ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে৷ আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (১ জুলাই ১৯৫৪-) এজন অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। 'প্ৰান্তিক'ৰ পাতত প্ৰকাশ পোৱা 'অনুৰাধাৰ দেশ' উপন্যাসৰ যোগেদি তেখেতে পাঠকৰ সমাদৰ লাভ কৰে।
চমু জীৱনী[সম্পাদনা কৰক]
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল পাটাছাৰকুছিত, ১৯৫৪ চনৰ ১ জুলাই তাৰিখে। ১৯৭১ চনত তেখেত বৰপেটাৰ পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা গণিত আৰু পদাৰ্থ বিজ্ঞানত লেটাৰসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এখেতে ১৯৭৬ চনত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত তেখেতে অভিযান্ত্ৰিকৰ স্নাতকোত্তৰ ডিগ্ৰীৰ অন্তিম পৰীক্ষা নিদিয়াকৈ ভাৰতীয় তেল নিগমত যোগদান কৰে। মাত্ৰ ডেৰ বছৰকাল অসমত কটোৱাৰ পিছত ১৯৭৯ চনত পাৰাদ্বীপ বন্দৰত চাকৰিৰ তাগিদাত যোগদান কৰে। সেই সময়চোৱাৰ অভিজ্ঞতাৰ ভিত্তিতে তেখেতে 'অনুৰাধাৰ দেশ' ৰচনা কৰে। বৰ্তমান তেখেত ভাৰতীয় তেল নিগম, দুলীয়াজানত কৰ্মৰত।
সাহিত্যিক জীৱন[সম্পাদনা কৰক]
প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা 'অনুৰাধাৰ দেশ' নামৰ উপন্যাসখনেৰে এখেতৰ সাহিত্যক জীৱন আৰম্ভ হয়। উপন্যাসখনে আশাতীত জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিচত তেখেতৰ কেইবাখনো উপন্যাস, গল্প সংকলন আৰু প্ৰবন্ধ সংকলন প্ৰকাশ হয়। সেইবোৰৰ ভিতৰত গৰখীয়াৰ দেশ,সত্যানুসন্ধান, মোক পবিত্ৰ কৰা, গল্প লিখাৰ গল্প আদি উল্লেথযোগ্য।