সমললৈ যাওক

শৰ্মিষ্ঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰ্মিষ্ঠা
সম্পৰ্ক দৈত্য
সঙ্গী যযাতি
সন্তান দ্ৰুয়ো, অনুদ্ৰুয়ো, পুৰু
হিন্দু পাঠ্য মহাভাৰত, মৎস পুৰাণ

শৰ্মিষ্ঠা (সংস্কৃত: शर्मिष्ठा, ৰোমানীকৃত: Śarmiṣṭhā) হৈছে হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী ৰাজকুমাৰী। শৰ্মিষ্ঠাক দৈত্য ৰজা বৃষপৰ্বৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ যযাতিৰ দ্বিতীয় পত্নী হোৱা বাবে তেওঁ পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্বপুৰুষ হয়।[1][2]

হিন্দু পৌৰাণিক কাহিনী অনুসৰি শৰ্মিষ্ঠা প্ৰথমে দৈত্যগুৰু শুক্ৰাচাৰ্য্য আৰু উৰ্জস্বতীৰ জীয়ৰী তথা যযাতিৰ পত্নী দেৱযানী বান্ধৱী আছিল, কিন্তু পাকচক্ৰত পৰি পিছলৈ দাসী হৈ পৰে। মহাভাৰতৰ আদি পৰ্বত বৈশম্পায়নে তেওঁৰ কাহিনী বৰ্ণনা কৰিছে।

কিংবদন্তি

[সম্পাদনা কৰক]

শৰ্মিষ্ঠা দৈত্য ৰজা বৃষপৰ্বৰ কন্যা আছিল যাৰ বাবে আচাৰ্য্য শুক্ৰ তেওঁলোকৰ উপদেষ্টা আছিল। সেই সূত্ৰে তেওঁ শুক্ৰাচাৰ্য্যৰ কন্যা দেৱযানীৰ বান্ধৱী আছিল। এদিন দুয়ো বান্ধৱী তেওঁলোকৰ এদল দাসীৰ সৈতে এখন হাবিত থকা নৈ এখনত গা ধুবলৈ যায়। তেওঁলোকে নদীৰ পাৰতে নিজৰ বস্ত্ৰবোৰ খুলি থৈ গা ধুবলৈ ধৰে। সেই সময়তে দেৱৰাজ ইন্দ্ৰই বতাহৰ ৰূপ ধৰি তাত আৱিৰ্ভাব হয় আৰু তেওঁলোকৰ কাপোৰবোৰ নদীৰ পাৰৰ পৰা উৰুৱাই সিঁচৰতি কৰি দিয়ে। খৰখেদা কৈ বস্ত্ৰ পিন্ধোতে দুয়োৰে বস্ত্ৰ খেলিমেলি হৈ এগৰাকীয়ে আনগৰাকীৰ কাপোৰ পিন্ধে। সেই কথাৰ পৰাই দুয়ো বান্ধৱীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু এগৰাকীয়ে আনগৰাকীৰ পিতৃক লৈ অপমানসূচক মন্তব্য প্ৰদান কৰে। তাৰ পিছৰ শৰ্মিষ্ঠাই তেওঁৰ দাসীসকলৰ সহযোগত দেৱযানীক এটা কুঁৱাত পেলাই দিয়ে আৰু তেওঁৰ তাতে মৃত্যু হ’ল বুলি এৰি থৈ গুচি আহে। পিছত মৃগয়া কৰিবলৈ অহা চন্দ্ৰবংশৰ বংশৰ ৰজা যযাতিয়ে দেৱযানীক উদ্ধাৰ কৰে।[3]

