গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি বা Dynamic Stochastic General Equilibrium Model সমষ্টিবাদী অৰ্থনীতিৰ এনে গাণিতিক আৰ্হি য'ত অৰ্থনৈতিক বৃদ্ধি, ব্যৱসায় চক্ৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰভাৱ আদিক সাধাৰণ সাম্যাৱস্থা তত্ত্ব আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ আধাৰত বুজাবলৈ চেষ্টা কৰা হয়।[1] ১৯৭০ৰ দশকৰ পৰাই অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ বাবে সমকালিক সমীকৰণ আৰ্হি ব্যৱহাৰ কৰিছিল, ১৯৯০ৰ দশকত সদিশ স্বয়ং-সমাশ্ৰয়ণ আৰ্হি আৰু একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি ব্যৱহাৰ কৰা হৈছে। সাধাৰণতে এই আৰ্হিসমূহ অৰ্থনীতিবিদৰ দলে কোনো বিশেষ অৰ্থনীতিৰ বাবে তৈয়াৰ কৰে সেই অৰ্থনীতিৰ কেন্দ্ৰীয় বেংকৰ সহযোগত। দ্য বেংক অৱ ইংলেণ্ড, দ্য ফেডাৰেল ৰিজাৰ্ভ বেংক, দ্য ইউৰোপিয়ান চেণ্ট্ৰেল বেংক, আন্তৰ্জাতিক মুদ্ৰা নিধি, স্বেৰিজেচ ৰিক্সবেংক আদি বিকশিত অৰ্থনীতিৰ কেন্দ্ৰীয় বেংক আৰু আন্তৰ্জাতিক অৰ্থনৈতিক সংস্থাই এই আৰ্হিসমূহৰ প্ৰয়োগ সাধাৰণতে কৰে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰিবলৈ আৰু চৰকাৰক পৰামৰ্শ দিবলৈ। শেহতীয়াকৈ উত্থানশীল বজাৰ অৰ্থনীতিসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় বেংকেও এনে আৰ্হিৰ প্ৰয়োগ কৰিবলৈ লৈছে।[2] ভাৰতীয় ৰিজাৰ্ভ বেংকেভাৰতীয় অৰ্থনীতিৰ বাবে এটি নতুন কেইন্সিয়ান গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি তৈয়াৰ কৰাৰ যত্ন কৰিছে।[3][4]

বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্ব আৰু DSGE আৰ্হি-নিৰ্মাণৰ গুৰিধৰোঁতা হিচাপে ফিন কিডলেণ্ড আৰু এডৱাৰ্ড প্ৰেস্কটক ২০০৪ চনত অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল

উদাহৰণ: এটি সৰলীকৃত বাস্তৱ ব্যৱসায় চক্ৰ আৰ্হি[সম্পাদনা কৰক]

বৰ্তমানে ব্যৱহৃত প্ৰায়সংখ্যক DSGE আৰ্হিয়েই নতুন কেইন্সিয়ান অৰ্থনীতিৰ ভিত্তিত তৈয়াৰ কৰা হয়। এনে নতুন কেইন্সিয়ান আৰ্হিসমূহ অতিকৈ জটিল হ'ব পাৰে। নতুন কেইন্সিয়ানৰ পূৰ্বে কিছু সময় বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বৰ ওপৰত ভিত্তি কৰি DSGE আৰ্হি তৈয়াৰ কৰা হৈছিল। তেনে আৰ্হিৰ এটি সৰলীকৃত ৰূপ তলত আলোচনা কৰা হৈছে।[5][6]

এই অতিকৈ সৰলীকৃত আৰ্হিত এটি প্ৰতিনিধি নিৰ্ণয়কৰ্তা আছে (যি উপভোক্তা, উৎপাদক, শ্ৰমিক, পুঁজিপতি আদি সকলো হয়)। এই নিৰ্ণয়কৰ্তাৰ উপযোগিতা নিৰ্ভৰ কৰে উপভোগ আৰু শ্ৰম ৰ ওপৰত, প্ৰত্যেক কাল ৰ বাবে। নিৰ্ণয়কৰ্তাজনৰ জীৱনকাল অসীম। নিৰ্ণয়কৰ্তাজনে নিজৰ আজীৱন উপযোগিতা বৃহদায়িত কৰে, অৰ্থাৎ তেওঁৰ চয়ন সমস্যা হ'ল

