উপভোক্তা আচৰণ তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

উপভোক্তা তত্ত্ব, উপভোক্তা আচৰণ তত্ত্ব বা গ্ৰাহক তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এটি ভাগ য'ত উপভোক্তাই গ্ৰহণ কৰা সিদ্ধান্ত অধ্যয়ন কৰা হয় আৰু বুজোৱা হয়। উপভোক্তা তত্ত্ব ব্যস্তিবাদী অৰ্থনীতিৰ এটি অতিকৈ কেন্দ্ৰীয় ভাগ।[1]

ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত উপভোক্তাই বৈদ্যুতিন যন্ত্ৰ ক্ৰয় কৰিছে

পৰম্পৰাগতভাৱে অৰ্থনীতিত উপভোক্তা এজনক "তৰ্কসংগত" বা "ৰেচনেল" মানি লোৱা হয়। ইয়াৰ অৰ্থ কেৱল এয়া যে উপভোক্তা এজনে নিজৰ আটাইতকৈ পচন্দৰ টোপোলা ক্ৰয় কৰে। পচন্দসমূহ এনে যে যিকোনো দুটা টোপোলাৰ নাইবা এটি আনটোতকৈ অধিক পচন্দৰ (এটিক আনটোতকৈ অগ্ৰাধিকাৰ প্ৰদান কৰা হয়), বা দুয়োটা সমানে পচন্দ (উপভোক্তা নিৰপেক্ষ)। তদুপৰি, যদি 'ক'তকৈ 'খ'ক অগ্ৰাধিকাৰ দিয়া হয় আৰু 'খ'তকৈ 'গ’ক অগ্ৰাধিকাৰ দিয়া হয়, তেন্তে 'ক'তকৈ 'গ'ক অগ্ৰাধিকাৰ দিয়া হয়।

উপভোক্তাৰ পচন্দ (অগ্ৰাধিকাৰ)[সম্পাদনা কৰক]

উপভোক্তাৰ পচন্দসমূহক 'তৰ্কসংগত' গণ্য কৰা হয়[2]। তাৰ অৰ্থ এয়া যে উপভোক্তা এজনে নিজৰ আতাইতকৈ পচন্দৰ টোপোলা ক্ৰয় কৰে বা সেই টোপোলাক অগ্ৰাধিকাৰ দিয়ে। পচন্দসমূহ এনে যে যিকোনো দুটা টোপোলাৰ নাইবা এটি আনটোতকৈ অধিক পচন্দৰ (এটি টোপোলাক অগ্ৰাধিকাৰ দিয়া হয়), বা দুয়োটা সমানে পচন্দ। তদুপৰি, যদি 'ক'তকৈ 'খ'ক অগ্ৰাধিকাৰ দিয়া হয় আৰু 'খ'তকৈ 'গ’ক অগ্ৰাধিকাৰ দিয়া হয়, তেন্তে 'ক'তকৈ 'গ'ক অগ্ৰাধিকাৰ দিয়া হয়। গাণিতিকভাৱে, যদি উপভোক্তাৰ সকলো বিকল্পৰ সংহতি, তেন্তে উপভোক্তাজনে তাৰ কোনো উপসংহতি -ৰ পৰা সেই সদস্যক চয়ন কৰিব যি আন সদস্যসমূহৰ সৈতে এনেধৰণে জড়িত- যাতে বা (সম্পূৰ্ণতা) আৰু (সংক্ৰামিতা)।[3] হ’ল উপভোক্তাজনৰ অগ্ৰাধিকাৰ সম্বন্ধ।

