পল ৰ'বচন
| এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:তথ্যসূত্ৰহীন প্ৰবন্ধ। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। সম্পাদকৰ প্ৰতি টোকা: আপুনি বৰ্তমানলৈকে এই প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি কৰা নাই। অনুগ্ৰহ কৰি এটা বাৰ্তা আলোচনা পৃষ্ঠাত যোগ কৰক আৰু কাৰণ দৰ্শাওক যে এই প্ৰবন্ধটো কিয় বিলোপ কৰা অনুচিত।
যদি আপুনি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ পাছটো এই জাননীখন দেখুৱাই থাকে তেন্তে পৃষ্ঠাৰ কেশ্ব নিকা কৰি পুনৰ চেষ্টা কৰক। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ . গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
| পল ৰ'বচন | |
|---|---|
| জন্ম | পল লেৰয় ৰ'বচন ৯ এপ্ৰিল, ১৮৯৮ Princeton, New Jersey, U.S. |
| মৃত্যু | জানুৱাৰী ২৩ , ১৯৭৬ (৭৭ বছৰ) Philadelphia, Pennsylvania, U.S. |
| শিক্ষানুষ্ঠান | Rutgers University (1919) Columbia Law School (1922) |
| পেচা | Singer (spirituals, international folk, musicals, classical), actor, social activist, lawyer, athlete |
| দাম্পত্যসঙ্গী | Eslanda Robeson (1921–1965) (her death) 1 son |
| সন্তান | Paul Robeson, Jr. |
পল লেৰয় ৰ'বচন (Paul Leroy Robeson, /ˈroʊbsən/, rohb-sən, এপ্ৰিল ৯, ১৮৯৮ – জানুৱাৰী ২৩, ১৯৭৬) আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা আছিল। ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত তেওঁ এগৰাকী উৎকৃষ্ট ফুটবল খেলুৱৈ আছিল। পাচত তেওঁ এজন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গায়ক আৰু লগতে থিয়েটাৰ আৰু চিনেমাৰ অভিনেতা হৈ পৰে। তেওঁ স্পেইনৰ গৃহযুদ্ধ, ফেচিজম আৰু সামাজিক অসমানতাৰ বিৰুদ্ধে ৰাজনৈতীক ভাবে জড়িত আছিল। মেককাৰ্থীইজমৰ (McCarthyism) সময়ত তেওঁৰ প্ৰতি-সাম্ৰাজ্যবাদৰ প্ৰতি সমৰ্থন, কমিউনিজমৰ প্ৰতি সহবদ্ধতা (affiliation) আৰু চৰকাৰৰ সমালোচনাৰ বাবে তেওঁ হলিউডত ব্লেকলিষ্টেড হৈ পৰে। শেহলৈ দুৰ্বল স্বাস্থ্যৰ বাবে তেওঁ অৱসৰ ল'বলৈ বাধ্য হয়। মৃত্যুৰ সময়লৈকে তেওঁ নিজৰ ৰাজনৈতীক মতত অলৰ অচৰ থাকিল।
ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত শৈক্ষিক বৃত্তি পোৱা ৰ'বচন এজন সন্মানীয় ফুটবল "অল আমেৰিকান" আৰু শ্ৰেণীৰ বিদায়ী ভাষণ দিওঁতা (valedictorian) হৈ পৰে। কলম্বিয়া ল স্কুলৰ পৰা তেওঁ এল এল বি ডিগ্ৰী পোৱাৰ উপৰিও তেওঁ নেশ্যনেল ফুটবল লীগ (NFL) -অতো খেলিছিল। কলম্বিয়াত তেওঁ গান গাইছিল আৰু বিভিন্ন কেম্পাচৰ বাহিৰা প্ৰযোজনাত অভিনয়ো কৰিছিল। গ্ৰেজুৱেশ্যনৰ পাচত তেওঁ দা এম্পেৰৰ জ'নচ্ আৰু অল গডছ ছিলান গট ৱিংচ নাটকত যোগদান কৰি "হাৰ্লেম ৰেনেছাঁ"ৰ অংশগ্ৰহণকাৰী হৈ পৰে। তেওঁ গ্ৰেট ব্ৰিটেইনত থিয়েটাৰত ভাগ লৈ আন্তঃৰাষ্ট্ৰীয় কলাকাৰ জীৱনৰ পাতনি মেলে। ইয়াৰ পাছৰ কিছুবছৰ তেওঁ পত্নী এচলাণ্ডা ৰ'বচন (এচি)ৰ লগত লণ্ডনত থাকে।
স্নৌ ব'ট (১৯৩৬), চেণ্ডাৰ্চ অব দা ৰিভাৰ আদিৰে নিজকে আন্তৰাষ্ট্ৰীয় চলচিত্ৰ অভিনেতা হিচাবে প্ৰতিষ্ঠা কৰাৰ আগেয়ে ৰ'বচনে চেভয় থিয়েটাৰত অথেল'ৰ অভিনয় কৰে। তেওঁ লাহে লাহে অন্য সংস্কৃতি আৰু মানুহৰ দুৰ্দশাৰ প্ৰতি সহমৰ্মী হ'বলৈ আৰম্ভ কৰে। ৰাজনৈতিকভাবে সক্ৰিয় হ'লে তেওঁৰ আৰ্থিক আৰু পেচাগত ভাবেও হানি হ'ব পাৰে বুলি জানিও তেওঁ স্পেইনৰ গৃহযুদ্ধত ৰিপাব্লিকান সকলৰ পক্ষে সমৰ্থন দিয়ে। তেওঁ কাউন্সিল অন আফ্ৰিকান এফেয়াৰ্চ (CAA) -অতো সক্ৰিয় হৈ পৰে।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আমেৰিকাৰ যুদ্ধৰ প্ৰচেষ্টাক সমৰ্থন কৰিছিল আৰু ব্ৰডৱেত অথেল'ৰ অভিনয়ৰদ্বাৰা প্ৰশংসা বুটলিছিল। কিন্তু চোভিয়েটৰ পক্ষে থকা নীতিসমূহৰ সমৰ্থনৰ বাবে তেওঁ এফ বি আইৰ নজৰত পৰে। যুদ্ধৰ শেষত CAA-ক এটৰ্নী জেনেৰেলচ লিষ্ট অব চাবভাৰচিভ অৰ্গেনাইজেশ্যনচ-অত অন্তৰ্ভুক্ত কৰা হয় আৰু মেককাৰ্থীইজমৰ সময়ত তেওঁৰ বিৰুদ্ধে তদন্ত চলোৱা হয়। তথাপিও চোভিয়েটৰ পক্ষে থকা তেওঁ নিজৰ মতত অলৰ অচৰ থকাৰ বাবে আমেৰিকাই তেওঁক পাচপ'ৰ্ট দিবলৈ অমান্তি হয়। তেওঁৰ আয়ও কমি আহে। তেওঁ হাৰ্লেমলৈ যায়গৈ আৰু আমেৰিকাৰ নিতীসমূহক সমালোচনা কৰা এখন আলোচনী প্ৰকাশ কৰে। কেন্ট ভাৰ্চাচ ডালাচ মোকৰ্দমাৰ পাছত তেওঁৰ যাত্ৰাৰ ওপৰত থকা প্ৰতিবন্ধ উঠাই লোৱা হয় যদিও তেওঁৰ শৰীৰ ভাগি পৰে। তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু জীৱনৰ বাকীচোৱা সময় ফিলাডেলফিয়াত ব্যক্তিগতভাৱে নিৰ্বাহ কৰে।
ভূপেন হাজৰিকা ৰবচনৰ দ্বাৰা প্ৰভাবান্বিত হৈছিল। তেওঁৰ "বিস্তীৰ্ণ পাৰৰে" গানটোৰ সুৰ ৰ'বচনৰ "অ'ল্ড মেন ৰিভাৰ" গানৰ পৰা ধাৰ কৰা।