বাল্য বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১৯০০ চনত ১২ বছৰীয়া ৰাণা প্ৰতাপ কুমাৰীয়ে ১৬ বছৰীয়া কৃষ্ণৰাজ ৱাদিয়াৰ চতুৰ্থক বিয়া কৰায়। দুবছৰৰ পাছত কৃষ্ণৰাজক ব্ৰিটিছ ভাৰতৰ অধীনত মহীশূৰৰ মহাৰজা হিচাপে স্বীকৃতি দিয়া হয়।

বাল্য বিবাহ (ইংৰাজী: Child marriage) হৈছে এগৰাকী নাবালিকা অৰ্থাৎ ১৮ বছৰ তলৰ এগৰাকী ছোৱালীক এজন প্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়াৰ প্ৰণালী।[1] ভাৰতৰ কিছুমান সমাজত আজিও বাল্যবিবাহ প্ৰথা প্ৰচলিত হৈ আছে। বাল্যবিবাহৰ আন এটা ৰূপ হৈছে ল'ৰা আৰু ছোৱালীক তেনেই সৰুতেই বিয়া পাতি থয়; অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাক-দেউতাকে সৰুতেই ভৱিষত্যৰ দৰা-কইনা ঠিক কৰি থয়; অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাক-দেউতাকে সৰুতেই ভৱিষত্যৰ দৰা-কইনা ঠিক কৰি থয়। কিন্তু বিবাহৰ উপযুক্ত বয়স নোহোৱা পৰ্যন্ত ল'ৰা-ছোৱালীৰ মাজত দেখা-দেখি নহয়। আইনগতভাৱে এজন ল'ৰাৰ বিবাহৰ বয়স ২১ বছৰ আৰু এজনী ছোৱালীৰ ১৮ বছৰ। এই বয়সৰ তলত বিবাহপাশত আৱদ্ধ হ'লে তেনে বিবাহক অবৈধ ঘোষণা কৰা হয়।[2]

কাৰণ[সম্পাদনা কৰক]

বাল্য বিবাহৰ কাৰণবোৰ তলত উল্লেখ কৰা হ'ল:

  • দৰিদ্ৰতা (Poverty) : বহু সময়ত দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক লালন পালন কৰিব নোৱাৰা, কন্যা সন্তানৰ দায়িত্ব ল'ব নোৱাৰা, আৰ্থিকভাৱে তেনেই দুৰ্বল আৰু দৰিদ্ৰ হোৱাৰ বাবে নিজৰ ফুলকুমলীয়া নাবালিকা ছোৱালীজনীক বয়সস্থ লোকৰ লগত বিয়া দিবলগীয়া হয়।[2]
  • নিৰক্ষৰতা (Illiteracy) : পিতৃ-মাতৃৰ নিৰক্ষৰতাৰ বাবে বহু সময়ত ল'ৰা বা ছোৱালীক উপযুক্ত বয়সতকৈ সোনকালে বিবাহ পাশত আৱদ্ধ কৰোৱা হয়। তেওঁলোকে ছোৱালীক শিক্ষা দিয়াটো টকাৰ অপচয় বুলিহে ভাবে। গতিকে তেওঁলোকে ছোৱালীজনীক সোনকালে বিয়া দিয়াৰ কথাহে ভাৱে। সেইদৰে ল'ৰাকো সোনকালে বিয়া পাতি দিব বিচাৰে যাতে ঘৰত এজন সদস্য বাঢ়ে আৰু কৃষিকৰ্মত সহায়ক হয়।[3]
  • যুটীয়া পৰিয়াল ব্যৱস্থা (Joint family system) : ভাৰতৰ পিতৃপ্ৰধান সমাজ-ব্যৱস্থাত মহিলাৰ কোনো কথাই বিশেষ গুৰুত্ব নাপায়। ছোৱালীক যুটীয়া পৰিয়ালৰ বোজা বুলি ভবা হয়। তদুপৰি কৃষিপ্ৰধান পৰিয়ালত ল'ৰাৰ সোনকালে বিয়া পাতি আৰু এজন সদস্য বৃদ্ধি কৰিব বিচাৰে। তদুপৰি যুটীয়া পৰিয়াল ব্যৱস্থাত ছোৱালীক সোনকালে বিয়া দি বোজা আঁতৰ কৰিব লাগে বুলি ভবা হয়। ইও বাল্য বিবাহৰ এটা প্ৰধান কাৰণ।[2]
  • ধৰ্মীয় বিশ্বাস (Religious belief) : ভাৰতীয় সমাজত প্ৰচলিত অপ্ৰাসংগিক ধৰ্মীয় বিশ্বাসো বাল্য বিবাহৰ অন্য এক কাৰণ। বহু সমাজত ছোৱালীক ঋতুমতী হোৱাৰ পূৰ্বেই বিয়া দিয়াৰ কথা বিশ্বাস কৰে।[3]

প্ৰভাৱ-সমস্যা[সম্পাদনা কৰক]

বাল্য বিবাহে ছোৱালী বা মহিলাৰ জীৱনত বহু সমস্যাৰ সৃষ্টি কৰে। যেনে:

