সাবিত্ৰী আৰু সত্যবান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সাবিত্ৰীয়ে যমৰ পৰা সত্যবানক ৰ‌ক্ষা কৰিছে।

হিন্দু ধৰ্মসাবিত্ৰী আৰু সত্যবান (সংস্কৃত: सावित्री আৰু सत्यवान्) এযোৰ কিংবদন্তীমূলক পতি-পত্নী। ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধাৰ বাবে তেওঁলোকৰ কাহিনী প্ৰখ্যাত। ৰাজকুমাৰী সাবিত্ৰীয়ে নিৰ্বাসিত ৰাজকুমাৰ সত্যবানক বিয়া কৰাইছিল। সত্যবানৰ সোনকালে মৃত্যু হ'ব বুলি ভৱিষ্যতবাণী থকা সত্বেও সাবিত্ৰীৰ অনুৰাগ আৰু বুদ্ধিয়ে গিৰিয়েকক মৃত্যুৰ দেৱতা যমৰ পৰা ৰক্ষা কৰিছিল।

সাবিত্ৰী আৰু সত্যবানৰ কাহিনীৰ সকলোতকৈ পুৰণি জ্ঞাত সংস্কৰণ মহাভাৰতবাণ পৰ্বত পোৱা যায়। যেতিয়া যুধিষ্ঠিৰে মাৰ্কণ্ডেয়ক সোধে যে দ্ৰৌপদীৰ দৰে নিষ্ঠাবান নাৰী কেতিয়াবা আছিল নে, তেতিয়া মাৰ্কণ্ডেয়ই উত্তৰ দিবলৈ গৈ এই কাহিনীটোৰ উল্লেখ কৰে।[1]

কাহিনী[সম্পাদনা কৰক]

সাবিত্ৰীয়ে যমক সত্যবানৰ জীৱন ভিক্ষা কৰিছে।

মদ্ৰ ৰাজ্যৰ ৰজা অশ্বপতি আৰু ৰাণী মালবিকাৰ কোনো সন্তান নাছিল। তেওঁলোকে সূৰ্য দেৱতা সাবিত্ৰক বহু আহুতি দিছিল। তেওঁলোকৰ প্ৰাথনাত সন্তুষ্ট হৈ সাবিত্ৰ প্ৰকট হয় আৰু এগৰাকী কন্যা সন্তানৰ বৰ দিয়ে।[1] সেই অনুসৰি এটি কন্যাৰ জন্ম হয় আৰু দেৱতাৰ সন্মানাৰ্থে তাইৰ নাম সাবিত্ৰী ৰখা হয়।

ৰুপে-গুণে বিভূষিতা সাবিত্ৰীক ওচৰৰ সকলো মুনিহে সমীহ কৰি চলিছিল। সাবিত্ৰীৰ বিবাহৰ বয়স হোৱাত কোনো তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিল। দেউতাকে তেওঁক নিজে এজন পতি বিচাৰি ল'বলৈ কয়। সাবিত্ৰীয়ে তেতিয়া তীৰ্থযাত্ৰালৈ ওলায় আৰু শাল্ব ৰাজ্যৰ অন্ধ ৰজা দ্যুমৎসেনৰ পুত্ৰ সত্যবানক লগ পায়। সেই সময়ত দ্যুমৎসেনে সকলো ত্যাগি পত্নী আৰু পুত্ৰৰ সৈতে বনত বাস কৰিছিল।

সাবিত্ৰীয়ে ঘৰলৈ ঘূৰি অহাত ঋষি নাৰদ আৰু দেউতাকৰ কথোপকথন শুনিবলৈ পায়। নাৰদে কয় যে সাবিত্ৰীৰ পছন্দ ভুল: সকলো দিশৰ পৰাই সমৰ্থ হ'লেও সেই দিনৰ পৰা এবছৰৰ ভিতৰত সত্যবানৰ মৃত্যু ঘটিব। দেউতাকে অন্য এজন বৰ বাছনি কৰিবলৈ অনুৰোধ জনালেও সাবিত্ৰী মান্তি নহয় আৰু কয় যে তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰে। শেষত অশ্বপতিয়ে সাবিত্ৰীৰ কথা মানি লয় আৰু সত্যবানৰ লগত সাবিত্ৰীৰ বিবাহ হয়।

