হোলীগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

হোলীগীত হৈছে বৰপেটাদৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷[1]

ইতিহাস[সম্পাদনা কৰক]

হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায়[2]৷ তথ্য অনুসৰি শংকৰদেৱে আলি পুখুৰীত প্ৰথম দৌল উৎসৱ পাতোতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল৷[3] তাৰোপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা 'ঘুনুচা কীৰ্ত্তন' ৰ কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়৷

পৰৱৰ্ত্তী সময়ত খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহীৰ সহযোগত হোলীগীত পৰিৱেশিত হ’বলৈ লয়৷[3] লগতে সত্ৰত প্ৰচলিত পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল, অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, ফণী তালুকদাৰ, খনীন্দ্ৰনাথ দাস, গিৰীশ দাস, গোকুল পাঠক, প্ৰণৱ দাস ইত্যাদি৷

বিষয়বস্তু[সম্পাদনা কৰক]

অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়- ভক্তিমূলক (বৰগীত) আৰু আধুনিক[4]৷ ইয়াৰ মূল বিষয়বস্তুবোৰ এনেধৰণৰ-

  • গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা
  • কৃষ্ণৰ গুণানুকীৰ্ত্তন
  • প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা
  • শ্ৰীকৃষ্ণৰ গোপিনীৰ সৈতে ৰাসলীলাৰ বৰ্ণনা

উদাহৰণ[সম্পাদনা কৰক]

'ৰংগে ফাগু খেলে চৈতন্য বনমালী৷

দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি৷৷ (কীৰ্ত্তন, শংকৰদেৱ)[1]


'গোপ গোপী সমে খেলা হুয়া আনন্দিতৰৰ

আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া৷

ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়াৰৰ

ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ৷

প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ৷৷' (মাধৱদেৱ)


'ঘেৰিয়া ঘেৰিয়া কানাই মাৰে ফিচকাৰী

ভিজি যায় ৰাধা ৰাণীৰ নীলাম্বৰী শাৰী৷' (সুশীল দাস)


'সুললিত বংশী ধ্বনি শুনি নাচে ৰাধা ৰাণী

সুবাসিত ফুল ৰেণু পুলকিত কৰে তনু৷' ( অৰ্লক দাস)[5]


ৰঙিলী ফাগুনে পাখি মেলিছে

সখিহে, মনত ৰূপৰে মায়াৰে ছায়া মাচিছে

আজি সপোনৰ দাপোনত জিলিক লাগিছে (প্ৰসন্নলাল চৌধুৰী)[3]


পলাশৰ ডালে ডালে

ৰঙৰ অগনি জ্বলে

মন মাতোৱাল কৰে

আবেহো-

ৰঙৰ অগনি জ্বলে৷ (ফণী তালুকদাৰ)[3]


’আমি খেলো হোলী

হোলী ৰংগে নাচো আমি

বাহু তুলি৷’

’খেলে হোলী ৰূপবালা

হোলী খএলে কানু ক’লা

খেলে হোলী জগজনে

হৰি হৰি বুলি৷’ (প্ৰণৱ কুমাৰ দাস)[3]


তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "দৈনিক অসম কাকত প্ৰকাশিত প্ৰবন্ধ". ১৬ মাৰ্চ. http://www.assamtribune.com/scripts/dainik.asp?id=Deubariya/Page1। আহৰণ কৰা হৈছে: 17 মাৰ্চ 2014. 
  2. "আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ". ১৬ মাৰ্চ. http://www.ajirdainikbatori.com/surabhi.htm। আহৰণ কৰা হৈছে: 17 মাৰ্চ 2014. 
  3. 3.0 3.1 3.2 3.3 3.4 ’হোলীগীতৰ সাহিত্যিক সৌন্দৰ্য্য’- ডিম্বেশ্বৰ মেধি, প্ৰান্তিক, ১৬ ফ্ৰেব্ৰুৱাৰী, ২০১০
  4. "আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ". ১৬ মাৰ্চ. http://www.ajirdainikbatori.com/surabhi.htm। আহৰণ কৰা হৈছে: 17 মাৰ্চ 2014. 
  5. "আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ". ১৬ মাৰ্চ. http://www.ajirdainikbatori.com/surabhi.htm। আহৰণ কৰা হৈছে: 17 মাৰ্চ 2014.