তৰ্কসংগতিৰ উপৰিও, উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বধই সাধাৰণতে আন কিছু চৰ্তও পূৰ্ণ কৰা বুলি ধৰি লোৱা হয়। তেনে কৰিবলৈ উপভোক্তাৰ বিকল্প সংহতিক গণ্য কৰা হয়, য'ত হ'ল বজাৰত উপলব্ধ পণ্যৰ সংখ্যা। এই সংহতিৰ প্ৰত্যেক সদস্যই এটি টোপোলা। উদাহৰণস্বৰূপে, যদি বজাৰত কেৱল তিনিটা পণ্য উপলব্ধ- গাখীৰ (লিটাৰত জোখা), তেল (লিটাৰত জোখা) আৰু কলম, তেন্তে- বিকল্প সংহতি হ'ল । এই সংহতিৰ সদস্য (৫, ৭, ২)য়ে সেই টোপোলা সূচায় য'ত ৫ লিটাৰ গাখীৰ, ৭ লিটাৰ তেল আৰু ২টা কলম আছে। সদস্য (০, ১০, ০)ত সেই টোপোলা সূচায় য'ত কেৱল ১০ লিটাৰ তেল আছে। আন কেইটামান সংহতি হ’ল- যদি তেন্তে সকলো এনে সদস্যৰ সংহতি যাক উপভোক্তাজনে অন্ততঃ ৰ সমান বা তাতকৈ অধিক অগ্ৰাধিকাৰ প্ৰদান কৰে। এনে সকলো সদস্যৰ সংহতি অন্ততঃ যাতকৈ ক সমানে বা অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। এতিয়া আমি উপৰঞ্চি চৰ্তকেইটা আলোচনা কৰিব পাৰোঁ[3]-

  • সংৰক্ষণ: , আৰু উভয়েই ত একো একোটা বদ্ধ সংহতি। ইয়াৰ অৰ্থ হ'ল উপভোক্তাৰ পচন্দ হঠাৎ পৰিৱৰ্তিত নহয়।
  • কঠোৰ একদিষ্টতা: , য'ত ৰ অৰ্থ । অৰ্থাৎ পণ্যৰ পৰিমাণক সদায় এনেদৰে পৰিভাষিত কৰিব পৰা যায় যাতে পণ্যটো অধিক উপভোগ কৰাটো উপভোক্তাই অধিক পচন্দ কৰে। যেনে, যদি উপভোক্তা এজনে প্ৰদূষিত বায়ু লৈ বেয়া পায়, তেন্তে প্ৰদূষিত বায়ুৰ ঠাইত "প্ৰদূষিত বায়ুৰ অভাৱ"ক পণ্য আখ্যা দি অৰ্থনৈতিক বিশ্লেষণ কৰিব পৰা যায়।
  • কঠোৰ উত্তলতা: । অৰ্থাৎ, উপভোক্তাই বিবিধতাৰ অভাৱতকৈ বিবিধতাক অধিক পচন্দ কৰে (অগ্ৰাধিকাৰ দিয়ে)।

উপভোক্তাৰ ক্ৰয় কৰাৰ ক্ষমতা[সম্পাদনা কৰক]

যদিও প্ৰত্যেক উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ সমগ্ৰ চয়ন সংহতিত সংজ্ঞায়িত, যিকোনো সময়ত উপভোক্তাই চয়ন সংহতিৰ কোনো বিশেষ উপসংহতিৰ পৰাহে টোপোলা চয়ন কৰিব পাৰে। এই উপসংহতিক বাজেত সংহতি বোলা হয়। যদিও বিভিন্ন সামাজিক আৰু প্ৰাকৃতিক পৰিস্থিতিয়ে এই কথা নিৰ্ণয় কৰে যে কোনো ক্ষণত এগৰাকী উপভোক্তাই কি ক্ৰয় কৰাৰ ক্ষমতা ৰাখে,[4] আৰু অৰ্থনীতিবিদসকলে বাস্তৱত বিভিন্ন নীতি প্ৰস্তুত কৰোঁতে তথা বিশ্লেষণ কৰোঁতে সেই পৰিস্থিতিসমূহকো স্থান দিয়ে, সাধাৰণ অৰ্থনৈতিক সূত্ৰত সাধাৰণতে "ৱালৰাছিয়ান বাজেট সংহতি"ক অধিক অধ্যয়ন কৰা হয়। এই সংহতি ঊনবিংশ শতিকাৰ অৰ্থনীতিবিদ লিয়ন ৱালৰাছৰ নামেৰে নামাংকিত। ৱালৰাছিয়ান বাজেট সংহতি সাধাৰণতে তেতিয়া প্ৰযোজ্য যেতিয়া উপভোক্তাই বজাৰৰ পৰা ক্ৰয় কৰি টোপোলা চয়ন কৰে।[4] পিচে বজাৰৰ বাহিৰেও আন আন পৰিস্থিতিত ৱালৰাছিয়ান বাজেট সংহতিক ব্যৱহাৰ কৰিব পৰা যায়। তলত ৱালৰাছিয়ান বাজেট সংহতিৰ সংজ্ঞা প্ৰদান কৰা হৈছে, হৈছে মূল্য সদিশ, হৈছে পণ্য ৰ মূল্য। উপভোক্তাৰ ওচৰত উপলব্ধ আয়। ৱালৰাছিয়ান বাজেট সংহতিয়ে কেৱল এই কথা সুনিশ্চিত কৰে যে কোনো উপভোক্তাই নিজৰ আয়তকৈ অধিক ব্যয় কৰিব নোৱাৰে। ইয়াৰ অৰ্থ এয়া নহয় যে উপভোক্তাই ঋণ ল'ব নোৱাৰে, কাৰণ ৱালৰাছিয়ান বাজেট সংহতিত গণ্য কৰা আয় কোনো ব্যক্তিয়ে আজীৱন লাভ কৰা আয় (সঠিকভাৱে তাৰ বৰ্তমানৰ মূল্য)।

