অসম প্ৰদেশ
অসম প্ৰদেশ ব্ৰিটিছৰ অন্তৰ্গত ভাৰতত ১৯১২ চনত পূৰ্ব বংগ আৰু অসমৰ বিভাজনৰ সময়ত গঠন কৰা এখন প্ৰদেশৰ নাম আছিল।ইয়াৰ ৰাজধানীৰ নাম শ্বিলং আছিল। অসমক প্ৰথম বাৰৰ বাবে বঙালৰ পৰা ১৮৭৪ চনত নৰ্থ-ইষ্ট ফ্ৰণ্টিয়ৰ প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।১৯০৫ চনত ইয়াক পূৰ্ব বংগ আৰু অসম প্ৰদেশ নামেৰে এখন প্ৰান্ত গঠন কৰি অধীনত লোৱা হৈছিল পাছত ১৯১২ চনত ইয়াক এখন পৃথক প্ৰদেশ হিচাপে স্বীকৃতি দিয়ে।