কেইন্সিয়ান ক্ৰছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেইন্সিয়ান ক্ৰছ (ইংৰাজী: Keynesian cross) সমষ্টিবাদী অৰ্থনীতিৰ পাঠদানত সঘনে ব্যৱহৃত এক চিত্ৰ। এই চিত্ৰত ব্ৰিটিছ অৰ্থনীতিবিদ জন মেইনাৰ্ড কেইন্সে ১৯৩৬ চনত এ জেনেৰেল থিয়'ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি[1] আগবঢ়োৱা তত্ত্বৰ সাৰ প্ৰতিফলিত। এই চিত্ৰ প্ৰথমবাৰৰ বাবে অৰ্থনীতিবিদ পল ছেমুৱেলছনে নিজৰ গ্ৰন্থ ইকনমিক্স: এন ইণ্ট্ৰডাক্টৰি এনেলিচিচত ব্যৱহাৰ কৰিছিল, কেইন্সৰ তত্ত্বৰ পৰিচয় পাঠকৰ সৈতে কৰাবলৈ। চিত্ৰখনত Y অক্ষত কোনো অৰ্থনীতিৰ সামগ্ৰিক (প্ৰত্যাশিত) চাহিদা/ খৰচ () আৰু X অক্ষত অৰ্থনীতিখনৰ মুঠ আয় () প্ৰদৰ্শিত কৰা হয়[2]

কেইন্সিয়ান ক্ৰছ চিত্ৰ

চিত্ৰখনত ৪৫ ডিগ্ৰীৰ ৰেখাই সেই বিন্দুসমূহ দৰ্শাই য'ত X আৰু Y অক্ষৰ মূল্য সমান। সেয়ে, যি বিন্দুত আৰু ৪৫ ডিগ্ৰীৰ ৰেখাডালৰ মিলন হয়, সেই বিন্দুত সামগ্ৰিক (প্ৰত্যাশিত) চাহিদা আৰু মুঠ আয় সমান হয়। এই বিন্দুতে অৰ্থনীতিয়ে ভাৰসাম্য লাভ কৰে।

সামগ্ৰিক প্ৰত্যাশিত খৰচ[সম্পাদনা কৰক]

যদি অৰ্থনীতিত চাৰিটা খণ্ড আছে- পৰিয়াল, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰ আৰু বাহ্যিক খণ্ড (অৰ্থনীতিৰ বাহিৰৰ), তেন্তে সামগ্ৰিক প্ৰত্যাশিত খৰচৰ উৎস চাৰিটা। কেইন্সিয়ান ক্ৰছৰ এই অতিকৈ সৰলিকৃত আৰ্হিত, প্ৰত্যেক খণ্ডৰেই গুণাগুণ সহজ সম্বন্ধৰে চালিত বুলি ধৰি লোৱা হয়। আৰ্হিটোৰ ব্যৱহাৰত, কিছু ধাৰণা প্ৰশ্ন নকৰাকৈ মানি লোৱা হয়, যি ধাৰণা সকলো সময়ত সঁচা নহ'বও পাৰে। পিচে কেইন্সে যুক্তি দাঙি ধৰিছিল, যে ইয়াৰ কিছু কিছু ধাৰণা, তেতিয়া বাস্তৱত দেখা যায়, যেতিয়া আমি খুব কম সময়ৰ বাবে কোনো অৰ্থনীতিক পৰ্যবেক্ষণ কৰোঁ[3]। এনে কিছু ধাৰণা হ'ল- অৰ্থনীতিৰ মূল্যৰ দৰৰ স্তৰ সলনি নহয় (মূদ্ৰাস্ফীতি নহয়), বিনিয়োগৰ মাত্ৰা সলনি নহয়, চৰকাৰী খৰচৰ মাত্ৰা সলনি নহয় আৰু ৰপ্তানি-আমদানিৰ স্তৰো সলনি নহয়। এনে অৱস্থাত, কেৱল আয় আৰু উপভোগৰ স্তৰহে সলনি হ'ব পাৰে। এই ধাৰণাসমূহ মনত ৰাখি, তলত দিয়া সমীকৰণে ADক নিৰূপণ কৰে-

