দৰিদ্ৰতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰিদ্ৰতা (ইংৰাজী: Poverty) হৈছে এজন ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাৰ বাবে পৰ্যাপ্ত ভৌতিক সম্পত্তি বা উপাৰ্জন নোহোৱাৰ স্থিতি।[1] দৰিদ্ৰতাত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদান অন্তৰ্ভুক্ত থাকিব পাৰে।[2] পূৰ্ণ দৰিদ্ৰতা (absolute poverty) হৈছে খাদ্য, কাপোৰ আৰু আশ্ৰয়ৰ দৰে প্ৰাথমিক ব্যক্তিগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় উপায়ৰ সম্পূৰ্ণ অভাৱ।[3] পূৰ্ণ দৰিদ্ৰতাৰ সংজ্ঞা ব্যক্তিজনৰ স্থায়ী অৱস্থান বা যুগৰ ভিত্তিত সলনি নহয়। আনহাতে, আপেক্ষিক দৰিদ্ৰতা (relative poverty) হ'ল যেতিয়া এজন ব্যক্তিয়ে আনৰ তুলনাত একে সময় আৰু স্থানত নিম্নতম স্তৰৰ জীৱন ধাৰণৰ মানদণ্ড পূৰণ কৰিব নোৱাৰে। সেয়েহে, আপেক্ষিক দৰিদ্ৰতাৰ সংজ্ঞা এখন দেশৰ পৰা আন এখন দেশলৈ বা এখন সমাজৰ পৰা আন এখন লৈ পৃথক হয়।[4]

২০১৯ চনলৈকে, পৃথিৱীৰ বেছিভাগ লোকে দৰিদ্ৰতাত বাস কৰে: (ক্ৰয় ক্ষমতা সমতা ডলাৰৰ মাপত) ৮৫% লোক প্ৰতিদিনে ৩০ আমেৰিকান ডলাৰ (প্ৰায় ২,২০০ টকা)-তকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰে, দুই-তৃতীয়াংশ ই প্ৰতিদিনে ১০ ডলাৰ (প্ৰায় ৭৪০ টকা)-তকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰে, আৰু ১০% প্ৰতিদিনে ১.৯০ ডলাৰ (প্ৰায় ১৪০ টকা)-তকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰে (অত্যধিক দৰিদ্ৰতা)।[5]

বহুতো চৰকাৰ আৰু বেচৰকাৰী সংগঠনে পৰ্যাপ্ত উপাৰ্জন কৰিবলৈ অক্ষম লোকসকলক মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰি দৰিদ্ৰতা হ্ৰাস কৰিবলৈ চেষ্টা কৰে। দুৰ্নীতি, কৰ পৰিহাৰ, ঋণ আৰু ঋণৰ চৰ্ত, স্বাস্থ্য সেৱা আৰু শৈক্ষিক পেছাদাৰীসকলৰ মগজু নিষ্কাশন (brain drain) আদিৰ ফলত এনে সেৱা প্ৰদান কৰাৰ চৰকাৰৰ প্ৰচেষ্টা বাধাগ্ৰস্ত হ'ব পাৰে। মৌলিক প্ৰয়োজনীয়তা অধিক সুলভ কৰাৰ বাবে উপাৰ্জন বৃদ্ধি কৰাৰ ৰণনীতিত সাধাৰণতে সমাজ কল্যাণ, অৰ্থনৈতিক স্বাধীনতা আৰু বিত্তীয় সেৱা প্ৰদান অন্তৰ্ভুক্ত থাকে।[6] আনহাতে, মধ্য-আয়ৰ দেশসমূহৰ আটাইতকৈ দৰিদ্ৰ নাগৰিকসকলে তেওঁলোকৰ দেশৰ বৰ্ধিত সম্পদৰ পৰ্যাপ্ত অংশ লাভ কৰাত যথেষ্ট পৰিমাণে ব্যৰ্থ হৈছে।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Poverty". Poverty. Merriam-Webster. http://www.merriam-webster.com/dictionary/poverty। আহৰণ কৰা হৈছে: 18 November 2013. 
  2. "ending poverty". United Nations. https://www.un.org/en/sections/issues-depth/poverty/. 
  3. "Poverty | United Nations Educational, Scientific and Cultural Organization". www.unesco.org. http://www.unesco.org/new/en/social-and-human-sciences/themes/international-migration/glossary/poverty/। আহৰণ কৰা হৈছে: 4 November 2015. 
  4. Sabates, Ricardo (2008). The Impact of Lifelong Learning on Poverty Reduction. Latimer Trend, Plymouth. 5–6. ISBN 978-1-86201-379-7. http://www.niace.org.uk/lifelonglearninginquiry/docs/public-value-paper-1.pdf. 
  5. Roser, Max; Ortiz-Ospina, Esteban (1 January 2019). "Global Extreme Poverty". Our World in Data. https://ourworldindata.org/extreme-poverty। আহৰণ কৰা হৈছে: 30 March 2021. 
  6. "Causes of Poverty – Global Issues". www.globalissues.org. http://www.globalissues.org/issue/2/causes-of-poverty। আহৰণ কৰা হৈছে: 4 November 2015. 
  7. B. Milanovic, Global Inequality: A New Approach for the Age of Globalization (Harvard Univ. Press, 2016).