। ইয়াত হ'ল কাল ৰ প্ৰত্যাশা সংকাৰক, আৰু

উৎপাদন ক পুঁজি আৰু শ্ৰম এৰে প্ৰস্তুত কৰা হয়--

। ইয়াত হ'ল প্ৰযুক্তিৰ স্তৰৰ মান (হেৰডিয়ান প্ৰকাৰৰ) আৰু

প্ৰযুক্তি প্ৰঘাত নিৰ্ণয় হয় প্ৰথম ক্ৰমৰ স্বয়ং-সমাশ্ৰয়ণ পদ্ধতিৰে--

। ইয়াত , আৰু যি ক্ৰমিক ভাৱে সহসম্বন্ধহীন।

তদুপৰি, আমাৰ ওচৰত আছে সংজ্ঞা-ভিত্তিক সমীকৰণ

, য'ত বিনিয়োগ আৰু হৈছে অৱমূল্যায়নৰ দৰ।

অৱশেষত, বৃহদায়ন সমস্যাৰ বাবে অইলাৰ চৰ্ত দুটি আমি পাওঁ--

আৰু

,

কোনো কোনো আৰ্হিত উপৰ্যুক্ত সমীকৰণৰ উপৰিও প্ৰতিযোগিতাবাদী বাস্তৱ সূদৰ দৰৰ সমীকৰণো অন্তৰ্ভুক্ত কৰা হয়--

এয়া বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বৰ এটি অতিকৈ সৰলীকৃত DSGE ৰূপ। এই সৰলীকৃত আৰ্হি বাস্তৱত চৰকাৰী বা কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্ধাৰণৰ ব্যৱহাৰ নহয়।[7] বাস্তৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ বাবে ইয়াতকৈ অধিক বাস্তৱসন্মত কিন্তু জটিল আৰ্হি ব্যৱহাৰ কৰা হয়। সাধাৰণতে প্ৰত্যেক কেন্দ্ৰীয় বেংকে নিজৰ নিজৰ আৰ্হি তৈয়াৰ কৰে। কিছুমান অধিক বাস্তৱসন্মত উদাহৰণ স্মেট্‌ছ আৰু ৱৌটাৰ্ছে ২০০৩ আৰু ২০০৪ত, হেৰিছন আৰু সহ-লিখকে ২০০৫ত, স্বৰডন আৰু সহ-লিখকে ২০০৫ আদিত প্ৰস্তুত কৰিছে।[8][9][10][11]

লুকাচৰ সমালোচনা আৰু প্ৰভাৱ[সম্পাদনা কৰক]

১৯৭৬ত অৰ্থনীতিবিদ ৰবাৰ্ট লুকাচে তৎকালীন সমষ্টিবাদী-অৰ্থনীতিৰ এক তীক্ষ্ন সমালোচনা আগবঢ়াইছিল।[12] লুকাচে যুক্তি দাঙি ধৰিছিল যে অৰ্থনীতিৰ অতীতত দেখা দিয়া সম্বন্ধৰ আধাৰত অৰ্থনীতিৰ ভৱিষ্যৎ জনাৰ চেষ্টা কৰা অবান্তৰ, বিশেষকৈ, যেতিয়া উপলব্ধ তথ্য পুঞ্জৰ ৰূপৰ। কেইন্সিয়ান অৰ্থনীতিত ব্যৱহৃত নিৰ্ণয় সিদ্ধান্ত, যেনে কেইন্সিয়ান ৰাজকোষীয় নীতি গুণক সংৰচনাত্মক নহয়-- এনে সংখ্যা কোনো অৰ্থনীতিৰ অচল গুণাগুণ নহয়, বৰং কোনো বিশেষ পৰিস্থিতিত অৰ্থনীতিত বসবাস কৰা মানুহে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিফলনহে। সেয়ে চৰকাৰে নিজৰ নীতি সলনি কৰিলে, তেনে সংখ্যাও সলনি হ'ব পাৰে। তেনেহ'লে, অতীতত দেখা দিয়া সংখ্যাৰ আধাৰত বৰ্তমানৰ নীতিৰ ভৱিষ্যতত প্ৰভাৱ জনা অসম্ভৱ।

