অবৈধ অনুপ্ৰবেশৰ বিৰুদ্ধে ১৯৭৯ত আৰম্ভ হোৱা অসম আন্দোলন প্ৰবল ৰূপ ধাৰণ কৰিছিল। ইতিমধ্যে ৭ম বিধানসভাৰ কাৰ্যকাল শেষ হবলৈ হোৱাত চৰকাৰে নতুনকৈ বিধানসভাৰ নিৰ্বাচনৰ নিৰ্বাচন ঘোষণা কৰিলে।[1] কিন্তু আন্দোলনকাৰী পক্ষই এই নিৰ্বাচন বৰ্জন কৰাৰ আহ্বান দিয়াত ১২৬টা সমষ্টিৰ সলনি ১০৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১৬টা সমষ্টিত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। ৭৬-বিশ্বনাথ বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যু হোৱাত তাতো নিৰ্বাচন অনুষ্ঠিত নহ’ল।[2]
প্ৰেক্ষাপট
[সম্পাদনা কৰক]৭ম বিধানসভাৰ কাৰ্যকালচোৱাত অসমৰ ৰাজনৈতিক ইতিহাসত যথেষ্ঠ উত্থান-পতন দেখা যায়। জনতা পাৰ্টিৰ ৬০খন আসন তথা অন্য দলৰ সমৰ্থনত গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে অসম আন্দোলন আৰম্ভ হয়। এইখন বিধানসভাৰ পৰা চাৰিজনকৈ মুখ্যমন্ত্ৰী অসমে লাভ কৰে। তাৰোপৰি এই সময়চোৱাত ৰাজ্যখন তিনিবাৰকৈ মুঠ ৯০১ দিন ৰাষ্ট্ৰপতি শাসনৰ অধীনত থাকে। দলত বিসম্বাদ আৰম্ভ হোৱাত ১৯৭৯ৰ ৪ ছেপ্তেম্বৰত বৰবৰা চৰকাৰৰ পতন ঘটে আৰু যোগেন্দ্ৰনাথ হাজৰিকা মুখ্যমন্ত্ৰী হয়। কিন্তু হাজৰিকায়ো মাত্ৰ ৯৪ দিনহে মুখ্যমন্ত্ৰী হৈ থাকিবলৈ পায়। তাৰপিছত একে বছৰৰে ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হয় ৰাষ্ট্ৰপতিৰ শাসন।[3]
ইতিমধ্যে কেন্দ্ৰত জনতা চৰকাৰৰ পতন হয় আৰু ১৯৮০ৰ ১৪ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। সেই বছৰৰ ৬ ডিচেম্বৰত চৈয়দা আনোৱাৰা টাইমূৰৰ মুখ্যমন্ত্ৰিত্বত এখন ইন্দিৰা কংগ্ৰেছৰ চৰকাৰ গঠিত হয়। ইন্দিৰা কংগ্ৰেছৰ যদিও মাত্ৰ ৮জনহে বিধায়ক আছিল, বিভিন্ন প্ৰলোভনেৰে আন দলৰ ৪৩জন বিধায়কক ইন্দিৰা কংগ্ৰেছলৈ আনি লয়। ইয়াৰ ভিতৰত শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধিন কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়াও আছিল। টাইমূৰৰ চৰকাৰৰো পতন ঘটাত ১৯৮১ৰ ৩০ জুনৰ পৰা দ্বিতীয়বাৰৰ বাবে অসম ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ আহে। ১৯৮২ৰ ১৩ জানুৱাৰীত কেশৱ চন্দ্ৰ গগৈ মুখ্যমন্ত্ৰীৰ আসন অধিষ্ঠিত হয় যদিও প্ৰয়োজনীয় সংখ্যক বিধায়কৰ সমৰ্থন গোটাব নোৱাৰাত ৬৬ দিন পিছতে গগৈ মন্ত্ৰীসভাৰ পতন ঘটে। পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন হয় আৰু ই পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হোৱালৈ চলি থাকে।[1]
১৯৮৩ চনৰ ৫ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰীত নিৰ্বাচন পাতিব বুলি ঘোষণা কৰে। ভোটাৰ তালিকা সংশোধন নকৰাকৈ নিৰ্বাচন নাপাতিবলৈ আন্দোলনৰ নেতৃবৃন্দই দাবী জনায় আৰু এই নিৰ্বাচন বৰ্জন আৰু প্ৰতৰোধ কৰিবলৈ ৰাইজক আহ্বান জনায়। বিভিন্ন হিংসাত্মক ঘটনাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয় যদিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া অধ্যুষিত অঞ্চলত ভোটদানৰ হাৰ কম হয়।[1]
ফলাফল
[সম্পাদনা কৰক]নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[2]
[সম্পাদনা কৰক]| ক্ৰমিক নং | দলৰ নাম | দলৰ স্থিতি | প্ৰতিদ্বন্দ্বিতা কৰা আসন | লাভ কৰা আসন | লাভ কৰা ভোটৰ শতাংশ | প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ |
|---|---|---|---|---|---|---|
| ১ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি [CPI] | ৰাষ্ট্ৰীয় দল | ২৫ | ১ | ২,৫৮% | ১৭.১২% |
| ২ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) [CPM] | ৰাষ্ট্ৰীয় দল | ২৪ | ২ | ৫.১৪% | ২১.৮৫% |
| ৩ | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) [ICS] | ৰাষ্ট্ৰীয় দল | ৩৪ | ২ | ৬.০৫% | ১৫.৮৫% |
| ৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ [INC] | ৰাষ্ট্ৰীয় দল | ১০৯ | ৯১ | ৫২.৫৩% | ৫২.৫৩% |
| ৫ | ভৈয়াম জনজাতি পৰিষদ, অসম [PTC] | ৰাজ্যিক দল | ২১ | ৩ | ৪.৬৬% | ২৬.৮৬% |
| ৬ | নিৰ্দলীয় | ১০ |
বিজয়ী প্ৰাৰ্থীসকল[2][3]
[সম্পাদনা কৰক]| সমষ্টি নং | সমষ্টিৰ নাম | বিধায়কৰ নাম | ৰাজনৈতিক দল | ভোটদানৰ হাৰ (%) |
|---|---|---|---|---|
| ১ | ৰাতাবাৰী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
সুবল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৩.২৫ |
| ২ | পাঠৰকান্দি | মিঞা উদ্দিন | নিৰ্দলীয় | ৫২.৩৩ |
| ৩ | কৰিমগঞ্জ উত্তৰ | কেতকী প্ৰসাদ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৬.৯০ |
| ৪ | কৰিমগঞ্জ দক্ষিণ | আব্দুল মুকদ্দিৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬১.৬৯ |
| ৫ | বদৰপুৰ | গুলাম সুভানী চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬১.৬৯ |
| ৬ | হাইলাকান্দি | আব্দুল মুহিব মজুমদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৫.৭৪ |
| ৭ | কাটলিচেৰা | তজমুল আলি লস্কৰ | নিৰ্দলীয় | ৬৯.১৪ |
| ৮ | আলগাপুৰ | মৌলানা আব্দুল জলিল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৬.৯৩ |
| ৯ | শিলচৰ | জগদীশ চন্দ্ৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬২.৫২ |
| ১০ | সোণাই | নুৰুল হক চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭৫.৬০ |
| ১১ | ধলাই (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
শিশিৰ ৰঞ্জন দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪৬.৯৮ |
| ১২ | উদৰবন্দ | জগন্নাথ সিংহ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬২.৩৪ |
| ১৩ | লক্ষীপুৰ | দীনেশ প্ৰসাদ গোৱালা | নিৰ্দলীয় | ৬৪.২৭ |
| ১৪ | বৰখলা | আলতাফ হোচেইন মজুমদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭৪.৫৯ |
| ১৫ | কাটিগড়া | নেপাল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৭.৪৪ |
| ১৬ | হাফলং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
জি চি লাংথাচা | নিৰ্দলীয় | ৫৬.১২ |
| ১৭ | বোকাজান (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰাজেন টিমুং | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩৯.৩৪ |
| ১৮ | হাওৰাঘাট (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
দৰচিং টেৰাং | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪৫.৪৬ |
| ১৯ | ডিফু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
কাইজাচং | নিৰ্দলীয় | ৫১.৭৫ |
| ২০ | বৈঠালংচু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ধনীৰাম ৰংপি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩০.৮২ |
| ২১ | মানকাচৰ | জহিৰুল ইচলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭৯.৪৪ |
| ২২ | শালমাৰা দক্ষিণ | বাজলুল বাচিত | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭৩.৪৯ |
| ২৩ | ধুবৰী | মহম্মদ ওমৰুদ্দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৪.৬০ |
| ২৪ | গৌৰীপুৰ | জয়নাল আবেদিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬১.৩৬ |
| ২৫ | গোলোকগঞ্জ | কবীৰ চন্দ্ৰ ৰয়প্ৰধানী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৯.৫১ |
| ২৬ | বিলাসীপাৰা পশ্চিম | চিৰাজুদ্দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৮.৯৬ |
| ২৭ | বিলাসীপাৰা পূব | ৰুক্মিণী কান্ত ৰয় | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪৪.৪০ |
| ২৮ | গোসাইগাঁও | মিথিয়াচ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৮.৫৯ |
