মিলেনিয়ামৰ সপোন (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মিলেনিয়ামৰ সপোনৰ পৰা পুনঃনিৰ্দেশিত)
মিলেনিয়ামৰ সপোন  

কেঁচাবন্ধা প্ৰকাশৰ বেটুপাত
লেখক অৰূপা পটংগীয়া কলিতা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল (২০১৭ সংস্কৰণ)
প্ৰকাশ ২০০২ (প্ৰথম প্ৰকাশ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৩
আই.এচ.বি.এন. 978-81-7331-389-9

মিলেনিয়ামৰ সপোন (ইংৰাজী: Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ উচৰ্গা কৰিছে৷[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰীধাৰী অৰূপা পটংগীয়া কলিতা এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু বৰ্তমান টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা৷ এতিয়ালৈকে কেইবাখনো গল্প-সংকলন আৰু উপন্যাস ৰচনা কৰা সাহিত্যিকগৰাকীয়ে ২০১৪ চনত “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

সংকলনত থকা গল্পসমূহ[সম্পাদনা কৰক]

  1. ফুলেশ্বৰী কুঁৱৰীৰ মাতৃগৃহত এসাঁজ ভাত
  2. এইটি কাৰ দৌল
  3. কুকুহা
  4. মিনুৰ শৈশৱ
  5. শিঙৰি ঘৰ
  6. কমলা কুঁৱৰীৰ সাধু
  7. গ্ৰহণ
  8. ঘূৰণীয়া পৃথিৱীত মাষ্টৰ ৰাধাকান্ত
  9. চৰাইৰ বাবে এখন থাল অথবা এখন ফুল তোলা ৰুমাল
  10. ৰাসমেলালৈ পৰিয়ালটো
  11. অন্ধগলিৰ অন্ধকাৰত
  12. কাজিৰঙাত মিলেয়নিয়ামৰ সপোন[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 কলিতা, অৰূপা পটংগীয়া (২০১৯). মিলেনিয়ামৰ সপোন. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৭. ISBN ৯৭৮-৮১-৭৩৩১-৩৮৯-৯.