সমললৈ যাওক

ভূপেন্দ্ৰ সংগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক হিচাবে সংগীত জগতলৈ ড॰ ভূপেন হাজৰিকাই বিপুল অৱদান দি গৈছে। সংগীতজ্ঞ হিচাবে তেখেতৰ জনপ্ৰিয়তা তেখেতৰ নিজৰ ৰাজ্য অসম, ওচৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু নিজ দেশ ভাৰতৰ উপৰিয়ো বাংলাদেশতো অভিলেখকাৰী। লোকশিল্পী ভাবে আত্মপ্ৰকাশ কৰা ড॰ হাজৰিকাই সংগীতৰ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নিজৰ প্ৰতিভাৰ বলতে ১৫০০-তকৈও অধিক গান ৰচনা কৰি শ্ৰোতাৰ বিপুল সঁহাৰি লাভ কৰিছিল। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আৰু অসম আৰু ওচৰ চুবুৰীয়া জনজাতিসকলৰ ভাষাত সংগীত ৰচনা কৰি, সুৰ দি আৰু গাই গৈছে। তেখেতৰ সংগীতে বয়স, সময়, স্থান আৰু জাতি-ধৰ্মৰো বাধা চেৰাই এক সৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিছিল। সেয়ে অনেকে তেওঁক "গণশিল্পী"ৰ[উদ্ধৃতিৰ প্ৰয়োজন] মৰ্য্যদা দিয়ে।

অনুপ্ৰেৰণা

[সম্পাদনা কৰক]

ল'ৰালিৰ প্ৰথম গীত পৰিৱেশন কৰা মঞ্চতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আশীৰ্বাদপুষ্ট আৰু জ্যোতিপ্ৰসাদ-বিষ্ণুৰাভাৰ দৰে ব্যক্তিত্বৰ নিকট সান্নিধ্য লাভ কৰা ভূপেন হাজৰিকা হৈছে এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী। তেজপুৰত থকা কালছোৱাতে ভূপেন হাজৰিকাই লগ পাইছিল অসমীয়া সংস্কৃতি জগতৰ অন্যতম খনিকৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাক। এখেতসকলৰ সান্নিধ্যই হাজৰিকাৰো সাংস্কৃতিক জীৱনৰ বৰভেটি গঢ়ে।[1]

নিজৰ কণ্ঠ, কথা সুৰ তথা গায়ন শৈলীৰে দেশে বিদেশে গীত পৰিৱেশন কৰি ড॰ হাজৰিকাই হাজাৰ হাজাৰ জনতাক আপ্লুত কৰিছিল। তেখেতৰ গীতত আছে সময় আৰু সমাজৰ কথা, তেখেতৰ গীতত আছে সম্প্ৰীতি আৰু সমন্বয়ৰ কথা আৰু আছে দেশ আৰু জাতিৰ কাহিনী – লোক জীৱনৰ প্ৰতিচ্ছবি। দুৰন্ত শিল্পীজনৰ সৃষ্টিয়ে অসমীয়া আধুনিক সংগীতক এক বিশেষ স্থানলৈ উন্নীত কৰাৰ লগতে গীতসমূহ বৰ্তমান এক উচ্চ স্তৰৰ সাহিত্য হৈ পৰিছে। শিল্পীগৰকীয়ে লোক জীৱনৰ সুৰ বিচাৰি, মানুহে মানুহৰ বাবে অলপ আস্থা বিচাৰি পাহাৰ ভৈয়াম একাকাৰ কৰি সাত সাগৰ তেৰনদী পাৰ হৈ সমন্বয়ৰ বান্ধোনেৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল।

উল্লেখযোগ্য গীত

[সম্পাদনা কৰক]
  • বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে...: এই গীতেৰে ভূপেন হাজৰিকাই মানৱ সমাজত নৈতিকতাৰ স্খলন, মানৱতাৰ পতন দেখি বুঢ়া-লুইতক সম্বোধন কৰিছে। গীতটিৰ সুৰ পল ৰ'বচনঅল্ড মেন এণ্ড ৰিভাৰ শীৰ্ষক গীতটিৰ সুৰৰ পৰা আহৰিত কৰা হৈছে।
  • সাগৰ সংগমত কতনা সাঁতুৰিলোঁ
  • জিলিকাব লুইতৰ পাৰ
  • অ' বিদেশী বন্ধু
  • মেঘে গিৰ্‌ গিৰ্‌ কৰে
  • বিমূৰ্ত মোৰ নিশাটি

