১৯৭২ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ১৯৭২ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৭২
ভাৰত
১৯৬৭ ←
১৯৭২
→ ১৯৭৮

 


দল কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

মহেন্দ্ৰ মোহন চৌধুৰী
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

শৰৎ চন্দ্ৰ সিংহ
কংগ্ৰেছ

অসম বিধানসভাৰ নিৰ্বাচন, ১৯৭২ স্বাধীনোত্তৰ অসমৰ পঞ্চম বিধানসভা নিৰ্বাচন।[1] মিজো হিলচ্ জিলাত বিচ্ছিন্নতাবাদী আন্দোলন প্ৰবল হোৱাত কেন্দ্ৰীয় চৰকাৰে জিলাখনক অসমৰ পৰা আঁতৰাই নি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে।[2] আনহাতে ১৯৭০ চনৰ ২ এপ্ৰিলত ‘খাচী আৰু জয়ন্তীয়া হিলচ’ আৰু ‘গাৰো হিলচ’ এই দুখন জিলা লগ লগাই মেঘালয় স্বায়ত্বশাসিত ৰাজ্য ঘোষণা কৰা হয়। ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হয়।[3] ৰাজ্যখনৰ পৰিসীমা হ্ৰাস হোৱাৰ ফলস্বৰূপে ১৯৭২ৰ বিধানসভা নিৰ্বাচনত বিধানসভাৰ সমষ্টিও পূৰ্বৰ ১২৬টাৰ পৰা ১১৪টা লৈ হ্ৰাস হৈছিল। হ্ৰাস পোৱা ১২টা সমষ্টি আছিল- ১-লুংলেই, ২-আইজল পূব, ৩-আইজল পশ্চিম, ২২-জোৱাই, ২৩-শ্বিলং, ২৪-নংপো, ২৫-নংষ্টইন, ২৬-চেৰাপুঞ্জী, ২৭-বাঘমৰা, ২৮-ডাইনাডুবি, ২৯-তুৰা আৰু ৩০-ফুলবাৰী।[1]

নিৰ্বাচনত ৯৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰঙ্কুশ সংখ্যা-গৰিষ্ঠতা লাভ কৰে। সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টীয়ে ৪খন, ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে ৩খন, স্বতন্ত্ৰ পাৰ্টী আৰু অসম ভৈয়াম জনজাতি পৰিষদে এখনকৈ আসন লাভ কৰে। ৫ম বিধানসভালৈ ১১জন নিৰ্দলীয় বিধায়কৰো আগমণ হয়। মহিলা বিধায়কৰ সংখ্যা আছিল ৮গৰাকী। তেওঁলোক আছিল- আনন্দিবালা ৰাভা, প্ৰণিতা তালুকদাৰ, সত্যৱতী গোস্বামী, ৰেৱতী দাস, ৰেণুকা দেৱী বৰকটকী, চৈয়দা আনোৱাৰা টাইমূৰ, স্বৰ্ণপ্ৰভা মহন্ত আৰু তৰুলতা বৰা।[1]

১৯৬৯ত কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেন) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (ৰিকুইজিচনিষ্ট) নামেৰে বিভাজন হয়। ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলটোক মূল কংগ্ৰেছ বুলি নিৰ্বাচনী আয়োগে স্বীকৃতি দিয়ে। [4] ১৯৭২ৰ বিধানসভা নিৰ্বাচনত কামৰাজ নেতৃত্বাধীন অৰ্গেনাইজেচন কংগ্ৰেছেও অসমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও তেওঁলোকে এখনো আসন নাপালে।[1]

অংশগ্ৰহণকাৰী দলসমূহ[সম্পাদনা কৰক]

১৯৭২ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক

১৯৭২ চনৰ নিৰ্বাচনত নিৰ্দলীয় সদস্যৰ উপৰিও ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল।[1]

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল[সম্পাদনা কৰক]

  1. ভাৰতীয় জনসংঘ
  2. ভাৰতৰ কমিউনিষ্ট পাৰ্টী
  3. ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
  4. ভাৰতীয় জাতীয় কংগ্ৰেছ
  5. ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
  6. সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টী
  7. স্বতন্ত্ৰ পাৰ্টী[1]

ৰাজ্যিক পৰ্যায়ৰ দল[সম্পাদনা কৰক]

  1. অখিল ভাৰত ফৰৱাৰ্ড ব্লক[1]

পঞ্জীভূক্ত দল[সম্পাদনা কৰক]

  1. ভৈয়াম জনজাতি পৰিষদ, অসম[1]

বিজয়ী প্ৰাৰ্থীসকল[1][সম্পাদনা কৰক]