| ২৯ | কোকৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰণেন্দ্ৰ নাৰায়ণ বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭৩.৬৯ |
| ৩০ | কোকৰাঝাৰ পূব (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ডম্বৰুধৰ ব্ৰহ্ম | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৭.৪৪ |
| ৩১ | চিদলী | লুইচ ইচলাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬.৬৮ |
| ৩২ | বঙাইগাঁও | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৩৩ | বিজনী | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৩৪ | অভয়াপুৰী উত্তৰ | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৩৫ | অভয়াপুৰী দক্ষিণ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৩৬ | দুধনৈ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
জগত পাটগিৰি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৩.৪২ |
| ৩৭ | গোৱালপাৰা পূব | মহম্মদ আলি | নিৰ্দলীয় | ৩১.৭৫ |
| ৩৮ | গোৱালপাৰা পশ্চিম | হুছেইনুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪৭.৯৪ |
| ৩৯ | জলেশ্বৰ | আফজালুৰ ৰহমান | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) | ৬৫.৭২ |
| ৪০ | সৰভোগ | হেমেন দাস | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | ৫২.৬৮ |
| ৪১ | ভবানীপুৰ | মীৰ আব্দুল হালিম | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৮.৪২ |
| ৪২ | পাটাচাৰকুচি | ৰবিৰাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী |
| ৪৩ | বৰপেটা | ইচমাইল হুছেইন | নিৰ্দলীয় | ৩৭.১৪ |
| ৪৪ | জনীয়া | আব্দুচ চোভান | নিৰ্দলীয় | ৬৯.৩০ |
| ৪৫ | বাঘবৰ | ইব্ৰাহীম আলি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭০.৭৯ |
| ৪৬ | সৰুক্ষেত্ৰী | আমিৰ হামচা তালুকদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩৩.৮৪ |
| ৪৭ | চেঙা | দানেচ আলি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৬.৮৬ |
| ৪৮ | বকো (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
উপেন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী |
| ৪৯ | ছয়গাঁও | হৰেন্দ্ৰনাথ তালুকদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৬.৫৬ |
| ৫০ | পলাশবাৰী | মোহন বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী |
| ৫১ | জালুকবাৰী | চাহজালাল আলি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮.৯৮ |
| ৫২ | দিশপুৰ | তাৰিণীমোহন বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০.৪২ |
| ৫৩ | গুৱাহাটী পূব | মুনীন শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১.৬৮ |
| ৫৪ | গুৱাহাটী পশ্চিম | তাৰেণী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯.৩১ |
| ৫৫ | হাজো | বৰকট উল্লা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১.০৯ |
| ৫৬ | কমলপুৰ | মথুৰা ডেকা | ভাৰতৰ কমিউনিষ্ট পাৰ্টি | ২.০৭ |
| ৫৭ | ৰঙিয়া | পূৰ্ণ বড়ো | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | ১৩.১১ |
| ৫৮ | তামুলপুৰ | পদম বাহাদুৰ চৌহান | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫০.১৭ |
| ৫৯ | নলবাৰী | চন্দ্ৰধৰ কলিতা | নিৰ্দলীয় | ৩.০২ |
| ৬০ | বৰক্ষেত্ৰী | শ্বেখ চান্দ মহম্মদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৫.২০ |
| ৬১ | ধৰ্মপুৰ | ভূমিধৰ ব্ৰহ্ম | ভাৰতীয় জাতীয় কংগ্ৰেছ | ০.৩৯ |
| ৬২ | বৰমা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
অলিত চন্দ্ৰ বড়ো | ভৈয়াম জনজাতি পৰিষদ | ১৬.১৪ |
| ৬৩ | চাপাগুৰি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