গীতৰ বিষয়-বৈচিত্ৰ্য

[সম্পাদনা কৰক]

ওপজা মাটিৰ পৰা বিশ্বখনৰ য'লৈকে ভূপেন হাজৰিকা গৈছিল তাৰেই আকাশ-বতাহ, সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচি মৃত্যুপৰ্যন্ত গাই গৈছিল। তেওঁৰ গীত সমূহত দেশ-জাতিৰ মানুহক ভালপোৱাৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্জ্বলাই তোলাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা জানিব পাৰি। ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্তমান।[2] জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ কাহিনী যিদৰে তেওঁৰ গীতত বৰ্ণিত হৈছে, একেদৰে প্ৰতিধ্বনিত হৈছে সকলোধৰণৰ সামাজিক বৈষম্য, গাতপাতৰ সংকীৰ্ণতা, অন্যায়-অবিচাৰৰ বিৰুদ্ধে, অন্যায় অবিচাৰৰ বিৰুদ্ধে জাগি উঠাৰ উদত্ত আহ্বান। ড॰ হাজৰিকাই জীৱন আৰু জগতক অতি সূক্ষ্মৰূপত অধ্যয়ন আৰু নিৰীক্ষণ কৰিছিল। তেখেতৰ গীতবোৰ বিষয়বিহীন কল্পনা নহয়, প্ৰতিটো গীতৰ মাজতে আছে একো একোটা বাৰ্তা। বিষয়বস্তুৰ এনে বিশালতা আৰু বৈচিত্ৰ্য অনুসৰি সুধাকণ্ঠজনৰ গীতসমূহক এনেদৰে শ্ৰেণীবিভাগ কৰিব পাৰি:

  • অসমপ্ৰেম বা জাতীয়প্ৰেম পৰিস্ফুট গীত
  • মানৱতাবাদৰ জয়গান
  • প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন
  • বিদ্ৰোহী অন্তৰৰ উচ্ছাস প্ৰকাশক গীত
  • সমসাময়িক প্ৰসংগৰ মূৰ্ত প্ৰকাশ
  • জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি
  • লোকগীত আধাৰিত গীতৰ শৰাই
  • শিশুবিষয়ক গীত[2]

কাব্যিক সৌন্দৰ্য

[সম্পাদনা কৰক]

ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীতেই সমাজৰ বিভিন্ন দিশৰ একো একোখন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। মাটি, মানুহ আৰু প্ৰকৃতিৰ স্বৰূপ উপলব্ধিৰে বিশ্ব মানৱৰ সপোনক গীতৰ বলিষ্ঠ প্ৰক্ষেপণেৰে তেওঁ জনগণৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে।[3] ভূপেন হাজৰিকাৰ গীতসমূহ বিশ্লেষণ কৰিলে সততে কেইটিমান দিশ চকুত পৰে। সেয়া হ'ল:

  1. অপৰূপ শব্দ সংযোজনা; যাৰ গীতি মাধুৰ্যই সহজতে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিব পাৰে।
  2. সহজ-সৰল তথা চিনাকি চিত্ৰকল্প আৰু প্ৰতীকবোৰে গধুৰ বিষয়বস্তুকো সুমধুৰ ৰূপত প্ৰকাশ কৰা।
  3. আশাপূৰ্ণ দৃষ্টিভংগী; সমাজৰ জটিল সমস্যাৰাশিকো সমাধানেৰে আগ বঢ়াৰ চেষ্টা। নিৰাশাক কোনো ঠাইতে স্থান দিব নিবিচৰা এক বাস্তৱ চেষ্টা তেওঁৰ গীতৰাজিৰ অন্যতম দিশ।
  4. সমাজৰ সকলো লোক, সকলো জাতীয় সমস্যা, সমাজ, মানুহ, প্ৰেম আদি নতুন নতুন বিষয়বস্তুক গীতৰ জৰিয়তে জীৱন্ত ৰূপ দিয়াত তেওঁৰ গীতক সৰ্ব্বস্তৰলৈ লৈ যাব পাৰিছে।
  5. কোমল সুৰ তেওঁৰ গীতৰ উপজীব্য।[3]