হাবিৰ মাজত শৰ্মিষ্ঠাৰ দ্বাৰা কৰা হত্যাৰ প্ৰচেষ্টাত ক্ষুব্ধ হৈ দেৱযানীৰ মনত প্ৰতিশোধৰ ভাব জাগি উঠে। তাই দেউতাকক সমগ্ৰ কথা বিৱৰি কয়। লগতে তাই ইয়াকো কয় যে যদিহে শৰ্মিষ্ঠাই গোটেই জীৱন তাইৰ দাসী হিচাপে কাম নকৰে, তেন্তে তাই পুনৰ কেতিয়াও ৰাজধানীলৈ ঘূৰি নাযায়। শুক্ৰাচাৰ্য্য্যও ৰাজধানী এৰি মৰমৰ কন্যাৰ লগত থাকিবলৈ যায়। দেৱযানীৰ পিতৃৰ অভিমান দেখি বৃষপৰ্ব আৰু শৰ্মিষ্ঠাই নিজৰ ৰাজকীয় মৰ্য্যাদা ত্যাগ কৰে, আৰু নিজৰ ৰাজ্যৰ স্বাৰ্থ ৰক্ষাৰ বাবে দেবযানীৰ দাসী হ’বলৈ সন্মত হয়। দেৱযানীয়ে পিতৃৰ সৈতে ৰাজধানীলৈ উভতি আহে, আৰু শৰ্মিষ্ঠৰ দাসত্ত্ব উপভোগ কৰে।

বহু বছৰ বিৰতিৰ পিছত এদিন শৰ্মিষ্ঠা আৰু অন্য দাসীসকলৰ সৈতে দেৱযানী সেই অৰণ্যখনলৈ পুনৰ আহে। সেইদিনা চন্দ্ৰবংশী ৰজা যযাতিও চিকাৰ কৰিবলৈ সেই অৰণ্যলৈ আহিছিল। যযাতি আৰু দেৱযানীৰ আকৌ মিলন হয়। ৰজা আৰু ব্ৰাহ্মণৰ কন্যাৰ মাজত প্ৰেম হয় আৰু ৰজাই গুৰু শুক্ৰৰ ওচৰত নিয়ম অনুসৰি দেৱযানীক বিবাহ কৰাৰ প্ৰস্তাৱ দিয়ে। শুক্ৰই সহজেই এই প্ৰস্তাৱত সন্মতি আগবঢ়ায়, কিন্তু তেওঁ শৰ্মিষ্ঠৰ সৈতে বিবাহ সম্পৰ্ক স্থাপন কৰিব নালাগে বুলি যযাতিক সকীয়াই দিয়ে। যযাতিয়ে দেৱায়নীক বিয়া কৰায়, আৰু তেওঁৰ ৰাজপ্ৰাসাদত তেওঁক ভালদৰে প্ৰতিপালন কৰে।[4]

ৰজাই দেৱযানীৰ বাবে বিশেষভাৱে অশোকবনিকা (Aśokavanikā) নামৰ এখন কৃত্ৰিম অৰণ্যত এটা অট্টালিকা নিৰ্মাণ কৰে আৰু তেওঁৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰি, তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকে। দেৱযানীয়ে প্ৰথম সন্তান জন্ম দিয়াৰ পিছত শৰ্মিষ্ঠাই অশোকবনিকাত ৰজাৰ সন্মুখীন হয়, আৰু তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। যযাতিয়ে শৰ্মিষ্ঠাক পচন্দ কৰে যদিও তেওঁৰ প্ৰস্তাৱ নাকচ কৰে কাৰণ তেওঁ শুক্ৰৰ আগত শৰ্মিষ্ঠাক বিবাহ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। শৰ্মিষ্ঠাই ৰজাক তাইৰ লগত শুবলৈ প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰে। তাই তেওঁক এজন ৰজা হিচাপে প্ৰজাৰ ইচ্ছা পূৰণ কৰাটো কৰ্তব্য বুলি উল্লেখ কৰে, লগতে যুক্তি দিয়ে যে যিহেতু তাই দেৱযানীৰ দাস, সেই হিচাপে তেওঁৰ নিজা কোনো পৰিচয় নাই। তাই লগতে ইয়াকো কয় যে যিহেতু দেৱযানী তেওঁৰ, সেয়ে শৰ্মিষ্ঠাও তেওঁৰেই:[5]

“হে ৰাজকুমাৰ, কোনোবাই তাইৰ বান্ধৱীৰ স্বামীক নিজৰ বুলি গণ্য কৰিব পাৰে। নিজৰ বান্ধৱীৰ বিবাহ আৰু নিজৰ বিবাহ একেই। যিহেতু তোমাক মোৰ বান্ধৱীয়ে স্বামী হিচাপে বৰণ কৰিছে, সেয়ে তুমি মোৰো স্বামী।”

