সমললৈ যাওক

ছগনলাল জৈন বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছগনলাল জৈন সাহিত্য বঁটাৰ পৰা পুনঃনিৰ্দেশিত)

ছগনলাল জৈন বঁটা (ইংৰাজী: Saganlal Jain Award) হৈছে অসম সাহিত্য সভা (Asom Sahitya Sabha)ই প্ৰদান কৰা এটি সাহিত্য সন্মান। অসম সাহিত্য সভাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ছগনলাল জৈন বঁটা প্ৰদান কৰি আহিছে৷[1] বিগত ১০টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক। বৰ্তমানলৈকে এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল— অনিল ৰায়চৌধুৰী, ৰবীন্দ্ৰ বৰা, পূৰবী বৰমুদৈ, নলিনীধৰ ভট্টাচাৰ্য আৰু ড০ শিবনাথ বৰ্মন[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]