মহাভাৰতৰ পাত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মহাভাৰত, ভাৰতৰ প্ৰমুখ মহাকাব্য দুখনৰ ভিতৰত অন্যতম।

মহাভাৰতৰ মুখ্য চৰিত্ৰসমূহ৷

কুৰু-পাণ্ডৱৰ বংশলতা[সম্পাদনা কৰক]

কুৰু
 
 
 
 
গংগা
 
শান্তনু
 
সত্যৱতী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
পৰাশৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ভীষ্মচিত্ৰাঙ্গদঅম্বিকা
 
বিচিত্ৰবীৰ্য্য
 
অম্বালিকাব্যাস
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ধৃতৰাষ্ট্ৰ
 
গান্ধাৰীশকুনি
 
 
কুন্তী
 
পাণ্ডু
 
মাদ্ৰী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
কৰ্ণযুধিষ্ঠিৰভীমঅৰ্জুন
 
সুভদ্ৰানকুলসহদেৱ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
দুৰ্যোধনদুঃশলাদুঃশাসন(অন্য ৯৮ জন পুত্ৰ)
 
 
 
 
 
 
অভিমন্যু
 
উত্তৰা
 
 
 
 
পৰীক্ষিত
 
মাদ্ৰৱতী
 
 
 
 
জনমেজয়

সাংকেতিক চিহ্ন

  • পুৰুষ: নীলা পৰিধি
  • মহিলা: ৰঙা পৰিধি
  • পাণ্ডৱ: সেউজীয়া বাকছ
  • কৌৰৱ: হালধীয়া বাকছ

অ-ঔ[সম্পাদনা কৰক]

অৰ্জুন[সম্পাদনা কৰক]

অৰ্জুন (ইংৰাজী: Arjuna) হ'ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী। মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে। শ্ৰী কৃষ্ণক ৰথৰ সাৰথি হিচাপে লৈ তেওঁ কৌৰৱৰ বিৰুদ্ধে মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ জয়ত মুখ্য ভূমিকা লৈছিল। অৰ্জুন আছিল দেৱৰাজ ইন্দ্ৰৰ মানস সন্তান। গুৰু দ্ৰোণাচাৰ্য্যৰ তত্ত্বাৱধানত অৰ্জুনে বিশেষভাৱে শিক্ষাগ্ৰহণৰ সুবিধা পাইছিল আচাৰ্য্যপুত্ৰ অশ্বত্থামাৰ লগত। সেয়েহে তেওঁ আন ৰাজকুমাৰ সকলোতকৈ বেছি আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছিল। পৰৱৰ্তী সময়ত এই বিদ্যাৰ সদ্ব্যৱহাৰ কৰি অৰ্জুনে নিজকে বিশ্বপ্ৰসিদ্ধ ধনুৰ্দ্ধৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। অৰ্জুন এজন অতিমহাৰথী আছিল যি অকলে ১২জন মহাৰথীৰ সমান।

অভিমন্যু[সম্পাদনা কৰক]

অভিমন্যু (ইংৰাজী: Abhimanyu) মহাভাৰত মহাকাব্যৰ অন্যতম উল্লেখযোগ্য বীৰ চৰিত্ৰ আৰু অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ, কৃষ্ণৰ ভাগিন আৰু মৎস্য ৰাজকন্যা উত্তৰাৰ স্বামী। সাহস আৰু বীৰত্বত তেওঁ তেওঁৰ পিতৃ অৰ্জুন আৰু পিতামহ ইন্দ্ৰৰ সমতুল্য। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ত্ৰয়োদশ দিনা মাত্ৰ ষোল বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ একমাত্ৰ পুত্ৰ পৰীক্ষিতে তেওঁৰ মৃত্যুৰ পিছত জন্মগ্ৰহণ কৰিছিল।

অম্বা[সম্পাদনা কৰক]

অম্বা হৈছে হিন্দু মহাকাব্য মহাভাৰতৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কাশীৰ ৰজা কাশ্যৰ জ্যেষ্ঠ কন্যা আৰু অম্বিকা আৰু অম্বালিকাৰ ভগ্নী। অম্বাক কুৰু ৰাজকুমাৰ ভীষ্মই অপহৰণ কৰিছিল আৰু অম্বাই তেওঁৰ এই দুৰ্ভাগ্যৰ বাবে ভীষ্মক দায়ী কৰিছিল। পিছলৈ ভীষ্মৰ ধ্বংসয়েই অম্বাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰে। ইয়াকে পূৰণ কৰিবলৈ তেওঁ দ্ৰুপদৰাজৰ জীয়ৰী আৰু মহাকাব্যৰ নায়িকা দ্ৰৌপদীৰ ভগ্নী শিখান্দিনী হিচাপে পুনৰ জন্মগ্ৰহণ কৰিছিল।

