বলোৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বলোৰাম
শক্তি আৰু খেতিৰ দেৱতা
Balarama Mural.jpg
বলোৰাম, কৃষ্ণৰ ককায়েক
সম্পৰ্ক শেষনাগৰ অৱতাৰ
অস্ত্ৰ নাঙল, গদা
সঙ্গী ৰেৱতী
পিতৃ-মাতৃ
সহোদৰ কৃষ্ণ আৰু সুভদ্ৰা
সন্তান নিশাত আৰু উলমোকা [1] (পুত্ৰ) বৎসলা (কন্যা)
উৎসৱ বলোৰাম জয়ন্তী; ৰথ যাত্ৰা

বলোৰাম এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা।[2] তেওঁক বলোদেৱ, বলোভদ্ৰ, হলধৰ, হলযোদ্ধা আৰু সংকৰ্ষণ নামেৰেও জনা যায়। ইয়াৰ প্ৰথম দুটা নাম শক্তি আৰু পিছৰ দুটা নাম খেতিৰ সৈতে জড়িত।[3]কৃষি আৰু কৃষকসকলৰ দেৱতা স্বৰূপে তেওঁ প্ৰয়োজনত খেতিৰ সঁজুলিকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাৰ্তা দিয়ে। .[2][4]

বলৰামক বিষ্ণু দেৱতাৰ সৈতে সম্পৰ্কিত শেষনাগৰ অৱতাৰ বুলি বৰ্ণনা কৰা হয়; কৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। কোনো কোনো অঞ্চলত বলোৰামক বিষ্ণুৰ দশ অৱতাৰৰ এটা বুলি গণ্য কৰে।[5][2]


ভাৰতীয় সংস্কৃতিত বলৰামৰ তাৎপৰ্য প্ৰাচীন কালৰে পৰা আছে। ভাৰতীয় শিল্পকলা তেওঁৰ প্ৰতিচ্ছবি সাধাৰণ যুগৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈছে, আৰু খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মুদ্ৰাত আছে।[6] জৈন ধৰ্মত তেওঁ বলদেৱ নামেৰে পৰিচিত আৰু ঐতিহাসিকভাৱে তেওঁ কৃষক সম্পৰ্কীয় দেৱতা আছিল।[7][8]

ইতিহাস[সম্পাদনা কৰক]

মধ্য যুগ(অষ্টম-ত্ৰয়োদশ শতিকা)ৰ বলোৰামৰ ভাস্কৰ্য(মথুৰা)

বালাৰাম হৈছে এক প্ৰাচীন দেৱতা, যি হৈছে ভাৰতীয় ইতিহাসৰ মহাকাব্যযুগৰ এক বিশিষ্ট ব্যক্তি, যিটো পুৰাতাত্ত্বিক আৰু মুদ্ৰা সংক্ৰান্তিয় প্ৰমাণৰ দ্বাৰা প্ৰমাণিত হয়। তেওঁৰ আইকন'গ্ৰাফী নাগ (বহুমূৰীয়া সৰ্প), এটা নাঙল আৰু অন্যান্য খেতিৰ সামগ্ৰী যেনে পানীৰ পাত্ৰ আদিৰ সৈতে দেখা যায়, যি এক প্ৰতীকী ৰূপত কৃষি সংস্কৃতিৰ উৎপত্তিৰে যে তেওঁ জড়িত সেই কথা প্ৰতিনিধিত্ব কৰে।[9] মহাভাৰতৰ বিভিন্ন পৰ্বত বলৰামৰ আখ্যান দেখা যায়। বাণ পৰ্বত কৃষ্ণ আৰু তেওঁৰ বিষয়ে কোৱা হৈছে যে বলৰাম বিষ্ণুৰ অৱতাৰ, আনহাতে কৃষ্ণ হৈছে সকলো অৱতাৰ আৰু অস্তিত্বৰ উৎস। বিজয়নগৰ সাম্ৰাজ্যৰ কিছুমান শিল্পকৰ্মত, গুজৰাটৰ মন্দিৰ আৰু আন ঠাইত, উদাহৰণ স্বৰূপে, বুদ্ধ (বৌদ্ধ ধৰ্ম) বা অৰিহন্ত (জৈন ধৰ্ম)ৰ পূৰ্বতে বলোদেৱ হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ।[10][11]

শাস্ত্ৰ[সম্পাদনা কৰক]

