অনুৰাধাৰ দেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অনুৰাধাৰ দেশ  
অনুৰাধাৰ দেশ.jpg
লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
প্ৰচ্ছদ শিল্পী দিগন্ত শৰ্মা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
বিষয় সামাজিক
প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড
প্ৰকাশ ১৯৮৯
মিডিয়া প্ৰকাৰ ছপা (পকাবন্ধা)
পৃষ্ঠা সংখ্যা ২৭৫
আই.এচ.বি.এন. 81-7643-064-1

অনুৰাধাৰ দেশ উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত ৰচিত এখন ভিন্নধৰ্মী অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। ই দেৱচৌধুৰীৰ প্ৰথমখন উপন্যাস। অনুৰাধাৰ দেশৰ বাবে লেখকে ১৯৯৩ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰে।[1] প্ৰথমাৱস্থাত উপন্যাসখন প্ৰান্তিক আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।[2] লেখকে প্ৰথম খণ্ডটো ভ্ৰমণ কাহিনী হিচাপেহে প্ৰান্তিকলৈ লিখি পঠিয়াইছিল। প্ৰান্তিকৰ মুখ্য সম্পাদক ড° ভবেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ নাথৰ সৈতে হোৱা আলোচনামৰ্মে তেওঁ নিজৰ চাকৰি জীৱনৰ অভিজ্ঞতা উপন্যাস হিচাপে লিপিৱদ্ধ কৰাৰ সিদ্ধান্ত লয়।[3] অনুৰাধাৰ দেশ উড়িয়া আৰু হিন্দী ভাষালৈয়ো অনুবাদ কৰাৰ ব্যৱস্থা কৰা হৈছে।[4]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ১৯৭১ চনত পাটাছাৰকুছি বিদ্যাপীঠৰপৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৬ চনত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰপৰা প্ৰথম বিভাগত ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰে আৰু ১৯৭৭ চনত দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ চাকৰিত যোগদান কৰে। চাকৰিৰ তাগিদাত তেওঁ পাঁচ বছৰ কাল উৰিষ্যাৰ ভুবনেশ্বৰ আৰু বংগোপসাগৰৰ পাৰৰ পাৰাদ্বীপ বন্দৰত কটায়। অনুৰাধাৰ দেশ এই পাঁচ বছৰৰ অভিজ্ঞতাৰে ফচল। বৰ্তমান তেওঁ অইল ইণ্ডিয়া লিমিটেডৰ এজন উচ্চপদস্থ বিষয়া। তেওঁৰ অন্যান্য ৰচনাৰ ভিতৰত 'গল্প লিখাৰ গল্প' নামৰ দহটা গল্প আৰু ছখন ৰচনাৰ ভিন্নমুখী সংকলন উল্লেখযোগ্য।[1]

কাহিনী সাৰাংশ[সম্পাদনা কৰক]

