সমললৈ যাওক

নেটফ্লিক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেটফ্লিক্স
প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠা ২৯ আগষ্ট ১৯৯৭; ২৭ বছৰ আগত (1997-08-29),[1] কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত
প্ৰতিষ্ঠাপক
মূখ্য কাৰ্যালয় লছ গেটোছ, কেলিফৰ্ণিয়া
কৰ্মৰ এলেকা বিশ্বজুৰি (চীন, ছিৰিয়া, উত্তৰ কোৰিয়া, আৰু ক্ৰাইমিয়াৰ বাহিৰে)[2]

নেটফ্লিক্স (ইংৰাজী: Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়। উদ্যোগটিৰ মুখ্য ব্যৱসায় হৈছে একধৰণৰ ছাবস্ক্ৰিপছন-নিৰ্ভৰ ভিডিঅ' ষ্ট্ৰিমিং সেৱা। তেওঁলোকে ছবি আৰু ছিৰিজ অনলাইনযোগে সম্প্ৰচাৰিত কৰে। তাৰে কিছুমান তেওঁলোকে নিজাকৈও প্ৰযোজনা কৰে।[3] ২০২১ চনৰ জানুৱাৰী পৰ্যন্ত নেটফ্লিক্সৰ গ্ৰাহক-সংখ্যা হৈছেগৈ প্ৰায় ২০ কোটি ৭০ লাখ (২০৩.৭ মিলিয়ন)। ইয়াৰে ৭ কোটি ৩০ লাখ সদস্য আমেৰিকাৰ।[4][5] ২০২১ চনৰ এপ্ৰিলত, নেটফ্লিক্সৰ সদস্য সংখ্যাই ২০ কোটি ৮০ লাখ স্পৰ্শ কৰে আৰু আমেৰিকাৰ সদস্য সংখ্যাই ৭ কোটি ৪০ লাখৰ ঘৰ চুৱে।[6][7] নেটফ্লিক্সৰ সেৱা সমগ্ৰ বিশ্বজুৰি উপলব্ধ। কেৱল চীন দেশ (স্থানীয় নিষিদ্ধকৰণৰ বাবে), ছিৰিয়া, উত্তৰ কোৰিয়া আৰু ক্ৰামিয়াতহে (আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে) এই সেৱা অনুপলব্ধ। ২০২০ চনৰ তথ্য মতে, নেটফ্লিক্সৰ আয় হৈছে ১.২ বিলিয়ন ডলাৰ (প্ৰায় ১২০ কোটি ডলাৰ)[8] উদ্যোগটোৰ কাৰ্যালয় ফ্ৰান্স, ব্ৰাজিল, ভাৰত, নেডাৰলেণ্ডছ, দক্ষিণ কোৰিয়া, জাপান, আৰু যুক্তৰাজ্যত আছে।[9] নেটফ্লিক্স মশ্যন পিকছাৰ্ছ এছ'ছিয়েছন (MPA)-ৰ সদস্য, যিয়ে গোলকীয় পৰ্যায়ত কনটেণ্টৰ প্ৰযোজনা আৰু বিতৰণ কৰিব পাৰে।

নেটফ্লিক্সৰ ব্যৱসায় আৰম্ভ হয় ডিভিডি বিক্ৰীৰে। ইয়াৰ লগতে তেওঁলোকে মেইলযোগেও ডিভিডি বিক্ৰী কৰিবলৈ লয়। কিন্তু সহ-প্ৰতিষ্ঠাতা হেষ্টিংগছে ডিভিডি বিক্ৰী এবছৰৰ পাছতেই বন্ধ কৰি দিয়ে।[3][10] ২০০৭ চনত নেটফ্লিক্সে ষ্ট্ৰিমিং সেৱাৰ প্ৰৱৰ্তন কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়েও ব্যাপ্তি লাভ কৰে। তেওঁলোকে ডিভিডি আৰু ব্লু-ৰেৰ ব্যৱসায়ো চলাই থাকে। ২০১০ চনত নেটফ্লিক্সে আন্তৰ্জাতিক পৰ্যায়ত কানাডাত ষ্ট্ৰিমিং সেৱা উপলব্ধ কৰোৱায়।[11]পৰৱৰ্তী সময়ত তেওঁলোকৰ সেৱাই লেটিন আমেৰিকা আৰু কেৰিবিয়ানক সামৰি লয়। ২০১৩ চনত নেটফ্লিক্সে কনটেণ্ট-প্ৰযোজনা উদ্যোগ হিচাপে যাত্ৰাৰম্ভ কৰে। তেওঁলোকৰ প্ৰথমখন ছিৰিজ হাউছ অৱ কাৰ্ডছ এইটো বৰ্ষতে মুকলি হয়।

মাৰ্ক ৰেণ্ডলফ্, নেটফ্লিক্সৰ সহ-প্ৰতিষ্ঠাতা আৰু উদ্যোগটোৰ প্ৰথমজন মুখ্য কাৰ্যবাহী বিষয়া
ৰীড হেষ্টিংগছ, সহ-প্ৰতিষ্ঠাতা আৰু উদ্যোগটোৰ বৰ্তমানৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া

