ভীষ্মক
ভীষ্মক ৰজাই অসমৰ পূব মূৰে কুণ্ডিল ৰাজ্যত ৰাজত্ব কৰিছিল।[1] তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিল নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে।[1] ভীষ্মক ৰজাৰ ৰুক্ম প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল।[1] বৰ্তমানৰ কুণ্ডিলপানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে।
তেওঁৰ ৰুক্মবীৰ, ৰুক্মবাহু, ৰুক্মমালী ৰুক্মকেশ, আৰু ৰুক্মধ্বজ নামে পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামে এগৰাকী পৰামা সুন্দৰী কণ্যা আছিল।