অম্বালিকা[সম্পাদনা কৰক]

অম্বালিকা কাশীৰাজৰ কণিষ্ঠা জীয়ৰী। তেওঁ ৰজা বিচিত্ৰবীৰ্যৰ পত্নী আৰু পাণ্ডুৰ মাতৃ। ভীষ্মই অম্বা আৰু অম্বালিকাক স্বয়ংবৰৰ পৰা কাঢ়ি লৈ গৈছিল। বিবাহৰ সাত বছৰ পিছত বিচিত্ৰবীৰ্য যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু সন্তানহীন হৈ মৃত্যুবৰণ কৰে। কিন্তু বংশধৰসকলৰ পুত্ৰৰ বাবে তাই সত্যৱতীৰ পুত্ৰ মহৰ্ষি বেদব্যাসৰ সৈতে যৌন সম্ভোগ কৰিছিল। কিন্তু সহবাসৰ সময়ত বেদব্যাসৰ ভয়ানক ৰূপ দেখি তাই ভয়তে শ্বেতা পৰি গৈছিল। সেইকাৰণে তাইৰ পুত্ৰ পাণ্ডু শ্বেতা আছিল। তাই তাইৰ অন্তিম জীৱন শাহু সত্যৱতী আৰু ভগ্নী অম্বিকাৰ সৈতে সন্ন্যাসিনীৰ দৰে অতিবাহিত কৰিছিল।

অম্বিকা[সম্পাদনা কৰক]

অম্বিকা কাশীৰাজৰ মধ্যমা জীয়ৰী। তেওঁ ৰজা বিচিত্ৰবীৰ্যৰ প্ৰথম পত্নী আৰু ধৃতৰাষ্ট্ৰৰ মাতৃ। ভীষ্মই অম্বা আৰু অম্বালিকাক স্বয়ংবৰৰ পৰা কাঢ়ি লৈ গৈছিল। বিবাহৰ সাত বছৰ পিছত বিচিত্ৰবীৰ্য যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু সন্তানহীন হৈ মৃত্যুবৰণ কৰে। কিন্তু বংশধৰসকলৰ পুত্ৰৰ বাবে তাই সত্যৱতীৰ পুত্ৰ মহৰ্ষি বেদব্যাসৰ সৈতে যৌন সম্ভোগ কৰিছিল। কিন্তু সহবাসৰ সময়ত বেদব্যাসৰ ভয়ানক ৰূপ দেখি তাই দুয়োটা চকু বন্ধ কৰিছিল। সেইকাৰণে তাইৰ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল। তাই তাইৰ অন্তিম জীৱন শাহু সত্যৱতী আৰু কনিষ্ঠ ভগ্নী অম্বালিকাৰ সৈতে সন্ন্যাসিনীৰ দৰে অতিবাহিত কৰিছিল।

অশ্বত্থামা[সম্পাদনা কৰক]

অশ্বত্থামা (সংস্কৃত: अश्वत्थामा, ইংৰাজী: Ashwatthama) মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বত্থামা আছিল গুৰু দ্ৰোণৰ পুত্ৰ।[1] পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু আনটো বনৰ হাতী যাক মহাভাৰতৰ যুদ্ধত ভীমে হত্যা কৰে।

উত্তৰা[সম্পাদনা কৰক]

উত্তৰা (ইংৰাজী: Uttara) আছিল মৎসদেশৰ ৰজা বিৰাটৰ কন্যা, য’ত পাণ্ডৱসকলে বনবাসৰ সময়ত সেই মৎসদেশতে এবছৰ সময় কটাইছিল৷ তেওঁ অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ পত্নী[2] আৰু পৰীক্ষিতৰ মাতৃ আছিল। তেওঁৰ মাকৰ নাম আছিল সুদেষ্ণা[3][2][4] তেওঁ উত্তৰ, স্বেতা আৰু শংকাৰ ভগ্নী আছিল।

ক-ঙ[সম্পাদনা কৰক]

কুন্তী[সম্পাদনা কৰক]

