সমললৈ যাওক

লীনা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীনা শৰ্মা
জন্ম ১১ ডিচেম্বৰ, ১৯৬২
পেচা গল্পকাৰ, ঔপন্যাসিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন কটন মহাবিদ্যালয়
গৌহাটী বিশ্ববিদ্যালয়

লীনা শৰ্মা (ইংৰাজী: Leena Sarma) এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক।[1] চাকৰিসূত্ৰে ভাৰতীয় ৰেল বিভাগৰ শীৰ্ষ বিষয়া ৰূপে তেওঁ গুৱাহাটীৰ মালিগাঁও সদৰ কাৰ্যালয়ত কৰ্মৰত আছিল। [2] ইতিমধ্যে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

১৯৬২ চনৰ ১১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ নিজৰাপাৰাত লীনা শৰ্মাৰ জন্ম হৈছিল। দেউতাক সংস্কৃত পণ্ডিত ডিম্বেশ্বৰ শৰ্মাৰ তেওঁ কনিষ্ঠ কন্যা আছিল। ঘৰুৱা বৌদ্ধিক পৰিৱেশত লীনাই সৰুৰে পৰা সাহিত্য চৰ্চা কৰিছিল। এই সাহিত্য চৰ্চা পিছৰ জীৱনতো অব্যাহত আছিল আৰু তেওঁ ধাৰাবাহিক ভাৱে গল্প-উপন্যাস লিখাই নহয় বিভিন্ন কাকত আলোচনীত নিয়মিত স্তম্ভ লেখনো কৰিছে। প্ৰকাশ, গৰীয়সী আদি মানবিশিষ্ট আলোচনীৰ তেওঁ নিয়মীয়া গল্পকাৰ। শৰ্মাই ইংৰাজী ভাষাতো লেখা-মেলা কৰে আৰু A Melody in the Wilderness তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস।[3]

বিবাহসূত্ৰে লীনা শৰ্মা ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান কুলধৰ শইকীয়াৰ পত্নী। কুলধৰ শইকীয়াও এগৰাকী সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গল্পকাৰ আৰু অসম সাহিত্য সভাৰ সভাপতি।[4] তেওঁলোকৰ একমাত্ৰ সন্তান আৰণ্যক শইকীয়া নগাঁও জিলাৰ সহকাৰী আয়ুক্ত।[5]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  1. লীনাচ পয়েমচ (১৯৮৯)
  2. আধা সজা প্ৰতিমা (১৯৯৯)
  3. নৈশব্দৰ মাজত শব্দ (২০০০)
  4. আভৰণ (২০০২)
  5. সাগৰিকা (২০০২)
  6. অহ্ন-অপৰাহ্ন (২০০৬)
  7. অমৃষা (২০০৭)
  8. কৃষ্ণধাৰা

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "লীনা শৰ্মা আৰু অনুভৱ তুলসীৰ সৈতে কথোপকথন". https://xahitya.org/. ১৮ ফেব্ৰুৱাৰী, ২০১৬. https://xahitya.org/lina_sharma_anubhab_tulashi/ আহৰণ কৰা হৈছে: ১১ অক্টোবৰ, ২০২২.
  2. লীনা শৰ্মা (ডিচেম্বৰ, ২০০৭). অমৃষা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২১৪.
  3. "Life in the land of plenty". https://www.thehindu.com/. 23 November , 2014. https://www.thehindu.com/features/metroplus/interview-with-author-leena-sharma/article6625104.ece আহৰণ কৰা হৈছে: 11 October 2022.
  4. "Writing helps my policing: Kuladhar Saikia - Times of India". The Times of India. http://timesofindia.indiatimes.com/life-style/books/interviews/Writing-helps-my-policing-Kuladhar-Saikia/articleshow/50254467.cms আহৰণ কৰা হৈছে: 2016-02-26.
  5. "আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু…". https://www.asomiyapratidin.in/. 4 Aug, 2020. https://www.asomiyapratidin.in/assam/leena-sarma-fb-post-on-aranyak-saikias-success-upsc-news আহৰণ কৰা হৈছে: 11 October 2022.