শৱ কটা মানুহ
শৱ কটা মানুহ | |
---|---|
লেখক | য়েছে দৰজে ঠংচি |
প্ৰচ্ছদ শিল্পী | ৰবীন বৰুৱা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশক | বনলতা |
প্ৰকাশ | ২০০৪ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
আই.এচ.বি.এন. | 81-7339-407-5 |
পূৰ্বৱৰ্তী | জুলাই, ২০০৮ |
পৰৱৰ্তী | ডিচেম্বৰ, ২০০৮ |
শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত। তাৰপাছত ক্ৰমে ডিচেম্বৰ, ২০০৬ চনত আৰু জুলাই, ২০০৮ চনত প্ৰকাশ হয়।[1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জীগাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম। তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। ২০১১-২০১২ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিত্ব কৰে।
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]দ্যাৰগে নৰবু, গুইচেংমু আৰু তাইৰ আঁকৰী ছোৱালীজনী (ৰিনচিন জুম্বা), ৰিজোম্বা, জিগ্মে, তাৱা, পেমা, ঙাৱাং, গোম্বু, দন্দু, গম্বু, দ্যাৰগে নৰবুৰ দেউতাক দেচিন, মাক দোৰচোম, পেহাক লেকি আৰু পেহীয়েক চেংছোম, আপা চোৰগেন কাৰমা থিনলে, টাচি, দলাই লামা, আপা কাৰচুং চোৰগেন জামবে, অ’চি, ছেকেণ্ড অ’চি তাওজিং, মনপা চিপাহীটো, পাংচেন বুঢ়া, য়চু পুনা চাংদ্ৰাকপা, টোকা, আনে চাংগে নোৰলজোম, আনে দ্ৰেমা, গৰচুং, ৱাংজম, আপা কাৰমা ঠেনলেৰ পুত্ৰ চোৰগেন চাংগে, তেওঁ ভায়েক লেকি, ভনীয়েক জোমুং, চোৰগেন লামা চিৰিং, য়েছে খান্দু, চাইমু, লামা কাৰচুং, দিৰাজং গাঁৱৰ ৰাইজ, চুৰবি গাঁৱৰ ৰাইজ, মন্ত্ৰী মহোদয়, তেওঁৰ পৰিবাৰ আৰু বহুতো।
উপন্যাসৰ সাৰাংশ
[সম্পাদনা কৰক]এজন শৱ কটা মানুহৰ কাহিনী এইয়া। দ্যাৰগে নৰবু ওৰফে আও থাম্পা ওৰফে আপা থাম্পা ওৰফে আজাং থাম্পা ওৰফে আকু থাম্পাৰ কাহিনী এইয়া। ঘটনাচক্ৰত পৰি শৱ কটা কাৰ্যকে বৃত্তি হিচাপে ললেও মনপা সমাজত মৰাশ কটা এটা বহুত পুণ্যৰ কাম। একোটা মৰা শ কটাৰ পুণ্য এবাৰ তীৰ্থ কৰি অহা পুণ্যৰ সমান। যুগ যুগ ধৰি মনপা জনজাতিসকলে পৰম্পৰাগতভাবে মানি আহিছে যে মৃত্যুৰ পাছত মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি নৈত উটুৱাই নিদিলে আত্মাৰ সদ্গতি নহয়। জীৱই মহানিৰ্বাণ নাপায়। মৃতদেহ কটাৰো নিয়ম আছে। পুৰুষ-মহিলাৰ বাবে সুকীয়াকৈ মৃতদেহ সত্কাৰ কৰাৰ নিয়মো বেলেগ বেলেগ। মৃতদেহটো জুখি মাখি হিচাপ কৰি কৰি এশ আঠ ভাগ কৰি কাটি নৈত উটুৱাই দিয়া হয়।