বিয়াৰ পাছত সাবিত্ৰীয়ে সত্যবান আৰু শহুৰ-শাহুৱেকৰ লগত বল্ক পৰিধান কৰি আশ্ৰমত থাকিবলৈ লয়। সত্যবানৰ সম্ভাব্য মৃত্যুদিনৰ তিনি দিনৰ আগৰে পৰা সাবিত্ৰীয়ে উপবাসে থাকি পহৰা দিবলৈ ধৰে। শহুৰেকে এই কঠোৰ কাম কৰিবলৈ মানা কৰা সত্বেও সাবিত্ৰী নিজৰ প্ৰতিজ্ঞাত অটল থাকে। ভৱিষ্যতবাণী মতে সত্যবানৰ মৃত্যুৰ দিনা পুৱা সাবিত্ৰীয়ে সত্যবানৰ লগত বনৰ ভিতৰলৈ যাবলৈ শহুৰেকৰ অনুমতি বিচাৰে। আশ্ৰমত থকা গোটেই বছৰ সাবিত্ৰীয়ে আন একো বিচৰা নাছিল বাবে দ্যুমৎসেনে তেওঁৰ ইচ্ছা পূৰণ কৰে।

বনৰ ভিতৰত সত্যবানে খৰি কাটি থাকোঁতে অকস্মাৎ দুৰ্বল অনুভৱ কৰে আৰু সাবিত্ৰীৰ কোলাত নিজৰ মূৰটো পেলাই চকু মুদে। যমৰ অনুচৰ সত্যবানৰ আত্মা নিবলৈ আহে কিন্তু সাবিত্ৰীৰ পবিত্ৰতাৰ বাবে ঘূৰি যাবলগীয়া হয়। তেতিয়া মৃত্যুৰ দেৱতা যম নিজে সত্যবানৰ আত্মা নিবলৈ আহে। যমে আত্মা লৈ যাওঁতে সাবিত্ৰীও পিছে পিছে যায়। যমে সাবিত্ৰীক ঘূৰি যাবলৈ বাৰম্বাৰ কয়। সাবিত্ৰীয়ে তেতিয়া ধৰ্মৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰে আৰু ধৰ্মৰ ৰজা হিচাপে যমৰ শাসনৰ প্ৰশংসা কৰে। সাবিত্ৰীৰ কথাত সন্তুষ্ট হৈ যমে সত্যবানৰ জীৱনৰ বাহিৰে আন যিকোনো বৰ মাগিবলৈ কয়। প্ৰথমে সাবিত্ৰীয়ে শহুৰেকৰ দৃষ্টি আৰু ৰাজ্য ঘূৰাই দিবলৈ কয়, দেউতাকক এশ সন্তান দিবলৈ কয় আৰু সত্যবানৰ লগত তেওঁৰ এশ সন্তান দিবলৈ কয়। শেষৰটো ইচ্ছাত যম বিপাঙত পৰে কাৰণ তেতিয়া সত্যবানৰ জীৱন ঘূৰাব লাগিব। তথাপি সাবিত্ৰীৰ সমৰ্পণ আৰু পবিত্ৰতাত মুগ্ধ হৈ তেওঁৰ আকৌ এবাৰ "সত্যবানৰ জীৱনৰ বাহিৰে" আন যিকোনো বৰ খুজিবলৈ কয়। কিন্তু সাবিত্ৰীয়ে সত্যবানৰ জীৱন ঘূৰাই দিয়াত কথা সলাবলৈ মান্তি নহয়। শেষত যমে সত্যবানৰ জীৱন ঘূৰাই দিয়ে আৰু দুয়োকে দীৰ্ঘ জীৱনৰ আশীৰ্বাদ দিয়ে।

সত্যবানে দীঘলীয়া টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনাকৈ উঠে আৰু সাবিত্ৰীৰ সৈতে আশ্ৰমলৈ যায়। ইতিমধ্যে দ্যুমৎসেনেও নিজৰ দৃষ্টি ঘূৰাই পাইছিল। কি কি ঘটনা ঘটিল সত্যবানে একো গম নোপোৱা বাবে সাবিত্ৰীয়ে পতি, শৌৰেক-শাহুৱেক আৰু সমবেত তপস্বীসকলৰ আগত সকলো বিৱৰি কয়। সকলোৱে তেওঁৰ প্ৰশংসা কৰোঁতেই দ্যুমৎসেনৰ মন্ত্ৰীসকল আহি পায় আৰু ৰাজ্যৰ দখলদাৰৰ মৃত্যু হোৱাৰ খবৰ দিয়ে। তাৰ পাছত সকলোৱে আনন্দমনেৰে ৰাজ্যলৈ ঘূৰি যায়।[2][3]

