প্ৰহসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰহসন হৈছে মঞ্চ বা চলচিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা৷ যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া৷ অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য৷ ইয়াৰোপৰি শাৰীৰিক বিকৃতি, ইচ্ছাপূৰ্বক উদ্ভত চিন্তা আৰু সঙ্গতিহীন ভাষা-ছন্দৰ ব্যৱহাৰেৰে ইয়াৰ নাটকীয় পৰিবেশ প্ৰদৰ্শন কৰা হয়৷ চৰিত্ৰ আৰু সংলাপসমূহ প্ৰায়ে কাহিনীৰ অধীন হৈ থাকে আৰু এটা জটিল অৱস্থাৰ মাজত তাৰ ঘটনাটোৱে পথভ্ৰান্ত পথিকৰ দৰে ক্ষিপ্ৰভাৱে গতি কৰে৷

ব্যঙ্গ ৰচনাৰ ইতিহাস[সম্পাদনা কৰক]

বিশুদ্ধ ব্যঙ্গ বা হাস্যৰসাত্মক সাহিত্যৰ জন্ম অসমীয়া সাহিত্যত নতুন৷ ধৰ্মীয় চিন্তা-চেতনাৰে প্ৰাক বৈষ্ণৱ যুগ বা বৈষ্ণৱ যুগৰ সাহিত্যক আৱদ্ধ কৰি ৰখাৰ বাবে সেই সাহিত্যৰ মাজত আমি বুদ্ধিনিষ্ঠ বা ব্যঙ্গাত্মক হাস্যৰস দেখা নাপাওঁ৷ যদিও সাহিত্যৰ নৱ ৰসৰ মাজত হাস্যৰস এটা উপাদান আছিল সেই হাস্যৰসক বৈষ্ণৱ কবিসকলে ধৰ্মীয় চেতনাৰে বান্ধি ৰাখিছিল৷ ভীমচৰিত, শিশুপাল বধ, ৰুক্মিণী হৰণ নাটৰ বেদনিধিৰ চৰিত্ৰ বা কীৰ্তনৰ ঠায়ে ঠায়ে হাস্যৰসৰ উপাদান বিচাৰি পালেও সি লঘুভাৱত আত্মপ্ৰকাশ কৰা নাছিল৷ অসমীয়া সাহিত্যত প্ৰকৃত হাস্যৰসৰ ঢল আৰম্ভ হয় গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ (১৮৭০-১৮৯০) যুগত৷ “বাক-চাতুৰ্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস (wit),সহানুভূতিপূৰ্ণ কৰুণা মিশ্ৰিত হাস্যৰস (humour) আৰু বিদ্ৰূপাত্মক হাস্যৰস (satire)”[1] এই তিনি শ্ৰেণীৰ হাস্যৰস এই যুগত ৰছিত হয়৷ অসমীয়া সমাজৰ ভণ্ডামি, গোড়ামি আদিক প্ৰতিফলিত কৰিবলৈ গুণাভিৰাম বৰুৱাই ‘কঠিন শব্দৰ ৰহস্য বাখ্যা’ আৰু হেমচন্দ্ৰ বৰুৱাই ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ ৰচনা কৰে৷ প্ৰথম হাস্যৰসাত্মক সাহিত্য হিচাপে ইয়াত অত্যধিক ব্যঙ্গভাৱে বিশুদ্ধ হাস্যৰসৰ সীমা পাৰ কৰি যোৱা দেখা যায়৷ ওপৰত উল্লেখ কৰা তিনি প্ৰকাৰৰ হাস্যৰসাত্মক ৰচনাৰ উপৰিও আন এক প্ৰকাৰৰ ৰচনা হ’ল 'প্ৰহসন' (farce)৷

ব্যঙ্গ ৰচনা আৰু প্ৰহসনৰ মাজত পাৰ্থক্য[সম্পাদনা কৰক]