সৰুৰে পৰা গাঁৱৰ আন আন ল’ৰা-ছোৱালীৰ লগতে জিগ্মে, পেমা, ঙাৱাং, গোম্বু, ৰিজোম্বা আদিৰ লগত একেলগে খেলিধূলি ডাঙৰ হৈছিল দ্যাৰগে নৰবুৱে। ৰিজোম্বাই একো নজনা অৱস্থাৰ পৰাই দ্যাৰগেৰ লগত বিয়াত বহাৰ সপোন দেখে। যেতিয়াই তেতিয়াই যাৰে তাৰে আগত কৈয়ো আৰু কৈ হকে নহকে দ্যাৰগেৰ পৰা মাৰ খায়। লাহে লাহে সিহঁতকেইটা ডাঙৰ হৈ অহাত এবাৰ দলাই লামাৰ দৰ্শন পাবলৈ যাওঁতে দলাই লামাৰ স্পৰ্শ পাই ৰিজোম্বাৰ মাজত পৰিবৰ্তনে দেখা দিয়ে। ইফালে দ্যাৰগেৰ লগত ৰিজোম্বাৰ বিয়াৰ বাবে লামাৰ ওচৰলৈ গৈ মঙল চাওঁতে গম পায় যে ৰিজোম্বাৰ ভাগ্যত সাধাৰণভাৱে ঘৰ-সংসাৰ পাতি খোৱাৰ সুখ নাই। দুৰ্ভাগ্যই খেদি ফুৰিছে তাইক। আৰু সঁচাকৈয়ে দুৰ্ভাগ্যক্ৰমে ভাৰত আৰু চীনাৰ মাজত যুদ্ধ আৰম্ভ হোৱাত আপোন মানুহৰ পৰা বিছিন্ন হৈ পৰে দ্যাৰগে নৰবু। যুদ্ধৰ প্ৰভাৱতেই পলাওঁতেই ভৰিত গুলি লাগি ৰিজোম্বা পৰি যোৱাত সকলোৱে তাইক মৃত বুলি ধৰি লয়। ঘটনা-দুৰ্ঘটনাৰ মাজেৰে দ্যাৰগেই অচেতন অৱস্থাত নিজৰ মাককে জীৱন্ত অৱস্থাত হত্যা কৰি মাকৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি কুকুৰক খুৱায়। পাগল হৈ তেজপুৰত থকাৰ পাছত গুইচেংমুৰ দেউতাকৰ অনুগ্ৰহতে দ্যাৰগেই তেওঁৰ ঘৰজোঁৱাই হৈছিলগৈ। গুইচেংমু আৰু দ্যাৰগেৰ এজনী আঁকৰী ছোৱালী জন্ম হ’ল আৰু দৈৱক্ৰমে তাইৰ নামো ৰিনচিন জোম্বা বা ৰিজোম্বা থব লগাত পৰিল। ৰিজোম্বা যে এসময়ত দ্যাৰগেৰ প্ৰেয়সী আছিল এই লৈ গুইচেংমুৰ মনত অসন্তোষ। শৱ কাটি কাটি এদিন দ্যাৰগেই উপলব্ধি কৰে যে সি তাৰ ছোৱালী আৰু তাৰ পত্নীৰ বাবে একোৱেই কৰা নাই। লাহে লাহে তাৰ স্বভাৱ আৰু চিন্তা ভাবনাত পৰিবৰ্তনে দেখ দিয়ে। ক্ৰমাত্ ধৰ্ম কৰ্মৰ প্ৰতিও তাৰ মন ঢাল খায়। আনে চাংগে নোৰলজোমৰ সান্নিধ্যত দ্যাৰগেৰ মনলৈ আমূল পৰিবৰ্তন আহে। সময়ত সকলোৱে গম পায় যে এই আনে চাংগে আন কোনো নহয় সকলোৱে মৃত বুলি ধৰি লোৱা সেই তাহানিৰ ৰিজোম্বাহে। ভৰিত গুলি লাগি পৰি যোৱা ৰিজোম্বাক বৌদ্ধ ধৰ্মাৱলম্বী লোকে তুলি লৈ গৈছিল আৰু তাতেই দীক্ষা-শিক্ষা লৈ কালক্ৰমত ৰিজোম্বাই এক মহান ৰিনপোচেৰ ৰূপ লয়। আনে চাংগেৰ লগত দ্যাৰগেই নিজৰ পুৰণা গাঁৱলৈ ঘূৰি আহে। পেহাক লেকিৰ মৃতদেহৰ শত্কাৰ কৰে। গুইচেংমু আৰু দ্যাৰগেৰ আঁকৰী জীয়েকৰ সকলো দায়িত্ব লৈ আনে চাংগেই তাইক শিক্ষিত কৰি তোলে। জীৱনৰ শেষ কালত আনে চাংগেই নিজৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহৰ সত্কাৰৰ ভাৰ দ্যাৰগেৰ ওপৰতেই দি যায়। সম্পূৰ্ণ ধৰ্মীয় নিয়ম কানুনেৰে আনে চাংগেৰ মৃতদেহৰ সৎকাৰ কৰাৰ পাছত অলৌকিকভাৱেই নদীৰ পানী বাঢ়ি যায় আৰু আনে চাংগেৰ কটা মূৰটো পানীত উটুৱাই দিওঁতে বাঢ়নী পানীয়ে দ্যাৰগেকো জীৱন্ত অৱস্থাতে উটুৱাই লৈ যায়। জীৱিত অৱস্থাতে আনে চাংগেই ভৱিষ্যত বাণী কৰিছিল যে তেওঁ মৃত্যুৰ পাছত দ্যাৰগেৰো মহাপ্ৰয়াণ ঘটিব আৰু কইপেমলৈ যাত্ৰা কৰিব। এই পৃথিৱীত এইবাৰেই তেওঁলোক দুজনৰ শেষ জনম।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ শৱ কটা মানুহ: ৰচক: য়েছে দৰজে ঠংচি; নৱেম্বৰ, ২০০৪ চন