সমললৈ যাওক

বোম্বে প্ৰেচিডেঞ্চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বোম্বে প্ৰেচিডেঞ্চি
১৬৬২-১৯৩৫
বোম্বে প্ৰদেশ
১৯৩৫-১৯৫০
[[Image:
|250px |center |বোম্বে প্ৰেচিডেঞ্চি-ৰ অৱস্থান]]
[[Image:
   
|250px |center |বোম্বে প্ৰেচিডেঞ্চি-ৰ অৱস্থান]]
ৰাজধানীBombay
 This article incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). "Bombay Presidency". Encyclopædia Britannica (11th ed.). Cambridge University Press. 

বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ (ইংৰাজী: Bombay Presidency বা Bombay Province ; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূখণ্ড অধিগ্ৰহণ কৰা হৈছিল। পুনা প্ৰেচিডেঞ্চিখনৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল।[1]

বোম্বে প্ৰদেশৰ সুত্ৰপাত হৈছিল বোম্বে চহৰখনৰ পৰা, যিখন ২৭ মাৰ্চ ১৬৬৮-ত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে ৰাজকীয় চনদ যোগে ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল। বোম্বে ১৬৬১ চনৰ ১১ মে'ত দ্বিতীয় চাৰ্লছে পৰ্তুগালৰ চতুৰ্থ জনৰ কন্যা ৰাজকুমাৰী কেথেৰিন ডি ব্ৰাগাঞ্জাৰ সৈতে তেওঁৰ বিবাহ চুক্তিৰ জৰিয়তে যৌতুক হিচাপে লাভ কৰিছিল। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেম্বে উপসাগৰৰ চুৰাটৰ পৰা পশ্চিম ভাৰতৰ মুখ্য কাৰ্যালয় ১৬৮৭ চনত তুলনামূলকভাৱে সুৰক্ষিত বম্বে বন্দৰলৈ স্থানান্তৰিত কৰে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ পিছত, প্ৰদেশখন পিটছ ইণ্ডিয়া আইনৰ মাধ্যমেৰে ব্ৰিটিছ ভাৰতৰ অন্যান্য অংশৰ সৈতে প্ৰত্যক্ষ শাসনৰ অধীনলৈ অনা হ’ল। এংলো-মাৰাথা যুদ্ধৰ পিছত পেছোৱাৰ সম্পূৰ্ণ প্ৰভূত্ব আৰু গাইকোৱাড়ৰ প্ৰভাৱৰ অধিকাংশ ভূমি ১৮১৮ চনলৈ বোম্বে প্ৰদেশত সংযুক্ত কৰাৰ জৰিয়তে কোম্পানীটোৱে বৃহৎ ভূখণ্ড অধিগ্ৰহণ কৰি লৈছিল। ১৮৪৩ চনত হায়দৰাবাদৰ যুদ্ধত তালপুৰ বংশক পৰাস্ত কৰি কোম্পানীয়ে সিন্ধক নিজৰ অধীনলৈ আনে।

বম্বে প্ৰদেশে বৰ্তমানৰ গুজৰাট ৰাজ্য, মহাৰাষ্ট্ৰ ৰাজ্যৰ পশ্চিমৰ দুই তৃতীয়াংশ অঞ্চল, কোংকন, দেশ আৰু কাণ্ডেশ বিভাগকে ধৰি আৰু উত্তৰ-পশ্চিম কৰ্ণাটককো সামৰি লৈছিল; ইয়াৰ উপৰিও পাকিস্তানৰ সিন্ধ প্ৰদেশ (১৮৪৭–১৯৩৫) আৰু এডেন অৰ্থাৎ বৰ্তমানৰ য়েমেনো (১৮৩৯–১৯৩২) অন্তৰ্ভুক্ত হৈ আছিল।[2] প্ৰেচিডেঞ্চিৰ জিলা আৰু প্ৰদেশসমূহ পোনপটীয়াকৈ ব্ৰিটিছ শাসনৰ অধীনত আছিল। আনহাতে দেশীয় ৰাজ্যৰ আভ্যন্তৰীণ প্ৰশাসন স্থানীয় শাসকৰ হাতত আছিল। প্ৰেচিডেঞ্চিয়ে অৱশ্যে পলিটিকেল এজেণ্টৰ জৰিয়তে দেশীয় ৰাজ্যৰ প্ৰতিৰক্ষা আৰু তেওঁলোকৰ সৈতে ব্ৰিটিছ সম্পৰ্ক প্ৰবন্ধন কৰিছিল। বেংগল প্ৰেচিডেঞ্চি আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চিৰ লগতে বম্বে প্ৰেচিডেঞ্চি দক্ষিণ এছিয়াত ব্ৰিটিছ ক্ষমতাৰ তিনিটা প্ৰধান কেন্দ্ৰ আছিল।[3]

1. ^ A regiment made up of European soldiers.

  1. Pinney, Christopher (22 November 2004). 'Photos of the Gods': The Printed Image and Political Struggle in India. Reaktion Books. ISBN 9781861891846. https://books.google.com/books?id=8hhXq7hpzSwC&dq=poona+summer+capital+of+Bombay&pg=PA46. 
  2. Jerry DuPont (2001). The Common Law Abroad: Constitutional and Legal Legacy of the British Empire. Wm. S. Hein Publishing. পৃষ্ঠা. 563. ISBN 978-0-8377-3125-4. https://books.google.com/books?id=pCX660FA5wMC&pg=PA563। আহৰণ কৰা হৈছে: 15 September 2012. 
  3. Bulliet, Richard W.; Bulliet, Richard; Crossley, Pamela Kyle; Daniel R. Headrick; Steven W. Hirsch; Lyman L. Johnson; David Northrup (1 January 2010). The Earth and Its Peoples: A Global History. Cengage Learning. পৃষ্ঠা. 694. ISBN 978-1-4390-8475-5. https://books.google.com/books?id=h9AfbGTT_q0C&pg=PA694। আহৰণ কৰা হৈছে: 16 April 2012. 
Attribution

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]