বৃহন্নলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বৃহন্নলা

বৃহন্নলা (বৃহন্নদা বা বৃহন্নতা বুলিও লিখা হয়) হিন্দু মহাকাব্য মহাভাৰতঅৰ্জুনে গ্ৰহণ কৰা এক পৰিচয়। অজ্ঞাতবাসৰ এবছৰ অৰ্জুনে বিৰাট ৰজাৰ মৎস্য ৰাজ্যত বৃহন্নলা ৰূপে পাৰ কৰিছিল। তেওঁ এই সময়ছোৱাত ৰাজকুমাৰী উত্তৰাক নাচ আৰু গান শিকাইছিল।[1]

ঊৰ্বশীৰ অভিশাপ[সম্পাদনা কৰক]

এবাৰ অৰ্জুনক পিতাক ইন্দ্ৰই তেওঁৰ ৰাজসভালৈ আমন্ত্ৰণ জনাইছিল। ইন্দ্ৰৰ ৰাজসভাৰ অপেশ্চৰী ঊৰ্বশী অৰ্জুনক দেখি আকৃষ্ট হয়। ইন্দ্ৰই এই কথা মন কৰি ঊৰ্বশীক মনোভাৱ পূৰ্ণ কৰিবলৈ ক'লে। ইন্দ্ৰৰ কথামতে এৰাতি ঊৰ্বশী অৰ্জুনৰ কোঠাত উপস্থিত হয়। কিন্তু অৰ্জুনে ঊৰ্বশীৰ প্ৰতি কামভাৱ নাৰাখি তেওঁক কুৰুসকলৰ “মাতৃ” বুলিহে সম্বোধন কৰিলে কাৰণ ঊৰ্বশী কুৰু ৰাজবংশৰ আদিৰজা পুৰুৰৱাৰ পত্নী আছিল। এই কথাত ক্ৰোধান্বিত হৈ ঊৰ্বশীয়ে অৰ্জুনক অভিশাপ দিলে যে গোটেই জীৱন তেওঁ কিন্নৰ হৈ থাকিব লাগিব আৰু আন নাৰীৰ লগত কেৱল নাচ-গান কৰিব লাগিব। পাছত ইন্দ্ৰৰ অনুৰোধত ঊৰ্বশীয়ে এই শাপ এবছৰলৈ কমালে। পাণ্ডৱৰ অজ্ঞাতবাসৰ ত্ৰয়োদশ বছৰত এই অভিশাপ ফলিয়ায়।[2]

বিৰাটৰ ৰাজ্যত[সম্পাদনা কৰক]

অজ্ঞাতবাসৰ ত্ৰয়োদশ বছৰত অৰ্জুন বৃহন্নলা ৰূপে বিৰাটৰ ৰাজসভাত উপস্থিত হয়। ইন্দ্ৰৰ ৰাজসভাৰ গন্ধৰ্ব চিত্ৰসেনৰ পৰা শিকি অহা গান আৰু নৃত্যৰে তেওঁ বিৰাট ৰজাক মোহিত কৰে। তেওঁ ৰাজকুমাৰী উত্তৰাক নাচ-গান শিকাবলৈ বৃহন্নলাক আদেশ দিয়ে। বৃহন্নলাই নাৰীসকলৰ বাবে আচুতীয়া মহলতে থাকি কুঁৱৰী আৰু লিগিৰীসকলৰ লগত বন্ধুত্ব কৰে।

উত্তৰ কুমাৰৰ সাৰথীৰূপে[সম্পাদনা কৰক]