বলোৰামৰ বৰ্ণনা মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু অন্যান্য পুৰাণত পোৱা যায়। তেওঁক শংকৰ্ষণ হিচাপে ব্যূহ অৱতাৰত শ্ৰেণীবদ্ধ কৰা হৈছে শেষ নাগ আৰু লক্ষ্মণ ইয়াৰ অংশ আছিল।[12] শেষ নাগৰ অৱতাৰ হিচাপে তেওঁৰ কিংবদন্তীত, বিষ্ণুৰ অনন্ত শয্যাৰ নাগ হিচাপে তেওঁৰ ভূমিকা আৰু বিষ্ণুৰ সৈতে আন্তঃসংযোগ প্ৰতিফলিত কৰে।[13] অৱশ্যে, বালোৰামৰ পৌৰাণিক কাহিনী আৰু বিষ্ণুৰ দহটা অৱতাৰৰ সৈতে তেওঁৰ সম্পৰ্ক তুলনামূলকভাৱে পিছৰ পৰ্যায়ৰ, সেয়া বৈদিক যুগৰ পিছৰ যদিও বৈদিক গ্ৰন্থত ইয়াৰ কোনো ধৰণৰ উল্লেখ পোৱা নাযায়।[14]

কৌটিল্যঅৰ্থশাস্ত্ৰত (খ্ৰীষ্টপূৰ্ব চতুৰ্থৰ পৰা দ্বিতীয় শতিকাৰ) বলোৰাম উল্লেখ পোৱা যায়, হাডছনৰ মতে, বলোৰামৰ অনুগামীসকলক মুণ্ডিত বা বেণী যুক্ত চুলিৰ "সন্ন্যাসী উপাসক" বুলি বৰ্ণনা কৰা হৈছে।[15]

বলদেৱৰ ৰূপত বলোৰাম হৈছে মহাভাৰতৰ ওপৰত আধাৰিত একাদশ শতিকাৰ জাভানিজ কাব্য গ্ৰন্থ কাকউইন ভৰতযোদ্ধাৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ।[16]

মুদ্ৰা, কলা আৰু লিপি[সম্পাদনা কৰক]

আখ্যান[সম্পাদনা কৰক]

মূৰ্তি শিল্প[সম্পাদনা কৰক]

মন্দিৰ[সম্পাদনা কৰক]

অন্য ধৰ্ম[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. https://www.sacred-texts.com/hin/vp/vp142.htm
  2. 2.0 2.1 2.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 82–84, 269. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC. 
  3. Jan Gonda (1969). Aspects of Early Viṣṇuism. Motilal Banarsidass. পৃষ্ঠা. 100, 152–153. ISBN 978-81-208-1087-7. https://books.google.com/books?id=b8urRsuUJ9oC. 
  4. Lavanya Vemsani (2006). Hindu and Mythology of Balarāma. Edwin Mellen Press. পৃষ্ঠা. 30–31, 52–59, 68–69 with footnotes. ISBN 978-0-7734-5723-2. https://books.google.com/books?id=RXnXAAAAMAAJ. 
  5. "Balarama | Hindu mythology". Encyclopedia Britannica. https://www.britannica.com/topic/Balarama. 
  6. Heather Elgood (1 April 2000). Hinduism and the Religious Arts. Bloomsburg Academic. পৃষ্ঠা. 57, 61. ISBN 978-0-304-70739-3. https://books.google.com/books?id=cj2tAwAAQBAJ&pg=PA61. 
  7. Vemsani, Lavanya (2006). Hindu and Jain Mythology of Balarama (1 সম্পাদনা). EdwinMellen. ISBN 9780773457232. 
  8. Patrick Olivelle (2006). Between the Empires: Society in India 300 BCE to 400 CE. Oxford University Press. পৃষ্ঠা. 391 with note 15. ISBN 978-0-19-977507-1. https://books.google.com/books?id=efaOR_-YsIcC&pg=PA391. 
  9. Kenneth W. Morgan (1987). The Religion of the Hindus. Motilal Banarsidass. পৃষ্ঠা. 57. ISBN 978-81-208-0387-9. https://books.google.com/books?id=ulz9mO9cK54C. 
  10. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin. পৃষ্ঠা. 112. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  11. Kenneth W. Morgan (1987). The Religion of the Hindus. Motilal Banarsidass. পৃষ্ঠা. 55. ISBN 978-81-208-0387-9. https://books.google.com/books?id=ulz9mO9cK54C&pg=PA55. 
  12. A. C. Bhaktivedanta Swami Prabhupada (1987). Bhaktivedanta Book Trust. ed. Srimad-Bhagavatam: Bhagavata Purana. ISBN 0892132507. 
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; JonesRyan2006p65 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. Padmanabh S. Jaini (1977), Jina Ṛṣabha as an "Avatāra" of Viṣṇu, Bulletin of the School of Oriental and African Studies, Cambridge University Press, Vol. 40, No. 2 (1977), pp. 321–337
  15. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Hudson2008p99 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  16. Helen Creese (2015). Women of the Kakawin World: Marriage and Sexuality in the Indic Courts of Java and Bali. Routledge. পৃষ্ঠা. 93, 104–105, 110. ISBN 978-1-317-45179-2. https://books.google.com/books?id=RZ1sBgAAQBAJ.