ভানুমতী (দুৰ্যোধনৰ পত্নী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ভানুমতী
The spouse of Duryodhan, described to the fairest of all.jpg
ভালুমতীৰ কলাকৃতি
তথ্য
পৰিয়াল চিত্ৰাঙ্গদা (পিতা)[1][2]
দাম্পত্যসঙ্গী দুৰ্যোধন
সন্তান লক্ষ্মণ কুমাৰ (পুত্ৰ)
লক্ষ্মণা (কণ্যা)[3][2]

ভানুমতী মহাকাব্য মহাভাৰত[4][5] বিৰোধী বাহিনীৰ মুখ্য নেতা দুৰ্যোধনৰ পত্নী আছিল। মূল মহাকাব্যখনত ভানুমতীৰ উল্লেখ নাই যদিও পৰৱৰ্তী সংস্কৰণসমূহত দুৰ্যোধনৰ পত্নী হিচাপে ভানুমতীৰ নাম উল্লেখ কৰা হৈছে।[6] ভানুমতীৰ লক্ষ্মণ কুমাৰ নামৰ এজন পুত্ৰ আৰু লক্ষ্মণা নামৰ এজনী কন্যা আছিল। মহাভাৰতত উল্লেখ কৰা মতে দুৰ্যোধনে ভানুমতীক যথেষ্ট ভাল পাইছিল।[7][8][2]

মহাভাৰতত, দুৰ্যোধনৰ পত্নীৰ কথা তিনিবাৰ উল্লেখ কৰা হৈছে।[1] শান্তি পৰ্বত দুৰ্যোধনে ৰজা চিত্ৰাঙ্গদাৰ জীয়েকক তেওঁৰ পৰম মিত্ৰ কৰ্ণৰ সহায়ত তেওঁৰ স্বয়ম্বৰৰ পৰা অপহৰণ কৰিছিল। পিছত, স্ত্ৰী পৰ্বত ভানুমতীৰ শাহু গান্ধাৰীয়ে তেওঁৰ বিষয়ে বৰ্ণনা কৰিছে।

মহাভাৰতত ভানুমতীৰ কথা কেতিয়াও পোনপটীয়াকৈ উল্লেখ কৰা হোৱা নাই। শল্য পৰ্বত, দুৰ্যোধনে তেওঁৰ পুত্ৰ লক্ষ্মণ কুমাৰৰ মাতৃৰ ভাগ্যৰ বাবে দুখ প্ৰকাশ কৰিছে। স্ত্ৰী পৰ্বত, গান্ধাৰীয়ে (দুৰ্যোধনৰ মাতৃ) তেওঁৰ বোৱাৰীৰ কথা উল্লেখ কৰিছে। শান্তি পৰ্বত, ঋষি নাৰদে দুৰ্যোধন আৰু কৰ্ণৰ বন্ধুত্বৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰিছে। ইয়াত, কৰ্ণই তেওঁৰ বন্ধুক কলিঙ্গ ৰজা চিত্ৰাংগদাৰ জীয়েকক তেওঁৰ স্বয়ম্বৰৰ পৰা অপহৰণ কৰাত সহায় কৰাৰ কথা কৈছে। যিহেতু মহাকাব্যখনত দুৰ্যোধনৰ পত্নীৰ কোনো নাম উল্লেখ কৰা নাই, তেওঁৰ নাম লোককাহিনীৰ দ্বাৰা প্ৰদান কৰা হৈছে।[6]

বিবাহ[সম্পাদনা কৰক]

মহাভাৰতৰ শান্তি পৰ্বত দুৰ্যোধনৰ বিবাহ বিষয়ে পোৱা যায়। মহাভাৰতত মহৰ্ষি নাৰদে কলিঙ্গৰাজ চিত্ৰাঙ্গদাৰ জীয়েকৰ স্বয়ম্বৰৰ কাহিনী বৰ্ণনা কৰিছে। কাহিনীটোত কিন্তু ক’তো ৰাজকুমাৰীৰ নাম উল্লেখ কৰা হোৱা নাই মাত্ৰ তেওঁক সুন্দৰী বুলি কোৱা হৈছে।[7]