মহাভাৰতৰ আখ্যানমতে কুন্তী (সংস্কৃত: कुन्ती) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা,[5] আৰু ৰজা কুন্তীভোজৰ তোলনীয়া কন্যা।[6] তেওঁ বাসুদেৱৰ ভনীয়েক আছিল। হস্তিনাপুৰৰ ৰজা পাণ্ডুলৈ তেওঁৰ বিয়া হৈছিল[7] আৰু কৰ্ণৰ লগতে প্ৰথম তিনিজন পাণ্ডৱৰ মাতৃ হৈছিল।[8] সম্পৰ্কত তেওঁ কৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ পেহীয়েক। নকুল আৰু সহদেৱকো তুলি-তালি ডাঙৰ কৰিছিল। কুন্তীক মহাভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে গণ্য কৰা হয়।

কৃষ্ণ[সম্পাদনা কৰক]

কৃষ্ণ (সংস্কৃত: कृष्ण; ইংৰাজী: Krishna) হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"।[9] এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুঅষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক 'স্বয়ং ভগবান' বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে।

ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে।[10] আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত।[11] হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত।[12] তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত।[13] কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত।

চতুৰ্থ খ্ৰীষ্টপূৰ্বাব্দৰ পৰাই 'বাসুদেৱ', 'বালকৃষ্ণ' আৰু 'গোপাল' প্ৰভৃতি কৃষ্ণৰ নানা ৰূপৰ পূজাকাৰী বিভিন্ন সম্প্ৰদায়ৰ অস্তিত্বৰ কথা জনা যায়। খ্ৰীষ্টিয় নৱম শতাব্দীতেই দক্ষিণ ভাৰতত কৃষ্ণভক্তিৰ আন্দোলন বিয়পি পৰে। উত্তৰ ভাৰতত কৃষ্ণধৰ্মৰ সম্প্ৰদায়সমূহ সুপ্ৰতিষ্ঠিত হয় প্ৰায় একাদশ শতাব্দীত। দশম শতাব্দীৰ পৰাই ভক্তি আন্দোলনৰ ক্ৰমবিস্তাৰৰ ফলত কৃষ্ণ শিল্পকলাৰ এক মুখ্য বিষয় হৈ উঠে। উৰিষ্যাজগন্নাথ, মহাৰাষ্ট্ৰবিঠোবা, ৰাজস্থানশ্ৰীনাথজি প্ৰভৃতি কৃষ্ণৰ ৰূপসমূহক কেন্দ্ৰ কৰি আঞ্চলিক ভক্তি-সংস্কৃতিয়ে বিকাশলাভ কৰে।

গংগা দেৱী[সম্পাদনা কৰক]

গঙ্গা (সংস্কৃত: गंगा Gaṅgā, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱায় বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়।

গান্ধাৰী[সম্পাদনা কৰক]

গান্ধাৰী (সংস্কৃত: गांधारी, অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা। পতীব্ৰতা নাৰী গান্ধাৰীক সদগুণৰ প্ৰতীক ৰূপে গণ্য কৰা হয় তথা মহাকাব্যৰ সকলোতকৈ সম্মানিত নৈতিক শক্তি সমূহৰ মাজৰ এটি চৰিত্ৰ। তেওঁ কেৱল এজন অন্ধ ৰজাৰে বিবাহপাশত আবদ্ধ হোৱাই নহয়, আনকি তেওঁ নিজ স্বামীৰ অক্ষমতাৰ সমভাগি হৈ বিবাহৰ পিছৰ জীৱনচোৱা সম্পূৰ্ণ ৰূপে অন্ধ নাৰী হিচাপে কটাবলৈ সিদ্ধান্ত ল'লে। সেয়ে পিছলৈ তেওঁ চকুত এখন কাপোৰ বান্ধি লৈ অন্ধকাৰৰ সৈতে সহবাস কৰিবলৈ শিকিলে। তেওঁ নিৰ্দিষ্ট জটিল সংকটৰ সময়ত নিজৰ স্বামীক বিভিন্ন পৰামৰ্শ দিছিল, যি সমূহ নৈতিক দৃষ্টিকোণৰ পৰা সঠিক নাছিল; তেওঁ ধাৰ্ম্মিকতাৰ সৈতে তেওঁৰ আনুগত্যেতা সদায়ে বজাই ৰাখিবলৈ চেষ্টা কৰিছিল আনকি বহু তিতা সংকটৰ শেষ পৰ্যন্ত তেওঁ নিজৰ মতত অটল আছিল। পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ মাজত হোৱা কুৰুক্ষেত্ৰৰ ৰণত ১৮ দিনৰ ভিতৰত হোৱা তেওঁৰ ১০০পুত্ৰৰ মৃত্যুৰ সাক্ষী তেওঁ নিজেই আছিল; সন্তানৰ মৃত্যুৰ দুঃখত ম্ৰিয়মাণ হৈ তেওঁ ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে, শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ বংশ এইদৰেই ধ্বংস হৈ যাব। জীৱনৰ অন্তিমচোৱা সময় তেওঁ তেওঁৰ স্বামীৰ সৈতে এখন বনৰ আশ্ৰমত কটায়। [14]