উপভোক্তাৰ বাছনি সমস্যা আৰু সাম্যাৱস্থা[সম্পাদনা কৰক]

বজাৰত দুটা পণ্য উপলব্ধ- X আৰু Y। অংকিত প্ৰত্যেক নিৰপেক্ষ বক্ৰত সন্নিৱিষ্ট টোপোলাসমূহ উপভোক্তাই সমানেই পচন্দ কৰে। কঠোৰ একদিষ্টতাৰ বাবে বক্ৰ ১১তকৈ ১২ আৰু ১২তকৈ ১৩ত থকা টোপোলা অধিক পচন্দৰ। (X*, Y*) টোপোলা চয়ন কৰিলে উপভোক্তাই সাম্যাৱস্থা লাভ কৰিব কাৰণ বাজেট সংহতিৰ ভিতৰৰ ই আটাইতকৈ পচন্দৰ টোপোলা।

উপযুক্ত চৰ্তসমূহ পূৰ্ণ হ'লে, যিকোনো উপভোক্তাই তলত দিয়া বাছনি সমস্যাৰ সন্মুখীন হয়:[5]

ইয়াৰ অৰ্থ হ'ল উপভোক্তাই যিকোনো নিৰ্ণয় গ্ৰহণ কৰোঁতে এই কথা মনত ৰাখে, যে তেওঁ ক্ৰয় কৰিব পৰা আটাইতকৈ পচন্দৰ টোপোলা কোনটো। ৱেইষ্ট্ৰাছৰ উপপাদ্যৰ বাবে, যদি উপভোক্তাৰ পচন্দ যুক্তিসংগত আৰু সংৰক্ষিত আৰু যদি বাজেট সংহতি বদ্ধ আৰু পৰিবদ্ধ, তেন্তে উপভোক্তাৰ সমস্যাৰ সমাধান থাকেই। যেতিয়া উপভোক্তাই নিজৰ সমস্যা সমাধান কৰে (ক্ৰয় কৰিব পৰা টোপোলাসমূহৰ আটাইতকৈ অধিক অগ্ৰাধিকাৰ দিয়া টোপোলা চয়ন কৰে), উপভোক্তাই 'সাম্যাৱস্থা' লাভ কৰা বুলি কোৱা হয়। যিহেতু ৱালৰাছিয়ান বাজেট সংহতি বদ্ধ আৰু পৰিবদ্ধ, ৱালৰাছিয়ান বাজেট সংহতিৰ সন্মুখীন উপভোক্তাই সাম্যাৱস্থা লাভ কৰে।[3] তদুপৰি, যদি উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ কঠোৰভাৱে একদিষ্ট আৰু কঠোৰভাৱে উত্তলো হয়, তেন্তে যিকোনো বদ্ধ আৰু পৰিবদ্ধ বাজেট সংহতিত কেৱল এটিহে এনে টোপোলা থাকিব যাক বাজেট সংহতিৰ আন প্ৰত্যেক টোপোলাতকৈ কগ্ৰাধিকাৰ দিয়া হয়।

উপযোগিতা[সম্পাদনা কৰক]