ওপৰৰ সমীকৰণত AD হ'ল মুঠ উপভোগ খৰচ (), মুঠ বিনিয়োগ খৰচ (), চৰকাৰৰ খৰচ () আৰু ৰপ্তানি আৰু আমদানিৰ মাজৰ পাৰ্থক্য ()ৰ যোগফল।

উপভোগ খৰচ[সম্পাদনা কৰক]

কেইন্সৰ এই আৰ্হিত, বৰ্তমানৰ উপভোগৰ খৰচ নিৰ্ণয় কৰে বৰ্তমানৰ নিষ্পত্তি কৰিব পৰা আয়ে, অৰ্থাৎ, চৰকাৰক কৰ আদায় দিয়াৰ পাছত ব্যক্তিগত খৰচৰ বাবে উপলব্ধ আয় । যদি চৰকাৰে সকলোৰে পৰা এক নিশ্চিত পৰিমাণৰ কৰ দাবী কৰে, তেন্তে আৰু যদি চৰকাৰে মুঠ আয়ৰ অনুপাত হিচাপে কৰ দাবী কৰে তেন্তে , য'ত আৰু ক্ৰমে মুঠ কৰৰ স্তৰ আৰু কৰৰ দৰ। ঠিক তেনেদৰেই, অন্যান্য ৰূপত কৰ দাবী কৰিলে ৰ ৰূপ পৃথক হ'ব। এই প্ৰবন্ধত আমি ক কোনো বিশেষ ফলনৰ ৰূপ দান নকৰি, কেৱল এই কথা মনত ৰাখিম যে ই মুঠ আয় আৰু মুঠ কৰৰ স্তৰৰ ফলন- । সেয়েহে, মুঠ উপভোগ খৰচ, কো আৰু ৰ ফলন গণ্য কৰিব পৰা যায়।

উপভোগ ফলন ৰ কিছু বিশেষ গুণ আছে। সাধাৰণতে, উপভোগ ফলনে এই চৰ্ত পূৰ্ণ কৰে- আৰু । অৰ্থাৎ, যদি উপলব্ধ আয় ০ও হয়, তথাপিও অৰ্থনীতিত মুঠ উপভোগ ০ নহয়, যোগাত্মক হয়। কাৰণ আয় নাথাকিলেও, অৰ্থনীতিৰ মানুহবোৰে খাদ্য আৰু পানীৰ দৰে আৱশ্যকীয় পণ্যত খৰচ কৰিবই, হয়টো পূৰ্বৰ জমা ধন ব্যৱহাৰ কৰি। দ্বিতীয়তে, উপলব্ধ আয় বৃদ্ধি পালে, উপভোগ খৰচো বৃদ্ধি পাব, কাৰণ অধিক আয়ে মানুহক নতুন বস্তু উপভোগ কৰিবলৈ আৰু পুৰণি বস্তু অধিক উপভোগ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। শেষত, আয় যিমান বৃদ্ধি হয়, উপভোগৰ খৰচ সিমান বৃদ্ধি নহয়। কাৰণ আয় বৃদ্ধি হ'লে, মানুহে অতিৰিক্তকৈ লাভ কৰা আয়ৰ এটি অংশ সঞ্চয়ো কৰিব। উদাহৰণ স্বৰূপে, খৰচ কৰিবলৈ উপলব্ধ আয় ৫০০ টকা হ'লে, মানুহে ৪০০ টকা উপভোগত খৰচ কৰিব আৰু ১০০ টকা সঞ্চয় কৰিব। যদি তেওঁলোকক অতিৰিক্ত ১০০ টকা দিয়া হয়, তেন্তে সেই অতিৰিক্ত ১০০ টকাৰ তেওঁলোকে সমগ্ৰ ১০০ টকাই উপোভোগৰ বাবে খৰচ নকৰে, তাৰেই হয়টো ৮০ টকা খৰচ কৰি ২০ টকা সাঁচিব। সেয়ে, আয় ১০০ টকা বৃদ্ধি পোৱাত উপভোগ খৰচ ৮০ টকাহে বৃদ্ধি পাব।