গীতসমূহৰ অনুপ্ৰেৰণা

[সম্পাদনা কৰক]

দেশপ্ৰেম আৰু সম্প্ৰীতি

[সম্পাদনা কৰক]

ভূপেন হাজৰিকাৰ সৰহভাগ গীত দেশপ্ৰেম আৰু সম্প্ৰীতিৰ ফল্গুধাৰাই তিয়াই ৰাখিছে। শংকৰদেৱক লৈয়েই তেওঁ কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুয়ে,ধৰিলে নামৰে তান বুলি জীৱনৰ প্ৰথম গীতটি ৰচনা কৰিছিল।[4] তাৰ মাজতেই তেওঁৰ ব্যক্তি প্ৰেম আৰু দেশপ্ৰেমৰ প্ৰথমটো বীজ অংকুৰিত হৈছে। অসমৰ গাঁৱৰ সৌন্দৰ্যত মুগ্ধ ড॰ হাজৰিকাই গাঁৱৰ মান ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ গীতৰ জৰিয়তে প্ৰকাশ কৰিছে:

অ' আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান।
নাঙল-যুঁৱলিৰে পৃথিৱী সজাওঁ
ৰ'দত তিৰেবিৰায় জান।

অসমৰ মাটিয়ে তেওঁক শীতলাই ৰাখিছে। অসম দেশৰ ৰূপত মুগ্ধ হৈ ড॰ হাজৰিকাই কৈছে,

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ।
গোটেই জীৱন বিচাৰিলেও/ অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ / ইমান ৰসাল মাটি।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। [4]

ভূপেন হাজৰিকাই কেৱল অসমখনকে ভালপোৱা নহয়, তেওঁ দেশৰ সকলো গুণী-জ্ঞানী প্ৰতিজন ব্যক্তিক ভাল পাইছিল। শংকৰদেৱৰ মানৱী ধৰ্ম, বীৰ লচিতৰ সাহস, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মুক্তিৰ মহাপ্ৰৱাহ তেওঁৰ গীতত অনুৰণিত হৈ আছে। তেওঁ জন্মভূমিৰ দুখ দেখি দুখি মনেৰে গাইছিল,

বুকু হম হম কৰে মোৰ আই / কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ কি মতে তৰোঁ? / আই তোৰে হৈ মই মৰোঁ॥
আই মাতৃৰ প্ৰতি তেওঁৰ এয়া গভীৰ অংগীকাৰ,
যাচিম সান্ত্বনা / আই মুক্তি প্ৰভাতেৰে
থাপিম থাপনা / আই শোণিত তিয়াগেৰে। [4]

তেওঁ উপলব্ধি কৰিছিল যে অসমৰ সকলো জনগোষ্ঠী, সকলো ভাষাৰ সম্প্ৰীতিৰ ডোলেহে দেশৰ অস্তিত্ব ৰখাত সহায় কৰে। সেয়ে তেওঁ গাইছে –

বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ
জীয়া জীয়া আমাৰ ভাষাৰ।
লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি
চোৱা নাই পামেগাম, বিষ্ণুৰাভাৰ
আনন্দ, চন্দ্ৰ, হেম, ৰজনীকান্ত আৰু
অম্বিকাগিৰিৰ ভাষাৰ
একে ফুলনিতে জানো ফুল
ফুলা নাছিলে মফিজ হাজৰিকাৰ?
আজান ফকীৰ আৰু লক্ষীণাথৰ
একে ধ্যান একেটি আশাৰ।
মোজান্মিল অনিলো হ'ল একে শৰতৰে
দুটি ফুল, একেটি ভাষাৰ। [4]