বিমল গয়াৰী | ভৈয়াম জনজাতি পৰিষদ | ১০.৩৩ |
| ৬৪ | পানেৰী | মৃদুলা চহৰীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৬.৩১ |
| ৬৫ | কলাইগাঁও | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৬৬ | ছিপাঝাৰ | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৬৭ | মঙ্গলদৈ | কাৰ্তিক চৰকাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী |
| ৬৮ | দলগাঁও | চৈয়দা আনোৱাৰা টাইমূৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬.৫৫ |
| ৬৯ | ওদালগুৰি | বিনয় কুমাৰ বসুমতাৰী | ভৈয়াম জনজাতি পৰিষদ | ৫৫.২২ |
| ৭০ | মাজবাট | চিলভিয়াচ কন্দপান | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪৭.৬৩ |
| ৭১ | ঢেকিয়াজুলি | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭২ | বৰচলা | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭৩ | তেজপুৰ | নবীন চন্দ্ৰ কাঠহাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০.৪৭ |
| ৭৪ | ৰঙাপৰা | গোলোক ৰাজবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪০.১০ |
| ৭৫ | চটিয়া | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭৬ | বিশ্বনাথ | প্ৰাৰ্থীৰ মৃত্য হোৱাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭৭ | বিহালী | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭৮ | গহপুৰ | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৭৯ | জাগীৰোড (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
প্ৰসাদ চন্দ্ৰ দলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩.৯৪ |
| ৮০ | মৰিগাঁও | মহম্মদ হুছেইন | নিৰ্দলীয় | ১.৯৪ |
| ৮১ | লাহৰিঘাট | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ৮২ | ৰহা | লক্ষীপ্ৰসাদ হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০.৯৭ |
| ৮৩ | ধিং | আবু নাচেৰ অহিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৪.৪৫ |
| ৮৪ | বটদ্ৰবা | কিৰণ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৩.৮১ |
| ৮৫ | ৰূপহীহাট | মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫২.১৫ |
| ৮৬ | নগাঁও | মুকুত শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০.৫৯ |
| ৮৭ | বঢ়মপুৰ | ৰমেশ ফুকন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪.৯৪ |
| ৮৮ | চামগুৰি | নুৰুল হুছেইন | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) | ৪১.০৯ |
| ৮৯ | কলিয়াবৰ | বলোৰাম নাগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৬.৪৫ |
| ৯০ | যমুনামুখ | ফৰমান আলি | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫০.৫০ |
| ৯১ | হোজাই | সাধন ৰঞ্জন সৰকাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫০.০৭ |
| ৯২ | লামডিং | দেবেশ চক্ৰৱৰ্তী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪১.২০ |
| ৯৩ | বোকাখাট | ধৰ্মেশ্বৰ হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২.৫৬ |
| ৯৪ | সৰুপথাৰ | আব্দুল মতলিব | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২.৯৩ |
| ৯৫ | গোলাঘাট | নগেন নেওগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩.২৪ |
| ৯৬ | খুমটাই | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১.৫৩ |
| ৯৭ | দেৰগাঁও | হেমপ্ৰকাশ নাৰায়ণ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২.৪৬ |
| ৯৮ | যোৰহাট | দীননাথ ৰাজখোৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১.৮৪ |
