সমললৈ যাওক

অম্বিকা (মহাভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অম্বিকা (মহাভাৰত)
কুৰু ৰাণী

দাম্পত্য সঙ্গী বিচিত্ৰবীৰ্য
সন্তান
ধৃতৰাষ্ট্ৰ
বাসগৃহ হস্তিনাপুৰ
মাতৃ কৌশল্য
পিতৃ কাশ্য
ধৰ্ম হিন্দু

অম্বিকা (ইংৰাজী: Ambika) হিন্দু মহাকাব্য মহাভাৰতত কুৰু ৰাজ্যৰ ৰাণী। কাশীৰ ৰজা কাশ্য আৰু ৰাণী কৌশল্যৰ দ্বিতীয় কন্যা, স্বয়ম্বৰ সভাৰ পৰা ভীষ্মই অপহৰণ কৰি হস্তিনাপুৰৰ ৰজা বিচিত্ৰবীৰ্যৰ পত্নী কৰে। অম্বিকা ধৃতৰাষ্ট্ৰৰ মাতৃ আৰু কৌৰৱৰ আইতাক৷[1]

মহাভাৰতৰ পৰিয়ালৰ আংশিক বংশলতা

ভনীয়েক অম্বা আৰু অম্বালিকাৰ সৈতে অম্বিকাক ভীষ্মই বলপূৰ্বকভাৱে তেওঁলোকৰ স্বয়ংভাৰৰ পৰা লৈ যাবলৈ উদ্যত হওঁতে, গোট খোৱা ৰজাঘৰীয়াসকলৰ প্ৰত্যাহ্বানৰ মুখামুখী হৈছিল আৰু তেওঁলোকক পৰাস্ত কৰিছিল। ভীষ্মই সতীয়া মাতৃ সত্যৱতীক বিচিত্ৰবীৰৰ সৈতে বিবাহৰ বাবে কন্যা তিনিগৰাকী উপহাৰ দিলে। অম্বাই শাল্ব নামৰ ৰজাৰ প্ৰেমত পৰাৰ কথা জনাই তেওঁক বিয়া নকৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু পিছত তেওঁক যাবলৈ দিয়া হয়৷ অম্বিকা আৰু অম্বালিকাই বিচিত্ৰবীৰ্যক বিয়া কৰাইছিল আৰু স্বামীৰ সংগত সাত বছৰ কটায়। বিচিত্ৰবীৰ্য যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল আৰু পৰৱৰ্তী সময়ত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।[2][3]

বিচিত্ৰবীৰ্যৰ মৃত্যুৰ পিছত তেওঁ কোনো উত্তৰাধিকাৰী নাছিল। সেয়ে, তেওঁৰ মাতৃ সত্যৱতীয়ে তেওঁৰ প্ৰথম সন্তান ঋষি ব্যাসক মাতি পঠিয়াইছিল। তেওঁ তেওঁক প্ৰচলিত প্ৰথা নিযোগৰ অনুসৰি বিচিত্ৰবীৰ্যৰ বিধৱা ৰাণীসকলৰ গৰ্ভত সন্তান জন্ম দিবলৈ ক’লে। বহুবছৰ ধৰি তীব্ৰ ধ্যান-তপস্যাৰ পৰা ব্যাস আহিছিল, আৰু ফলস্বৰূপে তেওঁক প্ৰচণ্ডভাৱে তেজোদ্দীপ্ত আৰু ভয়ংকৰ যেন লাগিছিল। অম্বিকাৰ ওচৰ পাওঁতে তেওঁ ভয়তে চকু মুদি দিছিল। ফলত অন্ধ ধৃতৰাষ্ট্ৰৰ তেওঁলোকৰ মিলনৰ পৰাই জন্ম হৈছিল। অম্বালিকাৰ ওচৰ পাওঁতে তেওঁ ভয়ত শেঁতা পৰিল। ফলত,তেওঁলোকৰ মিলনত শেঁতা চেহেৰাৰ পুত্ৰ পাণ্ডুৰ জন্ম হৈছিল।[4][5]

পাণ্ডুৰ মৃত্যুৰ পিছত অম্বিকাই শাহুৱেক সত্যৱতী, আৰু ভগ্নী অম্বালিকাৰ লগত অৰণ্যলৈ গৈছিল আৰু বাকী দিনবোৰ আধ্যাত্মিক চিন্তা-চৰ্চাত কাল কটায়৷[6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-02-28). "Ambika, Aṃbikā, Ambikā: 29 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/ambika আহৰণ কৰা হৈছে: 2022-11-16.
  2. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CII". Sacred-texts.com. http://www.sacred-texts.com/hin/m01/m01103.htm আহৰণ কৰা হৈছে: 2012-08-15.
  3. Bhanu, Sharada (1997). Myths and Legends from India - Great Women. প্ৰকাশক Chennai: Macmillan India Limited. পৃষ্ঠা. 35–6. ISBN 0-333-93076-2.
  4. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CV". Sacred-texts.com. http://www.sacred-texts.com/hin/m01/m01106.htm আহৰণ কৰা হৈছে: 2012-08-15.
  5. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CVI". Sacred-texts.com. http://www.sacred-texts.com/hin/m01/m01107.htm আহৰণ কৰা হৈছে: 2012-08-15.
  6. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CXXVIII". Sacred-texts.com. http://www.sacred-texts.com/hin/m01/m01129.htm আহৰণ কৰা হৈছে: 2012-08-15.