সমললৈ যাওক

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাল্য বিবাহ নিৰোধক আইন, ১৯২৯
দীঘল শিৰোনাম
  • ভাৰতত বিবাহৰ বয়স সজ্ঞায়িত কৰা এখন আইন
ভৌগোলিক পৰিসীমা সমগ্ৰ ভাৰতবৰ্ষ
প্ৰণয়নকাৰী ইম্পেৰিয়েল বিধান পৰিষদ
প্ৰণয়ন হয় ২৮ চেপ্তেম্বৰ ১৯২৯
কাৰ্যকৰী হয় ২৯ চেপ্তেম্বৰ ১৯২৯
বাতিলকাৰী
২০০৭ৰ আইন-৬
স্থিতি: বাতিল কৰা হ'ল

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ (ইংৰাজী: Child Marriage Restraint Act, 1929) ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়; যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰলৈ সংশোধিত কৰা হয়। হৰিবিলাস সাৰদাই এই আইনখনৰ পৃষ্ঠপোষকতা কৰা বাবে ই ‘সাৰদা আইন’ নামেৰে বিশেষভাবে পৰিচিত। উত্থাপনৰ ছমাহ পিছতে ১৯৩০ চনৰ ১ এপ্ৰিলত এই আইন কাৰ্যকৰী হয়।[1][2][3] ই ভাৰতৰ সামাজিক সংস্কাৰ আন্দোলনৰ ফল। ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা শক্তিশালী বিৰোধ হোৱা সত্বেও এই বিধেযকখন ভাৰতীয় লোকৰ সংখ্যাগৰিষ্ঠতা থকা ব্ৰিটিছ ভাৰত চৰকাৰৰ দ্বাৰা ই গৃহীত হৈছিল।[4] ব্ৰিটিছ কৰ্তৃপক্ষই এই বিধেয়ক গৃহীত হোৱাৰ ফলত তেওঁলোকৰ অনুগত হিন্দু আৰু মুছলমান সাম্প্ৰদায়িক গোষ্ঠীটোৰ সমৰ্থন হেৰুওৱাৰ ভয় কৰিছিল।[5]

বিধায়িনী প্ৰক্ৰিয়া

[সম্পাদনা কৰক]

ইয়াৰ পূৰ্বে ভাৰতৰ বিধান পৰিষদত সন্মতিৰ বসয় সংক্ৰান্তীয় বিভিন্ন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু সেইবোৰ ব্যৰ্থ হৈছিল। ১৯২৭ চনত হৰবিলাস সাৰদাই কেন্দ্ৰীয় বিধানসভাত হিন্দু শিশু বিবাহ বিধেয়ক দাখিল কৰে। বিশ্বৰ গণমত, সমাজ সংস্কাৰক আৰু মুক্তি যুঁজাৰুসকলৰ হেঁচাত এজ অফ কনচেন্ট কমিটি শীৰ্ষক চেণ্ট্ৰেল প্ৰভিঞ্চৰ গৃহ সদস্য চাৰ মোৰোপণ্ট বিশ্বনাথ যোশীয়ে নেতৃত্ব দিয়া এখন নিৰ্বাচিত কমিটিলৈ বিধেয়কখন প্ৰেৰণ কৰে। কমিটিৰ অন্যান্য সদস্যসকল আছিল আৰ্কট ৰামস্বামী মুডালিয়াৰ, খান বাহাদুৰ মাথুক, মিঞা ইমান বক্স কডু, শ্ৰীমতী অ’. ব্ৰেইৰী বিদন, ৰামেশ্বৰ নেহৰু, সত্যেন্দ্ৰ চন্দ্ৰ মিত্ৰ, ঠাকুৰ দাস ভাৰ্গৱ, মৌলৱী মহম্মদ যাকুব, মিঞা চাৰ মহম্মদ শাহ নৱাজ। সচিবৰ দায়িত্ব পালন কৰিছিল এ.ডি. সাগানে-ই। [6]