  • বাল্য বিবাহৰ ফলস্বৰূপে ছোৱালীয়ে আধাতে বিদ্যালয় এৰিব লগা হয়। যাৰ বাবে তেওঁলোক কৰ্মসংস্থাপনৰ পৰাও বঞ্চিত হ'ব লগা হয়।[3]
  • গৰ্ভৱতী অৱস্থাত মহিলাৰ মৃত্যুৰ সম্ভাৱনীয়তা বা কাৰণো বাল্যবিবাহেই। ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ছোৱালীৰ মৃত্যুও বাল্যবিবাহৰে ফল।[3]
  • বাল্য বিবাহে সমাজত কু-প্ৰথাৰ পৰম্পৰাক ধাৰাবাহিক কৰি তোলাত অধিক অৰিহণা যোগায়।[2]
  • শাৰীৰিক অপৰিপক্ব বয়সত ছোৱালীক বিয়া দিয়াৰ ফলত প্ৰসূতিৰ আৰু শিশুৰ মৃত্যুৰ হাৰো সৰ্বাধিক হোৱা দেখা যায়।[2]
  • বাল্য বিবাহে সমাজত লিংগ অসমতা, লিংগবৈষম্য, লিংগ প্ৰান্তীকীৰণ আৰু শ্ৰমবিভাজনৰ ধাৰা অব্যাহত ৰখাত অৰিহণা যোগায়, ফলত বহু প্ৰতিভাসম্পন্ন ল'ৰা-ছোৱালীয়ে নিজৰ গুণাৱলী আৰু সৃজনীশীলতাৰে সমাজলৈ আগবঢ়াব পৰা তাৎপৰ্যপূৰ্ণ অৱদানত বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে সমাজৰ উন্নতি আৰু প্ৰগতিও বাধাপ্ৰাপ্ত হয়।[2]

ৰোধ কৰাৰ উপায়[সম্পাদনা কৰক]

বাল্য বিবাহৰ দৰে সমাজত প্ৰচলিত হৈ থকা কু-প্ৰথা ৰোধ কৰিবৰ বাবে তলৰ ব্যৱস্থাৱলী তথা উপায়বোৰ গ্ৰহণ কৰিব লাগে। যেনে:=

  • অভিভাৱকসকলক সাক্ষৰ কৰি তোলা। তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা।[3]
  • চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে বাল্য বিবাহ নিষিদ্ধকৰণ আইনৰ সফল কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।[2]
  • কমবয়সীয়া মহিলাসকললৈ অধিক সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।[2]
  • বাল্য বিবাহ নিষিদ্ধকৰণ আইন উলংঘাকাৰীক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা।[3]
  • বাল্য বিবাহ এতিয়াও প্ৰচলন হৈ থকা ৰাজ্য, যেনে: গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত বাল্যবিবাহ নিষিদ্ধকৰণৰ প্ৰচেষ্টা অধিক ব্যাপক কৰি তুলিব লাগে।[2]

ভাৰত চৰকাৰে শিশুৰ বাবে ৰাষ্ট্ৰীয় কৰ্ম আঁচনি, ২০০৫-২০১০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল। ইউনিছেফ (UNICEF-United Nations International Children's Emergency Fund) ৰ এটা সমীক্ষাত প্ৰকাশ পাইছে যে বাল্য বিবাহ নিষিদ্ধকৰণ আইনৰ অধীনত সমগ্ৰ দেশতে এটা বছৰত ৮৯ জনতকৈ অধিক লোকক অভিযুক্ত কৰা হোৱা নাই। ২০০৬ চনৰ 'ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা'ত প্ৰকাশিত তথ্য অনুসৰি উত্তৰ প্ৰদেশত ৫৩% মহিলাৰে বিয়া ১৮ বছৰ বয়সতকৈ কম বয়সত হয়। 'বাল্য বিবাহ নিষেধ আইন, ২০০৬ চন' বলৱৎ কৰি চৰকাৰে আইনগতভাৱে বাল্য বিবাহ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে ১৯২৯ চনত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ (Child Marriage Restraint Act, 1929) বলৱৎ কৰি বাল্য বিবাহ বে-আইনী আখ্যা দিয়ে যদিও তেনে বিবাহ বাতিলৰ ব্যৱস্থা তাত ৰখা হোৱা নাছিল, সেয়ে পৰৱৰ্তী সময়ত এই আইনৰ সংশোধন ঘটাই ২০০৬ চনৰ আইনখন বলৱৎ কৰা হয়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 2.9 তৰুণ শইকীয়া, ৰুণু বৰা শইকীয়া; লিংগ আৰু শিক্ষা, পৃষ্ঠা: ১৬৬-১৬৯
  2. 3.0 3.1 3.2 3.3 3.4 3.5 ডেইজী ৰাণী চুতীয়া, মৃদুলা হাজৰিকা, বিদিশা বৰচেতিয়া, গীতাঞ্জলি ভৰালী; লিংগ আৰু শিক্ষা, পৃষ্ঠা ১০৭-১০৮