লুকাচৰ সমালোচনাৰ প্ৰভাৱত অনেক অৰ্থনীতিবিদে তেতিয়াৰ কেইন্সিয়ান পদ্ধতিৰ সলনি নতুন ধ্ৰুপদী অৰ্থনীতিৰ আধাৰত আৰ্হি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। যুক্তিসংগত প্ৰত্যাশা তত্ত্বৰ ব্যৱহাৰ কৰা হ'ল।[13] এনে কিছু আৰম্ভণিতে বিকশিত আৰ্হি আছি বাস্তৱ ব্যৱসায় চক্ৰৰ আৰ্হি। এটি অতিকৈ জনপ্ৰিয় আৰ্হি হ'ল কিডলেণ্ড আৰু প্ৰেস্কটৰ ১৯৮২ৰ আৰ্হি। এনে আৰ্হিসমূহত, কেইন্সিয়ান প্ৰাচলসমূহক ব্যষ্টিবাদী-অৰ্থনীতিৰ আধাৰত, অৰ্থনীতিত বসবাস কৰা লোকৰ নিৰ্ণয়ৰ ফলস্বৰূপেহে চোৱা হ'ল, লুকাচৰ সমালোচনা মনত ৰাখি। সেয়ে এনে আৰ্হিত চৰকাৰে নীতি সলনি কৰিলে পুঞ্জীয় "প্ৰাচল"সমূহ সলনি হোৱাৰ সম্ভাৱনা থাকে। যিহেতু ব্যষ্টিবাদী-আধাৰ অৰ্থনীতিত থকা মানুহৰ পচন্দৰ ভিত্তিত অধ্যয়ন কৰা হয়, সেয়ে কল্যাণ মাপ কৰাৰ দৃষ্টিৰ পৰা DSGE আৰ্হি ব্যৱহাৰ কৰা লোভনীয়। সাধাৰণতে এনে আৰ্হিৰ পৰা এই তৰ্কই আগবঢ়োৱা হয় যে চৰকাৰৰ হস্তক্ষেপে মানুহৰ ক্ষতিহে কৰিব। এনে ধাৰণাক অনেকে বিৰোধ কৰে, বিশেষকৈ এই কথা মন কৰি যে বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বত কেইবাটাও এনে চৰ্ত সত্য ববুলি মানি লোৱা হয় যি প্ৰকৃততে অসত্য। নতুন কেইন্সিয়ান আৰ্হিসমূহত এনে কেইবাটাও চৰ্তক বাদ দিয়া হৈছে, আৰু সেয়ে বৰ্তমানে নতুন কেইন্সিয়ান আৰ্হিসমূহ অধিক ব্যৱহৃত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. https://www.imf.org/en/Capacity-Development/Training/ICDTC/Courses/DSGE
  2. Tovar, C.E. (2008) : DSGE Models and Central Banks, BIS Working Papers No. 258
  3. https://m.rbi.org.in/Scripts/PublicationsView.aspx?id=18027#BX12
  4. https://www.rbi.org.in/scripts/FS_PressRelease.aspx?prid=43505&fn=2752
  5. Hansen, G.D. (1985) : “Indivisible labour and the business cycle”, Journal of Monetary Economics, vol. 16, p. 309-327
  6. King, R., C. Plosser and S. Rebelo (1988) : “Production, growth and business cycles I : The basic neoclassical model” , Journal of Monetary Economics, vol. 21, p. 195-232
  7. http://www.igidr.ac.in/pdf/publication/WP-2016-004.pdf
  8. Smets, F. And R. Wouters (2003) : “ An estimated stochastic dynamic general equilibrium model for the Euro area” Journal of the European Economic Association, vol. 1 (5), p. 1123-1175
  9. Smets, F. And R. Wouters (2004) : “ Forecasting with a Bayesian DSGE model : An application to the Euro area” Journal of Common Market Studies, vol. 42 (4), p. 841-867
  10. Harrison, R., K. Nikolov, M. Quinn, G. Ramsey, A.Scott and R.Thomas (2005) : The Bank of England Quarterly Model, Bank of England, London
  11. Sborodone, A., A. Tambalotti, K. Rao and K.Walsh (2010) : “Policy analysis using DSGE models : An Introduction” Federal Reserve Bank of New York, Economic Policy Review (October), p.23-43
  12. "One of the most famous papers in macroeconomics". Goutsmedt et al. (2015)
  13. Harrison et al. (2013)

লগতে চাওক[সম্পাদনা কৰক]