| ৯৯ | মাজুলি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ১০০ | তিতাবৰ | জয়চন্দ্ৰ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২.৪৯ |
| ১০১ | মৰিয়নি | শিব বুঢাগোহাঁই | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৩.৭৬ |
| ১০২ | টিয়ক | তিলক গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২.০১ |
| ১০৩ | আমগুৰি | কীৰ্তি দত্ত | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩.২৪ |
| ১০৪ | নাজিৰা | হিতেশ্বৰ শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২২.৫৬ |
| ১০৫ | মাহমৰা | নাৰদ কুমাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯.০৪ |
| ১০৬ | সোণাৰি | সত্য তাঁতী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১.০২ |
| ১০৭ | থাওৰা | টংকেশ্বৰ দিহিঙীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫.৩৩ |
| ১০৮ | শিৱসাগৰ | দেৱানন্দ কোঁৱৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১.৪৫ |
| ১০৯ | বিহপুৰীয়া | বৰ্গৰাম দেউৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ০.৬৯ |
| ১১০ | নাওবৈচা | আফাজুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫.৫১ |
| ১১১ | লক্ষীমপুৰ | লেখন লাহন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪.৮৭ |
| ১১২ | ঢকুৱাখনা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰঘুনাথ পামেগাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | ০.৮৫ |
| ১১৩ | ধেমাজী (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
দূৰ্গেশ্বৰ পাতিৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ০.৪০ |
| ১১৪ | জোনাই (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
পুষ্পধৰ পেগু | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯.৬২ |
| ১১৫ | মৰাণ | জয়চন্দ্ৰ নাগবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১২.৪৫ |
| ১১৬ | ডিব্ৰুগড় | কেশৱ চন্দ্ৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮.৭১ |
| ১১৭ | লাহোৱাল | দীপক মূৰ্ম্মু | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৯.১৪ |
| ১১৮ | দুলিয়াজান | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ১১৯ | টিংখং | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ১২০ | নাহৰকটীয়া | নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল | ||
| ১২১ | চাবুৱা | উপেন সনাতন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৯.৮৩ |
| ১২২ | তিনিচুকীয়া | ৰাজেন্দ্ৰ নাথ ফুকন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৪.৮০ |
| ১২৩ | ডিগবৈ | ৰামেশ্বৰ ধানোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৭.১০ |
| ১২৪ | মাৰ্ঘেৰিটা | কুলবাহাদুৰ চেত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২৬.০৭ |
| ১২৫ | ডুমডুমা | দিলেশ্বৰ তাঁতী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২০.৪১ |
| ১২৬ | শদিয়া | লম্বেশ্বৰ সোণোৱাল | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬.৩১ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 দত্ত, দিলীপ (১৯৯১). খোঁচাবিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, গুৱাহাটী-১. পৃষ্ঠা. ১৯-২৬, ৩১-৮৮.
- ↑ 2.0 2.1 2.2 "Statistical Reports of State Legislative Assembly, Assam 1983". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 12 December 2020.
- ↑ 3.0 3.1 "ASSAM LEGISLATIVE ASSEMBLY - SINCE 1937". Government of Assam. http://assamassembly.gov.in/ala-since-1937.html। আহৰণ কৰা হৈছে: 12 December 2020.
| |||||||||||||||||||