ৰুক্মিণী হৰণ নাট
| ৰুক্মিণী হৰণ নাট | |
|---|---|
| লিখক | শ্ৰীমন্ত শংকৰদেৱ |
| চৰিত্ৰসমূহ | কৃষ্ণ ভীষ্ম |
| মূল ভাষা | ব্ৰজাৱলী ভাষা |
| বিষয় | ধাৰ্মিক |
ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল।[1] প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল।
কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল।[1] কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ ৰুক্মবীৰক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে।[1] এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'ৰুক্মিণী হৰণ' অংকীয়া নাটখন শ্ৰীমন্ত মাধৱদেৱে হাজোৰ ধোপৰগুৰি সত্ৰত পোনপ্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল বুলি জনা যায়।
চৰিত্ৰ
[সম্পাদনা কৰক]কাহিনী
[সম্পাদনা কৰক]ভীষ্মক কুণ্ডিল ৰাজ্যৰ ৰজা আছিল। তেওঁৰ জীয়েকৰ নাম হৈছে ৰুক্মিণী। ৰুক্মিণী আৰু শ্ৰীকৃষ্ণ দুয়োৰে মাজত গভীৰ প্ৰেম আছিল।[1] কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰ এই সম্বন্ধৰ বিপক্ষে আছিল। তেওঁ কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে।[1] বিয়াৰ বাবে শিশুপাল আৰু তেওঁৰ সহযোগীসকল কুণ্ডিল ৰাজ্যলৈ যায়। এই বিয়াৰ বাবে অন্য ৰাজ্যৰ পৰাও বিভিন্ন অতিথি গোট খালেহি।
আনহাতে, ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। ৰুক্মিণীৰ চিঠি কৃষ্ণই পোৱাৰ পিছতেই তেওঁ দ্বাৰকাৰ পৰা কুণ্ডিললৈ যাত্ৰা কৰে।[1] ৰুক্মবীৰ আৰু শিশুপালে কৃষ্ণৰ বাট ভেটিবলৈ বিফল প্ৰচেষ্টা চলায়। অৱশেষত, কৃষ্ণই ৰুক্মিণীক ৰথত পলুৱায় নিয়ে।
বিশ্লেষণ
[সম্পাদনা কৰক]নাট
[সম্পাদনা কৰক]এই নাটখনত ভক্তসকলৰ বাবে থকা শ্ৰীকৃষ্ণৰ প্ৰেম সুন্দৰভাৱে প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণই নিজ শক্তিৰ পৰিচয় দি ৰুক্মিণীক পলুৱায় আনিছিল।[1] ৰুক্মিণীৰ অনুৰোধত কৃষ্ণই তেওঁৰ ভাতৃ ৰুক্মবীৰৰ ওচৰত ক্ষমা খুজিছিল। অৱশেষত, দুয়ো দ্বাৰকাত বিবাহ পাশত আৱদ্ধ হয়।
চৰিত্ৰ বিশ্লেষণ
[সম্পাদনা কৰক]- ৰুক্মিণী
নাটখনত ৰুক্মিণীৰ চৰিত্ৰটো সফলভাৱে দাঙি ধৰাত শংকৰদেৱ সক্ষম হৈছে।[1] নাটখনত কৃষ্ণৰ লগত গভীৰ প্ৰেমত পৰা এগৰাকী মহিলাৰ ৰূপত ৰুক্মিণীক চিত্ৰিত কৰা হৈছে।
- অন্যান্য চৰিত্ৰ
ৰুক্মিণী হৰণ নাটখনৰ আন আন চৰিত্ৰসমূহো সমব্যথা আৰু অন্তৰ্দৃষ্টিৰে চিত্ৰিত কৰা হৈছে। সম্ভৱতঃ নাটখন ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ শংকৰদেৱে এই প্ৰয়াস কৰিছিল।[1]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 "Rukmini-harana, Classical Assamese Drama". Jupiter Infomedia Ltd.. Jupiter Infomedia Ltd.. Archived from the original on May 18, 2022. https://web.archive.org/web/20220518171215/http://www.indianetzone.com/53/rukminiharana.htm। আহৰণ কৰা হৈছে: January 12, 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰুক্মিণী হৰণ নাটখনৰ বিষয়ে বিতং তথ্য Archived 2022-05-18 at the Wayback Machine