দুৰ্যোধনক কলিঙ্গৰ ৰজা চিত্ৰাঙ্গদাৰ জীয়ৰীৰ স্বয়ম্বৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। দুৰ্যোধন তেওঁৰ পৰম মিত্ৰ কৰ্ণক লগত লৈ ৰাজাপুৰা চহৰলৈ গৈছিল। উক্ত অনুষ্ঠানটোত শিশুপাল, জৰাসন্ধ, ভীষ্মক, বক্ৰ, কপটাৰমন, নীল, ৰুক্মি, শৃঙ্গ, অশোক, শতধনৱান আদি বহুতো কিংবদন্তি শাসকে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটো আৰম্ভ হোৱাৰ পিছত, ৰাজকুমাৰীয়ে হাতত বৰমালা লৈ স্বয়ম্বৰ সভাত প্ৰৱেশ কৰিছিল। তেওঁৰ চাৰিওকাষে তেওঁৰ দাসী আৰু দেহৰক্ষীসকল আছিল। যেতিয়া স্বয়ম্বৰ সভাত অংশগ্ৰহণ কৰা ৰজাসকলৰ নাম আৰু তেওঁলোকৰ বংশৰ বিষয়ে অৱগত কৰা হৈছিল, তেওঁ দুৰ্যোধনৰ ওচৰৰ পৰা আঁতৰি গৈছিল। ইতিমধ্যে দুৰ্যোধন ৰাজকুমাৰীৰ ৰূপত মুগ্ধ হৈ পৰিছিল সেয়ে তেওঁৰ প্ৰত্যাখ্যান স্বীকাৰ কৰিবলৈ অমান্তি হৈছিল আৰু অন্য ৰজাসকলক প্ৰত্যাহ্বান জনাই জোৰ কৰি ভানুমতীক ৰথত তুলি লৈ গৈছিল। কৰ্ণই তেওঁৰ বন্ধুক সুৰক্ষা দিবলৈ বাকী ৰজাসকলৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। কৰ্ণই অতি সহজে তেওঁলোকক অনুসৰণ কৰা ৰজাসকলক পৰাস্ত কৰিছিল আৰু আন ৰাজকীয় প্ৰাৰ্থীসকলে কৰ্ণৰ যুদ্ধ কৰাৰ দক্ষতা দেখি তেওঁলোকক অনুসৰণ কৰা বাদ দি উভতি গৈছিল। হস্তিনাপুৰত উপস্থিত হোৱাৰ পিছত, দুৰ্যোধনে তেওঁৰ ককাদেউতাক ভীষ্মই তেওঁৰ ভাতৃ বিচিত্ৰবৰ্মাৰ বাবে কাশীৰ তিনিগৰাকী ৰাজকুমাৰীক অপহৰণ কৰাৰ উদাহৰণ দি তেওঁৰ এই কাৰ্য্য ন্যায়সঙ্গত বুলি প্ৰতিষ্ঠা কৰিছিল। অৱশেষত, ৰাজকুমাৰীয়েও দুৰ্যোধনৰ পত্নী হবলৈ সন্মতি প্ৰদান কৰিছিল।[9]

দুৰ্যোধনৰ মৃত্যুৰ পিছত গান্ধৰীৰ উল্লেখৰ সৈতে ভানুমতীৰ কাহিনীৰ সমাপ্তি ঘটিছিল। ইয়াৰ পিছত তেওঁ অন্য কোনো পুৰুষক বিয়া কৰোৱাৰ কোনো কথা মহাভাৰতৰ ক’তো একো উল্লেখ কৰা হোৱা নাই।

স্থানীয় কাহিনী আৰু লোককথা[সম্পাদনা কৰক]

ভানুমতী মূল মহাভাৰতৰ এটা সৰু চৰিত্ৰ যদিও, তেওঁৰ বিষয়ে বহুতো স্থানীয় কাহিনী আৰু লোককথা পোৱা যায়।

কৰ্ণৰ সৈতে পাশা খেল[সম্পাদনা কৰক]

ভানুমতী সম্পৰ্কে মহাভাৰতত উল্লেখ নথকা[10] এটা জনপ্ৰিয় তামিল লোককথা পোৱা যায়। এদিন দুৰ্যোধন কোনো কৰ্মত ব্যস্ত থকাৰ বাবে কৰ্ণক ভানুমতীৰ যত্ন ল'বলৈ আৰু সন্ধিয়াৰ বাবে মনোৰঞ্জন দিবলৈ অনুৰোধ কৰিছিল। সময় অতিবাহিত কৰিবলৈ, কৰ্ণ আৰু ভানুমতীয়ে পাশা খেল খেলিবলৈ আৰম্ভ কৰিছিল। খেলখন অতি আকৰ্ষণীয় হৈ পৰিছিল। লাহে লাহে কৰ্ণ খেলত জয়ী হবলৈ ধৰিছিল। ইফালে, দুৰ্যোধন সোনকালে উভতি আহি কোঠাত প্ৰৱেশ কৰিছিল। স্বামীক ভিতৰলৈ অহা দেখি ভানুমতীয়ে সন্মান প্ৰদৰ্শন কৰি লগে লগে থিয় হৈছিল। কৰ্ণ দুৱাৰৰ ফালে পিঠি দি বহিছিল বাবে দুৰ্যোধন সোমাই অহা কথা নাজানিছিল আৰু ভানুমতী খেলত পৰাজয় হোৱা বাবে খেল এৰিব বিছাৰিছে বুলি ভাবিছিল।

