মীৰা নায়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰা নায়াৰ
জন্ম ১৫ অক্টোবৰ, ১৯৫৭ (৬৬ বছৰ)
ৰৌৰকেলা, ওড়িশা, ভাৰত
বাসগৃহ নিউয়ৰ্ক চিটি, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষা মিৰাণ্ডা হাউচ, দিল্লী বিশ্ববিদ্যালয়
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
পেচা চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮৬-বৰ্তমানলৈ
উল্লেখযোগ্য কৰ্ম দা নেমচেক
চালাম বোম্বে
দাম্পত্যসঙ্গী মিটছ্ ইপষ্টিন (বিবাহ বিচ্ছেদ)
মেহমুদ মামদামী (১৯৯১–বৰ্তমানলৈ)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (২০১২)

মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা।[1] তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়। তেওঁৰ উল্লেখযোগ্য বোলছবি সমূহ হ'ল, মিচিছিপি মছলা, কামসূত্ৰ: এ টেল অফ লাভ, দ্য নেমচেক গোল্ডেন লায়ন বিজয়ী মনচুন ৱেডিং আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰ বঁটালৈ মনোনীত হোৱা চালাম বোম্বে

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৫৭ চনৰ ১৫ অক্টোবৰ তাৰিখে ওড়িশাৰ ৰৌৰকেলাত মীৰা নায়াৰৰ জন্ম হৈছিল। তাৰপিছত মীৰা মাক-দেউতাক আৰু দুজন ককায়েকৰ লগত ভুৱনেশ্বৰলৈ যায়।[2] তেওঁৰ পিতৃ অমৃত নায়াৰ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু মাতৃ পাৰবিন নায়াৰ এগৰাকী সমাজকৰ্মী আছিল।[3] ১১ বছৰ বয়সত পিতৃৰ বদলি হোৱাৰ বাবে তেওঁলোক দিল্লীলৈ আহে। ১৩ বছৰ বয়সত তেওঁক চিমলাত অৱস্থিত আইৰিছ কেথলিক স্কুল লৰেণ্ট' কনভেণ্ট তাৰা হলত নামভৰ্তি কৰা হয়। ইয়াত পঢ়ি থাকোতে তেওঁ ইংৰাজী সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মিৰাণ্ডা হাউচত সমাজশাস্ত্ৰ অধ্যয়ন কৰে। তাৰপিছত তেওঁ সম্পূৰ্ণ জলপানিৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ফটোগ্ৰাফীৰ ক্লাছ কৰি থাকোতে মীৰায়ে তেওঁৰ প্ৰথম স্বামী মিটছ্ ইপষ্টিনক লগ পাইছিল।[2] ১৯৮৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ১৯৮৮ চনত তেওঁ মিচিছিপি মছলা ছবিৰ বাবে উগাণ্ডাত গৱেষণা কৰি থাকোঁতে দ্বিতীয় স্বামী মেহমুদ মামদানীক লগ পায়। তেওঁলোকৰ পুত্ৰ জহৰাণ ১৯৯১ চনত জন্ম হয়। তেওঁলোক দুয়ো কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।[3]

তেওঁ বহু বছৰৰ পৰা যোগাসনৰ সাধনা কৰি আহিছে। তেওঁৰ ছবিসমূহৰ দৃশ্যগ্ৰহণৰ ঠিক আগতে যোগৰ সাধনাৰ নিয়ম বনাই লৈছিল।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

মীৰা নায়াৰৰ চলচ্চিত্ৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হল, "চালাম বোম্বে" চলচ্চিত্ৰৰ বাবে ক্যা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন কেমেৰা বঁটা, শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত অস্কাৰ বঁটালৈ মনোনায়ন; মনচুন ৱেডিংৰ বাবে ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ গোল্ডেন লায়ন বঁটা; মিছিচিপি মছলাৰ বাবে ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ গোল্ডেন অচেলা বঁটা ইত্যাদি।

জানজিবাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মীৰা নায়াৰ

তেওঁক ২০০৭ চনৰ বাবে ইণ্ডিয়া-এবৰোড পাৰ্চন অফ দা ইয়াৰ সন্মানেৰে সন্মানীত কৰা হৈছিল।[6] ২০১২ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[7]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Spelling, Ian (1 September 2004). "Director likes to do her own thing". Waterloo Region Record: পৃষ্ঠা C4. 
  2. 2.0 2.1 Muir, John Kenneth (1 June 2006). Mercy In Her Eyes: The Films of Mira Nair. Applause Theater & Cinema Books. ISBN 1557836493. 
  3. 3.0 3.1 "Mira Nair". Encyclopedia of World BiographyEncyclopedia of World Biography. http://www.notablebiographies.com/newsmakers2/2007-Li-Pr/Nair-Mira.html। আহৰণ কৰা হৈছে: 29 April 2015. 
  4. Blenski, Simon; Debreyne, Adrien Maurice; Hegewisch, Martha Eugina; Trivedi, Avani Anant. "Mira Nair". University of MinnesotaUniversity of Minnesota. http://voices.cla.umn.edu/artistpages/nairMira.php। আহৰণ কৰা হৈছে: 30 April 2015. [বিসংগতিপূৰ্ণ উৎস]
  5. Dupont, Joan (21 September 2001). "Mira Nair Peels Back Layers Of Punjabi Society". International Herald Tribune. Archived from the original on 28 December 2009. https://web.archive.org/web/20091228182413/http://mirabaifilms.com/wordpress/?page_id=32. 
  6. "Mira Nair is India Abroad Person of the Year 2007". Rediff.com. 29 March 2008. http://www.rediff.com/news/2008/mar/29iapoy.htm. 
  7. Jamkhandikar, Shilpa (25 January 2012). "Dharmendra, Shabana Azmi, Mira Nair to get Padma Bhushan". Reuters. Archived from the original on 8 April 2015. https://web.archive.org/web/20150408164941/http://in.reuters.com/article/2012/01/25/padma-bhushan-awards-idINDEE80O0IY20120125. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]