চ-ঞ[সম্পাদনা কৰক]

ত-ন[সম্পাদনা কৰক]

দশৰথ[সম্পাদনা কৰক]

দশৰথ (সংস্কৃত: दशरथ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।

দুঃশাসন[সম্পাদনা কৰক]

দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক।

দুৰ্যোধন[সম্পাদনা কৰক]

দুৰ্যোধন (সংস্কৃত: दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জেষ্ঠ্য। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।

দ্ৰুপদ[সম্পাদনা কৰক]

দ্ৰুপদ (সংস্কৃত: द्रुपद) যজ্ঞসেন নামেও পৰিচিত (সংস্কৃত: यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।

দ্ৰৌপদী[সম্পাদনা কৰক]

দ্ৰৌপদী হʼল মহাভাৰত মহাকাব্যৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ। তেওঁ পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী। যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া হস্তিনাপুৰৰ ৰজা হৈছিল তেতিয়া দ্ৰৌপদী (পুনৰ) ইন্দ্ৰপ্ৰস্থৰ মহাৰাণী হৈছিল। পাঞ্চালৰ ৰাজকন্যা বাবে তেওঁৰ আন নাম পাঞ্চালী। তেওঁৰ গাত নীলপদ্মৰ নিচিনা আভা থকা বাবে তেওঁক কৃষ্ণা বোলা হৈছিল। ইয়াৰ উপৰিও তেওঁ যাজ্ঞসেনী নামেও পৰিচিত কাৰণ যজ্ঞবেদীৰ পৰা তেওঁৰ জন্ম হৈছিল। মহাভাৰতত উল্লেখ অনুসৰি দ্ৰৌপদী সেই কালৰ অদ্বিতীয় সুন্দৰী আছিল। তেওঁ পঞ্চকন্যাৰ অন্যতমা।[15]

ধৃতৰাষ্ট্ৰ[সম্পাদনা কৰক]

মহাভাৰতধৃতৰাষ্ট্ৰ (ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"[16]) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল।

নকুল[সম্পাদনা কৰক]

হিন্দু পুৰাণ মহাভাৰতত নকুল (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন') আছিল চতুৰ্থ পাণ্ডৱ। নকুল আৰু তেওঁৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।

প-ম[সম্পাদনা কৰক]

পৰশুৰাম[সম্পাদনা কৰক]

পৰশুৰাম (সংস্কৃত: परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়।[17] তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম।

তেওঁৰ পিতৃৰ নাম আছিল জমদগ্নি আৰু মাতৃ ৰেণুকা। তেওঁলোকক কোৱা হৈছিল যে পৃথিৱীত অশুভ শক্তিয়ে ভৰ কৰাৰ সময়তেই পৰশুৰামৰ জন্ম হ'ব। এসময়ত ক্ষত্ৰিয়সকলে অস্ত্ৰশক্তিৰে আনৰ সামগ্ৰী বলপূৰ্বক কাঢ়ি লোৱা, স্বৈৰাচাৰ চলোৱা আদি কৰ্মত লিপ্ত হৈছিল। পৰশুৰামে একৈশবাৰ সমূহ ক্ষত্ৰিয়ক নাশ কৰি ব্ৰহ্মাণ্ডৰ সমতা স্থাপন কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল ধৰণী। তেওঁ আছিল দেৱী লক্ষ্মীৰ অৱতাৰ।[18] তেওঁ আছিল পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ গুৰু।[19][20]

পাণ্ডু[সম্পাদনা কৰক]