ব্যঙ্গ ৰচনা (comedy) আৰু প্ৰহসন (farce)ৰ মাজত এটা চৰিত্ৰ আৰু কাৰ্যগত পাৰ্থক্যও লক্ষ্য কৰা দেখা যায়৷ "A comedy is a humorous play in which to a actor dominate the action, a farce is a humorous play is which the action dominates the actors." ‘কমেডি’ লিখক এজনৰ সাধাৰণ সমাজ এখনৰ প্ৰতি যি ধৰণৰ দায়িত্ব থাকে ‘প্ৰহসন’ লিখক এজনৰ সেই দায়িত্ব নাথাকে৷ ইয়াৰ কাহিনী নিজস্ব গতিৰে ধাৱমান হয় আৰু ইয়াৰ নাটকীয়তাই প্ৰধানকৈ দুটা দিশৰ ওপৰত পূৰ্ণতা লাভ কৰে৷ (১) ই নিশ্চিতভাৱে কৌতুকপূৰ্ণ (funny) হ’ব লাগিব আৰু (২) ই প্ৰদৰ্শন হৈ থকাৰ সময়ত নাটকীয় ঘ্টনাসমূহ গ্ৰহণ কৰিব পৰাকৈ দৰ্শকক প্ৰৰোচিত কৰিব পাৰিব লাগিব৷

অসমীয়া সাহিত্যত প্ৰহসনৰ স্থান[সম্পাদনা কৰক]

অসমীয়া সাহিত্যত বিশুদ্ধ হাস্যৰসৰ জন্ম হয় ‘ৰসৰাজ’ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত৷ ইংৰাজী সাহিত্যৰ আদৰ্শৰে তেওঁ ন ন চিন্তা-চৰ্চ্চাৰে অসমীয়া সাহিত্যলৈ হাস্যৰসৰ আমদানি কৰে৷ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ হাস্যৰসৰ প্ৰথম ঢল বোৱাই আনে প্ৰহসন (farce) ৰচনাৰ মাধ্যমেৰে৷ ইয়াৰ জৰিয়তেই তেওঁ অসমীয়া সাহিত্যত বিশুদ্ধ হাস্যৰসৰো জন্ম দিয়ে৷ বেজবৰুৱাই জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাতে (১৮৮৯ চন) ‘লিতিকাই’ প্ৰকাশ কৰে৷ মুঠ বাৰটা সংখ্যাৰে লিতিকাই এবছৰ ধৰি জোনাকীত প্ৰকাশিত হৈছিল৷ লিতিকাইৰ পিচতে তেওঁৰ অন্যান্য তিনিখন প্ৰহসন হ’ল পাচনি (১৯১৩), নোমল (১৯১৩) আৰু চিকৰপতি নিকৰপতি (১৯১৩)৷ বেজবৰুৱাই অসমীয়া লোকসাহিত্যৰ মাজত প্ৰচলিত চাৰিটা সাধুকথাক ইয়াত নিজস্ব শৈলীৰে নাট্যৰূপ দিছে৷ চাৰিওখন প্ৰহসন আলোচনা কৰিলে এটা কথা লক্ষ্য কৰা যায় যে, জীৱনৰ প্ৰথম সৃষ্টি হিচাপে ‘লিতিকাই’ৰ মাজত যি ধৰণৰ প্ৰহসনৰ বৈশিষ্টসমূহ দেখা যায় আন তিনিখন প্ৰহসনৰ মাজত দেখা নাযায়৷ পাচনি, নোমল, চিকৰপতি নিকৰপতি ৰচনাৰীতিৰ ফালৰ পৰা উৎকৃষ্ট প্ৰহসন হৈ উঠিব পৰা নাই৷ ধেমেলীয়া আৰু ব্যঙ্গাত্মক নাটৰ সংমিশ্ৰণত ইয়াক ৰচনা কৰা হৈছে৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সত্যেন্দ্ৰনাথ শৰ্মা, সমীক্ষাত্মক ইতিবৃত্ত,পৃষ্ঠা-২৬৫
  2. প্ৰজ্ঞান, ৮ম বৰ্ষ, ২য় সংখ্যা, নবেম্বৰ, ২০১০, ISSN-0976-4283