নাঙল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
যুঁৱলিৰ সৈতে এটা নাঙল

নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ।[1] বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ। ইয়াৰ প্ৰধান কাম হৈছে মাটি চহ কৰা আৰু মাটিৰ চপৰা ভাঙি দিয়া যাতে মাটিৰ তলৰ তৰপৰ পুষ্টি গুণবোৰ ওপৰলৈ উঠি আহিব পাৰে আৰু সেইদৰে মাটিৰ ওপৰৰ জাবৰ আৰু শস্যৰ অৱশিষ্টাংশবোৰ তললৈ গৈ জৈৱ সাৰলৈ পৰিণত হ’ব পাৰে। ইয়াৰ ফলত মাটিত বায়ু চলাচলৰ পৰিমাণ বাঢ়ে আৰু মাটিৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় হয়। সাধাৰণতে বলধ, ষাঁড়, মহ অথবা ঘোঁৰাৰ দ্বাৰা নাঙলেৰে হাল বোৱা হয়। বৰ্তমান আধুনিকতাৰ সৈতে হালৰ পৰিবৰ্তন হৈছে। ট্ৰেক্টৰ অথবা পাৱাৰ ট্ৰিলাৰৰ দ্বাৰা খেতি চহ কৰাৰ ক্ষেত্ৰতো নাঙল গুৰত্বপূৰ্ণ অংশ হিচাপে ব্যৱহাৰ হৈছে।[2]

নাঙলৰ গঠন[সম্পাদনা কৰক]

নাঙলৰ বিভিন্ন অংশ থাকে। নাঙল প্ৰধানকৈ কাঠেৰে তৈয়াৰ কৰা হয়। গাঁৱৰ কাঠ মিস্ত্ৰীয়ে নাঙল তৈয়াৰ কৰে।[3] নাঙলৰ যি অংশই মাটি কৰ্ষণ কৰে তাক ফাল বোলা হয়। আৰু যি গধুৰ কাঠৰ দণ্ড দুটা বলধৰ কান্ধত স্থাপন কৰা হয় তাক কোৱা হয় যুঁৱলি। নাঙল কাঠেৰে আৰু যুঁৱলি কাঠ বা বাঁহেৰে তৈয়াৰ কৰা হয়। নাঙল আৰু যুঁৱলিক সংযোগ কৰে ৫−৬ ফুট দীঘল এডাল গুড়ি থকা জাতি বাঁহেৰে আৰু এই বাঁহ ডালক ইহ বুলি কোৱা হয়। যুুঁৱলিৰ দুই কাষে দুটাকৈ মুঠ চাৰিটা বাঁহৰ শলমাৰি থাকে। সোঁমাজত দুটা বাঁহৰ নিগনী খুটি থাকে। নাঙল-যুঁৱলি পথাৰত খেতিয়কে মাটি চহাবলৈ ব্যৱহাৰ কৰে।

চিত্ৰ – আধুনিক নাঙল

কাষৰ চিত্ৰত আধুনিক নাঙলৰ মূল অংশসমূহ দেখুওৱা হৈছে:

  1. বীম (beam)
  2. হিট্‌ছ (hitch) (Brit: hake)
  3. ভাৰ্টিকেল ৰেগুলেটৰ (vertical regulator)
  4. কাল্টাৰ (coulter)
  5. চুছেল (chisel)
  6. শ্বেয়াৰ (share)
  7. মল্ডবৰ্ড (mouldboard)

অন্য অংশসমূহ হৈছে ফ্ৰগ (frog), ৰানাৰ (runner), লেণ্ডছাইড (landside), শ্বিন (shin), ট্ৰেছবৰ্ড (trashboard), আৰু ষ্টিল্টছ (stilts বা handles) আদি।

হাল বোৱা পদ্ধতি[সম্পাদনা কৰক]