 মহাভাৰত, সম্ভৱ পৰ্ব, খণ্ড ৮২n

ৰাজকুমাৰীৰ কথাত পতিয়ন গৈ যযাতিয়ে তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু তেওঁলোকৰ দ্ৰুয়ো, অনুদ্ৰুয়ো আৰু পুৰু নামৰ তিনিজন পুত্ৰৰ জন্ম হয়।[6]

এবাৰ যযাতি আৰু দেৱযানীয়ে বাগিচাত শৰ্মিষ্ঠাৰ সন্তানসকলক আকস্মিকভাৱে দেখা পায়, আৰু শিশুসকলে মাকৰ পৰিচয় প্ৰকাশ কৰে। ক্ৰোধিত হৈ দেৱযানীয়ে ধুমুহাৰ দৰে অসুৰৰ ৰাজ্যলৈ গুচি যায় আৰু যযাতিৰ প্ৰেমৰ কথা দেউতাকক অৱগত কৰে। শুক্ৰই যৌৱনতে বৃদ্ধাৱস্থাৰ দুৰ্বলতাত ভুগিবলৈ যযাতিক অভিশাপ দিয়ে। যেতিয়া ৰজাই তেওঁক অভিশাপৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ কৰে, শুক্ৰই প্ৰকাশ কৰে যে যদি তেওঁৰ কোনো পুত্ৰই তেওঁৰ ঠাইত অভিশাপ গ্ৰহণ কৰিবলৈ সন্মত হয়, তেন্তে ৰজাক তেওঁৰ যৌৱন অৰ্পণ কৰি অভিশাপৰ পৰা মুক্ত কৰিব পাৰিব। ৰজাৰ এই অভিশাপৰ বোজা বহন কৰিবলৈ কেৱল পুৰু মান্তি হয়, আৰু সেয়েহে তেওঁক যযাতিৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰা হয়। হাজাৰ বছৰ ধৰি কামুক যৌৱন উপভোগ কৰাৰ পিছত যযাতিয়ে পুৰুক তেওঁৰ যৌৱন ঘূৰাই দিয়ে আৰু ৰজা হিচাপে ৰাজত্ব কৰিবলৈ সিংহাসন এৰি দিয়ে। চন্দ্ৰবংশী ৰজা পুৰুৰ পৰাই ‘পৌৰৱ’ নামৰ উত্তৰপুৰুষৰ উদ্ভব হয়, যাৰ উত্তৰাধিকাৰীসকলে অৱশেষত কুৰুবংশ,[7] অৰ্থাৎ পাণ্ডৱ আৰু কৌৰৱৰ জন্ম দিয়ে।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-06-29). "Sarmishtha, Sharmishtha, Sarmiṣṭhā, Śarmiṣṭhā: 12 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/sarmishtha আহৰণ কৰা হৈছে: 2022-10-07.
  2. www.wisdomlib.org (2019-01-28). "Story of Pūru" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241858.html আহৰণ কৰা হৈছে: 2022-10-07.
  3. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section LXXVIII". http://www.sacred-texts.com/hin/m01/m01079.htm.
  4. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section LXXXI". http://www.sacred-texts.com/hin/m01/m01082.htm.
  5. www.wisdomlib.org (2010-10-17). "Section LXXXII [Mahabharata, English"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-mahabharata-mohan/d/doc4075.html আহৰণ কৰা হৈছে: 2022-10-07.
  6. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section LXXXII". http://www.sacred-texts.com/hin/m01/m01083.htm.
  7. Rao, D. Venkat (2014-05-02) (en ভাষাত). Cultures of Memory in South Asia: Orality, Literacy and the Problem of Inheritance. Springer Science & Business. পৃষ্ঠা. 221. ISBN 978-81-322-1698-8. https://books.google.com/books?id=d7m8BAAAQBAJ&dq=kuruvamsha&pg=PA221.
  8. www.wisdomlib.org (2019-01-28). "Story of Yayāti" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242086.html আহৰণ কৰা হৈছে: 2022-10-07.