কেইন্সে তৰ্ক কৰাৰ দৰেই, বাস্তৱত অৰ্থনীতিত উপভোগৰ খৰচৰ এনে ব্যৱহাৰ দেখা গৈছে, যেতিয়া কোনো এক বিশেষ সময়তে, ভিন্ন আয়ৰ লোকক তুলনা কৰা হয়। পিচে একে সময়তে ভিন্ন লোকক তুলনা নকৰি যেতিয়া অৰ্থনীতিৰ মুঠ আয় আৰু উপভোগক ভিন্ন সময়ত তুলনা কৰা হ'ল, এই সম্বন্ধ বাস্তৱত দেখা নগ'ল। কেইন্সৰ এই আৰ্হি অৰ্থনীতিৰ হ্ৰস্ব-ম্যাদী আৰ্হি- অৰ্থাৎ কোনো অৰ্থনীতিক কম সময়ৰ বাবে পৰ্যবেক্ষণ কৰিলে কেইন্সে দৰ্শোৱা ব্যৱহাৰ দেখা পোৱা যায়। দীৰ্ঘ কাল পৰ্যবেক্ষণ কৰিলে কেইন্সৰ তত্ত্ব ব্যৱহাৰ কৰিব পৰা নাযায়, অন্য নব্য-ধ্ৰুপদী অৰ্থনীতিৰ তত্ত্ব ব্যৰহাৰ কৰি অৰ্থনীতিৰ দীৰ্ঘ-ম্যাদৰ ব্যৱহাৰ বুজিব পৰা যায়।

কেইন্সৰ উপভোগ ফলনক এনেদৰে লিখিব পৰা যায়[4]-

বা

বিনিয়োগৰ খৰচ, চৰকাৰৰ খৰচ আৰু ৰপ্তানি-আমদানি[সম্পাদনা কৰক]

এই অতিকৈ সৰলীকৃত আৰ্হিত, বিনিয়োগ, চৰকাৰৰ খৰচ আৰু ৰপ্তানি-আমদানিক ধ্ৰুৱক গণ্য কৰা হৈছে-

এই ধাৰণাসমূহ এই বাবে ব্যৱহাৰ কৰা হৈছে যিহেতু এই কেইন্স ক্ৰছৰ আৰ্হি অৰ্থনীতিৰ এক বিশেষ দিশৰ ছবি দৰ্শাবলৈহে ব্যৱহৃত, সমগ্ৰ অৰ্থনীতিৰ ভিন্ন অংশৰ পূৰ্ণ ছবি দৰ্শাবলৈ নহয়। সেয়ে বিনিয়োগ, চৰকাৰৰ খৰচ, ৰপ্তানি আৰু আমদানিৰ ব্যৱহাৰ ইয়াত আলোচনা কৰা নহয়।

ভাৰসাম্য[সম্পাদনা কৰক]

অৰ্থনীতিৰ এক চক্ৰীয় আৰ্হিৰ আধাৰত জাতীয় আয় গণনা কৰা হয় (মুঠ ঘৰুৱা উৎপাদন- GDP, মুঠ জাতীয় উৎপাদন- GNP আদি)। জাতীয় আয় গণনাৰ সমীকৰণসমূহৰ পৰা এই কথা স্পষ্ট যে বাস্তৱত অৰ্থনীতিত মুঠ চাহিদা আৰু মুঠ আয় সমান হয়। কেইন্সৰ এই আৰ্হিতো, সেয়ে, যেতিয়া মুঠ পৰিকল্পিত চাহিদা আৰু মুঠ আয় সমান হয়, তেতিয়া অৰ্থনীতিয়ে ভাৰসাম্য লাভ কৰে। এনে হয় যেতিয়া কেইন্সিয়ান ক্ৰছৰ চিত্ৰত AD বক্ৰ আৰু ৪৫ ডিগ্ৰীৰ ৰেখাৰ মিলন হয়। অৰ্থাৎ, অৰ্থনীতিয়ে ভাৰসাম্য লাভ কৰে এনে অৱস্থাত[5]-

ধৰি লওক

তেন্তে,

Aৰ প্ৰভাৱ[সম্পাদনা কৰক]