পাণ্ডু (ইংৰাজী: Pandu; সংস্কৃত: पाण्डु) হৈছে মহাভাৰতত বৰ্ণিত হস্তিনাপুৰৰ ৰজা তথা পাণ্ডৱৰ পিতৃ। তেওঁ আছিল বিচিত্ৰবীৰ্যৰ কনিষ্ঠ সন্তান। পাণ্ডুৰ পত্নী দুগৰাকীৰ নাম আছিল ক্ৰমে কুন্তী আৰু মাদ্ৰী[21]

বলোৰাম[সম্পাদনা কৰক]

বলোৰাম এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা।[22] তেওঁক বলোদেৱ, বলোভদ্ৰ, হলধৰ, হলযোদ্ধা আৰু সংকৰ্ষণ নামেৰেও জনা যায়। ইয়াৰ প্ৰথম দুটা নাম শক্তি আৰু পিছৰ দুটা নাম খেতিৰ সৈতে জড়িত।[23]কৃষি আৰু কৃষকসকলৰ দেৱতা স্বৰূপে তেওঁ প্ৰয়োজনত খেতিৰ সঁজুলিকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাৰ্তা দিয়ে। .[22][24]

বলৰামক বিষ্ণু দেৱতাৰ সৈতে সম্পৰ্কিত শেষনাগৰ অৱতাৰ বুলি বৰ্ণনা কৰা হয়; কৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। কোনো কোনো অঞ্চলত বলোৰামক বিষ্ণুৰ দশ অৱতাৰৰ এটা বুলি গণ্য কৰে।[25][22]


ভাৰতীয় সংস্কৃতিত বলৰামৰ তাৎপৰ্য প্ৰাচীন কালৰে পৰা আছে। ভাৰতীয় শিল্পকলা তেওঁৰ প্ৰতিচ্ছবি সাধাৰণ যুগৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈছে, আৰু খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মুদ্ৰাত আছে।[26] জৈন ধৰ্মত তেওঁ বলদেৱ নামেৰে পৰিচিত আৰু ঐতিহাসিকভাৱে তেওঁ কৃষক সম্পৰ্কীয় দেৱতা আছিল।[27][28]

বেদব্যাস[সম্পাদনা কৰক]

বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ। তেওঁ হিন্দুধৰ্মৰ প্ৰাথমিক শাস্ত্ৰ হিচাপে স্বীকৃত বেদৰ ব্যৱহাৰিক-বিন্যাসকাৰী, পৌৰাণিক মহাকাব্য মহাভাৰত, অষ্টাদশ মহাপুৰাণ আৰু উপপুৰাণ, বেদান্তদৰ্শন, প্ৰভৃতিৰ সংকলক, সম্পাদক আৰু সমন্বায়ক এজন জ্ঞানান্বেষী ঋষি

বিচিত্ৰবীৰ্য[সম্পাদনা কৰক]

কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত বিচিত্ৰবীৰ্য (সংস্কৃত: विचित्रवीर्य, ইংৰাজী: Vichitravirya)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল চিত্ৰাঙ্গদ

বিদুৰ[সম্পাদনা কৰক]

বিদুৰ মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ তথা কুৰু ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক। তেওঁক ক্ষত্ৰি বুলিও জনা যায়।[29]

বিৰাট[সম্পাদনা কৰক]

বিৰাট (ইংৰাজী: Virata; সংস্কৃত: विराट) হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা[3][2][4]

ভীম[সম্পাদনা কৰক]

ভীম (সংস্কৃত: भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।

ভীষ্ম[সম্পাদনা কৰক]

ভীষ্ম (সংস্কৃত: भीष्‍म) হ'ল কুৰু ৰজা শান্তনু আৰু গংগা দেৱীৰ অষ্টম পুত্ৰ।[30] ভীষ্মৰ প্ৰকৃত নাম দেৱব্ৰত। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম অদ্বিতীয় ধনুৰ্দ্ধৰ আৰু ৰাষ্ট্ৰনীতিত সুপণ্ডিত আছিল।[31] বাৰজন মহাৰথীক একেবাৰতে পৰাস্ত কৰিব পৰা সামৰ্থ্য থকা শক্তিশালী ভীষ্ম আছিল এজন অতিমহাৰথী।

য-ৱ[সম্পাদনা কৰক]

যুধিষ্ঠিৰ[সম্পাদনা কৰক]