উপন্যাসখনৰ মুখ্য পটভূমি উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু পাৰাদ্বীপ বন্দৰ। অৰুণাভ এজন অসমীয়া যুৱক, তৈল কোম্পানীৰ চাকৰিয়াল। কোম্পানীয়ে উৰিষ্যাৰ বংগোপসাগৰত আৰম্ভ কৰিবলৈ লোৱা নতুন এক প্ৰকল্পলৈ তেওঁ বদলি হয়। কৰ্মস্থলীতে তেওঁ প্ৰকল্প মেনেজাৰ মিষ্টাৰ মেহৰা, জাহাজ পৰিবহণ বিশেষজ্ঞ ডেনিছ ছিলভিয়া আৰু সহকৰ্মী নীৰেন দত্ত আৰু মিছেছ ডালভিক লগ পায়। নীৰেনে অৰুণাভক ভাবী পত্নী ৰূপালী চলিহাৰ কথা কয় যাৰ সৈতে প্ৰকৃততে অৰুণাভৰ একধৰণৰ সম্পৰ্ক আছিল। আনহাতে অৰুণাভে ভুৱনেশ্বৰ নিবাসী বিশ্ববিদ্যালয়ৰ সহপাঠী অনুৰাধা সাহাকো বিচাৰি উলিয়ায়। আটাইৰে ভিন্ন সান্নিধ্যত উৰিষ্যাত অৰুণাভৰ দিনবোৰ পাৰ হয়। পিছলৈ অৰুণাভ আৰু নীৰেন দুয়ো একেটা ফ্লেটতে থাকিবলৈ লয়। কিছুদিনৰ পিছত ৰূপালীৰ সৈতে নীৰেনৰ বিয়া হৈ যায় আৰু পাৰাদ্বীপৰ ফ্লেটলৈ আহে। কিন্তু নীৰেনৰ অস্বাভাৱিক শীতলতাৰ বাবে দুয়োৰে মাজত কোনো নিভৃত সম্পৰ্ক স্থাপন নহয় আৰু ইয়াৰ বাবে ৰূপালীয়ে চৰম মানসিক অস্থিৰতাত ভোগে। ইয়াৰ মাজতে ডেনিছ আৰু মিছেছ ডালভিৰ মাজত প্ৰেমজনিত সম্পৰ্কই গঢ় লয়। অৰুণাভ আৰু অনুৰাধায়ো ইটোৱে-সিটোৰ প্ৰতি এক ভিন্ন ভাৱে গঢ় লোৱাৰ কথা অনুভৱ কৰিবলৈ লয়। তেনেতে এদিন এক অনিয়ন্ত্ৰিত মুহূৰ্ত্তত অৰুণাভ আৰু ৰূপালীৰ মাজত শাৰীৰিক সম্পৰ্ক হৈ যায়। ফলস্বৰূপে ৰূপালী সন্তানসম্ভৱা হয়। নীৰেনে তেওঁ যে এই সন্তানৰ পিতৃ নহয় সেই কথা জানি ৰুক্ষ আৰু ক্ষুব্ধ হৈ পৰে। অস্থিৰতাৰ মাজতে ৰুপালীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈ মৃত্যুক সাৱটি লয়। ইতিমধ্যে একেলগে থাকিবলৈ লোৱা ডেনিছ আৰু ডালভিয়ে সন্তানটো তুলি লোৱাৰ প্ৰস্তাৱ দিয়ে। কিন্তু শেষত নীৰেনে শিশুটিক নিজ হাতেৰে ডাঙৰ কৰাৰ প্ৰতিশ্ৰুতিৰে আঁকোৱালি লয়। অৰুণাভে নিজকে এই সকলোবোৰ কথাৰে দায়ী বুলি ভাবি প্ৰচণ্ড দোষবোধেৰে অনুৰাধাৰ কাষৰপৰা আঁতৰি যাবলৈ সিদ্ধান্ত লয় আৰু সমস্ত কথা অনুৰাধাক কয়। কিন্তু অনুৰাধাই এই মানৱীয় দোষ-গুণ, ভুল-ত্ৰুটিৰ সমাহাৰ অৰুণাভক আদৰি লয়। শেষত অৰুণাভ আৰু অনুৰাধা দুয়ো একেলগে দিল্লী অভিমুখী বিমানত উঠাৰ বৰ্ণনাৰে উপন্যাসখনৰ সমাপ্তি ঘটে।

চৰিত্ৰ[সম্পাদনা কৰক]

  • অৰুণাভ: উপন্যাসৰ প্ৰধান চৰিত্ৰ, তৈল কোম্পানীৰ চাকৰিয়াল। চাকৰিৰ তাগিদাত গৃহৰাজ্য অসম এৰি উৰিষ্যাত আছেহি।
  • অনুৰাধা: উপন্যাসৰ নায়িকা, এক উড়িয়া যুৱতী। তেওঁ অৰুণাভৰ বিশ্ববিদ্যালয়ৰ সহপাঠী। তথ্যচিত্ৰৰ নিৰ্মাণ কাৰ্যত কৰ্মৰত।
  • নীৰেন: অৰুণাভৰ সহকৰ্মী।
  • ৰূপালী: নীৰেনৰ পত্নী। এক অবাঞ্চিত মুহূৰ্ত্তত তেওঁ অৰুণাভৰ পৰা পতিৰ পৰা নোপোৱা শৰীৰি সান্নিধ্য বিচাৰিছে।
  • মিষ্টাৰ মেহৰা: ভুৱনেশ্বৰৰ অফিচৰ প্ৰকল্প মেনেজাৰ। পত্নী এলিনাৰ সৈতে তেওঁৰ বিচ্ছেদ ঘটিছে।
  • ডেনিছ: এক বিদেশী যুৱক, জাহাজ পৰিবহণ বিশেষজ্ঞ।
  • মিছেছ ডালভি: অৰুণাভৰ অফিচৰ এগৰাকী ছেক্ৰেটেৰি। পিছত ডেনিছৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু দুয়ো একেলগে থাকিবলৈ লয়।