নাঙলেৰে হাল-খেতি কৰিবলৈ কমপক্ষেও এজন লোক আৰু এহাল গৰু অথবা মহৰ প্ৰয়োজন হয়। গৰুৱে টনা নাঙলৰ দুটা অংশ থাকে। তলৰ অংশটোক সাধাৰণতে নাঙল বোলা হয়। আৰু ওপৰৰ গৰু বা মহৰ কান্ধত লগোৱা অন্য অংশটোক যুঁৱলি বোলা হয়।

ঘোঁৰাই টনা নাঙল, জাৰ্মানি

উপকাৰিতা[সম্পাদনা কৰক]

নাঙলৰ ফালে মাটি ফালি মাটি তল-ওপৰ কৰি দিয়ে।[3] মাটিৰ তলৰ স্তৰৰ পুষ্টি গুণ ওপৰলৈ উঠি আহে আৰু মাটিৰ ওপৰৰ জাবৰ আৰু শস্যৰ অৱশিষ্টবোৰ তললৈ গৈ জৈৱ সাৰলৈ ৰূপান্তৰ হয়। ইয়াৰোপৰি মাটিত বায়ু চলাচলৰ পৰিমাণ বঢ়ায় আৰু মাটিৰ আৰ্দ্ৰতা ধৰি ৰখাতো সহায় কৰে। গৰু−মহৰ দ্বাৰা হাল বোৱা পদ্ধতি পৰিৱেশৰ বাবেও উপকাৰী। কাৰণ গৰুৰ গোবৰৰ পৰা নিৰ্ভেজাল জৈৱ সাৰ পোৱা যায়। এই সাৰে মাটিৰ উৰ্বৰা শক্তি আৰু পুষ্টিগুণ বৃদ্ধি কৰে। সেয়ে এই পদ্ধতি কৃষকৰ বাবে লাভজনক আৰু পৰিৱেশ সহায়ক। নাঙলেৰে মাটি চহ কৰিলে অপতৃণৰ বৃদ্ধিও কম হয়।[4]

গৰুৱে টনা নাঙল, বাংলাদেশ

লাঙলৰ অবলুপ্তিৰ কাৰণ[সম্পাদনা কৰক]

আধুনিক প্ৰযুক্তিৰ আবিৰ্ভাৱ হোৱাৰ লগে লগে নাঙল বিলুপ্তিৰ পথলৈ গতি কৰিছে। এটা সময়ত সময় নাঙল অবিহনে খেতিৰ কথা চিন্তা কৰা অসম্ভৱ আছিল। দেখা গৈছে যে আজিকালি খুব কম সংখ্যক কৃষকৰ ঘৰত নাঙল যুঁৱলি আৰু মৈ থাকে।

বিংশ শতিৰাৰ ১৯৮০ৰ দশক পৰা কাঠৰ নাঙলৰ সলনি কৃষকে লোৰ নাঙল বা ট্ৰেক্টৰ আদিৰ ব্যৱহাৰ কৰিবলৈ ল’লে। লোৰ নাঙলত কায়িক শ্ৰম কমকৈ লাগে৷ দুটা বলধ পালিবও নালাগে। ফলত মাত্ৰ কিছু দিনৰ ভিতৰতে হাজাৰ বছৰৰ প্ৰাচীন ঐতিহ্য কাঠৰ নাঙল আৰু লোহাৰ ফাল বিশিষ্ট নাঙলৰ প্ৰয়োজনীয়তা লুপ্ত হৈ গৈছে। আধুনিক যুগত খেতিয়কসকলৰ যান্ত্ৰিক উপকৰণ আৱিষ্কাৰৰ প্ৰভাৱত ক্ৰমশঃ লুপ্ত হৈ গৈছে নাঙল যুঁৱলি, মৈ আৰু হালৰ বলধ। আধুনিক প্ৰযুক্তিৰ যুগত কৃষি কাৰ্যত নাঙলৰ ঠাই দখল কৰিছে যান্ত্ৰিক যন্ত্ৰ পাৱাৰ ট্ৰিলাৰে। এই যন্ত্ৰৰ সহায়ত অতি কম সময়ত কৃষকৰ সমস্ত মাটি চহ সম্পন্ন কৰিব পাৰি।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]