লাইফ অৱ পাই (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাইফ অৱ পাই

চলচ্চিত্ৰখনৰ পষ্টাৰ
পৰিচালক আং লী
চিত্ৰনাট্য ডেভিড মেগী
প্ৰযোজক আং লী
গিল নেটাৰ
ডেভিদ ৱমাৰ্ক
অভিনয়ত সূৰুজ শৰ্মা
ইৰফান খান
টাবু
আদিল হুছেইন
ৰাফে স্পাল
জিৰাৰ্ড ডেপাৰদেউ
চিত্ৰগ্ৰহণকাৰী ক্লডিঅ' মিৰাণ্ডা
সম্পাদনা টিম স্কুইৰাছ
সংগীত পৰিচালক মাইকেল ডান্না
প্ৰযোজনা
কোম্পানী
পৰিবেশক ২০ ছেণ্টুৰী ফক্স
মুক্তি
২৮ ছেপ্টেম্বৰ ২০১২ (2012-09-28) (নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱ)
২১ নৱেম্বৰ ২০১২ (2012-11-21) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
১২৭ মিনিট[1]
দেশ যুক্তৰাজ্য
ভাষা ইংৰাজী
বাজেট $১২০ মিলিয়ন[2]
সৰ্বমুঠ আয় $৬০৩,৩০৭,৮৯০[2]

লাইফ অৱ পাই (ইংৰাজী: Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।[3] ২০১২ চনৰ ২৮ ছেপ্টেম্বৰত ৫০ সংখ্যক নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱৰ "ৱাল্টাৰ ৰীড থিয়েটাৰ" আৰু "এলিছ টুলী হ'ল"ত চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ হৈছিল আৰু তাত উদ্বোধনী চলচ্চিত্ৰৰূপে লাইৱ অৱ পাই দেখুওৱা হৈছিল।[4]

কাহিনী সাৰাংশ[সম্পাদনা কৰক]

লাইফ অৱ পাই চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হ'ল পাই। পাইৰ নাম আছিল পিছকাইন মলিটৰ। তেওঁ নিজেই সেই নাম সলাই পাই পেটেল ৰাখে। কাহিনী অনুসৰি পাইৰ পৰিয়ালৰ এক নিজা চিৰিয়াখানা আছিল। চিৰিয়াখানাখন পাইৰ ১৬ বছৰ বয়সত বন্ধ কৰি দি জীৱ জন্তুবোৰ বিক্ৰী কৰাৰ বাবে পৰিয়ালটোৱে প্ৰশান্ত মহাসাগৰৰ মাজেৰে এখন জাপানী জাহাজেৰে কানাডালৈ যাত্ৰা কৰিছিল। যাত্ৰাকালত সাগৰৰ প্ৰচণ্ড ধুমুহাই জাহাজখন ধ্বংস কৰে। বাকী সকলো লোক আৰু প্ৰাণী মৃত্যুমুখত পৰে যদিও এখন লাইফ বোটত উঠি পাই আৰু চিৰিয়াখানাৰ বাঘ এটাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। এই বাঘটোৰ নাম আছিল ৰিচাৰ্ড পাৰ্কাৰ। পূৰ্বতে পায়ে সদায় ঢেঁকীয়াপতীয়া বাঘটোক আহাৰ যোগান ধৰিছিল। কিন্তু সৰু নাওখনত পায়ে বাঘটোৰ সৈতে সুৰক্ষিতবোধ কৰা নাছিল। পায়ে জানিছিল যে যিদিনাই বাঘটোৰ খাদ্যৰ নাটনি হ'ব সেইদিনাই সি পাইক হত্যা কৰিব। লাইফ বোটত থকা খাদ্যৰে পাইৰ অভাৱ ঘটিছিল আৰু পায়ে বহু কষ্টৰ মাজেৰে বাঘটোক খুৱাই বুৱাই ৰখাৰ ব্যৱস্থা কৰিছিল। সাগৰৰ মাজত এনেদৰে প্ৰায় ২২৭ চিন ওপঙি থকাৰ মাজতে বহুতো অদ্ভুত ঘটনা ঘটিছিল। অৱশেষত পাইৰ নাওখন মেক্সিকোৰ উপকূলত লাগিছিল। কোনোবাই পাইক নি চিকিত্‍সালয়ত ভৰ্ত্তি কৰাইছিল আৰু তাতেই তেওঁৰ ওচৰলৈ জাপানী জাহাজখনৰ বীমা কোম্পানীৰ এজেণ্টজন আহিছিল। এজেণ্টজনৰ আগত পায়ে সকলো কাহিনী বৰ্ণনা কৰিছিল যদিও এজেণ্টজনে বিশ্বাস কৰা নাছিল। তেতিয়া পায়ে একেটা কাহিনীকে ৰূপকধৰ্মীতাৰে বৰ্ণনা দিছিল।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

পাইৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে সূৰুজ শৰ্মাই। পাইৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ চলচ্চিত্ৰ অভিনেতা আদিল হুছেইনে। আনসকল চৰিত্ৰ হ'ল ইৰফান খান, জিৰাৰ্ড ডেপাৰদেউ, টাবু আদি।

সফলতা[সম্পাদনা কৰক]

মুক্তিৰ পাছত, "লাইফ অৱ পাই" ব্যৱসায়িকভাৱে যথেষ্ট সফল হয় আৰু প্ৰায় ৬০০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে। ৮৫ তম একাডেমি পুৰস্কাৰত এইখনে ১১টা বঁটাৰ বাবে মনোনীত হৈছিল য'ত "শ্ৰেষ্ঠ চলচ্চিত্ৰ" আৰু ৪টা বঁটা লাভ কৰে, পৰিচালক "আং লী"য়ে শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰে।[5] চলচ্চিত্ৰখনে লগতে ৩টা গোল্ডেন গ্ল'ৱ এৱাৰ্ডৰ বাবে মনোনীত হয় আৰু গোল্ডেন গ্ল'ৱ এৱাৰ্ড ফ'ৰ বেষ্ট অৰিজিনেল স্কৰ বঁটা লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "LIFE OF PI (PG)". British Board of Film Classification. November 9, 2012. http://www.bbfc.co.uk/DFF290752/। আহৰণ কৰা হৈছে: November 23, 2012. 
  2. 2.0 2.1 "Life of Pi". Box Office Mojo. http://www.boxofficemojo.com/movies/?id=lifeofpi.htm। আহৰণ কৰা হৈছে: February 15, 2013. 
  3. Zeitchik, Steven; Horn, John (May 27, 2010). "'Life of Pi' suffers another blow". Los Angeles Times. http://latimesblogs.latimes.com/movies/2010/05/life-of-pi-ang-lee-movie-trouble.html. 
  4. Scott, A. O. (September 27, 2012). "A Festival Whose Age Is Just a Number". The New York Times. http://www.nytimes.com/2012/q09/28/movies/new-york-film-festival-at-lincoln-center.html। আহৰণ কৰা হৈছে: 2013-01-12. 
  5. "Ang Lee Wins The Academy Award For Best Director". Stories99. http://stories99.com/2013/02/25/ang-lee-wins-the-academy-award-for-best-director/। আহৰণ কৰা হৈছে: 2013-03-03. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]