সাংস্কৃতিক প্ৰভাৱ[সম্পাদনা কৰক]

চিত্ৰ:Yama and Savitri by Nandlal Bose 1913.jpg
নন্দলাল বসুৱে অঁকা যম আৰু সাবিত্ৰীৰ ছবি, ১৯১৩

বিহাৰ, ঝাৰখণ্ড, আৰু ওড়িশাত বিবাহিতা মহিলাই প্ৰতি বছৰে জেঠৰ অমাৱস্যাসাবিত্ৰী ব্ৰত পালন কৰে। তেওঁলোকৰ পতিসকলৰ সুস্থ আৰু দীৰ্ঘ জীৱনৰ বাবে এই ব্ৰত পালন কৰা হয়। ওড়িয়া ভাষাসাবিত্ৰী ব্ৰত কথা নামৰ পুথিখন পূজাৰ সময়ত মহিলাসকলে পাঠ কৰে। পশ্চিম ভাৰতত এই দিনটো পূৰ্ণিমাৰ দিনা পালন কৰা হয়।

বিশ্বাস কৰা হয় যে তামিল মাহ পংগুনিৰ প্ৰথম দিনাই সাবিত্ৰীয়ে সত্যবানক ঘূৰাই পাইছিল। গতিকে এই দিনটো তামিলনাডুকৰাদয়ান নম্বু নামেৰে পালন কৰা হয়। সেই দিনা বিবাহিত মহিলা আৰু কমবয়সীয়া ছোৱালীয়ে হালধীয়া বস্ত্ৰ পৰিধান কৰি তেওঁলোকৰ পুৰুষৰ দীৰ্ঘজীৱনৰ বাবে হিন্দু দেৱীসকলক প্ৰাথনা কৰে।

১৯৫০ আৰু ১৯৫১ চনত শ্ৰী অৰবিন্দই তেওঁৰ অমিত্ৰা‌‌অৰ ছন্দত লিখা বিখ্যাত কবিতা "Savitri: A Legend and a Symbol" প্ৰকাশ কৰে।[4]

ইংলেণ্ডত গুষ্টাভ হষ্টে ১৯১৬ চনত এই কাহিনীৰ আধাৰত একাংকীয় চেম্বাৰ অ'পেৰা Savitri]] ৰচনা কৰে।[5]

চলচ্চিত্ৰ আৰু টেলিভিচন[সম্পাদনা কৰক]

সাবিত্ৰী/সত্যবান কাহিনীৰ এতিয়ালৈকে প্ৰায় চৌত্ৰিছটা চলচ্চিত্ৰ সংস্কৰণ ভাৰতত চিত্ৰায়ণ হৈছে।[6] এইবোৰৰ ভিতৰত অন্যতম পুৰণি হৈছে দাদাচাহেব ফাল্কেই পৰিচালনা কৰা অবাক চলচ্চিত্ৰ সত্যবান সাবিত্ৰী (১৯১৪)।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "XVIII: Vana Parva: Wife's Devotion and Satyavana". Vyasa's Mahabharatam. Academic Publishers. 2008. পৃষ্ঠা. 329–336. ISBN 978-81-89781-68-2. https://books.google.com/books?id=HkUQYvw2HGkC&pg=PA329. 
  2. Savitri
  3. Shanta Rameshwar Rao (1 January 1986). In Worship of Shiva. Orient Longman. পৃষ্ঠা. 29–. ISBN 978-0-86131-684-7. https://books.google.com/books?id=CzlXe-uBXMMC&pg=PA29. 
  4. Mangesh V. Nadkarni. Savitri – The Golden Bridge, the Wonderful Fire: An introduction to Sri Aurobindo's epic. Auro e-Books. পৃষ্ঠা. 25–. ISBN 978-93-82474-02-9. https://books.google.com/books?id=8sDtCQAAQBAJ&pg=PT25. 
  5. Head, Raymond, "Holst and India (III)" (September 1988). Tempo (New Ser.), 166: pp. 35–40
  6. Heidi R.M. Pauwels (17 December 2007). Indian Literature and Popular Cinema: Recasting Classics. Routledge. পৃষ্ঠা. 80. ISBN 978-1-134-06255-3. https://books.google.com/books?id=OAI0scTDAjIC&pg=PA80. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]