দুঃশাসন

দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক।
জন্ম
[সম্পাদনা কৰক]গান্ধৰীয়ে ব্যাসদেৱৰ সেৱা কৰাৰ বাবে ব্যাসদেৱ গান্ধাৰীক শত পুত্ৰৰ মাতৃ হ’বলৈ বৰ দিছিল। যথাসময়ত গান্ধাৰী গৰ্ভৱতী হ’ল যদিও বিশ মাহৰ পাছত তাই সন্তান জন্ম নিদিলে। ইফালে কুন্তীৰ পুত্ৰৰ খবৰ পাই গান্ধাৰীয়ে গভীৰ শোকত ভাগি পৰে আৰু ধৃতৰাষ্ট্ৰক খবৰ নিদিয়াকৈয়ে লোহাৰ দণ্ডেৰে গৰ্ভপাত কৰে। ফলত তাইৰ গৰ্ভৰ পৰা লোহাৰ দৰে কঠিন মাংসৰ গোট এটা ওলাই আহিল। গান্ধৰীয়ে দাসীবিলাকক তাক ধ্বংস কৰিবলৈ আদেশ দিবলৈ ওলোৱাৰ সময়তে ব্যাসদেৱ আহি তেওঁক নিষেধ কৰিলে। ভ্ৰুণটোক ঠাণ্ডা পানীত তিয়াই শ ভাগত ভাগ কৰি কাঁচৰ টেমা এটাত থৈ দিলে। এবছৰ দুৰ্যোধনৰ পাছত আৰু এবছৰ এমাহৰ ভিতৰতে দুশাসন, দুষাহা, বিকৰ্ণা আদি শতাপুত্ৰ আৰু দুষ্লা নামৰ এগৰাকী কন্যাৰ জন্ম হয়। দুশাসন ডাঙৰ ভাতৃ দুৰ্যোধনৰ প্ৰতি আনুগত্যশীল আছিল আৰু দুৰ্যোধনৰ সকলো কুকৰ্মৰ সহযোগী আছিল। দুৰ্যোধন আৰু মামা শকুণীয়ে পাণ্ডৱক হত্যাৰ বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছিল।[1]
কুৰুসভাত দ্ৰৌপদীৰ নিগ্ৰহ
[সম্পাদনা কৰক]
শকুনিৰ লগত পাশা খেলাত যুধিষ্ঠিৰ সৰ্বস্বান্ত হোৱাৰ পিছত নিজৰ ভাই সকলক আৰু নিজকে পণ কৰি পৰাজিত হয়। ইয়াৰ পিছত তেওঁ সিহঁতৰ ধৰ্মপত্নী দ্ৰৌপদীক পণ কৰিও পৰাস্ত হয়। দুঃশাসনে দ্ৰৌপদীক তাৰ অন্তঃপুৰৰ পৰা চুলিত ধৰি সভালৈ টানি আনে আৰু কৰ্ণৰ আদেশত[2][3] তাক বিবস্ত্ৰা কৰাৰ চেষ্টা কৰে। এইসময়ত দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণক আহ্বান কৰি থাকে। কৃষ্ণই ধৰ্মৰ অৱতাৰলৈ বস্ত্ৰৰূপে দ্ৰৌপদীক আবৃত কৰি থাকে। এনেদৰে স্ত্ৰীক অপমানিত হোৱা দেখি ভীমে প্ৰতিজ্ঞা কৰে যে যুদ্ধভূমিতে তেওঁ দুঃশাসনৰ বক্ষ বিদাৰণ কৰি তাৰ ৰক্তপান কৰিব।
মৃত্যু
[সম্পাদনা কৰক]
কুৰুক্ষেত্ৰ যুদ্ধৰ সপ্তদশ দিনা ভীমে দুঃশাসনৰ বক্ষ খড়্গৰে বিদীৰ্ণ কৰে আৰু তাৰ তেজ পান কৰে। দুঃশাসনৰ তেজেৰে তেওঁ দ্ৰৌপদীক চুলি ধোৱাত সাহায্য কৰে, কিয়নো দ্ৰৌপদীয়ে দুঃশাসনৰ তেজেৰে চুলি ধুব নোৱাৰালৈকে চুলি মেলা ৰখাৰ প্ৰতিজ্ঞা কৰিছিলে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CXV". www.sacred-texts.com. https://www.sacred-texts.com/hin/m01/m01116.htm। আহৰণ কৰা হৈছে: 2020-09-01.
- ↑ http://www.sacred-texts.com/hin/m02/m02067.htm |title=The Mahabharata, Book 2: Sabha Parva: Section LXII |publisher=Sacred-texts.com
- ↑ https://archive.org/stream/mahabharata_nk/mahabharata_nilakanthas_commentary#page/n403/mode/2up