সমষ্টি নং বিধানসভাৰ সমষ্টি বিজয়ী সদস্য দলৰ নাম
ৰাতাবাৰী সুৰঞ্জন নন্দী ভাৰতীয় জাতীয় কংগ্ৰেছ
পাথাৰকান্দি বিশ্বনাথ উপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰ আব্দুল মতলিব চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ দক্ষিণ (অনুসূচীত জাতি) সুদৰ্শন দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰ মৌলানা আব্দুল জলিল চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দি আব্দুল ৰহমান চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ কাচলিচেৰা সন্তোষ কুমাৰ ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ শিলচৰ মহিতোষ পুৰকায়স্থ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ সোণাই নুৰুল হক চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ ধলাই (অনুসূচীত জাতি) ডি.চি. পুৰকায়স্থ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ লক্ষীপুৰ শুভঙ্কৰ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ উদৰবন্দ জগন্নাথ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ বৰখলা লুতফুৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ কাটিগড়া আব্দুল হামিদ মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৮ হাফলং (অনুসূচীত জনজাতি) জয়ভদ্ৰ হাগজেৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯ বোকাজান (অনুসূচীত জনজাতি) সাই সাই টেৰাং ভাৰতীয় জাতীয় কংগ্ৰেছ
২০ হাওৰাঘাট (অনুসূচীত জনজাতি) ছত্ৰসিং টেৰন ভাৰতীয় জাতীয় কংগ্ৰেছ
২১ বৈঠালাংচ’ (অনুসূচীত জনজাতি) ধনীৰাম ৰংপি ভাৰতীয় জাতীয় কংগ্ৰেছ
৩১ মানকাচৰ জহিৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৩২ দক্ষিণ শালমৰা বাজলুল বাচিত ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৩ ধুবুৰী মহম্মদ ওমৰুদ্দিন ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৪ গৌৰীপুৰ চৈয়দ আহমেদ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫ গোলোকগঞ্জ কবিৰ চন্দ্ৰ ৰায়প্ৰধানী নিৰ্দলীয়
৩৬ বিলাসীপাৰা গিয়াচুদ্দিন আহমেদ নিৰ্দলীয়
৩৭ গোসাইগাঁও মিথিয়াচ টুডু ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮ কোকৰাঝাৰ পশ্চিম (অনুসূচীত জনজাতি) চৰণ নাৰ্জাৰী ভৈয়াম জনজাতি পৰিষদ
৩৮ কোকৰাঝাৰ পূব শৰৎ চন্দ্ৰ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪০ চিদলী (অনুসূচীত জনজাতি) উত্তম চন্দ্ৰ ব্ৰহ্ম ভাৰতীয় জাতীয় কংগ্ৰেছ
৪১ বিজনী গোলকচন্দ্ৰ পাটগিৰি ভাৰতীয় জাতীয় কংগ্ৰেছ
৪২ অভয়াপুৰী (অনুসূচীত জাতি) অযোধ্যা ৰাম দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩ বঙাইগাঁও ধ্ৰুৱ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪ গোৱালপাৰা পশ্চিম চাহাদত আলি জোটদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫ গোৱালপাৰা পূব বলভদ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ দুধনৈ (অনুসূচীত জনজাতি) আনন্দি বালা ৰাভা ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭ সৰভোগ প্ৰণিতা তালুকদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ ভবানীপুৰ ঘনকান্ত বড়ো নিৰ্দলীয়
৪৯ পাটাচাৰকুছি কৃষ্ণকান্ত লহকৰ নিৰ্দলীয়
৫০ বৰপেটা ডাঃ সুৰেন্দ্ৰ নাথ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫১ জনীয়া আতাউৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
৫২ বাঘবৰ জালাউদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩ সৰুক্ষেত্ৰী (অনুসূচীত জাতি) কন্দৰ্প কুমাৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪ চেঙা আব্দুল হান্নান চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫ বকো প্ৰবীন কুমাৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬ ছয়গাঁও সত্যৱতী গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ পলাশবাৰী হৰেন্দ্ৰ নাথ তালুকদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৮ গুৱাহাটী পূব অতুল চন্দ্ৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯ গুৱাহাটী পশ্চিম বীৰেন ৰাম ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
৬০ জালুকবাৰী ৰেবতি দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ হাজো ৰেণুকা দেৱী বৰকটকী নিৰ্দলীয়
৬২ নলবাৰী পশ্চিম ডাঃ ভূমিধৰ বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩ নলবাৰী পূব বদন চন্দ্ৰ তালুকদাৰ সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৬৪ বৰভাগ গৌৰী শঙ্কৰ ভট্টাচাৰ্য নিৰ্দলীয়
৬৫ বৰমা (অনুসূচীত জনজাতি) সুৰেন্দ্ৰনাথ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৬ তামলুপুৰ (অনুসূচীত জনজাতি) অম্বৰিষ চন্দ্ৰ লাহড়ী ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭ ৰঙিয়া মানবেন্দ্ৰ কুমাৰ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮ কমলপুৰ গিৰিন্দ্ৰ চন্দ্ৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯ পানেৰী ৰমেশ চন্দ্ৰ চহৰীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৭০ কলাইগাঁও লক্ষ্মীকান্ত শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ ৰঙামাটি (অনুসূচীত জাতি) উপেন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ মঙলদৈ চৈয়দা আনোৱাৰা টাইমূৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ দলগাঁও হাচিমুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ ওদালগুৰি (অনুসূচীত জনজাতি) বাহাদুৰ বসুমতাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ ঢেকিয়াজুলি হিৰণ্য বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬ মিছামাৰী বিজয় চন্দ্ৰ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ তেজপুৰ ৰবীন্দ্ৰ কুমাৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮ বালিপাৰা গোলক ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ চতিয়া স্বৰ্ণপ্ৰভা মহন্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