সমালোচনা[সম্পাদনা কৰক]

উপন্যাসখন সন্দৰ্ভত আৱাহনৰ পাতত নলিনীধৰ ভট্টাচাৰ্যই মন্তব্য কৰে,

"'পদুম কুঁৱৰী'ৰ দিনৰে পৰা প্ৰেমৰ পৰীক্ষা অসমীয়া উপন্যাসত হৈছে যদিও, সেইবোৰৰ বেছিভাগেই প্ৰাচীন নৈতিকতাৰ দিশটোতে আৱদ্ধ। ইয়াৰ ব্যতিক্ৰম নিশ্চয় আছে। যিবোৰ আচৰণক সাধাৰণতে ভ্ৰষ্টতা বুলি আখ্যা দিয়া যায়, তেনে ভ্ৰষ্টতাৰ জটিল আৱৰ্ত্ততে মানৱীয় তাৎপৰ্যপূৰ্ণ প্ৰেমৰ ছবি আঁকিবলৈ বহুতেই যত্ন কৰিছে। ফণীন্দ্ৰকুমাৰৰ 'অনুৰাধাৰ দেশ' এই ধাৰাৰ এক সাৰ্থক প্ৰচেষ্টা।"

[5]


গোবিন্দ প্ৰসাদ শৰ্মাৰ মতে, "আদিৰ পৰা অন্তলৈকে সমানে মনোগ্ৰাহীকৈ বৰ্ণনা কৰা কাহিনীটি এই উপন্যাসৰ প্ৰধান বৈশিষ্ট্য। কাহিনীৰ অগতানুগতিকতা, অপৰিচিত পটভূমিৰ ইংগিতধৰ্মী কুশলীচিত্ৰণ, চৰিত্ৰসমূহৰ আমোদজনক কথোপকথন, লেখকৰ হৃদয়স্পৰ্শী ভাষা--- এইবোৰেই কাহিনীৰ মনোগ্ৰাহিতাৰ কাৰণ।" (সূত্ৰধাৰ, মাৰ্চ '৯২ আৰু জুন '৯১)[5]

যোগেশ দাসে অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ স্মৃতিগ্ৰন্থ 'সোণজুৰি'ত লিখিছে, "আধুনিক নগৰীয়া জীৱনৰ (আন) এক জটিল দিশ দাঙি ধৰিছে ফণীন্দ্ৰ দেৱচৌধুৰীয়ে তেওঁৰ 'অনুৰাধাৰ দেশ' উপন্যাসত।.......সুখপাঠ্য ঘটনাৰাজি সৃষ্টি কৰি দেৱচৌধুৰীয়ে আধুনিক জীৱনৰ এটা জটিল অধ্যায় তেনে এটা উপযুক্ত পৰিৱেশত দাঙি ধৰিবলৈ সক্ষম হৈছে।"[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 অনুৰাধাৰ দেশ, বেটুপাত।
  2. অনুৰাধাৰ দেশ, পৃষ্ঠা [৮]
  3. অনুৰাধাৰ দেশ, পৃষ্ঠা [১২], [১৫]
  4. অনুৰাধাৰ দেশ, পৃষ্ঠা [৯], [১০]
  5. 5.0 5.1 5.2 অনুৰাধাৰ দেশ সমালোচক আৰু পঢ়ুৱৈ, অনুৰাধাৰ দেশ। পৃষ্ঠা [২০], [২১], [২২]