চৰণ নাৰ্জাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰণ নাৰ্জাৰী
সাংসদ, লোক সভা
কাৰ্যকাল
১৯৭৭–১৯৮০
পূৰ্বসূৰী ডি. বসুমতাৰী
উত্তৰসূৰী সমৰ ব্ৰহ্ম চৌধুৰী
সমষ্টি কোকৰাঝাৰ
ব্যক্তিগত তথ্য
জন্ম ২৮ মে', ১৯৩৩
হাতীমাথা গাঁও, গোৱালপাৰা জিলা, অসম, বিট্ৰিছ ভাৰত
মৃত্যু ২৩ জুলাই, ২০১৯ (৮৬ বছৰ)
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্যসঙ্গী ভবানী ব্ৰহ্ম দত্ত

চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি পৰিষদৰ তেখেত আছিল অন্যতম প্ৰতিষ্ঠাপত নেতা৷ ১৯৬৭ত দলৰ প্ৰতিষ্ঠাকালৰেপৰা ১৯৯৩লৈ তেখেত অসম ভৈয়াম জনজাতি পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল৷ ২০১৯ৰ ২৩ জুলাইত পুৱা ৪-৩০ বজাত ৮৭ বছৰ বয়সত তেখেতৰ গুৱাহাটীত মৃত্যু হয়৷[1][2]

কৰ্মজীৱন[সম্পাদনা কৰক]

নাৰ্জাৰীৰ জন্ম ২৮ মে' ১৯৩৩ চনত গোৱালপাৰা জিলাৰ হাতীমাথা গাঁওত হৈছিল৷ দাৰিদ্ৰ আৰু প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলগীয়া হোৱা নাৰ্জাৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লয়৷ তেখেতে এলএলবি ডিগ্ৰীও লয়৷ তাৰপিছত কোকৰাঝাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে৷ শিক্ষক হিচাপে তেখেতে প্ৰভূত জনপ্ৰিয়তা আৰু ছাত্ৰসকলৰ পৰা শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হৈছিল৷ তেখেতে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ বাবে গদ্য আৰু কবিতাও ৰচনা কৰিছিল৷[1]

লাহেলাহে তেখেত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে৷ অসমৰ ভৈয়াম জনজাতিসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে কেইগৰাকীমান সমভাৱাপন্ন লোকেৰে সৈতেে ১৯৬৭ চনত অসম ভৈয়াম জনজাতি পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে৷ প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৩ চনলৈ তেখেত দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে৷ 'ডিভাইড আচাম ফিফটি ফিফটি' শ্লোগান দি অসম ভৈয়াম জনজাতি পৰিষদে বড়োসকলৰ বাবে এখন সুকীয়া ৰাজ্য 'উদয়াচল'[2] গঠনৰ দাবী উত্থাপন কৰে৷ এই দলটোৰ টিকট লৈয়ে তেখেত ১৯৭২ চনত আৰু ১৯৮৫ চনত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হয়৷[3]

তথ্য উৎস[সম্পাদনা কৰক]