বন্ধু আগমনৰ কথা অনুভৱ কৰাৰ আগতে কৰ্ণই ভানুমতীৰ শালখন ধৰি টানি দিছিল। ফলত ভানুমতীৰ মুক্তাৰ অলংকাৰবোৰ মজিয়াত সিঁচৰতি হৈ পৰিছিল। শালৰ সৈতে তাইৰ ওৰণিও পিছলি পৰিছিল আৰু গাৰ পোছাক অসংযত হৈ পৰিছিল। কৰ্ণৰ এনে কাৰ্যত ভানুমতি হতভম্ব হৈ পৰিছিল আৰু স্বামীয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱাব সেই চিন্তাত জঠৰ হৈ পৰিছিল।

ভানুমতীৰ ভয়াৰ্ত দৃষ্টি অনুসৰণ কৰি কৰ্ণই ঘূৰি চাই দুৰ্যোধনক তেওঁলোক দুয়োকে সাৱধানে লক্ষ্য কৰি থকা দেখিছিল। বন্ধুৰ পৰা তেওঁ সন্মুখীন হ'ব লগা ক্ৰোধ আৰু অনিবাৰ্য শাস্তিৰ কথা ভাবি তেওঁ লাজ, অপমান আৰু অপৰাধবোধ কৰি থিয় দিছিল। তেওঁ নিশ্চিত আছিল যে দুৰ্যোধনে লগে লগে তেওঁলোকৰ ওপৰত অনৈতিকতাৰ অভিযোগ তুলিব। অৱশ্যে, তেওঁলোক দুয়োকে আচৰিত কৰি দুৰ্যোধনে কৰ্ণলৈ চাই তেওঁৰ পত্নীক সম্বোধন কৰি কৈছিল, "মই কেৱল মণিবোৰ বুটলিম নে সেইবোৰ গুঁঠিও দিব লাগিব?"

ভানুমতী আৰু কৰ্ণ হতবাক হৈ ইজনে সিজনলৈ নিঃশব্দে চাই ৰৈছিল, তেওঁলোক দুয়োজনে দুৰ্যোধনক ভুল বুজাৰ বাবে মনে মনে লজ্জিত হৈছিল। দুৰ্যোধনৰ তেওঁৰ ৰাণীৰ প্ৰতি তেওঁৰ যিমান বিশ্বাস আৰু প্ৰেম আছিল, আৰু তাতকৈও অধিক বিশ্বাস আছিল তেওঁৰ বন্ধু কৰ্ণৰ ওপৰত। এক মুহূৰ্তৰ বাবেও তেওঁ সন্দেহ কৰা নাছিল যে তেওঁ ভাতৃ জ্ঞান কৰা মিত্ৰ কৰ্ণই কেতিয়াবা তেওঁক বিশ্বাসঘাতকতা কৰিব। তেওঁ কেৱল নিঃশব্দে মুক্তাবোৰ বুটলি দিছিল। এই কাহিনীটো ব্যাসৰ মহাভাৰতত নাই, কিন্তু কৰ্ণ আৰু দুৰ্যোধনৰ প্ৰকৃত বন্ধুত্বৰ দৃষ্টান্ত দিবৰ বাবে প্ৰায়ে উল্লেখ কৰা হয়।[11][10]

সুপ্ৰিয়াৰ বিবাহ[সম্পাদনা কৰক]

অন্য এটা কাহিনীত বৰ্ণনা কৰা হৈছে যে ভানুমতীৰ সুপ্ৰিয়া নামৰ এগৰাকী অতি ঘনিষ্ঠ দাসী আছিল। কাহিনী মতে, যেতিয়া দুৰ্যোধন আৰু কৰ্ণই ভানুমতীক অপহৰণ কৰিছিল, সুপ্ৰিয়াইও তেওঁলোকক অনুসৰণ কৰিছিল। পিছত, যেতিয়া ভানুমতীয়ে দুৰ্যোধনক স্বামী বৰণ কৰিছিল, সুপ্ৰিয়াই কৰ্ণক তেওঁৰ স্বামী হিচাপে বাছনি কৰিছিল আৰু কৰ্ণৰ সৈতে বিবাশ পাশত আবদ্ধ হৈছিল।[12]

শল্যৰ কণ্যা[সম্পাদনা কৰক]