৮০ বিশ্বনাথ খিৰেশ্বৰ বৰা নিৰ্দলীয়
৮১ গহপুৰ ৰামচন্দ্ৰ শৰ্মা সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৮২ মৰিগাঁও (অনুসূচীত জনজাতি) পিতসিং কোঁৱৰ নিৰ্দলীয়
৮৩ বোকানী (অনুসূচীত জাতি) জগদীশ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ লাহৰিঘাট আব্দুল কাচেম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ ৰহা গুণেশ্বৰ নাথ পণ্ডিত ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ ধিং আব্দুল হুছেইন মীৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৭ ৰূপহীহাট মহম্মদ ইদ্ৰিছ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮ নগাঁও লীলাকান্ত বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ বৰহমপুৰ কেহোৰাম হাজৰিকা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৯০ কলিয়াবৰ গোলাপচন্দ্ৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯১ চামগুৰি বিষ্ণু প্ৰসাদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ যমুনামুখ দেবেন্দ্ৰ নাথ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ হোজাই ইদ্ৰিছ আলি ফকিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ লামডিং শান্তি ৰঞ্জন দাসগুপ্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫ বোকাখাট (অনুসূচীত জাতি) তুলসী দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬ সৰুপথাৰ চত্ৰ গোলাপ কৰ্মকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭ গোলাঘাট সোণেশ্বৰ বৰা সংয়ুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৯৮ দেৰগাঁও ইমালেন্দ্ৰ বৰুৱা সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৯৯ মাজুলী (অনুসূচীত জনজাতি) মালচন্দ্ৰ পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১০০ যোৰহাট বিজয়কৃষ্ণ সন্দিকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০১ চৰাইবাহী দুলাল চন্দ্ৰ বৰুৱা নিৰ্দলীয়
১০২ তিতাবৰ জয়চন্দ্ৰ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩ মৰিয়নি গজেন তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪ টিয়ক দুলাল চন্দ্ৰ খাউণ্ড ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৫ আমগুৰি পুষ্পধৰ চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬ শিৱসাগৰ প্ৰমোদচন্দ্ৰ গগৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৭ থাওৰা নাৰুৱা কুমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮ নাজিৰা হিতেশ্বৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯ মাহমৰা খগেন গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১০ সোণাৰি জানকী নাথ সন্দিকৈ নিৰ্দলীয়
১১১ বিহপুৰীয়া প্ৰেমধৰ বৰা নিৰ্দলীয়
১১২ নাওবৈচা (অনুসূচীত জাতি) লীলাকান্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ উত্তৰ লখিমপুৰ গোবিন্দচন্দ্ৰ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪ ঢকুৱাখনা (অনুসূচীত জনজাতি) লক্ষ্যনাথ দলে ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫ ধেমাজী (অনুসূচীত জনজাতি) ৰমেশ মোহন কুলী স্বতন্ত্ৰ পাৰ্টি
১১৬ মৰাণ তৰুণ চন্দ্ৰ চুতীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ ডিব্ৰুগড় ৰমেশ চন্দ্ৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ লাহোৱাল দীপক মুৰ্মু ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯ টেঙাখাত ইন্দ্ৰেশ্বৰ খাউণ্ড ভাৰতীয় জাতীয় কংগ্ৰেছ
১২০ টিংখং ৰাজেন্দ্ৰ নাথ ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২১ জয়পুৰ ক্ষীৰোদ চন্দ্ৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১২২ বগদুং উপেন্দ্ৰনাথ সনাতন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ তিনিচুকীয়া পৰমানন্দ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ ডিগবৈ চন্দ্ৰ বাহাদুৰ চেত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা মলিয়া তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ চৈখোৱা তৰুলতা বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 "Assam General Legislative Election 1972". Election Commission of India. https://eci.gov.in/files/category/67-assam/। আহৰণ কৰা হৈছে: 26 November 2020. 
  2. "Mizoram at a glance". Government of Mizoram. Archived from the original on 13 May 2020. https://web.archive.org/web/20200513055022/https://mizoram.gov.in/page/know-mizoram। আহৰণ কৰা হৈছে: 26 November 2020. 
  3. "HISTORY OF MEGHALAYA". https://www.meghalayatourism.in. https://www.meghalayatourism.in/about-meghalaya/history-of-meghalaya/। আহৰণ কৰা হৈছে: 26 November 2020. 
  4. Mukharjee, Aditya. "Congress and the Making of the Indian Nation". Academic Foundation, New Delhi. Archived from the original on 7 December 2016. https://web.archive.org/web/20161207085106/http://inc.in/about-congress/history/literature/6-Congress-and-the-Making-of--the-Indian-Nation/27-Indira-Gandhi। আহৰণ কৰা হৈছে: 17 May 2014.