অল ইণ্ডিয়া ৱ’মেন কনফাৰেঞ্চ, ৱ’মেনছ্ ইণ্ডিয়ান এছোচিয়েচন আৰু নেচনেল কাউঞ্চিল ৱ’মেন ইন ইণ্ডিয়াই তেওঁলোকৰ সদস্যসকলৰ জৰিয়তে বিবাহৰ বসয় বৃদ্ধি আৰু সন্মতি সংক্ৰান্তত যোশী কমিটিৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰে। আনকি মুছলমান মহিলাসকলে, উলেমাসকলৰ বিৰোধৰ সন্মুখীন হ’ব বুলি জানিও বিবাহৰ বয়স বৃদ্ধিৰ সপক্ষে নিজৰ মতামত দাঙি ধৰিছিল। ১৯২৯ চনৰ ২০ জুনত যোশী কমিটিয়ে প্ৰতিবেদন দাখিল কৰে আৰু ই ইম্পেৰিয়েল বিধান পৰিষদত একে বছৰৰে ২৮ চেপ্তেম্বৰত গৃহীত হয়। ১৯৩০ চনৰ ১ এপ্ৰিলৰ পৰা ই সমগ্ৰ ব্ৰিটিছ ভাৰততে বলবৎ হয়। এই আইনে সকলো সম্প্ৰদায়ৰে ছোৱালী আৰু ল’ৰাৰ নূন্যতম বিবাহৰ বয়স ক্ৰমে ১৪ আৰু ১৮ বছৰত নিৰ্ধাৰণ কৰে। [6]

তাৎপৰ্য

[সম্পাদনা কৰক]

বাল্য বিবাহ নিৰোধক আইন মহিলাসকল সংগঠিতভাবে জড়িত হৈ পৰা ভাৰতৰ প্ৰথম সামাজিক সংস্কাৰ সংক্ৰান্তীয় বিষয়। যুক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[7] মতিলাল নেহৰু আদিৰ দৰে সংস্কাৰপন্থী ৰাজনৈতিক নেতাসকলক মহিলা সংগঠিনবোৰে লগ ধৰি বিলখনৰ সমৰ্থন কৰিবলৈ হেচা দিছিল। দ্য অল ইণ্ডিয়া ৱ’মেনছ্ এচোচিয়েচন-এ ৰাজনৈতিক নেতাসকলৰ সমৰ্থন আদায় কৰিবলৈ প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল আৰু ‘যদি তোমালোকে সাৰদা বিলৰ সমৰ্থন নকৰা, তেন্তে বিশ্বই তোমালোকক হাঁহিব’ জাতীয় শ্লোগান দিছিল। গান্ধীয়েও তেওঁৰ বক্তৃতাত বাল্য বিবাহৰ অপকাৰিতাসমূহৰ বিষয়ে বক্তব্য দাঙি ধৰিছিল। বিলখনৰ বিজয়ৰ ক্ষেত্ৰত মহিলা সংগঠনবোৰক কৃতিত্ব দিব পাৰি, যিয়ে এই কাৰ্য আধুনিকতাৰ প্ৰতিশ্ৰুতি ৰূপে উপস্থাপন কৰিছিল।[8]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Gulati, Leela (Aug 1976). "Age of Marriage of Women and Population Growth: The Kerala Experience". Economic and Political Weekly (Sameeksha Trust) খণ্ড 11 (31/33): 1225; 1227; 1229; 1231; 1233–1234. 
  2. Forbes, Geraldin H., Women in Modern India, Cambridge University Press, 1998
  3. Dhawan, Himanshi (15 2006). "Child brides may declare marriage void". Indiatimes (NEW DELHI). Archived from the original on 2011-09-16. https://web.archive.org/web/20110916150044/http://articles.timesofindia.indiatimes.com/2006-09-15/india/27824176_1_child-marriage-restraint-act-girl-child-early-marriages। আহৰণ কৰা হৈছে: 23 June 2011. 
  4. Sinha, Mrinalini (Autumn 2000). "Refashioning Mother India: Feminism and Nationalism in Late-Colonial India". Feminist Studies (Feminist Studies, Inc.) খণ্ড 26 (3): 623–644. 
  5. Nehru, Pandit Jawaharlal (2 July 2004). An Autobiography (Tenth সম্পাদনা). প্ৰকাশক New Delhi: Penguin Books India (Reprint of the Bodley Head original). ISBN 9780143031048. https://archive.org। আহৰণ কৰা হৈছে: 18 May 2017. 
  6. 6.0 6.1 B.S. Chandrababu & L. Thilagavathi (2009). Woman, Her History and Her Struggle for Emancipation. Bharathi Puthakalayam. ISBN 978-81-89909-97-0. https://books.google.com/books?id=NZmyUpHdPWYC&pg=PA261#v=onepage&q&f=false. 
  7. Forbes, Geraldin H., Women in Modern India, Cambridge University Press, 1998 pp 83
  8. Forbes, Geraldin H., Women in Modern India, Cambridge University Press, 1998 pp 71-82;85; 89

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]