অৰ্থনীতিৰ মুঠ আয় বৃদ্ধি বা হ্ৰাস কৰিবলৈ, চৰকাৰে নিজৰ খৰচ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে। ঠিক তেনেদৰে, চৰকাৰে বিনিয়োগ খৰচ আৰু ৰপ্তানিকো উৎসাহিত কৰিব পাৰে বা বাধিত কৰিব পাৰে। যিহেতু , সেয়ে চৰকাৰী খৰচ, বিনিয়োগ খৰচ আৰু ৰপ্তানি বৃদ্ধি পালে বৃদ্ধি পাব আৰু আমদানি বৃদ্ধি পালে হ্ৰাস পাব। সলনি হ'লে ত দেখা দিয়া প্ৰভাৱ এনেদৰে অনুমান কৰিব পাৰি[6]-

মন কৰিব যে, যিহেতু , সেয়ে ৰ মূল্য ১তকৈ অধিক। ফলস্বৰূপে, চৰকাৰে যদি নিজৰ খৰচ এশ টকা বৃদ্ধি কৰে, অৰ্থনীতিৰ মুঠ আয় এশ টকাতকৈ অধিক বৃদ্ধি পাব। এই ঘটনাক Keynesian Multiplier Effect বোলা হয়। এনে হয়, কাৰণ যদি চৰকাৰে ১০০ টকা খৰচ কৰে, সেই ১০০ টকা কাৰোবাৰ আয় হ'ব, অৰ্থাৎ, মুঠ আয় ১০০ টকাৰে বৃদ্ধি পাব, সেই আয়ৰ এটি অংশ আকৌ সেই ব্যক্তিকেইজনে খৰচ কৰিব, এই খৰচ আন কাৰোবাৰ আয়। এই নতুন আয় লাভ কৰা ব্যক্তিকেইজনে আকৌ এই অতিৰিক্ত আয়ৰ এটি অংশ কৰচ কৰিব যি আন কাৰোবাৰ আয় হ'ব আৰু এনেদৰেই আয় আৰু ব্যয়ৰ চক্ৰ আগবাঢ়ি যাব। যদি সকলোৱে ৯০% অতিৰিক্ত আয় খৰচ কৰে, মুুঠ বৃদ্ধধি হ'ব ১০০০ টকা।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "দ্য জেনেৰেল থিয়ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি". এঞ্চাইক্ল'পিডিয়ে ব্ৰিটেনিকা. https://www.britannica.com/topic/The-General-Theory-of-Employment-Interest-and-Money। আহৰণ কৰা হৈছে: 30 December 2020. 
  2. "দ্য কেইন্সিয়ান ক্ৰছ ডায়েগ্ৰাম". চেইলৰ ডট অৰ্গ. https://saylordotorg.github.io/text_international-finance-theory-and-policy/s11-08-the-keynesian-cross-diagram.html। আহৰণ কৰা হৈছে: 30 December 2020. 
  3. "প্ৰাইচ ষ্টিকিনেচ ডেফিনিচন". ইন্ভেষ্ট'পিডিয়া. https://www.investopedia.com/terms/p/price_stickiness.asp#:~:text=Price%20stickiness%20(or%20sticky%20prices,that%20is%20resistant%20to%20change.। আহৰণ কৰা হৈছে: 30 December 2020. 
  4. "গুড্‌ছ মাৰ্কেট ইকুইলিব্ৰিয়াম". ইকনমিক্স ডিস্কাছন ডট নেট. https://www.economicsdiscussion.net/is-lm-curve-model/goods-market-equilibrium-derivation-of-the-is-curve/10519#:~:text=The%20goods%20market%20is%20in,consumption%20demand%20and%20investment%20demand.&text=When%20the%20rate%20of%20interest,investment%20increases%20and%20vice%20versa.। আহৰণ কৰা হৈছে: 30 December 2020. 
  5. "চেপ্টাৰ ১০". এছ এছ চি ডট ৱিস্ক. https://www.ssc.wisc.edu/~ekelly/econ302/chapter10goodsmarketislm.pdf। আহৰণ কৰা হৈছে: 30 December 2020. 
  6. "ইন্ভেষ্টমেণ্ট মাল্টিপ্লায়াৰ". ইন্ভেষ্ট'পিডিয়া. https://www.investopedia.com/terms/i/investment-multiplier.asp#:~:text=The%20term%20investment%20multiplier%20refers,theories%20of%20John%20Maynard%20Keynes.। আহৰণ কৰা হৈছে: 30 December 2020. 

লগতে চাওক[সম্পাদনা কৰক]