দেশক ৰক্ষা কৰা জোৱানৰ মৃত্যুত ড॰ হাজৰিকাৰ অন্তৰে কান্দি উঠিছিল। '৬২ চনৰ ভাৰত-চীন মাজত হোৱা যুদ্ধত হোৱা জোৱানৰ মৃত্যুৱে তেওঁৰ অন্তৰত গভীৰ দুখৰ সৃষ্টি কৰিছিল। ব'মডিলালৈ গৈ তেওঁ মৃত সৈনিকক দেখি লিখিছে, “এইখন মৃতকৰ স্থান...প্ৰচণ্ড শীত...বৰফে ঢকা আঢ়ৈকুৰি ছটা মৃতদেহ কামেং সীমান্তত পৰি আছে...আলচ কৰি অদৃশ্য সীমাৰ লেঠা মাৰিলেই হয় – তাকে নকৰি একেবাৰে তেজপুৰলৈ চোঁচা মৰাত আমাৰ এই উক্তি...”।[4] দুখৰ অনুভৱেৰে তেওঁ লিখিছিল,

আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ
আৰু মৃত মৌন শত জোৱানলৈ'
মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ।

সম্প্ৰীতি এনাজৰীত তেওঁ পাক খাই আছিল। তেওঁ উপলব্ধি কৰিব পাৰিছিল যে পাহাৰ-ভৈয়ামৰ মিলনতহে বিজ্ঞানে জোৱাৰ আনিব পাৰিব, সমাজে মহান মানৱতাক সাৱটি ধৰিব পাৰিব। সেয়ে তেওঁ মুক্তকণ্ঠে গাইছিল:

কামেং চিয়াং লোহিত আৰু
টিৰাপ সোৱণশিৰি
চিৰ জ্যোতিৰ কুসুম ৰূপে
শোভে হিমগিৰি।
পঞ্চ ফুলৰ থোপা সাজি
আনন্দ উচ্ছল
পুৱাৰ সুৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।[4]

নদীৰ ভূমিকা

[সম্পাদনা কৰক]

ভূপেন হাজৰিকাৰ গীতত বৰ্ণাঢ্য ৰূপত আত্মপ্ৰকাশ কৰিছে। কেতিয়াবা নদীক বিষয়বস্তু হিচাপে লৈ তেওঁ গীত ৰচিছে, কেতিয়াবা পটভূমি হিচাপে, কেতিয়াবা প্ৰতীক হিচাপে, কেতিয়াবা অলংকাৰ হিচাপে নদীক গীতত স্থান দিছে। নদী প্ৰধান দেশৰ নাগৰিক হিচাপে, নদীপ্ৰধান ৰাজ্য অসম তেওঁৰ মাতৃভূমি হোৱাৰ হেতু তেওঁৰ গীতত নদীয়ে প্ৰাধান্য পোৱাটো স্বাভাৱিক। ভাৰতীয় প্ৰেক্ষাপটত আত্মাৰে বৰ অসমক ভালপোৱা ভূপেন হাজৰিকাৰ গীতত নদীৰ ভূমিকা বিদ্যমান। অকল ভাৰতৰ নদীয়েই যে তেওঁৰ গীতত ঠাই পাইছে এনে নহয়, পৃথিৱীৰ য'লৈকে গৈছে তাৰে নদীৰ লগত তেওঁৰ আত্মীয়তা গঢ় লৈ উঠিছে আৰু ব্ৰহ্মপুত্ৰ নতুবা লুইতৰ স্মৃতিৰে সিক্ত হৈ তেওঁৰ গীতৰ মাজেদি আত্মপ্ৰকাশ কৰিছে। নদীৰ প্ৰতি থকা সহজাত আকৰ্ষণৰ কাৰণেই হয়তো পৃথিৱীৰ কেইবাখনো বৃহৎ নদীয়ে তেওঁৰ গীতৰ কথাত ঠাই পাইছে। তেওঁৰ বাবে নদী জীৱন-জীৱিকা, মিলনৰ সেতু, একতাৰ মূলমন্ত্ৰ, বিপ্লৱৰ সাক্ষী, সংগ্ৰামৰ প্ৰেৰণা, গ্ৰহণ আৰু বৰ্জনৰ আদৰ্শ আৰু সম্প্ৰীতিৰ এনাজৰী আছিল।[5]

উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় জীৱন আৰু জনমানস

[সম্পাদনা কৰক]

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল বহু জাতি-জনগোষ্ঠীৰ মিলনভূমি। পাৰস্পৰিক একতা আৰু আদান-প্ৰদানেৰে পূৰ্বতে এক হৈ 'বৰ অসম' নামেৰে সমন্বয়ৰ চানেকি হৈ জিলিকা থকা সাতোখন ৰাজ্যৰ জাতি-জনগোষ্ঠীসমূহৰ সমৃদ্ধ সংস্কৃতি, পৰম্পৰা, জনজীৱন, সৰল মানসে ভূপেন হাজৰিকাক এনেদৰে বিমুগ্ধ কৰি তুলিছিল যে তেওঁ প্ৰত্যেক জনগোষ্ঠীৰ লোকৰ সৈতে আত্মিক সম্পৰ্ক অনুভৱ কৰিছিল। সেইসকলৰ মাজৰে এজন হৈ তেওঁ প্ৰতিখন জনগোষ্ঠীয় জীৱনৰ সমাজ-সংস্কৃতি, সহজ-সজীৱ লোকজীৱনৰ একোখিনি অতি আকৰ্ষণীয় ছবি পৰিস্ফুট হৈ উঠা দেখিবলৈ পোৱা যায়। উত্তৰ-পূবৰ হৃদস্পন্দন বৰলুইতক 'মহামিলনৰ তীৰ্থ' আখ্যা দিয়া এইজন জনতাৰ শিল্পীয়ে গীতেৰে, সুৰেৰে, চিন্তাৰে, কাৰ্যৰে, হৃদয়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাউতিযুগীয়া সম্প্ৰীতিকে কামনা কৰিছিল।[6]

ভূপেন হাজৰিকাৰ গীতৰ ভাববস্তু ভিন্ন, বাৰে ৰহনীয়া। শিশুমনৰ, প্ৰকৃতিচেতনাৰ, মৃত্যুৰ, মানৱতাবাদৰ, বিদ্ৰোহৰ, সমন্বয়ৰ আদি বিবিধ ভাবৰ গীত তেখেতে গাইছিল। তেখেতৰ নাৰীমনৰ প্ৰকাশক যিখিনি গীত – সেই গীতসমূহকো বিবিধ ভাগত ভাগ কৰিব পাৰি, যেনে নাৰী-প্ৰেমিকাৰূপে, দেশমাতৃৰূপে, প্ৰকৃতিৰূপে – নদীৰূপে, বৰদৈচিলাৰূপে, জনজাতীয় ভনীৰূপে আদি নানা ৰূপত নাৰীক কল্পনা, বিবিধ ৰূপৰ নাৰীৰ ছবি তেখতেৰ গীতত প্ৰষ্ফূটিত হৈছে।[7] ড॰ ভূপেন হাজৰিকাৰ গীতত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নাৰীৰ চিত্ৰণ আছে। 'শ্বিলঙৰ মনালিছা লিংডো' শীৰ্ষক গীতত মনালিছা লিংডোৰ মধুৰ সোঁৱৰণিয়ে তেওঁৰ জীৱন ৰঙাই তুলিছিল। গৌৰীপুৰীয়া গাভৰু, ৰাধাপুৰ বাগিচাৰ ৰাধিকা, ৰতনপুৰ বাগিচাৰ লচমী, ৰূপচী নৈৰ পাৰৰ চাওঁতালী গাভৰুৰ ছবি গীতত মনোমোহাকৈ আঁকিছে।[7]

অসমীয়া চলচ্চিত্ৰৰ গীত

[সম্পাদনা কৰক]