'উপযোগিতা'ৰ ধাৰণা ঊনবিংশ শতিকাৰ অনেক অৰ্থনীতিবিদ আৰু উপযোগিতাবাদী দাৰ্শনিকে সমৰ্থন কৰিছিল।[6] বেন্থাম আৰু জন মিলৰ দৰে প্ৰভাৱশালী দাৰ্শনিক তথা নব্য-ধ্ৰুপদী অৰ্থনীতিৰ সৈতে জড়িত অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেল আদিয়ে ভাবিছিল যে মানুহে কৰ্ম কৰে 'উপযোগিতা'ৰ বাবে- মই মিঠাই খাওঁ কাৰণ ই মোৰ সোৱাদ লোৱাৰ হেঁপাহ পূৰ্ণ কৰাত উপযোগী, দূৰদৰ্শন ব্যৱহাৰ কৰোঁ কাৰণ ই মোক মনোৰঞ্জন আৰু জ্ঞান দিয়াত উপযোগী, কোনোৱে মোবাইলত খেল খেলে কাৰণ ই তেওঁক মনোৰঞ্জন দিয়াত উপযোগী ইত্যাদি। আমি যদি দুটি বিকল্পৰ এটাহে চয়ন কৰাৰ সমৰ্থ, তেন্তে আমি সেই বিকল্পকে চয়ন কৰোঁ যি অধিক উপযোগী। তেওঁলোকে ভাবিছিল যে উপযোগিতা ভৰ, বেগ বা দৈৰ্ঘ্যৰ দৰে এক মাত্ৰা আৰু যে ইয়াক ভৱিষ্যতে জুখিব পৰা যাব। কিন্তু বিংশ শতিকাৰ প্ৰথমাৰ্ধত অৰ্থনীতিবিদসকলে উপযোগিতাৰ এই ধাৰণাক নাকচ কৰিলে। যুক্তি দিয়া হ'ল যে কোনো দুজন ব্যক্তিয়ে কোনো বস্তুৰ পৰা লাভ কৰা উপযোগিতা তুলনা কৰিব পৰা নাযায়- যদি উপযোগিতাক জুখিব পৰা যায়, তেন্তে এনে নহ'লহেঁতেন। সেয়ে উপযোগিতা বাস্তৱত অস্তিত্বহীন- ই মাথোঁ কোনো ব্যক্তিৰ পচন্দৰ প্ৰতিফলনহে হ'ব পাৰে, কিন্তু বেগ বা দৈৰ্ঘ্যৰ দৰে জুখিব পৰা বাস্তৱ মাপদণ্ড হ'ব নোৱাৰে।[7]

বৰ্তমানে অৰ্থনীতিবিদসকলে উপযোগিতাক কোনো উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ প্ৰতিফলিত কৰা এক গাণিতিক সঁজুলিহে গণ্য কৰে। পিচে যদিও এই সঁজুলি কাল্পনিক, ই গাণিতিক বিশ্লেষণত অতিকৈ সহায়ক, কাৰণ ই আমাক কলন গণিত ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰে আৰু কলন গণিতৰ ব্যৱহাৰ সাধাৰণতে প্ৰত্যক্ষভাৱে পচন্দ সম্বন্ধ অধ্যয়ন কৰাতকৈ সহজ গণ্য কৰা হয়। উপযোগিতা ফলনক এনেদৰে সংজ্ঞায়িত কৰা হয়- যিকোনো ফলন উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ ক প্ৰতিফলিত কৰা এটি উপযোগিতা ফলন যদিহে, । এই কথা প্ৰমাণিত কৰিব পৰা যায় যে যদি উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ যুক্তিসংগত আৰু সংৰক্ষিত, তেন্তে সেই অগ্ৰাধিকাৰ সম্বন্ধক প্ৰতিফলিত কৰা অন্ততঃ এটি নিৰন্তৰ উপযোগিতা ফলন আছে।[3] যিহেতু উপযোগিতা ফলনে কেৱল অগ্ৰাধিকাৰৰ দিশহে নিৰ্ণয় কৰে, মাত্ৰা নহয়, সেয়ে যদি এটি উপযোগিতা ফলন আৰু , , তেন্তে এ প্ৰতিফলিত কৰা অগ্ৰাধিকাৰ সম্বন্ধক প্ৰতিফলিত কৰা অন্য এক উপযোগিতা ফলন। এই কথাক সহজে প্ৰমাণ কৰিব পৰা যায়-

সেয়েহে উপভোক্তাৰ সমস্যাক এনেদৰেও প্ৰকাশ কৰিব পৰা যায়-

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]