সমললৈ যাওক

শকুন্তলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শকুন্তলা
মহাভাৰতৰ চৰিত্ৰ
তথ্য
পৰিয়াল বিশ্বামিত্ৰ (পিতৃ)
মেনকা (মাতৃ)
কণ্বমুনি (পালিত পিতৃ)
দাম্পত্যসঙ্গী দুষ্যন্ত
সন্তান ভৰত

হিন্দু ধৰ্মগ্ৰন্থত শকুন্তলা (ইংৰাজী: Shakuntala, সংস্কৃত: शकुन्तला) হ’ল দুষ্যন্তৰ পত্নী আৰু সম্ৰাট ভৰতৰ মাতৃ। তেওঁৰ কাহিনী মহাভাৰতত উল্লেখ আছে আৰু বহু লেখকে নাটক ৰচিছে, তেওঁ কালিদাসৰ নাটক 'অভিজ্ঞানম শকুন্তলম'[1] নাটকৰ সুবিখ্যাত ৰূপটি আছিল।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

কণ্বমুনি তেওঁক বনত শকুন্ত (शकुन्त) পখিৰ দ্বাৰা ৰক্ষিত শিশু হিচাবে পাইছিল। যাৰ বাবে, তেওঁৰ নাম শকুন্তলা (शकुन्तला) ৰখা হয়, যাৰ অৰ্থ শকুন্তা-সুৰক্ষিত[2][3]

মহাভাৰতৰ আদি পৰ্বত কণ্বমুনি কয় -

She was surrounded in the solitude of the wilderness by śakuntas,

therefore, hath she been named by me Shakuntala (Shakunta-protected).

জন্ম আৰু শৈশৱ

[সম্পাদনা কৰক]

ঋষি বিশ্বামিত্ৰৰ ঔৰসত অপ্সৰা মেনকাৰ গৰ্ভত শকুন্তলাৰ জন্ম হয়। দেৱৰাজ ইন্দ্ৰ বিশ্বামিত্ৰৰ তপস্যা ভঙ্গ কৰিবলৈ মেনকাক তেওঁৰ নিকট প্ৰেৰণ কৰে। মেনকা তেওঁৰ কামত সফল হয়। তেওঁৰ ৰূপ লাৱণ্যৰ মোহত বিশ্বামিত্ৰ বিচলিত হয়। সংযম হেৰুৱাই তেওঁ মেনকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। দীৰ্ঘকাল এইভাৱে যৌনসংগম কৰাৰ ফলত বিশ্বামিত্ৰৰ ঔৰসত মেনকা গৰ্ভৱতী হয়। উভয়ৰ মিলনৰ ফলত এটি শিশু কন্যাৰ জন্ম হয়। তপস্যা বিফল হোৱাত ক্ৰুদ্ধ হৈ বিশ্বামিত্ৰ মেনকা আৰু তেওঁৰ কন্যাক পৰিত্যাগ কৰি গুছি যায়। ইয়াৰ পিছত মেনকাও তেওঁৰ শিশু কন্যাক এখন হাবিত পৰিত্যাগ কৰি আঁতৰি যায়। ঋষি কণ্ব সেই কন্যাটিক শকুন্ত পক্ষীপৰিবৃত অৱস্থাত উদ্ধাৰ কৰে। তেওঁ শিশুটিৰ নামকৰণ কৰে শকুন্তলা। ইয়াৰ পিছত শকুন্তলাক নিজ আশ্ৰমত আনি লালন পালন কৰে।

দুষ্যন্ত-শকুন্তলাৰ প্ৰেম, বিবাহ, বিচ্ছেদ আৰু পুনৰ্মিলন

[সম্পাদনা কৰক]

দুষ্যন্তৰ মিলন, বিবাহ, বিচ্ছেদ আৰু তেওঁৰ ৰাণী শকুন্তালাৰ সৈতে পুনৰ্মিলনৰ কাহিনীটোক মহাভাৰত আৰু সংস্কৃত মহাকবি কালিদাসৰ অভিজ্ঞানম শকুন্তলমই অমৰ কৰি তুলিছে।

দুষ্যন্ত মৃগয়া কৰিবলৈ গৈ কাণ্বমুনিৰ আশ্ৰমত শকুন্তলাৰ সৈতে দেখা হয়, যি বিশ্বামিত্ৰ আৰু মেনকাৰ কন্যা আছিল। তেওঁ শকুন্তলাক দেখি মুগ্ধ হয় আৰু সন্মতি মৰ্মে কণ্বমুনিৰ আশ্ৰমত শকুন্তলাৰ সৈতে গন্ধৰ্ব বিবাহ কৰায়। যাবৰ সময়ত, দুষ্যন্তই শকুন্তলাক তেওঁৰ প্ৰেমৰ চিহ্ন হিচাবে এটি ৰাজকীয় আঙুঠি দিয়ে আৰু প্ৰতিশ্ৰুতি দিয়ে যে সি তেওঁক ল’বলৈ আহিব।

কিন্তু দুষ্যন্ত যেতিয়া ৰজা হয়, তেতিয়া তেওঁ ৰাজ্যৰ ক্ষেত্ৰত বহু বছৰৰ বাবে খুব শোষিত হৈ পৰে, ইপিনে শকুন্তলা অপেক্ষা কৰি হতাশ। এদিন, দুৰ্বাসা ঋষি আধ্যাত্মিক পৰিদৰ্শন কৰে, কিন্তু শকুন্তলা, যিয়ে দুষ্যন্তৰ প্ৰেমৰ প্ৰতি খুব মগ্ন হৈ আছিল, তেওঁ দুৰ্বাসা ঋষিৰ উপস্থিতি ধৰিব নোৱাৰে আৰু যাৰ কথাত মগ্ন হৈ আছে তেওঁ তেওঁক পাহৰি যাব বুলি দুৰ্বাসা ঋষিয়ে তেওঁক অপমান কৰা বুলি ভাবি শকুন্তলাক অভিশাপ দিয়ে। শকুন্তলাই ক্ষমা খোজাত তেওঁ দিয়া কিবা চিহ্ন যদি দেখুৱাব পাৰে তেন্তে চিনি পাব বুলি জনায়।

শকুন্তলা যেতিয়া স্বামীৰ গৃহলৈ অৰ্থাৎ হস্তিনাপুৰলৈ যায় তেতিয়া সিহঁতৰ প্ৰেমৰ চিহ্ন হিচাপে থকা আঙুঠিটো এখন নদীত পৰি যায়, যিটোক এটা মাছে খাই পেলায়। আৰু তেতিয়া তেওঁৰ হাতত তেনে কোনো চিহ্ন প্ৰমাণ হিচাপে নাছিল।

দুষ্যন্ত শকুন্তলাক স্মৰণ কৰিব নোৱাৰে। কিন্তু তেওঁৰ স্মৃতি আৰু ভালপোৱা পুনৰ জাগ্ৰত হয় যেতিয়া সেই মাছে খোৱা আঙুঠিটোৰ পুনৰুদ্ধাৰ হয়। পিছত ৰাজপ্ৰসাদত আনি শকুন্তলাক বিয়াহ কৰায়, যি তেওঁৰ ৰাণী আৰু তেওঁৰ পুত্ৰ ভৰতৰ মাতৃ হয়।

চিত্ৰ বিথিকা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত শকুন্তলা সম্পৰ্কীয় মিডিয়া ফাইল।