লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিদ্যালয়ৰ তোৰণ
শ্ৰদ্ধাবান লভতে জ্ঞানম
অৱস্থান
ৱৰ্ড ২, লক্ষীপুৰ, গোৱালপাৰা, অসম, ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ মাধ্যমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
প্ৰতিষ্ঠাকাল মাৰ্চ ১৯৩৫
শ্ৰেণী ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী
অধ্যক্ষ অনুজা দেৱী
লিঙ্গ পুৰুষ-মহিলা
ছাত্ৰৰ সংখ্যা ৭০০
মাধ্যম অসমীয়া, ইংৰাজী
কেম্পাছ নগৰ অঞ্চল
Houses অধ্যক্ষ কোঠা, আইটি ৰুম, শ্ৰেণীকোঠা, বিজ্ঞান পৰীক্ষাগাৰ,

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Lakhipur Higher Secondary School)খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল।[1] এই বিদ্যালয়খন অসমগোৱালপাৰা জিলালক্ষীপুৰ উন্নয়ন খণ্ডৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত ৰাজবাৰীত অৱস্থিত। বিদ্যালয়খনত বৰ্তমান ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়। অসমীয়া ভাষা হৈছে এই বিদ্যালয়খনৰ নিৰ্দেশনাৰ মাধ্যম। এই বিদ্যালয়ত একাডেমিক অধিবেশন এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়।[2]

শ্ৰেণীকক্ষ আৰু সুবিধাসমূহ[সম্পাদনা কৰক]

বৰ্তমান ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈ শাখা বিভক্ত কৰি মুঠ ১৪টা শ্ৰেণীকোঠা আছে। এটা অধ্যক্ষ কোঠাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবে জিৰণি কোঠা আছে।

সহ-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপবোৰৰ বাবে পৃথকে দুটা কক্ষ আছে। বিদ্যালয়ত পকা সীমা প্ৰাচীৰৰ লগতে বিদ্যুতৰ সু-ব্যৱস্থা আৰু নিয়মিত পানী যোগানৰ বাবে কাৰ্যক্ষম পানীৰ কল আছে। স্কুলত ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক শৌচালয় আছে। বিদ্যালয়ত এখন খেল পথাৰ আৰু এটা গ্ৰন্থাগাৰ আছে। গ্ৰন্থাগাৰত বৰ্তমানলৈ মজুত থকা গ্ৰন্থৰ সংখ্যা ৪৫৬ টা। বিদ্যালয়ত পাঠদান আৰু শিক্ষাৰ উদ্দেশ্যত ১২টাকৈ কম্পিউটাৰ আৰু এটা কম্পিউটাৰ সংযোগী শৈক্ষিক পৰীক্ষাগাৰ আছে।[2] ইয়াৰ উপৰিও আইটি ৰুমত ২৫খন লেপটপও আছে, এইবোৰ কেৱল আইটি বিষয় লোৱা ছাত্ৰ ছাত্ৰীৰ বাবে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. মহাৰাজত জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্ত (২০১২-১৩) ৰ পৰা
  2. 2.0 2.1 "About LAKHIPUR H.S. SCHOOL". School.org.in. https://schools.org.in/goalpara/18030221705/lakhipur-h-s-school.html। আহৰণ কৰা হৈছে: 29 April 2020. 
  3. পাপৰি ২০১৯