২০১২ চনৰ পৰা, নেটফ্লিক্সে প্ৰযোজক আৰু বিতৰক হিচাপে অধিক সক্ৰিয় হৈ পৰে। তেওঁলোকে ছবি আৰু টেলিভিছন ছিৰিজৰ ক্ষেত্ৰত দৃঢ়তাৰে প্ৰৱেশ কৰে। পৰিণতিস্বৰূপে তেওঁলোকৰ অনলাইন লাইব্ৰেৰীত নেটফ্লিক্স অৰিজিনেলৰ তালিকা দৃশ্যমান হয়।[12] ২০১৬ চনৰ জানুৱাৰী পৰ্যন্ত, নেটফ্লিক্সৰ সেৱা ১৯০খনতকৈও অধিক দেশলৈ প্ৰসাৰিত হয়।[13] নেটফ্লিক্সে ২০১৬ চনত ১২৬খন অৰিজিনেল ছিৰিজ আৰু ছবি মুকলি কৰে। এই সংখ্যাটো যিকোনো নেটৱৰ্ক আৰু কেবল চেনেলতকৈ অধিক।[14]

নেটফ্লিক্সৰ এটা লেফাফাৰ ভিতৰত কোছ কাৰ্টাৰৰ ডিস্ক
প্ৰথমটো লগ', ১৯৯৭-২০০০
দ্বিতীয়টো লগো, (২০০০-২০০১)
২০০১ চনৰ পৰা ২০১৫ চনলৈকে ব্যৱহাৰ হোৱা ল'গ'
২০১৫ চনৰ পৰা নেটফ্লিক্সে ব্যৱহাৰ কৰি অহা N আখৰযুক্ত আইকনটো

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Business Search – Business Entities – Business Programs | California Country of State". businesssearch.sos.ca.gov. Archived from the original on August 13, 2017. https://web.archive.org/web/20170813103404/https://businesssearch.sos.ca.gov/CBS/SearchResults?SearchType=CORP&SearchCriteria=Netflix&SearchSubType=Keyword। আহৰণ কৰা হৈছে: May 26, 2017. 
  2. "Where is Netflix available?". Netflix. https://help.netflix.com/en/node/14164। আহৰণ কৰা হৈছে: August 8, 2017. 
  3. 3.0 3.1 Pogue, David (January 25, 2007). "A Stream of Movies, Sort of Free". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2007/01/25/technology/25pogue.html. 
  4. "Netflix tops 200 million subscribers but faces growing challenge from Disney Plus". CBS News. https://www.cbsnews.com/news/netflix-tops-200-million-subscribers-but-faces-growing-challenge-from-disney-plus/। আহৰণ কৰা হৈছে: 2021-01-30. 
  5. "Netflix subscriber growth soars past 200 million members". CNET. https://www.cnet.com/news/netflix-fourth-quarter-subscribers-soar-past-200-million-members-stock/। আহৰণ কৰা হৈছে: 2021-01-30. 
  6. Kastrenakes, Jacob (April 20, 2021). "Netflix subscriber growth is stalling as it runs low on hits". The Verge. https://www.theverge.com/2021/4/20/22394425/netflix-subscriber-growth-stalls-2021. 
  7. Katz, Brandon (April 30, 2021). "Netflix Growth Is Slowing, But Its Customers Remain the Most Loyal of All". Observer. https://observer.com/2021/04/netflix-subscriber-growth-slowing-but-customers-are-loyal/. 
  8. "Here's why Netflix shares are off after reporting earnings" (en-US ভাষাত). TechCrunch. https://social.techcrunch.com/2020/10/20/heres-why-netflix-shares-are-off-after-reporting-earnings/। আহৰণ কৰা হৈছে: 2020-11-13. [সংযোগবিহীন উৎস]
  9. "Netflix Corporate Information". Netflix. Archived from the original on January 3, 2018. https://web.archive.org/web/20180103172337/https://help.netflix.com/en/node/2101। আহৰণ কৰা হৈছে: May 4, 2021. 
  10. Keating, Gina (2012). Netflixed: The Epic Battle for America's Eyeballs. প্ৰকাশক New York: Portfolio/Penguin. পৃষ্ঠা. 47. ISBN 9781101601433. 
  11. "Netflix launches Canadian movie service". CBC News. http://www.cbc.ca/news/technology/netflix-launches-canadian-movie-service-1.872505. 
  12. "Netflix chief bulks up on series (600 hours! )". USA Today. https://www.usatoday.com/story/life/tv/2016/01/17/netflix-chief-bulks-up-series-600-hours/78931816/। আহৰণ কৰা হৈছে: February 7, 2016. 
  13. Minaya, Ezequiel; Sharma, Amol. "Netflix Expands to 190 Countries". The Wall Street Journal. ISSN 0099-9660. https://www.wsj.com/articles/netflix-expands-to-190-countries-1452106429. 
  14. Masters, Kim (September 14, 2016). "The Netflix Backlash: Why Hollywood Fears a Content Monopoly". The Hollywood Reporter. https://www.hollywoodreporter.com/features/netflix-backlash-why-hollywood-fears-928428। আহৰণ কৰা হৈছে: September 18, 2016.