একো একোটি বাংময় শব্দ, সুমধুৰ সুৰৰ মূৰ্চ্ছনাৰে মন-প্ৰাণ হৰি নিয়া ভূপেন হাজৰিকাই অজস্ৰ সংগীত সৃষ্টি কৰিছিল। কেৱল অসমীয়া ভাষাতেই নহয়, সৰ্বভাৰতীয় স্বীকৃতিপ্ৰাপ্ত কেইবাটাও আঞ্চলিক ভাষাৰ সংগীতৰ ভড়াল তেখেতৰ গীতেৰে চহকী হ'ল। তেখেতৰ গীতৰ অলংকাৰেৰৈ জাতিষ্কাৰ হোৱা প্ৰায় চল্লিশখন অসমীয়া কথাছবিৰ লগতে অসমাপ্ত, কড়িও কমল, জীৱনতৃষ্ণা, জোনাকীৰ আলো, দুই বেচাৰা, এখানে পিঞ্জৰ, দম্পতী, এখানে পিঞ্জৰ, সীমনা পেৰিয়ে ইত্যাদি প্ৰায় এক ডজন বঙালী কথাছবি, ৰিং আংতং নামৰ কাৰ্বি কথাছবি, মালায়ালম কথাছবি দেশ দানম আৰু লগতে আৰোপ, মেৰা ধৰম মেৰী কা, এক পল, ৰুদালী, সাজ, দৰমিয়া, দমন, গজগামিনী ইত্যাদি প্ৰায় দহখন উল্লেখযোগ্য হিন্দী কথাছবি আছে।[8] এই গীত সমূহৰ সাৱলীল তথা অৰ্থপূৰ্ণ শব্দবিন্যাস আৰু সামাজিক পটভূমিত এই গীতসমূহৰ গুৰুত্ব অসীম আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ড॰ ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনপঞ্জী". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ২৮৪পৃষ্ঠা. ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ). 
  2. 2.0 2.1 প্ৰশান্ত বৰা (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীতৰ বিষয়-বৈচিত্ৰ্য". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ২১৫ৰ পৰা ২২৬ পৃষ্ঠা. 
  3. 3.0 3.1 প্ৰদীপ শৰ্মা (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীতৰ কাব্যিক সৌন্দৰ্য". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ২০৯ পৃষ্ঠা. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 ড॰ নমিতা ডেকা (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীতত দেশপ্ৰম আৰু সম্প্ৰীতি". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ৭৭পৃষ্ঠা. 
  5. ড॰ মঞ্জু লস্কৰ (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীতত নদীৰ ভূমিকা". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ১৩৫, ১৩৬ পৃষ্ঠা. 
  6. ড॰ ৰাজশ্ৰী হাজৰিকা (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীতত উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় জীৱন আৰু জনমানস". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ১৮১, ১৮২ পৃষ্ঠা. 
  7. 7.0 7.1 ৰুণজুন শইকীয়া (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকাৰ গীত আৰু নাৰীমন". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ২৩১, ২৩২ পৃষ্ঠা. 
  8. আকাশদীপ্ত ঠাকুৰ (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শক: ৫৬৩ শংকৰাব্দ )). "ড॰ ভূপেন হাজৰিকা আৰু অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া গীত: সংক্ষিপ্ত অৱলোকন". অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা: ১৯৭ পৃষ্ঠা. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. ভূপেন হাজৰিকাৰ আনুষ্ঠানিক ৱেবছাইট
  2. A Digital Archive of Lyrics of Dr. Bhupen Hazarika, stored in UNICODE format[সংযোগবিহীন উৎস]
  3. ভূপেন্দ্ৰ সঙ্গীতৰ জন্মলগ্নৰ কথা Archived 2014-08-13 at the Wayback Machine, নীলাচৰাই ডট কম ৱেবছাইটত
  4. বিপুলজ্যোতি ডট ইনত থকা ভূপেন হাজৰিকাৰ বিস্তৃত তথ্য Archived 2014-07-01 at the Wayback Machine
  5. The Golden Voice of Bhupen Hazarika
  6. The song of Bhupen Hazarika, The Times of India, 07/11/2011]
  7. About Bhupen Hazarika 07/11/2011
  8. Bloomberg, 09/11/2011