কৌৰৱসকলে সন্দেহ কৰিছিল যে পাণ্ডৱসকলে বিৰাটৰ ৰাজ্যত আশ্ৰয় লৈ আছে। তেওঁলোকে প্ৰথমে বিৰাটৰ ৰাজ্যৰ প্ৰধান সম্পদ গোবিলাকক চুৰ কৰে। পাছদিনা ভীষ্ম, দ্ৰোণ আৰু কৰ্ণৰ নেতৃত্বত এক বৃহৎ সেনাবাহিনী মৎস ৰাজ্যলৈ অগ্ৰসৰ হয়। মালিনী নাম লৈ ছদ্মবেশেৰে থকা দ্ৰৌপদীয়ে কোঁৱৰ উত্তৰক এই আক্ৰমণ প্ৰতিহত কৰিবলৈ সৈমান কৰে আৰু বৃহন্নলাক ৰথৰ সাৰথী হিচাপে ল'বলৈ দিয়ে। সেইদিনাই পাণ্ডৱসকলৰ অজ্ঞাতবাস তথা অৰ্জুনৰ শাপৰ শেষ দিন আছিল। যুদ্ধথলীলৈ গৈ থাকোঁতে বৃহন্নলাই পুনৰ অৰ্জুনৰ ৰূপ ঘূৰাই পায়। তেওঁ তেতিয়া উত্তৰক পাণ্ডৱসকলৰ কথা কয় আৰু প্ৰত্যেকটোৰ অৰ্থৰ সৈতে নিজৰ দহটা নাম কৈ (বিজয়, ধনঞ্জয়, সব্যসাচী, গুড়কেশ, শ্বেতবাহন, বীভৎসু, কীৰিতি, পাৰ্থ, ফাল্গুণ আৰু জিষ্ণু) বিশ্বাস জন্মায়। তাৰ পাছত অৰ্জুনে গাণ্ডীৱ ধাৰণ কৰি কৌৰৱৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰে। উত্তৰক সাৰথী হিচাপে লৈ তেওঁ কৌৰৱক পৰাস্ত কৰে আৰু গোবিলাকক মৎস্য ৰাজ্যলৈ ঘূৰাই আনে।

এই যুদ্ধত অৰ্জুনে ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, কৰ্ণ, অশ্বত্থামা আদি সকলোকে ঘটুৱাইছিল। তেওঁ সন্মোহন অস্ত্ৰ মাৰি সকলোকে নিদ্ৰাত পেলাইছিল। প্ৰাণ নাশ নকৰি নিদ্ৰাত কিয় পেলালে বুলি উত্তৰে অৰ্জুনক প্ৰশ্ন কৰে। অৰ্জুনে কয় যে মৃত লোকৰ বস্ত্ৰ অপবিত্ৰ হৈ পৰে। উত্তৰাই পুতলাবোৰ সজাবৰ বাবে কৌৰৱৰ বস্ত্ৰবোৰ বিচাৰিছিক। সেইমতে উত্তৰে দুযোধনৰ ৰন্হা বস্ত্ৰ, কৰ্ণৰ গুলপীয়া বস্ত্ৰ আৰু দুঃশাসনৰ নীলা বস্ত্ৰ গোটাই আনে।[3]

উত্তৰাৰ বিবাহ[সম্পাদনা কৰক]

পাণ্ডৱসকলৰ পৰিচয় পাই ৰজা বিৰাট আচৰিত হয়। তেওঁ কুঁৱৰী উত্তৰাক বিয়া কৰাবলৈ অৰ্জুনক অনুৰোধ জনায়। কিন্তু উত্তৰাৰ শিক্ষক হিচাপে কন্যাজ্ঞান কৰা বাবে অৰ্জুনে এই অনুৰোধ নাকচ কৰে। বিপৰীতে তেওঁ পুত্ৰ অভিমন্যুৰ সৈতে উত্তৰাৰ বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়। ৰজা আৰু কুঁৱৰী এই কথাত সন্মত হয়।[4]

টোকা[সম্পাদনা কৰক]

  1. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 80. https://archive.org/details/indiathroughages00mada. 
  2. Verma, retold & edited by T.R. Bhanot ; art work by K.L. (1990). The Mahabharata. প্ৰকাশক New Delhi: Dreamland Publications. পৃষ্ঠা. 19. ISBN 9788173010453. 
  3. "The Mahabharata, Book 4: Virata Parva: Go-harana Parva: Section LIV". http://www.sacred-texts.com/hin/m04/m04054.htm. 
  4. Mittal, J.P. (2006). History of ancient India : a new version. প্ৰকাশক New Delhi: Atlantic. পৃষ্ঠা. 530-531. ISBN 9788126906161.