ইণ্ডোনেচিয়াত প্ৰচলিত এটা লোককাহিনী অনুসৰি, ভানুমতী হৈছে নকুল আৰু সহদেৱৰ খুৰাক শল্যৰ জীয়ৰী। সেই দিশৰ পৰা তেওঁলোক ভানুমতীৰ সম্পৰ্কীয় ভাই-ভনী। কাহিনী অনুসৰি, ভানুমতীয়ে অৰ্জুনক বিয়া কৰাব বিচাৰিছিল কিন্তু তেওঁ দেউতাকৰ ইচ্ছা অনুসৰি দুৰ্যোধনক বিয়া কৰাইছিল। যিহেতু দুৰ্যোধন শল্যৰ জোঁৱাই আছিল, সেয়ে তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱক সহায় কৰাৰ পৰিৱৰ্তে কৌৰৱ পক্ষক সমৰ্থন কৰিছিল।[13]

জনপ্ৰিয় সংস্কৃতিত[সম্পাদনা কৰক]

  • সূৰ্যপুত্ৰ কৰ্ণ নামৰ দূৰদৰ্শন শৃংখলাত শুভী আহুজাৰ দ্বাৰা চিত্ৰায়িত কৰা হৈছে
  • ২০১৮ চনৰ কৰ্ণ সংগিনী নামৰ দূৰদৰ্শন শৃংখলাত ৰৱনীত কৌৰে চিত্ৰায়িত কৰিছে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Narada. The Mahabharata: Book 12: Shanti Parva, K. M. Ganguli, tr. Retrieved 5 October 2017.
  2. 2.0 2.1 2.2 Anand Neelakantan (2015). Ajaya: Rise of Kali. p. 22
  3. Gandhari. The Mahabharta: Book 11: Stri Parva, K. M. Ganguli, tr. Retrieved 5 October 2017.
  4. Arthur Berriedale Keith (1992). The Sanskrit Drama in Its Origin, Development, Theory & Practice. Motilal Banarsidass. পৃষ্ঠা. 213. ISBN 978-81-208-0977-2. https://books.google.com/books?id=sfqRhylNBpwC&pg=PA213. 
  5. Vaisampayana. The Mahabharata: Book 1: Adi Parva, K. M. Ganguli, tr. Retrieved 5 October 2017
  6. 6.0 6.1 Sharma, Arvind (2007) (en ভাষাত). Essays on the Mahābhārata. Motilal Banarsidass Publishe. ISBN 978-81-208-2738-7. https://books.google.com/books?id=KnCxH85Vra4C&q=duryodhana+wife&pg=PA298. 
  7. 7.0 7.1 Chakravarti, Bishnupada (2007-11-13) (en ভাষাত). Penguin Companion to the Mahabharata. Penguin UK. ISBN 978-93-5214-170-8. https://books.google.com/books?id=ivQ6CwAAQBAJ&q=Bhanumati&pg=PT105. 
  8. Valmiki; Vyasa (2018-05-19) (en ভাষাত). Delphi Collected Sanskrit Epics (Illustrated). Delphi Classics. ISBN 978-1-78656-128-2. https://books.google.com/books?id=qj9bDwAAQBAJ&q=mother+of+Lakshmana&pg=PT5921. 
  9. Anonymous (en ভাষাত). The Mahabharata of Krishna-Dwaipayana Vyasa (Complete). Library of Alexandria. ISBN 978-1-4655-2637-3. https://books.google.com/books?id=ygA2240G74kC&q=Narada+said%2C+%27Having+thus+obtained+weapons+from+him+of+Bhrigu%27s+race%2C+Karna+began+to+pass+his+days+in+great+joy%2C+in+the+company+of+Duryodhana%2C+O+bull+of+Bharata%27s+race.&pg=PT7783. 
  10. 10.0 10.1 Menon, Ramesh (2006-07-20) (en ভাষাত). The Mahabharata: A Modern Rendering. iUniverse. ISBN 978-0-595-84565-1. https://books.google.com/books?id=5GgCZqN_hAgC&q=duryodhana+wife&pg=PA540. 
  11. https://shodhganga.inflibnet.ac.in/bitstream/10603/93789/5/05_chapter%203.pdf
  12. Krishnan, S. A. (2017-07-01). Karna, the son of Kunti: Stories from the Mahabharatha. SA. https://books.google.com/books?id=wsKlDwAAQBAJ&q=vrushali+and+supriya&pg=PA50. 
  13. Pattanaik, Devdutt (2010) (en ভাষাত). Jaya: An Illustrated Retelling of the Mahabharata. Penguin Books India. ISBN 978-0-14-310425-4. https://books.google.com/books?id=gzN2_fu0mIYC&q=Bhanumati&pg=PA221.