হিন্দু মহাকাব্য মহাভাৰতৰ মতে যুধিষ্ঠিৰ (সংস্কৃত: युधिष्ठिर) পঞ্চপাণ্ডৱৰ ভিতৰত জ্যেষ্ঠ। তেওঁ কুৰুবংশৰ ৰজা পাণ্ডু আৰু তেওঁৰ প্ৰথম পত্নী কুন্তীৰ পুত্ৰ আছিল। ধৰ্ম দেৱতা অৰ্থাৎ মৃত্যু দেৱতা যমৰ অনুগ্ৰহত তেওঁৰ জন্ম হয়। মহাকাব্যখনত যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থ আৰু পিছলৈ কুৰু ৰাজ্য অৰ্থাৎ হস্তিনাপুৰৰ ৰজা হয়।

ৰুক্মিণী[সম্পাদনা কৰক]

ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক ৰুক্মই বন্ধু আৰু চেদীৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ থিৰ কৰিছিল। এই কথাত অসন্মত হৈ ৰুক্মিণীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ গোপনে কৃষ্ণলৈ অনুৰোধ পঠিয়ায়। এই অনুৰোধত কৃষ্ণই তেওঁক হৰণ কৰি আনিছিল। ৰুক্মিণীক ধন আৰু সৌভাগ্যৰ দেৱী লক্ষ্মীৰ অৱতাৰ বুলিও গণ্য কৰা হয়।

শ-হ[সম্পাদনা কৰক]

শকুনি[সম্পাদনা কৰক]

শকুনি (ইংৰাজী: Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে।[32] তেওঁ উলূক[33] আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।

শান্তনু[সম্পাদনা কৰক]

শান্তনু (ইংৰাজী: Shantanu) হৈছে হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ অনুসৰি হস্তিনাপুৰৰ মহাৰাজ প্ৰতীপৰ পুত্ৰ, গংগা দেৱী আৰু সত্যৱতীৰ পতি আৰু দেৱব্ৰত বা ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।[34]

সত্যৱতী[সম্পাদনা কৰক]

সত্যৱতী বা মৎস্যগন্ধা (ইংৰাজী: Satyavati; সংস্কৃত: सत्यवती‌‌‌) আছিল কুৰুৰাজ শান্তনুৰ পত্নী, ব্যাস (পৰাশৰৰ সৈতে), চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ (শান্তনুৰ সৈতে) মাতৃ।[35][36]

সহদেৱ[সম্পাদনা কৰক]

মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱনকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।

সুদেষ্ণা[সম্পাদনা কৰক]

সুদেষ্ণা বা কৈকেয়ী (ইংৰাজী: Sudeshna) হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।[3][37]

সুভদ্ৰা[সম্পাদনা কৰক]

সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "अश्वत्थामा कौन थे?". Hindi.webdunia.com. https://m-hindi.webdunia.com/article/religious-myths-articles/%25E0%25A4%2585%25E0%25A4%25B6%25E0%25A5%258D%25E0%25A4%25B5%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25A5%25E0%25A4%25BE%25E0%25A4%25AE%25E0%25A4%25BE-%25E0%25A4%2595%25E0%25A5%258C%25E0%25A4%25A8-%25E0%25A4%25A5%25E0%25A5%2587-107071100042_1.htm%3famp=1। আহৰণ কৰা হৈছে: ১ জুন ২০২০. 
  2. 2.0 2.1 2.2 হেমচন্দ্ৰ বৰুৱা. উত্তৰা (গ্ৰন্থ=হেমকোষ). 
  3. 3.0 3.1 3.2 ড॰ সত্যেন্দ্ৰনাথ শৰ্মা. মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী (প্ৰথম তাঙৰণ : জুলাই ১৯৯৬). পৃষ্ঠা. ৩৯. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: ১ জুন ২০২০.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "uttara" defined multiple times with different content উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "uttara" defined multiple times with different content
  4. 4.0 4.1 "Uttara". bharatdiscovery.org. https://m.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%81%E0%A4%A6%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%BE। আহৰণ কৰা হৈছে: ১ জুন ২০২০. 
  5. Studies of Mahabharata
  6. KUNTI (also called Pritha and Parshni)
  7. A classical dictionary of Hindu mythology and religion, geography, history, and literature by Dowson, John (1820-1881)
  8. Mahabharata
  9. Knott 2000, পৃষ্ঠা 56
  10. Knott 2000, p. 36, p. 15
  11. Richard Thompson, Ph. D. (December 1994). Reflections on the Relation Between Religion and Modern Rationalism. http://www.iskcon.com/icj/1_2/12thompson.html। আহৰণ কৰা হৈছে: 2008-04-12. 
  12. Mahony, W.K. (1987). "Perspectives on Krsna's Various Personalities". History of Religions (American Oriental Society) খণ্ড 26 (3): 333–335. doi:10.2307/599733. http://www.jstor.org/pss/1062381. 
  13. Ganguli, Kisari Mohan. The Mahabharata of Krishna-Dwaipayana Vyasa Translated into English Prose by Kisari Mohan Ganguli.
  14. "Mahabharti - A Hindi Book by - Chitra Chaturvedi - महाभारती - चित्रा चतुर्वेदी". Pustak.org. http://pustak.org/bs/home.php?bookid=751। আহৰণ কৰা হৈছে: 2013-10-20. 
  15. Apte, Vaman Shivaram (1957). "धृतराष्ट्र". A practical Sianskrit-English Dictionary. প্ৰকাশক Poona: Prasad Prakashan. http://dsalsrv02.uchicago.edu/cgi-bin/philologic/getobject.pl?c.3:1:1060.apte. 
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Leslie2014p66 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Coulter, Charles Russell; Turner, Patricia (2013-07-04) (en ভাষাত). Encyclopedia of Ancient Deities. Routledge. ISBN 978-1-135-96390-3. https://books.google.com/books?id=sEIngqiKOugC&q=Dharani&pg=PA285. 
  18. Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 324. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC. 
  19. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 500–501. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  20. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; pandu1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  21. 22.0 22.1 22.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 82–84, 269. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC. 
  22. Jan Gonda (1969). Aspects of Early Viṣṇuism. Motilal Banarsidass. পৃষ্ঠা. 100, 152–153. ISBN 978-81-208-1087-7. https://books.google.com/books?id=b8urRsuUJ9oC. 
  23. Lavanya Vemsani (2006). Hindu and Mythology of Balarāma. Edwin Mellen Press. পৃষ্ঠা. 30–31, 52–59, 68–69 with footnotes. ISBN 978-0-7734-5723-2. https://books.google.com/books?id=RXnXAAAAMAAJ. 
  24. "Balarama | Hindu mythology". Encyclopedia Britannica. https://www.britannica.com/topic/Balarama. 
  25. Heather Elgood (1 April 2000). Hinduism and the Religious Arts. Bloomsburg Academic. পৃষ্ঠা. 57, 61. ISBN 978-0-304-70739-3. https://books.google.com/books?id=cj2tAwAAQBAJ&pg=PA61. 
  26. Vemsani, Lavanya (2006). Hindu and Jain Mythology of Balarama (1 সম্পাদনা). EdwinMellen. ISBN 9780773457232. 
  27. Patrick Olivelle (2006). Between the Empires: Society in India 300 BCE to 400 CE. Oxford University Press. পৃষ্ঠা. 391 with note 15. ISBN 978-0-19-977507-1. https://books.google.com/books?id=efaOR_-YsIcC&pg=PA391. 
  28. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts – University of Toronto. Delhi : Motilal Banarsidass. http://archive.org/details/puranicencyclopa00maniuoft. 
  29. Manish Verma (2000). Fasts and Festivals of India. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 73–. ISBN 978-81-7182-076-4. https://books.google.com/books?id=z4gzFFLdBoYC&pg=PA73। আহৰণ কৰা হৈছে: 13 June 2012. 
  30. চক্ৰবৰ্ত্তী ৰাজাগোপালাচাৰী. কথা-মহাভাৰত. 
  31. হেমচন্দ্ৰ বৰুৱা. শকুনি (গ্ৰন্থ=হেমকোষ). হেমকোষ প্ৰকাশন (২০০৭). পৃষ্ঠা. ৯৮১. 
  32. হেমচন্দ্ৰ বৰুৱা. উলূক (গ্ৰন্থ=হেমকোষ). হেমকোষ প্ৰকাশন (২০০৭). পৃষ্ঠা. ১৭৬. 
  33. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; mahabh নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  34. শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (1996). মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: ২ জুন ২০২০. 
  35. প্ৰদীপ শইকীয়া. কথা মহাভাৰত. বনলতা প্ৰকাশন (একাদশ প্ৰকাশন : মাৰ্চ ২০১৫). ISBN 81-7339-384-2. 
  36. প্ৰদীপ শইকীয়া. কথা মহাভাৰত. পৃষ্ঠা. ১৭৪-১৯৮.